জ্যোতিসংগীতৰ কথা (অ’ আমাৰ গাওঁ)

জ্যোতিসংগীতৰ কথা (অ’ আমাৰ গাওঁ)

অ’ আমাৰ গাঁও

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি

মৰিবলৈ যাওঁ ৷
ভৰপূৰ তামোলেৰে

সেউজীয়া পথাৰেৰে

দূৰতে জিলিকি থকা

অ’ আমাৰ গাঁও !
দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাঁও ৷
একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কপোৰ গাত

আজি কিয় তাকো নাপাওঁ ?

jyoti_moinamel.com
এই মাটি মোৰ অধিকাৰ

মোৰে ভাত মোৰে কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ ৷

কালৰ মূৰ্ত্তি ধৰি

শতৰু মূৰত

আকাশৰ চৰগ্‌ পেলাওঁ ৷


 

অসমীয়া পৰম্পৰাগত খেল-ধেমালী

অসমীয়া পৰম্পৰাগত খেল-ধেমালী

ভটা-গুটি বা টাং-গুটি

ভটা-গুটি এবিধ অতি পুৰনি দিনৰ খেল, নামটো ভটা-গুটি নামেৰেই জনাজাত। অসমৰ কিছুমান ঠাইত ইয়াক টাং-গুটি নামেৰেও জনা যায়। এই খেল চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়। এই খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা জেগাত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়। দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ’ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অৰ্ন্তভুক্ত হব লাগে ।

দাৰিয়া কোৰ্ট খেল

doriya

এই খেল সাধাৰণতে অসমৰ গাওঁ অঞ্চলত খেলা দেখা যায়। নামনি আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামুলক ভাবে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়। খেলৰ সামগ্ৰী বিশেষ একো প্ৰয়োজন নহয়, এই খেলৰ বাবে মাত্ৰ মুকলি পথাৰ বা সমতল মাটিৰহে প্ৰয়োজন হয়। খেলৰ বাবে তলত দিয়া নক্সাৰ দৰে মাটিত ৪টা বা ৬টা কোঠালী সন্নিবিষ্ট দাগ বা চিহ্ন দি লোৱা হয়। দাৰিয়া কোৰ্ট খেলত খেলুৱৈৰ সংখ্যা নূন্যতম ৬জন আৰু সৰ্বাধিক যুগ্ম সংখ্যক খেলুৱৈ ১০জনলৈকে হ’ব পাৰে। কাষৰ ছ‌ৱিত নক্সা দিয়া হৈছে । –>

কণী যুঁজ

Koni-juj

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল৷ ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে৷ যুঁজত সাধাৰণতে পাতিহাঁহকণীৰে যুঁজাই৷ খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়৷ টান কণীৰ নাম সৈয়া ( বা হৈয়া)৷ কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে৷ কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন৷ ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়৷ দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে৷ যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে৷ কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়৷ পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান৷ কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়৷ এনে কণীক কোৱা হয়- ‘সাত বিহুৰ সৈয়া কণী’৷ কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে৷

অনান্য জনপ্ৰিয় খেল

ৰছী টনা খেল

ৰছী টনা খেলটোও অতীজৰে পৰাই জনপ্ৰিয় খেল। সৰু-ডাঙৰ সকলোৱে এই খেল খেলিব পাৰে, ইয়াত কোনো বয়সৰ সীমা নাই। এই খেলটো সাধাৰনতে অসমৰ ব’হাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা খেল-ধেমালিৰ অংশৰূপে প্ৰায়ে খেলা দেখা যায়।

rosi_tona

 

খেলৰ সামগ্ৰী

খেলৰ সামগ্ৰী বুলিবলৈ বিশেষ একো প্ৰয়োজন নহয়, মাত্ৰ এডাল দীঘল (১০ৰ পৰা ১৫মি. মান) মজবুত ৰছীৰ প্ৰয়োজন হয়, যাতে খেল খেলাৰ সময়ত ৰছীডাল চিগি নাযায়।

খেলুৱৈ সংখ্য

ৰছীটনা খেলত খেলুৱৈৰ সংখ্যা ৰছীডালৰ কেন্দ্ৰবিন্দুৰ পৰা দুই ফালে সমান সংখ্যক খেলুৱৈ থাকিব লাগিব । দুই ফালে সমান সংখ্যক খেলুৱৈ লৈ দুটা দলত বিভক্ত কৰি লোৱা হয় । এই খেলত কোনো নিদিষ্ট সংখ্যক খেলুৱৈ নাথাকে, মাথো দুয়ো দলত সমান সংখ্যক খেলুৱৈ থাকিব লাগিব ।আটাইতকৈ প্ৰয়োজনীয় কথা হল দুয়ো ফালৰ খেলুৱৈ সকল যাতে সমান চেহেৰাৰ অথবা সমান ওজনৰ হয় ।

খেলৰ নিয়ম

ৰছীটনা খেলৰ খেলুৱৈ সকল দুটা দলত বিভক্ত হৈ ৰছীডালৰ কেন্দৰ পৰা দুই ফালে এটা সমান দুৰত্বত অৱস্থান কৰিবলৈ দিয়া হয়। ৰছীডালৰ কেন্দ্ৰত ঠিক পোনে পোনে মাটিত এটা চিহ্ন দিয়া হয় যাতে কোন দলৰ জোৰ বেচি বা কোন দলে ৰছীডাল নিজৰ ফাললৈ বেছিকৈ টানি নিব পাৰিছে সেইটো সহজেই নিৰুপন কৰিব পাৰি। এতিয়া সকলো সাজু হোৱাৰ পাছত কোনো এজন লোকক (দলৰ বাহিৰৰ) বিচাৰক ৰূপে নিয়োগ কৰি খেল আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত বিচাৰক নোহোৱাকৈও খেল খেলা হয়। বিচাৰক থাকিলে বিচাৰকৰ নিৰ্দ্দেশ ক্ৰমে খেল আৰম্ভ কৰা হয় বা ৰছীডাল দুই দলে দুয়ো ফালে টনা হয়, বিচাৰক নাথাকিলে দুই দলৰ খেলুৱৈ পচন্দৰ মতে দলপতি বাচি লৈ সেই দুই দলপতিৰ নিৰ্দ্দেশ ক্ৰমে খেল খেলা হয়। প্ৰথমে নিৰ্দ্দেশ পোৱাৰ লগে লগে দুই দলে ৰছীডাল যিমান পাৰি টনা-টনি আৰম্ভ কৰি দিয়ে, এনেকৈ টনা-টনি কৰি কেন্দ্ৰৰ পৰা যি দলে ৰছীডাল সৰ্বাধিক দূৰ টানি নিব পাৰিছে সেই দলে এক এককৈ নম্বৰ পায় বুলি ধৰা হয়। এনেকৈ তিনিবাৰলৈ সুবিধা দিয়া হয় এটা দলক, মুঠ তিনিবাৰৰ ভিতৰত যদি এটা দলে সৰ্বাধিক দুবাৰেই ৰছীডাল কেন্দ্ৰৰ পৰা নিজৰ ফাললৈ টানি নিবলৈ সক্ষম হয়, তেনেহলে সেই দলে দুই নম্বৰ পায় আৰু বিপৰীত দলে এক নম্বৰ পায়, এনেকৈ মুঠ তিনিটা ৰাউণ্ডৰ খেল অনুস্থিত হয় আৰু সেই তিনি ৰাউণ্ডৰ ভিতৰত যি দলেই সৰ্বাধিক নম্বৰ আহৰন কৰিবলৈ সক্ষম হয় সেই দলকেই বিজয়ী দল বুলি ঘোষনা কৰা হয়। এই খেলৰ নিয়ম বা খেলৰ নাম ঠাই বিশেষে বেলেগ হব পাৰে।

হাউ খেল

প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰবোৰত হাউ খেলৰ প্ৰচলন আছিল। সেই সময়ৰ ঘাইকৈ গাৱলীয়া অঞ্চলবোৰত এই খেলবিধে ডেকা-গাভৰুসকলৰ অৱসৰ বিনোদনৰ লগতে শৰীৰ চৰ্চাৰো এক আমোদজনক মাধ্যম আছিল।

খেলৰ সামগ্ৰী

  • অলপ বহল ঠাই/ কিছু নিৰ্দ্দিষ্ট সীমা
  • এটি ঘাই খুটি বা কেন্দ্ৰ বিন্দু

নিয়মাৱলী

  • সৰ্বপ্ৰথমে দলটোৰ যিকোনো এজন ( নিজৰ ইচ্ছা মতে) গৈ ঘাই খুটি টোৰ ওচৰত থিয় হ’ব আৰু বাকি কেইজন এটি নিৰ্দ্দিষ্ট দূৰত্বত থাকিব।
  • তাৰ পিছত বাকীকেইজনে নিৰ্ধাৰিত কৰা সময় অনুযায়ী ঘাই খুটিটোৰ ওচৰত থকাজনে আনটো পক্ষৰ ওচৰলৈ খেদি যোৱাৰ দৰে যাব লাগে।
  • খেদি যোৱাৰ সময়ছোৱাত খেলুৱৈজনে মুখেৰে “হাউ কুট …. হাউ কুট…” বুলি উচ্চাৰণ কৰিহে যাব লাগিব।
  • খেদি যোৱা খেলুৱৈজনৰ মুল উদ্দেশ্য হ’ল বিপৰীত দলৰ অতি কমেওঁ এজনক চুই আহি সফলতাৰে নিজৰ ঘাই খুটি পোৱা আৰু যদি তেনে কৰাত ব্যৰ্থ হয় তেন্তে একেজন খেলুৱৈয়ে আকৌ সেই দায়িত্বৰ পুনৰাবৃত্তি কৰিব ।
  • সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেদি যোৱা খেলুৱৈজনে দ্বিতীয় বাৰ উশাহ নোলোৱাকৈয়ে তেওঁৰ দায়িত্ব সম্পন্ন কৰিব লাগিব আৰু যদি খেদি থকা মুহূৰ্ত্তত তেওঁ দ্বিতীয় উশাহ লয় তেতিয়া হ’লেও তেওঁ তেওঁৰ দায়িত্বৰ পুনৰাবৃত্তি কৰিব।
  • তদুপৰি বিপক্ষৰো তেওঁক জোৰেৰে ধৰি ৰখাৰ সম্পূৰ্ণ অধিকাৰ থাকে । বিপক্ষৰ উদ্দেশ্য হ’ল; খেদি যোৱাজনক দ্বিতীয়বাৰৰ বাবে উশাহ লবলৈ বাধ্য কৰোৱা।
  • অৱশ্যে কোনো কোনো ঠাইত খেলটো খেলোতে মুখেৰে উচ্চাৰণ নকৰাকৈয়ে খেলাৰো দৃষ্টান্ত পোৱা যায়।

বাঘ ঐ বৰাহ ঐ

আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামনি অসমৰ যুৱক-যুৱতী সমূহৰ মাজত বাঘ ঐ .. বৰাহ ঐ যথেষ্ট জনপ্ৰিয় খেল-ধেমালি আছিল। বিশেষকৈ সৰু ল’ৰা-ছোৱালী সমূহৰ মাজত এই খেলবিধ বৰকৈ জনপ্ৰিয় হৈছিল।ই খেলুৱৈসুলভ প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উপৰিও এক আনন্দময়ী শৰীৰ চৰ্চাৰ মাধ্যম আছিল।

খেলৰ সামগ্ৰী

  • কৰবী ফুলৰ গুটি (যিহেতু এনে গুটি ডাঙৰ আছিল)
  • খেলা ঠাই খিনি অকণমান জঙ্ঘল থকা হ’লে বেছি ভাল।

নিয়মাৱলী

  • প্ৰথমতে এজনে ফুলৰ গুটি বোৰ লৈ থিয় হ’ব
  • কিছু পিছত গুটি বোৰ জংঘল ঠাই খিনিত যেনি তেনিয়ে ছটিয়াই দিব
  • তাৰ পিছত আটায়বোৰে মিলি গুটি বোৰ বিচাৰিব
  • গুটি বিছাৰি থকা সময়ত প্ৰতি জন খেলুৱৈয়ে “বাঘ ঐ.. বৰাহ ঐ” বুলি মুখেৰে উচ্চাৰণ কৰিব লাগে ( ইয়াৰ দ্বাৰা ইয়াকে সূচোৱা হৈছে যে জংঘলত বাঘো থাকিব পাৰে আৰু বৰাহো থাকিব পাৰে ; সেয়েহে গুটিবোৰ বিছাৰোতে সাৱধান হোৱা উচিত )।
  • গোটেই কেইজনৰ ভিতৰত যিজন খেলুৱৈয়ে আটাইতকৈ বেছি গুটি সংগ্ৰহ কৰিব পাৰিব তেৱেই পৰৱৰ্তী সময়ত গুটি বোৰ জংঘলত ছটিয়াব পাৰিব।

শিশুৰ খেল-ধেমালী সমূহ

শিশু সকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালীবোৰ স্বভাবতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালীৰ লগত জডিত গীতবোৰ সুকীয়া সুকীয়া। অসমত প্ৰচলিত কিছুমান শিশুৰ খেল-ধেমালি জনপ্ৰিয় খেল তলত উল্লেখ কৰা হ’ল:

  1. কপটি বা হৈ গুদু
  2. কুকুৰা যুঁজ
  3. ৰজা ৰাণী খেল

কপটি বা হৈ গুদু

কপটি বা হৈ গুদু খেলটো অসমৰ গ্ৰামাঞ্চলত শিশু সকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে মুকলি খেলপথাৰত হৈ গুদু খেলা হয়। মাটিত মাজতে এডাল আঁক পাৰি দুফালে দুটা দল হৈ এদলৰ এটাই আন দলটোৰ যিকোনো এজনক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনৰ মুখত উশাহ নসলোৱাকৈ এটা গীত গাই হাতেৰে চুই সাৰি আহিব পাৰিলেই চুই অহাজন খেলৰ পৰা বাহিৰ হৈ যাব লাগে। লগে লগে আনটো দলৰ এটাই উশাহ নসলোৱাকৈ মুখত আন এটা গীত গাই গাই বিপৰীত দলৰ খেলুৱৈ বোৰক খেদি আহে। এইদৰেই খেল চলি থাকে। যিদলৰে আটাইকেজন খেলুৱৈ মৰি মৰি খেলৰ পৰা বাহিৰ হব, সেইদলটো হাৰিব আৰু আনটো দল জিকিল বুলি ধৰা হয়।

কুকুৰা যুঁজ

সৰু লৰা-ছোৱালীৰ মাজত কুকুৰাযুঁজ খেলবিধ খেলা দেখা যায়। সাধাৰণতে ল’ৰাবোৰেহে এই খেলত অংশ লয়। কুকুৰা যুঁজ খেলৰ বাবে কোনো আহিলাৰ প্ৰয়োজন নহয়। সাধাৰণতে খেলুৱৈ সমূহ দুটা দলত ভাগ হয়। দুই দলৰ একো একোজন খেলুৱৈয়ে বাওঁহাত সোঁকান্ধত থৈ সোঁহাতেৰে সোঁভৰি ডাঙি ধৰি ইটোৱে সিটোক খুন্দা মাৰে, এইদৰে খুন্দিয়া খুন্দি লাগি থাকে যেতিয়ালৈকে কোনো এজনৰ হাত সুলকি নপৰে বা বাগৰি নপৰে। যিজনৰ প্ৰথমেই হাত সুলকিব বা বাগৰি পৰিব সেইজন হাৰিল বুলি ধৰা হয় আৰু আনজন জিকিল বুলি ধৰা হয। এইদৰে দুই দলৰে প্ৰতিজনে এজন এজনকৈ যুঁজ লাগে। এটা সময়ত যি দলে বিপক্ষ দলৰ সকলো খেলুৱৈক হৰুৱাবলৈ সক্ষম হৱ সেই দলেই বিজয়ী হল বুলি ধৰা হয়।

ৰজা ৰাণী খেল

গ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্ৰিয় খেল হ’ল ৰজা ৰাণী খেল। ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি ‘লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈ যোৰ পাতি প্ৰত্যেকেই মনে মনে সোণ-ৰূপ, ফলু-পাত, আদি বিভিন্ন ধৰনৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোৱে আকৌ গীত বা যোজনা এফাকি গাই আহে। ৰজাই যদি সোন লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে । এতিয়া তেওঁলোকে হৈ গুদু, বৌ-গুদু যিকোনো খেল নিজৰ পচন্দ মতে খেলে।

চেংগুটি

খেলৰ সামগ্ৰী

পাঁচটা গুটি (শিলগুটি হ’লে ভাল), খেলুৱৈ দুজন বা ততোধিক।

নিয়মাৱলী

এই খেলত কিছুমান নিৰ্দিষ্ট ঢাপ (Step) আছে। প্ৰত্যেকটো ঢাপৰ কৌশল বেলেগ বেলেগ। খেলখনত প্ৰায় পাঁচ-ছটা মান ঢাপ থাকে। স্থানভেদে, ঢাপৰ সংখ্যা ভিন ভিন হোৱা দেখা যায়। খেলৰ মাজতে যদি কোনো এটা ঢাপত খেলুৱৈজনে ভুল কৰে, তেতিয়া পৰৱৰ্তী খেলুৱৈজনে খেলিবলৈ সুবিধা পায়। আটাইকেইটা ঢাপ শেষ কৰাৰ পাছত খেলুৱৈজনে একোটা নম্বৰ লাভ কৰে আৰু পুনৰ প্ৰথমটো ঢাপৰ পৰা খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

খলিগুটি

খেলৰ সামগ্ৰী

পঞ্চাশটা শিলগুটি, দহটা সৰু সৰু গাঁত, দুজন খেলুৱৈ

নিয়মাৱলী

দুটা শাৰীত পাঁচোটাকৈ মুঠ দহটা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয়। প্ৰথমতে, প্ৰত্যেকটো গাঁততে পাঁচটাকৈ গুটি ৰখা হয়। এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা পাঁচোটা শিলগুটি লৈ খেল আৰম্ভ কৰে। খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায়। এই কাৰ্য তেতিয়ালৈকে চলি থাকে, যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে। তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে। ইয়াৰ পিছত পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

ঘিলাখেল

এই ঘিলাখেল পুৰুষ আৰু তিৰোতা সকলোৱে খেলে ৷এডোখৰ সমান ঠাইত এটা ঘিলা পাতি ১২ আঙুলৰ আঁতৰে আঁতৰে কেইবাটাও ঘিলা পাতে আৰু তাক নিৰ্দিষ্ট দূৰত্বৰ পৰা ঘিলা এটা দলিয়াই লগাব পাৰিলে ঘিলা পায় ৷ আনহাতে ,মাজৰ ঘিলাটোত লাগিলে ঘিলা ভৰিব লাগে ৷বুৰবুৰি,চেলচেলি,নৰখোৱা,চিউট আদি কৰি বিভিন্ন ধৰনৰ নিয়মৰে ঘিলা মৰা হয় ৷

কড়িখেল

আদিম সমাজত কড়িৰ ওপৰত ধৰ্মীয় গুন আৰোপ কৰা হৈছিল ৷ টাই আহোমসকলৰ ভিতৰ চ’ৰাত কড়ি আছিল অন্যতম জনপ্ৰিয় খেল ৷

ঢোপখেল

ঢোপখেল পুৰুষ –মহিলা উভয়ে মাঘ আৰু বহাগ বিহুত খেলে ৷ ফটা কানিৰে মেৰিয়াই টোপোলা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ঢোপ সাজে ৷ দুটা ফৈদহৈ দলিয়া দলি কৰি খেলে ৷

টাং গুটি

গছৰ বুঢ়াআঙুলিৰ সমান ডাল এটাৰ চাৰি আঙুলমান কাটিলৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি লোৱা হয় ৷ ডেৰহাট মান দীঘল এডাল দেন্দায়মাৰি থাকে ৷ দেন্দায় ডালেৰে ওকট মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে ৷ ধৰিব পাৰিলে পাল যায় ,আৰু নোৱাৰিলে সেই ঠাইৰ পৰা দেন্দায় মাৰিৰে টাংগুটিটো মাৰিব লাগে ৷ যিমান দূৰত পৰিব জুখি হিচাপ কৰা হয় ৷

লুকা-লুকি

এই খেল কেইবাটাও লৰা-ছোৱালীয়ে খেলে ৷ এজনে চকু মুদি বাকীবোৰক লুকাবলৈ দি সোধে –হ’লনে নৌ, বাকীবোৰে কয় –মানিকী মৌ ৷চকু মুদাজনে বাকীবোৰক বিচাৰিব লাগে ৷আটাইকে বিচাৰি পালে পুনৰ খেল আৰম্ভ হয় ৷

অনান্য

ঘিলা খেল– এই ঘিলাখেল পুৰুষ আৰু তিৰুতা সকলোৱে খেলে। এডোখৰ সমান ঠাইত এটা ঘিলা পাতি ১২ আঙুলৰ আঁতৰে কেইবাটাও ঘিলা পাতে আৰু তাক নিৰ্দিষ্ট দূৰত্বৰ পৰা ঘিলা এটা দলিয়াই লগাব লাগে আৰু পাৰিলে ঘিলা পাই। আনহাতে, মাজৰ ঘিলাটোত লাগিলে ঘিলা ভৰিব লাগে। বুৰবুৰি, চেলচেলি, নৰখোৱা, চিউট আদি কৰি বিভিন্ন ধৰণৰ নিয়মেৰে ঘিলা মৰা হয়।

ঢোপ খেল-ঢোপ খেল খেলে পুৰুষ-তিৰুতা উভয়ে। এই খেলটো সাধাৰণতে মাঘ আৰু বহাগ বিহুত খেলা হয়।ফটাকানিৰে মেৰিয়াই টোপোলা এটা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ঢোপ সাজে। দুটা ফৈদ হৈ দলিয়া-দলি খেলে।

চাৰি চুকীয়া খেল-এডৰা মাটিত চাৰি চুকত থকা চাৰিটা ল’ৰাক মাজত থকা ঘাই খুটিৰ পৰা চুব লাগে।

হৈ গুডু খেল– এই খেলত দুটা পক্ষ হৈ “হৈ গুডু-গুডু” কৰি বিপক্ষ দলক চুলে মৰে আৰু উশাহ চিগিলে গুডু দিয়াজন মৰে। পাছলৈ এই খেলটোৰ সাল-সলনি ঘটি কাবাদি নামৰ খেলটোৰ সৃষ্টি হৈছে।

মঙ্গল খেল– এজনে এটাকৈ গুটি লৈ দুজনে খেলে। মাটিত তিনি তৰপীয়াকৈও আঁকি লৈ গুটি তিনিটাকৈ দিব লাগে, কিন্তু বিপৰীত জনে বাধা দিয়ে বাবে যিজনে ৯ টাকৈ দিব পাৰে তেওঁ জিকে।

টাং গুটি– গছৰ বুঢ়া আঙুলিৰ সমান ডাল এটাৰ চাৰি আঙুলমান কাটি লৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি উলিওৱা হয়। ডেৰহাট মান দীঘল এডাল দেন্দায়্মাৰি থাকে। দেন্দায় ডালেৰে ওকট মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে। ধৰিব পাৰিলে পাল পায় নোৱাৰিলে সেই ঠাইৰ পৰা দেন্দায় মাৰিৰে টাংগুটিটো মাৰিব লাগে। যিমান দূৰত পৰিব জুখি চোৱা হয়।

ঘাই পকোৱা খেল– এই খেল দুটা ফৈদহৈ বহি থাকি হাত পাছফালে কৰিব লাগে। ঘাইদ’লে গুটি প্ৰত্যেকজনৰ হাতত দিয়াৰ নিচিনা কৰে যদিও এজনৰ হাতথে দিয়ে আৰু তাক বিপৰীত পক্ষৰ ঘাইজনে ধৰা পেলাব পাৰিলে জিকে আৰু অন্যথা গুটি হাতত থকা জন এক জাপ আগলৈ যায়।

হৈ খেল– ইয়াতো এডৰা মাটিত দুটা ফৈড হৈ এজনে বৃত্তৰ মাজত সোমাই ওলাই যাব খোজে, বিপক্ষ দলে বাধা দি চুব লাগে।

গৰখীয়া এচাৰি খেল– বৰ গৰখীয়াই নিজৰ এচাৰিডাল নৰানি বা যি ঠাইত পেলাই যায় আৰু বাকীবোৰ গৰখীয়াই দেই গ’লে এচাৰিডালৰ গাঁঠিৰ সমান তামোল-পাণ ভৰিব লাগে।

পেং খেল– দুডাল বাঁহৰ দাংলৈ তলৰ পৰা মূৰৰ সমান ওপৰত বিন্ধা কৰি অন্য দুটুকুৰা বাঁহ ভৰি দিব পৰাকৈ বান্ধি লয়। চাং বা ওখ ঠাইৰ পৰা পেঙত উঠি যায় আৰু জান-জুৰি পাৰ হয়। পেঙত উঠি বেগাই যোৱাৰ খেল খেলে।

কোমোৰা খেল– ল’ৰা-ছোৱালীবোৰে এটাৰ ককাঁল অন্যটোৱে ধৰি ১০/১২ টা মানে এডাল শিকলিৰ দৰে সাজে। অন্য দলটোৱে আহি “ইৰিকটি মিৰিকটি বাঁহৰ শলা, মোমাই পদুলিত বান্ধিলো ঘোঁৰা, ৰজাৰ জীয়েকে ফুৰিবলৈ যাঁওতে পহু এটা পালে, তাকে খাবলৈ জালি কোমোৰা এটা লাগে” বুলি ইজনে-সিজনে ধৰি থকাৰ পৰা ছিঙিবলৈ যায়। এৰুৱাব পাৰিলে জিকে, নহ’লে হাৰে।

টোপা খেল– ধনু এখনৰ মূৰত বাঁহৰ টোপা এটা লগাই ধৰি থাকে। বাকী বিলাকে বাঁহৰ টোপা লগোৱা মেগেলা কাঁড় ২০/২১ হাত আঁতৰৰ পৰা লগাব লাগে।

কচুগুটি খেল– দুজনৰ মাজত খেলা হয়।এজনে হাতৰ মুঠিত পিছলৈ নি লুকুৱাই দুয়োখন হাত মুঠিমাৰি আগলৈ আনে আৰু আনজনে অলৌগুটি-টলৌগুটি-কচুগুটি খায়, এইখন হাতৰ গুটিটো সেইজনে পায় বুলি দেখুৱায়।

দৰা-কইনা বা পুতলা খেল– ভাৰতবৰ্ষত পুতলা নৃত্য অতি প্ৰাচীন। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ল’ৰা-ছোৱালীবোৰে এতিয়াও শলাকানিৰ হাত দি ফটাকানিৰ দৰা-কন্যা সাজি খেলা দেখা যায়।

কড়ি খেল– আদিম সমাজত কড়িৰ ওপৰত ধৰ্মীয় গুন আৰোপ কৰা হৈছিল। কড়ি প্ৰজনন অঙ্গৰ প্ৰতীক। টাই আঁহোম সকলৰ ভিতৰচ’ৰাত কড়ি আছিল অন্যতম জনপ্ৰিয় খেল।

কুকুৰ খেল– ইয়াত দুটা ফৈদ থাকে। কলীয়া লতাৰে ঘাঁহ-বন এমুঠি বান্ধি টোপোলা কৰি ঘাইজনে পথাৰৰ এমূৰৰ পৰা দলি মাৰি পঠিয়াই, আনিবলৈ যোৱাজনৰ গাত বিপক্ষ দলে কুকুৰ গুটি দলিয়াই লগাব লাগে, লাগিলে হাৰে।

মানুহৰ শক্তি পৰীক্ষা খেল– মাঘ বিহু, বহাগ বিহু আৰু বিশেষ বিশেষ সময়্ত গাঁৱৰ ল’ৰাই কঁকালে কঁকালে, বাহুৱে বাহুৱে, বগৰা বগৰিকৈ যুঁজি শক্তি পৰীক্ষা কৰে।

গছ কুমতি খেল– এজোপা চাপৰ ডালপাত বেছিকৈ থকা গছত ল’ৰাবিলাক উঠে। মাটিত এটা কুমটি হৈ থাকে। সকলো ল’ৰা গছত উঠা হ’লে কুমটি গৈ প্ৰথম যিজনক চুব সি নামি আহি কুমটি হ’ব।

দৰীয়া বন্ধা খেল– এই খেল পথাৰত বহু খেলুৱৈৰ মাজত হয় আৰু খেলুৱৈ অনুসৰি ঘৰ সাঁজি লয়। বৰ্তমানৰ খো-খো খেলৰ দৰে খেলখন হয়।ইয়াক বেৰিয়া বোলে। ১০/১২ ফুটকৈ যিমান খেলুৱৈ থাকে সিমান পৰিমাণৰ ঘৰ বনাই দুটা ভাগ কৰি মাজৰ আঁচ ডালত এজন এজনকৈ থাকি ঘৰবোৰ পাৰ হৈ যাব নোৱাৰাকৈ বাধা দিয়ে। ঘৰবোৰ চুব নোৱাৰাকৈ পাৰহৈ পুনৰ ঘুৰি যাব লাগে।

কুকুৰা যুঁজ খেল– এইটো খুবেই জনপ্ৰিয় খেল। ল’ৰাবিলাকে এটা ভৰি হাতেৰে পাছ্ফালে ধৰি থাকি দেউদি ইজনে সিজনক খুন্দিয়াই বগৰাব লাগে।

আদা খেল– দুয়োখন হাতেৰে আঙুলি এটাৰ ওপৰত অন্যটো উঠাই আদা বনাই কিনিব নেকি সোধে আৰু কাঁহি-বাটি খোজে। কাঁহি-বাটি নাদত পৰিল বুলি ক’লে অন্য বস্তু বিচাৰে আৰু পুনৰ নাদত পৰিল বুলি ক’লে আদা ভাঙি দিয়ে।

টোকৰ মৰা খেল– দুজন ঘাইৰে দুটা শাৰীত সন্মুখকৈ বহি থাকে আৰু এজনে নিজৰ শাৰীৰ এজনৰ চকু মুদাই ধৰি বিপক্ষ দলক টোকৰ মাৰিব দিয়ে। টোকৰ মৰাজনক ধৰা পেলাব লাগে।

তীৰ মৰা খেল– কেইবাজনেও ধনুকাড়ঁ দূৰলৈ মাৰে আৰু বাকীবোৰে তাত লগাব লাগে।

আলি চিগা খেল– এইটো খেলত দুটা দলৰ এটা দলে ” হেইচ কুট কুট” বুলি বিপক্ষ দলক চুব বিচাৰে। আন এজনে পুনৰ “হৰি নিলে নিলে, বেলি দিলে ভাটি, ৰজাই গৰখীয়া বীন বায় ৰাতি, উৰি যাওঁ পুৰি যাওঁ, ডালে-পাতে লাগি যাওঁ, ডালে ধৰ-ফৰায়, গুটি ধৰ-ফৰায়। এইদৰে গাই চুবলৈ খেদি যায়।

তিৰোতাৰ চৰিয়া খেল– চাৰি-পাঁচজনী ছোৱালী মুখামুখিকৈ বহি ভৰি দুটা দীঘলকৈ মেলি ইজনীয়ে সিজনীৰ ভৰি তলুৱাই তলুৱাই লগাই হাতত ধৰি ঘূৰণীয়াকৈ জোৰেৰে ঘূৰে।

টোকা

অসমৰ পৰম্পৰাগত খেল-ধেমালিত অন্তৰ্ভুক্ত হৈ থকা দাৰিয়া কোৰ্ট আৰু ৰছী টনা খেল দুবিধ লেখকৰ সৰ্ম্পূন নিজস্ব শৈশৱৰ স্মৃতি সমৃদ্ধ। টাংগুটি বা ভটাগুটি খেলত প্ৰদ্যুত জ্যোতি শইকীয়াৰ কিছু মিশ্ৰন আৰু শিশুৰ খেল-ধেমালীত নিৰ্মল প্ৰভা বৰদলৈৰ অসমৰ লোক সংস্কৃতি নামৰ কিতাপ খনৰ থুল-মূল আভাস লোৱা হৈছে।

তথ্য সংগ্ৰহ

  • অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
  • · অসমৰ পুৰণি খেল ধেমালি – লেখিকা: সুবোধমালা বৰুৱা
  • · অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০
  • · অলকেশ শৰ্মা (১৫ জুলাই, ২০১২). “হাউ খেল”. সন্ধান (Xondhan)।
  • বাঘ ঐ বৰাহ ঐ”. সন্ধান (Xondhan). ১৫ ছেপ্তেম্বৰ, ২০১২।.

মূল উৎস: অসমীয়া ‌ৱিকিপেডিয়া


 

ডবা (দবা)

ডবা (দবা)

পৰিচিতি-

ডবা অসমৰ ভক্তি মাৰ্গৰ লগত সংযুক্ত হৈ থকা এক বাদ্য | অসমৰ প্ৰায় সকলো ধৰ্মীয় অনুষ্ঠান , যেনে সত্ৰসমূহ, পৌৰাণিক মন্দিৰ, নামঘৰ আদিত ডবা বজোৱা হয়| অসমৰ গাঁৱে-ভুঞেঁ থকা প্ৰতিটো নামঘৰতে ডবা থকা দেখা যায়| নিৰ্দিষ্ট সময়ত সদায় কৰা ডবা বাদনে এক গম্ভীৰ, পৱিত্ৰ পৰিবেশৰ সৃষ্টি কৰে, তাৰোপৰি চহা ৰাইজক সময়ৰ কথাও সকীয়াই দিয়ে| ডবাৰ ব্যৱহাৰ থিক কেনেকৈ বা কেতিয়া পৰা হ’ল কোৱা কঠিন , কিন্তু ইয়াকে কব পাৰি যে, ডবা এক অতি প্ৰাচীন লোকবাদ্য | ব্যৱহাৰৰ পাৰ্থক্য থাকিলেও, ডবা প্ৰাচীন কালত মানুহে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ঢোলজাতীয় বাদ্যসমূহৰে এক পৰিবৰ্তিত ৰূপ বুলি অনুমান কৰিব পাৰি | ডবাৰ মাত অতি গুৰুগম্ভীৰ আৰু এই শব্দই সকলোকে সহজে আকৰ্ষণ কৰে | অসমৰ গ্ৰাম্য সমাজত ডবাৰ এক বিশেষ গুৰুত্ব আছে| নামঘৰৰ ডবাৰ বজোৱা মানেই গধূলি হোৱা বুলি অসমৰ চহা ৰাইজে এতিয়াও বিশ্বাস কৰে আৰু কাম কাজ সামৰি ঘৰলৈ ঘুৰি আহিবলৈ সাজু হয়|

ব্যৱহাৰ-

ডবা সাধাৰণতে গীত মাতৰ সতে সংগত কৰা বাদ্য নহয় | অসমীয়া সমাজত ই এবিধ মাংগলিক বাদ্য হিচাপে পৰিচিত| সাধাৰণতে নামঘৰ, মন্দিৰ আৰু সত্ৰ সমূহত , নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট উপলক্ষ্যতহে ডবা বাদন কৰা হয়| নামঘৰত সাধৰণতে পুৱা গধূলি সদায় একে সময়তে ডবা বাদন কৰাৰ পৰম্পৰা আছে| নাম প্ৰসংগৰ সামৰণিত ডবা, কাঁহ, শঙ্খ, ঘন্টা আদি একেলগে বজাই এক ভক্তি পূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা হয়| আকৌ , ৰাইজক আৱশ্যকীয় জাননী দিবলৈ বা আহ্বান কৰিবলৈয়ো ডবা বজোৱা হয়| অসময়ত ডবা বজোৱা মানে কোনো জৰুৰী কাৰ্য্যৰ বাবে একগোট হবলৈ কৰা আহ্বান বুলি অসমৰ ৰাইজে বিশ্বাস কৰে| অসমৰ সত্ৰ সমূহত বিভিন্ন উৎসৱ আদিত মাংগলিক বাদ্য হিচাপে ডবা বজোৱাৰ পৰম্পৰা আছে| ভাঁওনা আৰু গায়ন বায়নত অতি গুৰুত্বপূৰ্ণ অংশত ডবা বাদন কৰা হয়| ডবাৰ শব্দই অপায় অমংগল, বিপদ বিঘিনি , ভুত –প্ৰেত আদি দূৰ কৰে বুলিও বিশ্বাস কৰা হয় | সত্ৰসমূহত ডবা বজাবৰ বাবেই দবাদাৰী নামৰ এক পদবীত লোক নিযুক্ত কৰা হয়| নামঘৰ বিলাকত সাধৰণতে নামঘৰীয়ায়েই ডবা বজোৱাৰ দ্বায়িত্ব লয় | দবাদাৰীয়ে ৰাতিপুৱা ডবাত চাৰিকোব মাৰি জাননী দিয়াক সত্ৰসমূহত ‘চাৰিদাঁৰ’ দিয়া কাৰ্য্য বুলি কোৱা হয়|

অসমৰ বৈষ্ণৱ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এক উল্লেখযোগ্য অনুস্থান বৰসবাহৰ থিয়নামত নেগেৰাৰ সহযোগী বাদ্য হিচাপে ডবাও সংগত কৰা হয় বুলি ‘বাদ্য অভিজ্ঞান’ গ্ৰন্থত ড: দেবজিৎ শইকীয়াই উল্লেখ কৰিছে| সংগত কৰা বাদ্য হিচাপে ডবাৰ ব্যৱহাৰৰ বোধহয় এইটোৱেই একমাত্ৰ উদাহৰণ|

hard

নিৰ্মাণ প্ৰণালী-

ডবা দেখিবলৈ নেগৰাৰ দৰেই এবিধ অৰ্ধ-ডিম্বাকৃতিৰ বাদ্য, কিন্তু আকাৰত নেগেৰাতকৈ যথেষ্ট ডাঙৰ | ডবাৰ গা বা খোলা অংশ পিতল আদি ধাতু বা কাঠেৰে নিৰ্মাণ কৰা হয়| কোনো কোনো ক্ষেত্ৰত মাটিৰে সজা ডবাও দেখা পোৱা যায়| খোলাটোত তলফালে এটা সৰু ফুটা থাকে | এই ফুটাটোৰ বাবেই ডবাৰ মাত স্পষ্ট, ডাঙৰ আৰু গুৰুগম্ভীৰ হয় বুলি ড: দেবজিৎ শইকীয়াই উপৰোক্ত গ্ৰন্থত উল্লেখ কৰিছে | খোলাৰ মূখখন পহুৰ ছালেৰে ছোৱা হয় | কোনো কোনোৱে ম’হৰ ছালো ব্যৱহাৰ কৰে| ডবাৰ সাধাৰণতে খোলাটোৰ তলফালে এটা বাও থাকে আৰু ছাল খন এই বাওটোৰ লগত ৰছীৰে টানি বন্ধা হয় | ৰছীবিলাকক বৰটি বোলে | ওপৰৰ ছাল বা কোবনি খনৰ কাষৰ ফালে চামৰাৰ সুতেৰে এটা সিয়নি দিয়া থাকে, এই সিয়নিটোতে বৰটিবিলাক বন্ধা হয় | ডবাত ঘুন নেথাকে | দুদাল দুফুট মান দীঘল ধেনুভিৰীয়া কাঠৰ মাৰিৰে কোবাই ডবা বাদন কৰা হয়|

ডবা বাদনৰ নিয়ম আৰু কৌশল-

ডবাৰ বাদন প্ৰণালী সৰল , মাৰি দুদালেৰে বিভিন্ন অন্তৰালত কোবনিত কোবাই ডবা বজোৱা হয়| ডবাবাদনত লয়ৰ আৰোহণ আৰু অৱৰোহণ কৰিব লাগে , অৰ্থাৎ বিলম্বিত লয়েৰে আৰম্ভ হৈ ক্ৰমাৎ দ্ৰুতলৈ যায় আৰু শেষত আকৌ নামি আহে| ডবা বজাবলৈ সুবিধা কৰি এটা বাঁহ বা কাঠৰ সজাৰ ওপৰত ইয়াক অলপ হেলনীয়াকৈ স্থাপন কৰা হয় | বাদকে থিয় হৈ বজাব পৰাকৈ ডবা ৰখা দেখা পোৱা যায়|

———————————————————————————–

গ্ৰন্থপঞ্জী-
বাদ্য অভিজ্ঞান – ডঃ দেৱজিৎ শইকীয়া – অসম নাম সমাৰোহ উদযাপন সমিতি – আউনিআটি সত্ৰ|

কৃতজ্ঞতা-
নামঘৰীয়া – নীপকো নামঘৰ ; দুলীয়াজান

তথ্য সংগ্ৰহ- চাও বিজু চাংমাই


 

অসমীয়া সাহিত্যত নিচুকনি গীত

অসমীয়া সাহিত্যত নিচুকনি গীত

খ্ৰীষ্টীয় দশম-একাদশ শতিকাৰ আগতে অসমীয়া ভাষা বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য যে নাছিল, এনে নহয়। ইয়াৰ আগেয়ে অসমত মৌখিক সাহিত্যৰ প্ৰচলন আছিল। কেৱল অসমতে নহয় সকলো জাতিৰে এটা স্বতন্ত্ৰ ভাষাৰ উৎপত্তিৰ আদি কালত পুৰুষাণুক্ৰমে মুখ বাগৰি কিছুমান গীত-মাত, প্ৰৱচন, পটন্তৰ, সাধুকথা আদিৰ প্ৰচলন হয়। এনেবিধ সাহিত্যই মৌখিক সাহিত্য। মুখে মুখে, যুগে যুগে মানুহৰ অন্তৰ্প্ৰদেশত প্ৰৱেশ ঘটাৰ ফলত ইয়াৰ ৰুপ সলনি হয়। নতুনৰ মুখত পৰি নতুন সাজ-সজ্জা পৰিগ্ৰহণ কৰে। মৌখিক সাহিত্যৰ ই এটি বিশিষ্ট লক্ষণ। মৌখিক সাহিত্য অনাখৰী, চহা জনগণৰ সাহিত্য, গতিকে ই ৰাইজৰ সাহিত্য। গ্ৰাম্য জনসাধাৰণৰ অমূল্য সম্পদ। ইও এই শ্ৰেণীৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য। নিচুকনি গীতক ‘ধাইনাম’ বা ‘ওমলা গীতো’ বুলিব পাৰি।

ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লোক-সাহিত্যক তিনিটা শ্ৰেণীত ভাগ কৰিছে-

(১) লোকগীত

(২) ফকৰা-যোজনা আৰু প্ৰৱচন

(৩) সাধুকথা

আকৌ লোকগীতবোৰক দুটা ভাগত ভাগ কৰিছে-

(১) অনুষ্ঠানমূলক লোকগীত

(২) আখ্যানমূলক আৰু বিবিধ বিষয়ক লোকগীত

ধাইনাম আৰু নিচুকনি গীতবোৰ বিবিধ বিষয়ক গীতৰ অন্তৰ্ভূক্ত।

nisokonigeet

নিচুকনি গীতবোৰত কিছুমান বিশেষ বৈশিষ্ট বিদ্যমান। পোনতে ক’ব লাগিব এইবোৰ ভাববস্তুৰ ফালৰ পৰা অকৃত্ৰিম। কাৰণ মাকে সন্তানক, ধায়ে শিশুক, ডাঙৰে সৰুক স্নেহাসিক্ত অন্তৰেৰে ওমলোৱা গীত। উদাহৰণস্বৰূপে-

“আমাৰে আইটি শুৱ

বাপেকে আহি কল ৰূৱ

ঠোক মেলিব খাব”।

এয়া মাকে শিশুকন্যাক কোৱা কথা। য’ত কৃত্ৰিমতাৰ লেশমানো নাই। আছে এখন ভাবজগত বা কল্পনাৰাজ্য। শিশুৰ মনটো সেই কল্পনা ৰাজ্যলৈ ধাৱিত কৰি থোৱা বা শোৱা কাৰ্য্য সমাপন কৰাটোৱে ইয়াৰ প্ৰধান উদ্দেশ্য।

সকলো মাকে নিজ সন্তানক কৃষ্ণৰূপে প্ৰত্যক্ষ কৰিবলৈ ভাল পায়। আনহাতে অসমীয়া গ্ৰাম্য নাৰীয়ে কাহিলী পুৱাৰেপৰা নিশা পাটীত পৰালৈকে ব্যস্ত। পাটীত পৰি নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰে এইদৰে-

‘যশোদা মাৱ মথনি থোৱা।

কৃষ্ণই কান্দিছে কোলাত লোৱা’।

শিশুক পৰিতোষণ কৰা, প্ৰতিশ্ৰুতি দিয়া বা সাধাৰণভাৱে তেওঁলোকক ভালৰি বোলোৱা বিষয়বস্তু এই গীতবোৰত পৰিস্ফুট হোৱা দেখা যায়। যেনে-

‘নেকান্দিবা সৰু আইটি নিচিঙিবা মণি

সত্যে সত্যে বিয়া দিম মাধৱক আনি’।

খোৱাবস্তু বিশেষকৈ ফলাদিৰ প্ৰতি শিশুৰ আকৰ্ষণ বেছি। সেয়ে নিচুকণি গীতত খোৱাবস্তুৰ নামোল্লেখ পোৱা যায়-

‘আমাৰে মইনা শুৱ এ

বাৰীৰে বগৰি ৰূৱ এ

বাৰীৰে বগৰি পৰি সৰি গ’লে

মইনাই বুটলি খাব’।

কেতিয়াবা কেতিয়াবা ভয় খুৱাই শিশুক নিচুকণি নিওৱা হয়, লগতে বুজোৱা হয় যে তেওঁ ভয় কৰা বস্তুটোকে মাকে ভয় খুৱাব পাৰে।

উদাহৰণস্বৰূপে-

‘শিয়ালীয়ে নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাতি।

সাধাৰণতে মাতৃ মমতাময়ী। সন্তানৰ প্ৰতি থকা সচেতনতাই মাতৃ হৃদয়ক ব্যাকুল কৰি ৰাখে। ভোকত, পিয়াহত শিশুৱে যেতিয়া কান্দে, তেনে কান্দোনত মাতৃৰ অন্তৰ আৱেগপ্ৰৱণ হৈ উঠে আৰু অন্তৰৰ গভীৰতম প্ৰদেশৰ পৰা নিৰ্গত হয় এইদৰে-

‘লাই হালে জালে আবেলি বতাহে

লফা জালে জালে পাতে

আমাৰে মইনাই হালিছে জালিছে

কালি আবেলিৰে ভাত’।

প্ৰকৃতিৰ বৰ্ণনাও ধাইনামবোৰত পৰিস্ফুট হোৱা দেখা যায়।

প্ৰকৃতিৰ গছ-গছনি, নৈ-নিজৰা, জোন, বেলি, তৰা আদিলৈ শিশুৰ পৰম আগ্ৰহ। সেয়ে গোৱা হয়-

‘জোন বাই এ, বেজী এটি দিয়া

বেজীনো কেলেই, মোনা সীবলৈ

মোনানো কেলেই, ধন ভৰাবলৈ’।

………………..ইত্যাদি।

সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে খেল এবিধ প্ৰিয় বিষয়। শিশুৰ মনত উদ্ভাৱনী শক্তি লুকাই থাকে। পৰম্পৰাগত খেলৰ উপৰি কেতিয়াবা তেওঁলোকে নিজে কিছুমান খেলৰ সৃষ্টি কৰে। গীত সংযোজন কৰে অৰু স্বতঃস্ফূৰ্তভাৱে হায়-

‘অলৌ গুটি তলৌ গুটি কচুগুটি লাই

এইখন হাতৰ গুটিটো সেইখন হাতে পায়’।

অসুৰ, দানৱ-দৈত্য আদিলৈ সকলোৰে অগ্ৰহ বেছি। শিশুসকলো ইয়াৰ ব্যতিক্ৰম নহয়, বৰঞ্চ ভূত-প্ৰেত অশৰীৰী কিবা এটাৰ প্ৰতি শিশুৰ ঔৎসুক্য অপৰিসীম। তাকে লৈ শ্ৰীধৰ কন্দলীয়ে ‘কাণ খোৱা’ পুথি ৰচনা কৰিছিল। অতিবাস্তৱ প্ৰীতি শিশুৰ ধৰ্ম। সেয়ে আনকি ইতিহাস প্ৰসিদ্ধ নায়কো নিচুকনি গীতৰ আধাৰ হ’ব পাৰে। ইউৰোপত হেনো গীতৰ নেপোলিয়ন বোনাপাৰ্টৰ নামটো মাকহঁতে শিশু নিচুকোৱাত ব্যৱহাৰ কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায়, অসমীয়া গ্ৰাম্য জীৱনত প্ৰভাৱ পেলাব পৰা প্ৰায় সকলো বিষয় এই গীতবোৰত সামৰি লৈছে। আধুনিক যুগত ইয়াৰ গুৰুত্ব লাঘৱ হৈছে যদিও প্ৰাসঙ্গিকতাৰ অন্ত পৰা নাই আৰু নপৰেও। আধুনিকতাৰ পৰশত গীতবোৰেও হয়তো আধুনিক ৰুপ পৰিগ্ৰহণ কৰিছে। শিশু মনঃস্তত্ব অধ্যয়ন কৰাৰ উৎকৃষ্ট উপায় হিচাপে এইবোৰক গণ্য কৰিব পাৰি। পৃথিৱীত মাতৃ হৃদয়ৰ আৱেগ আৰু শিশুৰ কৌতুহল যিমান দিনলৈ থাকিব এই গীতবোৰো শিমান দিনলৈকে বৰ্তি থাকিব। সেয়ে নতুন দৃষ্টিভংগীৰে এই সন্দৰ্ভত গৱেষণা হোৱাটো প্ৰয়োজনীয়।

লিখকঃ কিৰণ তালুকদাৰ