খৰকৈ লিখাৰ উপায়

খৰকৈ লিখাৰ উপায়

সুন্দৰ আৰু খৰকৈ লিখিব পৰাটো ছাত্ৰ-ছাত্ৰী সকলৰ এটা সুন্দৰ গুণ । কিন্তু প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে খৰকৈ লিখিব নোৱাৰে । ই এটা ডাঙৰ সমস্যা । যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে পাঠদানৰ সময়ছোৱাত ব্লেকবোৰ্ডৰ পৰা বহীত সময়মতে লিখা নহয় আৰু পৰীক্ষা গৃহত সময়মতে কাকত খন সম্পূৰ্ণ কৰাত সমস্যা হয় । ইচ্ছা কৰিলে সমস্যাটো সমাধান কৰিব পাৰি । সেয়েহে, খৰকৈ লিখিবৰ বাবে কেইটামান উপায় উল্লেখ কৰিলোঁ –

১) লিখোতে সদায় পোন হৈ বহিব লাগে ।

২) লিখোতে কলম নতুবা পেঞ্চিল ডাল ঢিলাকৈ ধৰিব লাগে ।

৩) লিখোতে কলম নতুবা পেঞ্চিল ডাল জোৰকৈ হেচি ধৰিব নালাগে ।

৪) লিখোতে হাতৰ গাঁঠিটো বেচিকৈ লৰচৰ কৰিব নালাগে ।

৫) লিখোতে হাতখন সোঁৱে-বাওঁৱে সহজে অনা-নিয়া কৰিব পৰা হ’ব লাগে ।

৬) শিশুৰ ক্ষেত্ৰত লিখা কাঠ পেঞ্চিলডাল কোমল আৰু গভীৰ ৰংৰ হ’ব লাগে ।

৭) পৰীক্ষাত খৰকৈ লিখিবৰ বাবে সুবিধাজনক কলম ব্যৱহাৰ কৰিব লাগে ।

৮) পৰীক্ষাত খৰকৈ লিখিবৰ বাবে আখৰৰ আকাৰবোৰ সৰু সৰু কৰিব লাগে ।

৯) বিচনাত বহি কেতিয়াও লিখিব নালাগে ।

১০) তললৈ হালি লিখিব নালাগে ।

১১) গৰমৰ দিনত লিখোতে হাত দুখন মচিবলৈ ৰুমাল এখন লগত ৰখাটো দৰকাৰ ।

১২) চেষ্টা, ধৈৰ্য্য আৰু আগ্ৰহৰে সদায় লিখা অভ্যাস কৰিব লাগে । কাৰণ বেছিকৈ লিখিলে হাতৰ আখৰ সুন্দৰ হয়, পঢ়াখিনি মনত থাকে, বানান বিলাক শুদ্ধ হয় আৰু পৰীক্ষাত উপযুক্ত নম্বৰ লাভ কৰাত সুবিধা হয় ।

—- জয়ন্ত কু: কলিতা