কণমানি দেনিকাৰ সাফল্য

কণমানি দেনিকাৰ সাফল্য

‘দি কাৰাটে’ৰ উদ্যোগত যোৱা ২৭ আগষ্টত তেজপুৰ কেন্দ্রিয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৯ম সদৌ শোণিতপুৰ জিলা কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি তেজপুৰৰ দেনিকা গোস্বামীয়ে প্ৰতিযোগিতাৰ কাটা আৰু কুমিটেৰ ৬ বছৰৰ অনুৰ্ধ শাখাত যোগদান কৰি ক্রমে সোণৰ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। । উল্লেখনীয় যে যোৱা ১৩ আৰু ১৮ মে’ত গুৱাহাটিৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ ‘টেনচিনকান ৱাৰ অৱ দি চেম্পিয়নচ’ শীৰ্ষক অসম কাৰাটে ড’ সন্থাৰ ৰাজি্যক ৰেংকিং প্রতিযোগিতাতো দেনিকা গোস্বামীয়ে প্ৰতিযোগিতাৰ কাটা আৰু কুমিটেৰ ৬ বছৰৰ অনুৰ্ধ শাখাত যোগদান কৰি ক্রমে সোণৰ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হৈছিল। দেনিকা বৰ্তমান কাৰাটে প্রশিক্ষক চেনচেই প্রশান্ত পি. শইকীয়াৰ অধীনত প্রশিক্ষণৰত।

কিশোৰ-কিশোৰীয়ে একান্তই পঢ়িবলগীয়া কেইখনমান গ্ৰন্থৰ তালিকা

কিশোৰ-কিশোৰীয়ে একান্তই পঢ়িবলগীয়া কেইখনমান গ্ৰন্থৰ তালিকা

স্বীকাৰোক্তি : তলত দিয়া ক্ৰমসমূহ গ্ৰন্থসমূহৰ মান অনুসাৰে নহয় ।

১) স্কুলত যি শিকোৱা নহয়— পাৰ্থ চট্টোপাধ্যায়
২) মৰমৰ দেউতা—ভৱেন্দ্ৰনাথ শইকীয়া ।
৩) শান্তনু কৌশিক বৰুৱাৰ বিশ্বকোষ
৪) চিচকিন মই আৰু বহুতো
৫) ভৱেন্দ্ৰ নাথ শইকীয়াৰ মোৰ শৈশৱ মোৰ কৈশোৰ
৬) ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিধ্বনি
৭) পাৰ্ল বাৰ্ক(ইংৰাজী)
৮) ভৱেন্দ্ৰ নাথ শইকীয়াৰ শিয়ালী পালেগৈ ৰতনপুৰ
৯) ট্ৰিজাৰ আইলেণ্ড
১০) পম্পীয়াইৰ প্ৰলয় কাহিনী
১১.তোমালোকৰ ভাল হওক(ভৱেন্দ্ৰ নাথ শইকীয়া)
১২.শান্ত-শিষ্ট,হৃষ্ট-পুষ্ট মহাদুষ্ট(ভৱেন্দ্ৰ নাথ শইকীয়া)
১৩.মৰমৰ দেউতা(হোমেন বৰগোহাঁঞি)
১৪.পৃথিৱীৰ মৰম- যতীন্দ্ৰ নাথ বৰগোহাঞি৷
১৫.সাউদৰ পুতেকে নাও মেলি যায় (হোমেন বৰগোহাঁঞি)
১৬.মানুহ হোৱাৰ গৌৰৱ (হোমেন বৰগোহাঁঞি)
১৭.এন ফ্ৰাংকৰ ডায়েৰী
১৮.এলিচ ইন ৱাণ্ডাৰলেণ্ড
১৯.তত্ব চ্চান
২০.হৈটি টৈটি
২১.সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ
২২.গ্ৰহযুদ্ধ
২৩.অগ্নিৰ ডেউকা
২৪. মেদাম কেৰী কুৰী আৰু পিয়েৰ কুৰী
২৫. প্ৰকাণ্ড ঢৌটো (অনুবাদ)
২৬. দ্য অ’ল্ড মেন এন্ড দা চি (বুঢ়া মানুহটো আৰু সাগৰখন)
২৭. সত্যনাথ বৰা দেৱৰ ’সাৰথি’
২৮. কালিৰাম মেধি ডাঙৰীয়াৰ ’গৌৰৱ’ (প্ৰবন্ধ)
২৯. জী‌ৱন দর্শন
৩০. উচ্চাকাংক্ষা
৩১. প্ৰজ্ঞাৰ সাধনা
৩২. ধুমুহা আৰু ৰামধেনু
৩৩. সময় আৰু আমি- সত্যব্ৰত শৰ্মা৷
৩৪. কেৰিয়াৰ গাইড- প্ৰীতিমা কৌশিক বৰুৱা৷
৩৫. কলেজত যি পঢ়োৱা নহয়- পাৰ্থ চট্টোপাধ্যায়
৩৬. কেনেকৈ আত্মবিশ্বাস বঢ়াব- পাৰ্থ চট্টোপাধ্যায়৷
৩৭. জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধাৰীৰ দেশপ্ৰেমৰ কবিতা সমুহ৷
৩৮. নামঘোষাৰ কেইটামান পাৰ্থনা৷
৩৯. চৰিত্ৰবোধ-প্ৰফুল্ল কটকী (অনুঃ)
৪০. সহজ যোগাসনৰ কিতাপ৷
৪১. আব্ৰাহাম লিংকনৰ জীৱনী৷

আলোচনী ::
Student Today, Teenager , Wisdom

টোকা: কেইবাজনো ব্যক্তিৰ মতামতৰ ভিত্তিত তলৰ তালিকাখন প্ৰস্তুত কৰি উলিও‌ৱা হৈছে । আপুনি যদি ভা‌ৱে, এই তালিকাত কোনো গ্ৰন্থৰ নাম যোগ দিব লাগিছিল, তেন্তে, admin@moinamel.com লৈ এটা ইমেইল কৰিব পাৰে নতুবা, ৯৪৩৫১৫২৭৬৮ নম্বৰত মেছেজ বা হো‌ৱাটছআপ কৰিও দিব পাৰে ।

পৰীক্ষাৰ বাবে প্ৰস্তুতি

পৰীক্ষাৰ বাবে প্ৰস্তুতি

দশম আৰু দ্বাদশ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হয় । এই দুয়োটা পৰীক্ষাই বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে । সেয়েহে এই দুটা পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অভিভাৱক, শুভাকাংক্ষী সকল যথেষ্ট উদ্বিগ্ন হৈ থাকে । ফলাফল ঘোষিত হোৱাৰ পিছত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰী সকলক লৈ সমাজৰ সকলোৱে গৌৰৱ কৰে । সেয়েহে, পৰীক্ষাত ভাল ফলাফলৰ বাবে সচেতন অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লিখা-পঢ়া কৰাৰ কেইটামান উপায় –

১) জীৱনৰ বাবে এটা সুন্দৰ লক্ষ্য স্হিৰ কৰা ।

২) ৰাতিপুৱা সোনকালে উঠি অলপ ব্যায়াম কৰা ।

৩) ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানী খোৱা ।

৪) পঢ়া আৰম্ভ কৰাৰ আগত অলপ প্ৰাৰ্থনা কৰা ।

৫) এটি নিৰ্জন কোঠালিত পঢ়া-শুনা কৰা ।

৬) পঢ়ি থাকোতে স্পষ্ট ভাবে পঢ়াৰ লগতে বুজিবলৈ চেষ্টা কৰা ।

৭) পঢ়াৰ শেষত, টান প্ৰশ্নৰ উত্তৰসমূহ মনত পেলায় লিখাৰ অভ্যাস কৰা ।

৮) একেৰাহে দুঘন্টা পঢ়াৰ অন্তত অলপ সময় জিৰণি লোৱা ।

৯) জিৰণিৰ সময়ত ভাল লগা দুই এটা গান শুনা আৰু কিবা এটা খোৱা ।

১০) সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা । ব্ৰাহ্মী, মানিমুনি শাক উপকাৰী ।

১১) নিৰ্দিষ্ট সময়ত পঢ়া-শুনা, খোৱা-লোৱা আদি কৰা ।

১২) কম পোহৰত আৰু বিচনাত কেতিয়াও লিখা-পঢ়া কৰিব নালাগে ।

১৩) পঢ়া-শুনা কৰাৰ সময়ত বাহিৰা চিন্তাৰ পৰা দূৰত থকা ।

১৪) পঢ়া-শুনাৰ সময়ত ঘৰত টিভি আৰু ম’বাইলফোন বন্ধ ৰখা ।

১৫) সদায় নিশা কমেও ছয় ঘন্টা টোপনি যাবা ।

Jayanta K kalita

সফলতা – (তনভী তনয়া বৰুৱা)

মইনামেল-বাৰ্তা:  চিট’ৰিঅ’ কাৰাটে স্কুল অব ইণ্ডিয়াৰ উদ্যোগত যোৱা ২৬-৩০ ডিচেম্বৰলৈকে দিল্লীত  অনুষ্ঠিত হৈ যোৱা ৭ম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি ডিব্ৰুগড়ৰ তনভী তনয়া বৰুৱাই ৩টি কৈ সোণৰ পদক জিনিবলৈ সক্ষম হয়। ।প্ৰতিযোগিতাৰ তিনিওটা শাখা ক্ৰমে – কাটা, কুমিটে আৰু দলীয় প্ৰদৰ্শনত যোগদান কৰি ৮ বছৰ অনুৰ্ধৰ  তনভী তনয়া বৰুৱাই এই খিতাপ অৰ্জন কৰে ।উল্লেখনীয় যে, তনভী এগৰাকী সু সত্ৰীয়া নৃত্যশিল্পীও । নয়ন জ্যোতি পাঙগিং আৰু আন্মনা হাজৰীকা হ’ল ক্ৰমে তনভীৰ কাৰাটে আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক ।

কণকা বাইদেউৰ চিঠি

কণকা বাইদেউৰ চিঠি

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,

আশা কৰোঁ তোমালোক কুশলে আছা । মই কামনা কৰোঁ, তোমালোকে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰপৰা অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ গৌৰ‌ৱ বঢ়ো‌ৱাৰ লগতে যেন নিজ নিজ অঞ্চলবোৰৰোউন্নতি সাধন কৰা । তোমালোকৰ প্ৰত্যেকেই একো একোজন যোগ্যবান নাগৰিক হৈ  সামাজিক ব্যাধিবোৰ নিৰ্মূল কৰিব লাগিব । অংকশাস্ত্ৰত এসময়ত ভাৰতবৰ্ষৰ নাম আছিল । আজিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ভাৰতে বিশ্ববাসীক চমক খু‌ৱাই আছে । তৎস্বত্বেও আমি যেন বহুত কিবা কিবি পো‌ৱা নাই !

আমাৰ অগ্ৰজসকলৰমতে আধ্যাত্মিকতা, যিটো আটাইতকৈ জৰুৰী , ভাৰতৰ নাগৰিকসকলে আজি পাহৰি গৈছে । যাৰ বাবে সমাজখন দুৰ্নীতিয়ে কলুষিত কৰিছে । আমাৰ শাস্ত্ৰই পৰা বিদ্যা (spiritual) আৰু অপৰা বিদ্যা (wordily) দুয়োটা সমানে আগবঢ়াই নিবলৈ কৈছিল যদিও তাকে নকৰাৰ ফলতে আমাৰ অভা‌ৱ হৈছে সাধুপুৰুষ, সাধুনেতা আৰু সাধু কৰ্মচাৰীৰ । এই সকলক গঢ়ি তুলিব পাৰিলে ভ‌ৱিষ্যৎ প্ৰজন্ম হতাশাত দিশহাৰা হ’ব নালাগিব । ঋষি-মুনিৰ দেশ এই ভাৰতবৰ্ষ । এইসকলে আগবঢ়ো‌ৱা মহান বাণীবোৰ অ‌ৱজ্ঞা কৰিব নো‌ৱাৰি । বিশ্ববৰেণ্য দাৰ্শনিক, আমাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আদি মনিষীসকলৰ চিৰন্তন সত্য বাণীবোৰ আমাৰ সমাজ ৰক্ষাৰ ক‌ৱচ ।প‌ৱিত্ৰতা, শান্তি, ভালপো‌ৱা, সত্য, অহিংসা, মৰম, দয়া , মান‌ৱ-প্ৰেম, আ‌ৱেগ-অনুভূতি- এই সকলোবোৰ আমাৰ সমাজৰ নৈতিক মূল্যবোধ । আমি এনে এখন সমাজ গঢ়িব লাগিব, য’ত নৈতিক মূল্যবোধ অক্ষুত থাকে । স্বামী বিবেকানন্দই কৈ গৈছে – “The seat of religion is in the Heart. Thought, word and deed should be perfectly true. Faith in God and in one own self is virtue, doubt is sin. The best guide in life is strength.”lettrer

নিজকে দহ মনৰ গৰাকী হ’বলৈ বিখ্যাত লেখকসকলৰ গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন ।অতীতৰ বুকুতে ভৰ দি আমি ভ‌ৱিষ্যতৰ পথত আগবাঢ়িব লাগিব । আমাৰ আত্ম-সচেতনতা বঢ়াব লাগিব । দৈনিক আমাৰ মনত আহি থকা হাজাৰ হাজাৰ চিন্তাবোৰ ব্য‌ৱহাৰ কৰিবলৈ সচেতন হ’ব লাগিব । স্বামীজিৰ ভাষাত,- “Religion in India needs realization and nothing short of that.” , আত্মউপলব্ধি- নিজকে চিনি পাব লাগিব । মানে মোক চিনি পো‌ৱা মানুহজন মাত্ৰ ময়েই । আমি ভা‌ৱি থকা কথাবোৰ কামেৰে চিনাকী দিব পাৰিব লাগিব । আমাৰ নিজৰ ভিতৰতে এই অফুৰন্ত শক্তি লুকাই আছে । সেই শক্তি জাগ্ৰত কৰিব লাগিব । স্বামীজীয়ে কৈছে – “Be not afraid of anything. You will do marvelous work . No more weeping, but stand on your own feet and be man.”

জাতি এটাৰ মূল সম্পদ হ’ল তেওঁলোকৰ ন‌ৱ-প্ৰজন্ম । সময়ত এই সকলেই বিভিন্ন দিশত গুণগত মানৰ কৰ্মী হৈ সকলো পিনে সমন্বয় ৰক্ষা কৰিব । পৰিয়াল আৰু শিক্ষকসকলেও এটা সুমনৰ গৰাকী হৈ সাহস আৰু দৃঢ়তাৰে আগবাঢ়িবলৈ সকলোপিনৰপৰা সহায় কৰিব লাগিব । এয়া পৰিবৰ্তনৰ সময় । শিক্ষাৰ ক্ষেত্ৰতো খৰতীয়া পৰি‌ৱৰ্তন আহি পৰিছে । আজিৰ দিনত উৎঘাটন, অনুসন্ধান আৰু প্ৰতিফলনৰ শেক্ষিক অনুষ্ঠানসমূহেই হ’ল খেলপথাৰ । প্ৰতিযোগিতাৰ যুগত বিশ্বৰ নতুন অৰ্থনীতিত যেনি তেনি  যিকোনো  অ‌ৱস্থাতে খাপ খাই পৰিব পৰা ব্যক্তিৰ আ‌ৱশ্যক । নতুন নতুন চিন্তাৰে নিজকে সজাই লো‌ৱাৰ প্ৰয়োজনীয়তা  আহি পৰিছে ।সেইবাবে অনুসন্ধিৎসু কৌশলী মনে জটিলভা‌ৱে ভা‌ৱিবলৈ প্ৰত্যাহ্বান জনায় । নতুন নতুন ধাৰণাই বেলেগ বেলগ পথেৰে আগবঢ়াই নিয়ে । আজিৰ দিনত কৌশলগত সৃষ্টিকামীৰ বৰ প্ৰয়োজন । অকল পৰীক্ষাৰ নম্বৰৰ ওপৰতে গুৰুত্ব দিলে নহ’ব । উচ্চ প্ৰতিযোগিতাত অংশ ল’বলৈ প্ৰথমে নিজৰ পৰিচয় , সকলো দিশৰ পৰা (জ্ঞান, সহযোগ-সমন্বয়, যোগাযোগ, কৌশলগত উন্নতি(skill development),ব্য‌ৱহাৰিক জ্ঞান , সৃষ্টিকামী চিন্তা, সমস্যা সমাধান, , ভাষাগত কৌশল, জটিল চিন্তা ইত্যাদিৰে) নিজকে উপযুক্ত কৰিব পাৰিব লাগিব ।

তোমালোক সকলো‌ৱে একো একোজন সমাজ সচেতন যোগ্য‌ৱান ব্যক্তি হো‌ৱা যাতে ।বিশ্বায়নৰ বতাহে ভাৰতীয় সংস্কৃতিৰ ভেঁটিটো থৰক বৰক যাতে কৰিব নো‌ৱাৰে ।শেষত তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাইছো ।

=========================

ড০ কণকা গোস্বামী

অ‌ৱসৰপ্ৰাপ্ত অধ্যাপিকা,

কাকজান মহাবিদ্যালয়

ফোন- ৯৬৭৮০১০৯৮৬


 

সন্তানৰ জীৱন গঢ়াত পিতৃ-মাতৃৰ ভূমিকা

সন্তানৰ জীৱন গঢ়াত পিতৃ-মাতৃৰ ভূমিকা

 

মই পেশাত এজন চিকিৎসক ৷ লিখা-মেলা কৰো মোৰ মানসিক তৃপ্তিৰ বাবে ৷ মোৰ লিখনিত জীৱনৰ নানান অভিজ্ঞতাৰ ওপৰিও বৃতিগত কথা সামন্তৰালভাবে প্ৰকাশ পায় ৷ চিকিৎসা সম্পৰ্কীয় কথাবোৰে এক শ্ৰেণী লোকৰ মাজত জনসজাগতা বৃদ্ধি কৰিব বুলি মোৰ আশা ৷ মই কোনো বিশেষ ব্যক্তি নহয় – অনেক সমাজ -সচেতন অসমীয়াৰ মাজৰ ময়ো এজন বুলি নিজকে ভাবোঁ ৷
আত্মপৰিচয় দিয়াৰ পিছত শিৰোনামাৰ বিষয়টোৰ ওপৰত দুআষাৰ স্বঅভিজ্ঞতা বৰ্ণনা কৰিব খুজিছোঁ – ইয়াৰ দ্বাৰা হয়তো কোনোবা অভিভাৱক উপকৃত হব পাৰে ৷ এক গ্ৰাম্য পৰিবেশত শিক্ষয়ত্ৰী মাতৃৰ তত্বাবধানত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচলিত আলোচনী ‘জনশিক্ষা’ৰ মাধ্যমেৰে মাতৃভাষাৰ সৈতে পৰিচিত হৈছিলোঁ ৷ তাৰ পিছত শিশু মনত ৰাপ বহিল মাতৃয়ে কৈ শুনোৱা ৰামায়ণ,মহাভাৰত, উপনিষদ, বিক্ৰম-বেতালৰ সাধু, বুঢ়ী আইৰ সাধু আদিৰ অসংখ্য ৰসাল কাহিনীৰ ৷এটা সময়ত দেউতাই আনি দিয়া মহৎলোকৰ জীৱনী ‘খোজত মিলাওঁ খোজ’ পঢ়িব পৰা হলোঁ ৷
শিৱসাগৰৰ কালুগাওঁৰ পৰা দেউতাই মোক পঢ়াশুনাৰ সুবিধাৰ্থে নিজৰ কৰ্মস্থলী ডিবৰু চহৰলৈ আনি আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম লগাই দিলে ৷ তাৰ পিছত চতুৰ্থ শ্ৰেণীত ল’ৰাৰ চৰকাৰী হাইস্কুলত ভৰি দিলোঁ ৷ সেই সময়তে দেউতাই মোক চৌকিডিঙিৰ জিলা পুথিভঁৰালত নাম লগাই দিলে ৷ নাম ভৰ্তিকৰণত লাগিছিল ৫টকা ৷ সদস্য হোৱাৰ পিছত এটা সময়ত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিছিল ৷ লাইব্ৰেৰী সোমবাৰৰ বাহিৰে সপ্তাহটোৰ ৬দিনেই খোলা থাকে ৷ কিতাপৰ বিশাল আৰু বিস্ময়কৰ জগতখনত সোমাই প্ৰায় তিনিটা বছৰ কিমানযে বিভিন্ন বিষয়ৰ কিতাপ পঢ়িলোঁ তাৰ সীমা-সংখ্যা নাই ৷


library_moinamel-com

দেউতাৰ দিশ -নিৰ্দেশনাত ভাৰত চৰকাৰৰ মেধাবৃতি বাচনি পৰীক্ষাত অৱতীৰ্ণহওঁ আৰু ষষ্ঠ শ্ৰেণীত থাকোতেই ডিবৰু এৰি বেনাৰচৰ ৰাজঘাট বেচেন্ট স্কুলত এক নতুন পৰিবেশত ছাত্ৰ জীৱন আৰম্ভ কৰোঁ ৷ তাতগৈ অনুভৱ কৰিলোঁ আমাৰ মগজুটো যেন এখন ফলিহে ৷ ফলিখনত লিখোটা আজিলৈ কতজনযে আহিল ৷ মোৰ দুজন চিৰস্মৰণীয় গুৰু হিন্দী বিষয় শিক্ষক সুধাকৰ তিৱাৰীজী আৰু সমাজ বিজ্ঞানৰ শিক্ষক টি পি টেলংগ (গুল্লুজী) চাৰে যি অমিত ছাপ সেই ফলিত ৰেখাংকণ কৰি থৈ গ’ল, তাৰ বাবে মই আজীৱন ঋণী হৈ থাকিম ৷গুল্লুজী চাৰে স্কুলৰ লাইব্ৰেৰিয়ান ইংৰাজী শিক্ষক মদনমোহন পাণ্ডেজী চাৰক মোৰ চিনাকী এইদৰে দিছিল – এই ল’ৰাটোৱে সময়ত কিতাপৰ লিখক হব ৷ তাক লাইব্ৰেৰীৰ যেতিয়াই যি কিতাপ লাগে দি সহায় কৰিব !
মোৰ জন্মদাতা পিতৃ-মাতৃ, উল্লেখিত শিক্ষাগুৰুসকল আটাইয়ে আজি নেদেখা জগতৰ বাসিন্দা ৷ মোৰ মাজত যদি কিবা আনক বিলাব পৰা যৎসামান্য সুবাস সঞ্চিত হৈছে, সেয়া এই মনীষীসকলৰ অপৰিসীম অৱদানৰ ফলত !
এই কথাখিনি লিখি শেষ হোৱাৰ পিছত ফেচবুকত এজন বন্ধুৰ প’ষ্ট এটাত চকু পৰিল ৷ তেওঁ জনাইছে ইংৰাজী মাধ্যমত পঢ়া তেওঁৰ কন্যা হাইস্কুলীয়া ছাত্ৰী এগৰাকীয়ে কেনেকৈ শতাধিকঅসমীয়া কিতাপ পঢ়ি জ্ঞান আৰ্জিবলৈ সমৰ্থ হৈছে ৷ তেওঁৰ প’ষ্টত আন এজন বন্ধুৱে মন্তব্য কৰিছে – ‘এগৰাকী লিখিকা গঢ় লোৱাৰ পথত ‘!
ধন্য সেইসকল পিতৃ-মাতৃ যাৰ দিক নিৰ্দেশনাৰ ফলত সন্তানৰ মনোজগত সুন্দৰভাবে বিকশিত হবলৈ সক্ষম হয় ৷

লেখক: ডা০ ভূপেন শইকীয়া
১২চেপ্তেম্বৰ ২০১৬ ডোহা,কাটাৰৰ পৰা