কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ কবিতাৰ আবৃত্তি

পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’-ৰ অন্তৰ্গত, কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ নামৰ পদ্যটোৰ শ্ৰৱ্য ৰূপ দিয়া হৈছে ৷

 

–দে‌ৱ ভূষণৰ সৌজন্যত

জোনবাই

জোনবাই

আহাচোন জোনবাই
কিনো আছা চাই,
আকাশৰ পৰা নামি আহি
আমাৰ লগত খেলিবানে নাই।
আকাশত ঘুৰি ফুৰা
কিবা ভাবি গুনি,
আহাচোন আহা
ধৰালৈ নামি।
লুকা ভাকু খেলা তুমি
তৰাৰ লগত,
জোনাক হৈ পোহৰোৱা
গোটেই জগত।
———-

নিখিল বৰ্মন 

জয় মা দূৰ্গা

☆☆ জয় মা দূৰ্গা ☆☆

পলাশ ৰঞ্জন নাথ

—————-goddess-durga-46a

হে মা দূৰ্গা তুমি মাতৃৰো মাতৃ
সামূহিক শক্তিৰ প্ৰতীক তুমি,
অসীম শক্তিধৰ মহিষাসুৰক
নাশিবৰ বাবেই হল তোমাৰ সৃষ্টি ।

ব্ৰহ্মা, বিষ্ণু , মহেশ্বৰ আৰু কত দেৱতা
কাৰো যে সাধ্য নাই অকলে যুজাঁৰ

মহা পৰাক্ৰমী সেই অসুৰৰ তাণ্ডৱ
অতীষ্ঠ হল পৃথিৱীবাসী ।
আকাশে বতাহে ধ্বনিত
সকলোৱে ভয়ত ত্ৰাহি ত্ৰাহি । ।

সন্মিলিত হল সৰ্বশক্তি
সৃষ্টি হল মহাশক্তি,
নামলৈ তুমি দূৰ্গামাতৃ
শান্তি সিচিলা অসুৰক নাশি । ।

শাৰদী উছৱ

শাৰদী উছৱ

শাৰদী উছৱ আকৌ আহিল
ধৰালৈ নামি
কৰিব স্থাপন এই ধৰাত
শান্তিৰ অমৃত বাণী।
শৰতৰ প্ৰতিটো কোমল পুৱা
জিপাল কৰিব শেৱালী ফুলে
নিয়ৰ সনা সন্ধিয়াই আকৌ
মাতিব শীতক এই ধৰালে।durga-puja-vector-1617167
দূৰ্গতি নাশিনী আহিব নাশিবলৈ
দুখ দূৰ্গতি অত্যাচাৰ
মাৰি মৰক আত‌‌‌‍‌‌ৰাই
আনিব শান্তিৰ সমাহাৰ।

দীপাৱলীয়ে পোহৰাব
প্ৰতিঘৰৰ চৌপাশ
মনৰ কলুষতা আতৰি
পোহৰ হ’ব মনৰ আকাশ।
শাৰদী উছৱত আমি অকণিয়ে
কৰিছো এই আশা
স্থাপন হওক এই মৰতত
সুখ শান্তিৰ দীপ্ত শিখা।

 

নিবেদিতা কলিতা


 

শিশু কবিতা – “অভিযোগ”

এদিনাখন ৰাতিপু‌ৱা
ধনে পঢ়া-শুনা বাদ দি
গ’ল মাকৰ ওচৰলৈ
ক’লে সি হেনো নাযায় স্কুললৈ
‘কিয় নাযা‌ৱ’ বুলি মাকে সোধাত
ক’লে বোলে আমাৰ ছাৰে
একোকে নাজানে।

poem_moinamel.com

সকলোবোৰ প্ৰশ্নৰ উত্তৰ
কে‌ৱল মোকহে সোধে
নো‌ৱাৰিলেও আকৌ তেওঁ
মোকহে মাৰে ।
ছাৰে চাগৈ চকুৰে একো নেদেখে
নহ’লেনো বাৰু
মোক কিয় গৰু বুলি মাতে?

পৰহিদিনা ছাৰে ক’লে
সাতে আঠে বোলে পোন্ধৰ ;
কালি আকৌ কৈছে
নয়ে ছয়ে পোন্ধৰ

সেইকাৰণে মই আৰু নাযাওঁ স্কুললৈ ,
তাৰ সলনি যাম
বৰশী বাবলৈ
তেতিয়াতো অন্ত:ত পাম
মাছ খাবলৈ ।।

ধনৰ কথা শুনি
মাকৰ মূৰত কামোৰণি ধৰিলে
তাকে দেখি ধনে তাৰপৰা
পলাই পত্ৰং দিলে ।।

—————–
ৰাজশ্ৰী বৰগোঁহাই , নাজিৰা উ:মা:বালিকা বিদ্যালয়, শি‌ৱসাগৰ ।

অলিম্পিকলৈ

অলিম্পিকলৈ

Cartoon bear with athletic suit playing tennis wearing sport clothes

ৰিঅ’লৈ যাবলৈ বুলি

কাজিৰঙাৰ দল এটি ,

কেতিয়াবাৰে পৰা বোলে

হৈয়ে আছে তাত ৰেডী ।

জিমনাস্টিকছৰ বাবে যাব

আমাৰ মলু‌ৱা ককাই ,

গ’ল্ড মেডেল পাবই বোলে

সকলোকে হৰু‌ৱাই ।

‌ৱেইট লিফ্টিং কৰিবলৈ যাব

মিষ্টাৰ হাতী কাই ,

সেইবাবে তেওঁ দিনেপ্ৰতি

আঢ়ৈ কুৰি কল খায় ।

moinamel (1)

চিতাবাঘে ৰিঅ’লৈ বোলে

দৌৰিবলৈ যাব,

পাঁচ ছেকেণ্ডতে এশ মিটাৰ দৌৰি

ৰেকৰ্ড কৰিব ।

এই কেইদিন ভালুক কায়ে

বক্সিঙৰ  কৰিছে  প্ৰেকটিছ্ ,

সোণৰ পদক তেওঁ এইবাৰ

নকৰে হেনো মিছ ।

লংজাপ মাৰিব তালৈ যাব

আমাৰ কেংগেৰু মোমাই ,

প’লভ’ল্টৰ কাৰণে কোনেনো যাব

ঠিকেই হো‌ৱা নাই।

moinamel (2)

টিম্ মেনেজাৰ হিচাপে যাব

এশিঙীয়া গঁড়,

সকলোৰে হেঁপাহ

পাবলৈ পদকটো সোণৰ ।।

————-দিগন্ত কুমাৰ ভট্টাচাৰ্য (অষ্টম শ্ৰেণীত থাকোতে ৰচনা কৰা ।)