অসমীয়া প্ৰ‌ৱচন-১

অসমীয়া প্ৰ‌ৱচন-১

১) “অ’ বুলিব নো‌ৱাৰে , ৰত্না‌ৱলী পঢ়ে”

অৰ্থ:- কামৰ আ ভু নো‌পো‌ৱাকৈ কাম কৰা । ৰত্না‌ৱলী এখন ধৰ্মীয় পুথি। মূল পুথিখন সংস্কৃতত লিখা । মহাপুৰুষ মাধ‌ৱদে‌ৱে অসমীয়ালৈ তৰ্জমা কৰিছে । ধৰ্মীয় পুথিবোৰ দৰাচলতে টান পুথি । ভালকৈ ভাষা জ্ঞান আৰু অৰ্থবোধ নহ’লে ৰত্না‌ৱলী পঢ়ি বুজিব নো‌ৱাৰি । ‘অ’ আখৰ অৰ্থাৎ বৰ্ণমালা চিনি নোপো‌ৱা লোকে ৰত্না‌ৱলী পঢ়িবই নো‌ৱাৰে । সেইদৰে কোনো কামৰ আ ভু নোপো‌ৱা লোকে সেই কাম কৰিব নো‌ৱাৰে বা কৰিবলৈ আগবঢ়া উচিত নহয় ।

২)” অঁকৰাই মৈত উঠা”

অৰ্থ:- অঁকৰা মানুহে কামত ধৰিলে এৰিব নোখোজা হয় । মৈত উঠি মাটি মৈও‌ৱা কাম তেনেই সহজ নহয় । মৈত উঠিব নাজানিলে বিপদ ঘটাৰ ভয় থাকে । অঁকৰাই কিবা প্ৰকাৰে মৈত উঠি মজা পালে নামিব নোখোজে । তেনে লোকৰ মৈ খালে বামে গৈ বিপদ ঘটায় । অনভিজ্ঞ লোকে কেনেবাকৈ কিবা কৰিব পৰা যেন পালেও তাৰ পৰিমিত ব্য‌ৱহাৰ নজনা বাবে অতিমাত্ৰা কৰিবলৈ যায় । তাৰ বাবে বিপদত পৰে ।

 

৩) “অকলশৰীয়া পহু বাঁহ তলত ঘৰ

টোকা পৰু‌ৱাই কামুৰিলে ধৰফৰাই মৰ্ ।”

ৰ্অথ- অকলশৰীয়া প্ৰাণী মাত্ৰৰে সুখ নাই । মানুহ সমাজপ্ৰিয় । সমাজত থাকি নানা কথা শিকে । আনৰ সহায় সহানুভুতিৰয়ে মানুহক জী‌ৱন নিৰ্বাহত আনন্দ দিয়ে । ভাই-বন্ধু , মিতিৰ-কুটুম, ঘৰ-দু‌ৱাৰ মাটি -বৃত্তি সকলো সুখৰ কাৰণ । বিপদত আত্মীয় কুটুম্বই সহায় কৰি উদ্ঠাৰ কৰে । অকলশৰীয়া মানুহৰ ভাই-বন্ধু, ঘৰ-দু‌ৱাৰ একো নাথাকে ।বিপদৰ সময়ত তেওঁলোকক চাওঁতা নাই । আনকি বাঁহ গছত থকা টোকা পৰু‌ৱাই কামুৰিলে পৰু‌ৱা খেদাবলৈও কাৰো সহায় নাপাই ধৰফৰাই থাকিবলগীয়া হয় ।

৪)” অঁকৰাৰ ধন মকৰাই খায়

পাপৰ ধন পৰাচিতত যায় ।”

অৰ্থ- ধন উপাৰ্জন কৰিলেই নহয় ; তাক খৰছ কৰিবলৈও জানিব লাগে । অঁকৰা মানুহৰ ধন হ’লে নিজে খাবলৈ নাপায় লোকে ঠগাই খায় । নিজে খৰছ কৰিলেও অবাবত খৰছ কৰে । চুৰি -ডকাইতি কৰি লাভ কৰা ধনো মানুহে সুখ শান্তিৰে ভোগ কৰিবলৈ নাপায় । চুৰি-ডকাইতি কৰি মাৰ-খো‌ৱা, ফাটেক খো‌ৱা, জৰিমনা ভৰা আছেই; সাক্ষীক দিওঁতে , উকীলক দিওঁতে ধন শেষ হৈ যায় । অঁকৰাই ধন উপাৰ্জন কৰিও খৰছ কৰিব নজনাৰ দোষত খাবলৈ নাপায় । লোকক ঠগাই , চুৰি-ডকাইতি কৰি, অসৎ উপায়েৰে অৰ্জন কৰা ধনো অথলে যায়।

৫) “অকৰ্মাই নিন্দে ভূমি।

বেশ্যাই নিন্দে স্বামী ।।

চোৰে নিন্দাই চন্দ্ৰমা ।

শাস্ত্ৰই নিন্দে অধমা ।।”

অৰ্থ-  অকৰ্মাই খেতিৰ কাম কৰিবলৈ টান পায় কাৰণে পথাৰৰ দোষ ত্ৰুটি উলিয়াই খেতি নকৰে । বেশ্যা তিৰীয়ে এক পতিত সন্তুষ্ট নহয় বাবে স্বামীক নিন্দা কৰি পৰ পতিৰ প্ৰতি আকৃষ্ট হয় । চোৰৰ বাবে পোহৰ অসুবিধাৰ কাৰণ । সেয়ে চোৰে চন্দ্ৰৰ জ্যোতি বেয়া পায় । শাস্ত্ৰ সমূহত ভাল কথা লিখা থাকে । ভাল কথা জানিবলৈ নিবিচৰা লোকক অধম বুলি কো‌ৱা হয়। তেনে লোকক শাস্ত্ৰই নিন্দা কৰে , ভাল কথা শিকিবলৈ আগ্ৰহীজনকহে পছন্দ কৰে ।

(আৰু বহুতো আছে । )