সাঁথৰ -১

সাঁথৰ -১

১) এক ভাই আছে ডালত , এক ভাই আছে স্থলত , দুই ভাই আআকাশ মণ্ডলত ,চাৰিও ভাই লগ লাগে মৰণ কালত ?
২) শদিয়ালৈ নাযাবা, শত ফুল নাখাবা, এই খন চহৰত সুধি আহাঁগৈ , উপজিয়ে লৰ মাৰে কোন ?
৩) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই – একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?
৪) লোহাৰত জনম , লোহাৰকে খায় — দহ দেশৰ লগত যুঁজিবলৈ যায় ?
৫) পাত আছে ডাল নাই , কথা আছে মাত নাই ?
৬) গছ কাটিবলৈ গ’লো , হাতত কুঠাৰ লৈ , গছ আছে মৰি, ফল আছে ধৰি ?

book-005

উত্তৰসমূহ:–

১) তামোল-পাণ , চূণ, ধঁপাত
২) জেঠী
৩) চকুযোৰ
৪) বন্দুক
৫) কিতাপ
৬) কোমোৰা

(সংগৃহীত)