অসমৰ বনৌষধি

অসমৰ বনৌষধি

এই পৃষ্ঠাত কিছুমান অমিমাংসিত বিষয় আছে
পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।[1]

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত হৈ আছে। বৰ্তমান বিজ্ঞানৰ প্ৰগতিৰ যুগটো প্ৰাথমিক চিকিৎ্সা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহে, বিশেষকৈ যি সকলে এল’পেথিক চিকিৎসকৰ সহায় তৎকালে বা ধনৰ অভাৱত সহজতে পাব নোৱাৰে, তেওঁলোক এইবিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। তাৰোপৰি এই ঔষধবোৰৰ পাৰ্শক্ৰিয়া কম হোৱা হেতুকে বহুতো লোক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।

অসমৰ ঔষধি গছবোৰ আৰু তাৰ গুণাগুণ সম্পাদনা কৰক

তেজমুই সম্পাদনা কৰক
তেজমুই গছ
তেজমুই (Zanthoxylum nitidum)

তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।

ঔষধি গুণঃ

(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ’লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল

টেঙেচি সম্পাদনা কৰক
টেঙেচি গছ
টেঙেচি (Oxalis corniculata)

টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।

ঔষধি গুণঃ

(১)টেঙেচি বটি বেচু(Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।

ছালকুঁৱৰী সম্পাদনা কৰক
ছাল কুঁৱৰী
ছালকুঁৱৰী (Aloe barbadensis)

ছালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।

ঔষধি গুণঃ

(১)ছালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মুত্ৰদোষ, শুক্ৰ দোষ, ক্ৰিমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। (২) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়। (৩) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো ছালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। (৪)উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।

শেৱালি সম্পাদনা কৰক
শেৱালি
শেৱালি (Nyctanthes arbor-tristis )

শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল।

ঔষধি গুণঃ

(১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।

তুলসী সম্পাদনা কৰক
তুলসী
তুলসী (Ocimum sanctum)

তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক’লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়।

ঔষধি গুণঃ

(১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ’লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে।

মছন্দৰী সম্পাদনা কৰক
মছন্দৰী

মছন্দৰী (Houttuynia cordata Thunb)

মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ।

ঔষধি গুণঃ

(১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

মানিমুনি সম্পাদনা কৰক
সৰু মানিমুনি
মানিমুনি (Hydrocotyle sibthorpioides Lamk)

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।
ঔষধি গুণঃ

(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত’ উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

(সংগৃহীত)}}

অসমৰ বিষয়ে কিছু তথ্য

অসমৰ বিষয়ে কিছু তথ্য

ৰাজধানী :-দিছপুৰ
মুঠ মাটি কালি :-78,438 বৰ্গ কিমি.
মুঠ জনসংখ্যা :- (2011চনৰ পিয়ল মতে):-  3,11,69,272.
বিধান সভা আসন :-126
লোকসভা আসন :-14
ৰাজ্য সভা আসন:-7
মুঠ জিলা :- 33
মুঠ গাওঁ:- 26,247
মুঠ গাওঁ পঞ্চায়ত :- 2489. ( বৰ্তমান )
মুঠ মহকুমা :- 78.
জিলা পৰিষদ:- 21.
আঞ্চলিক পঞ্চায়ত:- 185.
গাওঁ পঞ্চায়ত:- 2202.(2011 সমীক্ষা )
ষষ্ঠ অনুসুচি জিলা:- 6.
ব্লক বা মন্ডল :- 219.
মুঠ কৃষি ভূমি:- 39,88,600 .হেক্টৰ.
মুঠ বনাঞ্চল :- 235798.
সাক্ষৰতাৰ হাৰ:-( 2011) 73.18%
প্ৰতি এক হাজাৰজন পুৰুষৰ বিপৰীতে 954 মহিলা
প্ৰধান নদী:- ব্ৰহ্মপুত্ৰ আৰু বৰাক
মুখ্য ভাষা :- অসমীয়া
পৃথিৱীৰ বৃহত্তম নদীদ্বীপ:- মাজুলী

চাৰিসীমা :- পূৱে নাগালেন্ড,মনিপুৰ,ম্যানমাৰ
পশ্চিম :-পশ্চিমবংগ,
উত্তৰ :-ভূটান আৰু অৰুণাচল
দক্ষিণে :-মিজোৰাম , এিপুৰা,বাংলাদেশ আৰু মেঘালয় ।

গ্ৰামাঞ্চলৰ BPL সংখ্যা :-59.43%
সবাতোকৈ বেছি BPL :-75.25 গোৱালপাৰা আৰু ধুবুৰী 75.03%
সবাতোকৈ কম BPL পৰিয়াল :- যোৰহাট 41.00%

(সংগৃহীত)

শিক্ষক দিৱসৰ তাৎপৰ্য

শিক্ষক দিৱসৰ তাৎপৰ্য

মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ চেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ ৰাধাকৃষ্ণন ১৯৬২ চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল ৷ কিন্তু তেওঁ জীৱনত শিক্ষকৰ বৃত্তিটোকহে অগ্ৰাধিকাৰ দিছিল আৰু সেয়ে তেওঁৰ জন্মদিনটোক তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই “শিক্ষক দিৱস” হিচাপে পালন কৰা হয় ৷

শিক্ষকসকল হৈছে সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ ৷ শিশু এজনৰ জন্মৰ ৬ বছৰৰ পৰা ২৫ বছৰ বয়সলৈকে জীৱনৰ অতি মূল্যবান সময় এই শিক্ষকসকলৰ লগতে পাৰ কৰে৷ গতিকে সমাজ এখনৰ বাবে প্ৰকৃত মানৱ সম্পদ সৃষ্টিৰো মূল দায়িত্ব শিক্ষকসকলৰ৷
কেৱল পুথিগত শিক্ষা প্ৰদানেই শিক্ষক এজনৰ মূল উদ্দেশ্য নহয়৷ ডঃ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে যদি উচিত পদ্ধতিৰে শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেক অপশক্তিক বিনাশ কৰিব পাৰি৷ সেয়ে তেওঁৰ বক্তব্যত যি শিক্ষা প্ৰদানৰ কথা কৈছিল সেই শিক্ষাৰ অন্তৰালত কেৱল পুথিগত শিক্ষা নাছিল | তেওঁ ছাত্ৰ-ছাত্ৰীৰ মানৱীয় উত্কৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিকভাৱে সুস্থ-সৱল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল৷ শিক্ষা, শিক্ষক আৰু শিক্ষাদান মানে কেৱল পাঠ্যপুথি আৰু বিদ্যালয়েই নহয়৷ বিদ্যালয়ৰ পুথিগত শিক্ষাই সম্ভৱ এজন ছাত্ৰক প্ৰথম শ্ৰেণীৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে কিন্তু মানৱীয় উত্কৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷ গতিকে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ বিষয়ে কোৱা প্ৰতিটো কথাকে ছাত্ৰ-শিক্ষক নিৰ্বিশেষে অনুভৱ কৰা উচিত৷
ব্যক্তিগত জীৱনত এজন ছাত্ৰই প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে অনেক শিক্ষকৰ পৰা শিক্ষা লাভ কৰে৷ কিন্তু সকলো শিক্ষকেই ছাত্ৰজনৰ মনত সাঁচ বহুৱাব নোৱাৰিবও পাৰে বা ভাল-বেয়া দুয়োধৰণেৰেই সাঁচ বহুৱাব পাৰে৷ তথাপি ভাৰতীয় সংস্কৃতিত সর্বদা শিক্ষকসকল গুৰু হিচাপেই পূজা কৰি অহা হৈছে৷
কিন্তু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ পুথিগত শিক্ষাৰ বাহিৰেই এজন ব্যক্তিৰ বাবে সমাজ এখনত অনেক শিক্ষক থাকিব পাৰে৷ জীৱনৰ প্ৰতিপল সৎ, সাহসী হৈ আগবাঢ়ি যাবলৈ নৈতিকতাৰ শিক্ষা প্ৰদান কৰি অহা ব্যক্তিজন নিশ্চয় বিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষকতকৈ কোনো গুণে কম হ’ব নোৱাৰে৷ সেয়ে এই পৱিত্ৰ দিনটোত সেইসকল ব্যক্তিকো স্মৰণ কৰা উচিত, যিসকল ব্যক্তিৰ চিন্তা আৰু কৰ্মই নিজৰ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷
শিক্ষক দিৱসৰ মূল তাৎপৰ্য তেতিয়াহে সাৰ্থক হ’ব যেতিয়া প্ৰতিজন শিক্ষকেও নিজকে ব্যক্তিগত আৰু সামাজিক স্বাৰ্থ, ভেদাভেদ আৰু প্ৰতিবন্ধকতাৰ উৰ্দ্ধত থাকি সমাজ এখন সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক যোগ্য কৰি তুলিব৷ পাঠ্যপুথিৰ শিক্ষাৰ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে মানুহ হোৱাৰ শিক্ষা প্ৰদান কৰি নিজেও শিক্ষক হোৱাৰ গৌৰৱ অনুভৱ কৰিব৷ কাৰণ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল “শিক্ষক কেৱল সেইসকলেই নহয় যি ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্কত তথ্যৰ এটা ভাণ্ডৰ সৃষ্টি কৰে, বাস্তৱিকতে শিক্ষক সেইসকলহে যি তেওঁক আহিব লগা সময়ৰ বাবে প্ৰস্তুত কৰে৷”

শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনত পুথিগত শিক্ষাৰ লগতে মোক মানুহ হিচাপে নৈতিকতাৰে জীয়াই থকাৰ সাহস প্ৰদান কৰা প্ৰতিজন গুৰুলৈকে শ্ৰদ্ধা যাঁচিছো …..

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
———————————-

এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল (১৯৫২ -১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।

জন্ম:
———
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে । তেওঁৰ দেউতাকৰ নাম আছিল বীৰ চমাইয়া আৰু মাতৃৰ নাম সীতামা। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰাধাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন
হিন্দু সভ্যতা ৰ নৱ-জাগৰণৰ সময়।

শিক্ষা আৰু চৰিত্ৰ গঠন:
———————————–

ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় । বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই
খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতাইও যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাক্ষ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ’অনাৰ্ছ’ বিষয় হিছাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ’দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ’অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ’থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনৰ ওপৰত তেওঁৰ প্ৰথম গ্ৰন্থ হিছাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয় তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনকো ।

কৰ্ম জীৱন:
——————

এগৰাকী শিক্ষক হিছাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱনৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-
দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক, ১৯২১-৩১;
অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২।
ইয়াৰ বাহিৰেও তেওঁ
মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান কৰে।
ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ :-
Chairman, University Education Commission (1948);
Chairman of the Executive Board of UNESCO (1948);
President of UNESCO (1952);
Representative of the Calcutta University at the Congress of Philosophy,
Harvard University (May,1962).
ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিছাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘ ৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল । ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে।

ৰচনাসমূহ :
—————-

বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা তেওঁৰ দাৰ্শনিক ৰচনাসমূহৰ মাজৰ কিছুমান তলত দিয়া হ’ল :-
The Ethics of the Vedanta and its Material Presuppoliton (1908);
The Philosophy of Rabindranath Tagor (1918);
The Reign of Religion in Contemporary Philosophy (1920);
Indian Philosophy (2 volumes 1923 and 1927);
The Hindu view of Life (1926); The religion we Need (1928);
Kalki or The Future of Civilization (1929);
An Idealist view of Life (1932);
East and West in Religion (1933),
Freedom and Culture (1936);
The Heart of Hinduism (1936);
My Search for Truth (Autobiography 1937)
Gautama the Buddha (1938);
Eastern Religion and Western Thought (1939);
Mahatma Gandhi (1939); India and China (1944);
Education, Politics and War (1944):
The Religion and Society (1947);
The Bhagavadgita (1948);
Great Indians (1949);
The Dhammapada (1950);
The Religion of the spirit and the Worlds Need (1952).

উপসংহাৰ :
——————
উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্হাশীল আছিল ৰাধাকৃষ্ণন । ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে ।

গ্ৰন্থপঞ্জী :
—————

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰে মাজৰ কিছুমান হৈছে:
Schilpp, Paul Arthur (1992) [1952, Tudor]. The Philosophy of Sarvepalli Radhakrishnan . Motilal Banarsidass. ISBN 81-208-0792-8 .
Murty, K. Satchidananda; Ashok Vohra (1990).
Radhakrishnan: his life and ideas . SUNY Press.
ISBN 0-7914-0343-2 .
Minor, Robert Neil (1987). Radhakrishnan: a religious biography . SUNY Press.
ISBN 0-88706-554-6 .
Gopal, Sarvepalli (1989). Radhakrishnan: a biography . Unwin Hyman. ISBN 0-04-440449-2 .
Pappu, S.S. Rama Rao (1995). New Essays in the Philosophy of Sarvepalli Radhakrishnan . প্ৰকাশক
Delhi: South Asia Books.
ISBN 978-81-7030-461-6

(সংগৃহীত )

কণমানি দেনিকাৰ সাফল্য

কণমানি দেনিকাৰ সাফল্য

‘দি কাৰাটে’ৰ উদ্যোগত যোৱা ২৭ আগষ্টত তেজপুৰ কেন্দ্রিয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৯ম সদৌ শোণিতপুৰ জিলা কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি তেজপুৰৰ দেনিকা গোস্বামীয়ে প্ৰতিযোগিতাৰ কাটা আৰু কুমিটেৰ ৬ বছৰৰ অনুৰ্ধ শাখাত যোগদান কৰি ক্রমে সোণৰ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। । উল্লেখনীয় যে যোৱা ১৩ আৰু ১৮ মে’ত গুৱাহাটিৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থ ‘টেনচিনকান ৱাৰ অৱ দি চেম্পিয়নচ’ শীৰ্ষক অসম কাৰাটে ড’ সন্থাৰ ৰাজি্যক ৰেংকিং প্রতিযোগিতাতো দেনিকা গোস্বামীয়ে প্ৰতিযোগিতাৰ কাটা আৰু কুমিটেৰ ৬ বছৰৰ অনুৰ্ধ শাখাত যোগদান কৰি ক্রমে সোণৰ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হৈছিল। দেনিকা বৰ্তমান কাৰাটে প্রশিক্ষক চেনচেই প্রশান্ত পি. শইকীয়াৰ অধীনত প্রশিক্ষণৰত।

অসমত উপলব্ধ বিভিন্ন শাকৰ নাম

অসমত উপলব্ধ বিভিন্ন শাকৰ নাম

CULINARY LEAVES OF ASSAM: Out of numerous edible leaves found in Assam, here is a information of 48 different types of leaves commonly used by Assamese People for preparing appetizing hot and sour curries, fries and chutneys. Most of these leave have various medicinal uses.

অসমৰ শাক-
জলাআঞ্জা:ভেদাইলতা,নৰসিংহ,বৰমানিমুনি,সৰুমানিমুনি,কলাকচু,বগাকচু,মাখনকচু,টেলীয়াকচু,কুন্দুলীপাত,বগামদাৰৰকোঁহ,চজিনাপাত,পচতিয়া, বনজালুক,কেহাঁৰাজ, ইত্যাদি।

টেঙাআঞ্জা:ঢেকীয়া,মধুসালেং,সৰুটেঙেচি,বৰটেঙেচি,লফাশাক,টেঙামৰা,মাটিকান্দুৰী, পিৰালিপালেং, চুকাশাক,অমৰাকোঁহ, বনআমলখি,নলটেঙা,বাবৰি ইত্যাদি।

শাকভজা:দ্ৰোণ,শুকলতি,জিলমিল,খুটুৰা,মালভোগখুটৰা,মৰিচা,ৰঙালাওআগ,ৰঙাআলুআগ, আলুআগ,নিমপাত,পানীকান্দুৰী, ব্ৰাহ্মিশাক পচলা,লাই,ঢেৰু্ৱা,সৰিয়হসশাক,মিঠিশাক ইত্যাদি।

পাতত দিয়া: শুকলতি, মচুন্দৰী,কচুশাক, মাটিকান্দুৰী, দ্ৰোণ, খুটুৰা ইত্যাদি।

চাটনি:পদুনা,মচুন্দৰী,দুপৰটেঙা,মানধনীয়া ইত্যাদি।

ব্যঞ্জনসুগন্ধি: ধনীয়া,মানধনীয়া,পদুনা,তেজপাত,গন্ধনা ইত্যাদি।

অন্যান্যব্যঞ্জন:মিঠামৰা,চালকুৱঁৰী,চেংমৰা,তিতামৰা(শোকোটা),বাহেঁকপাত,পুৰৈশাক,হাটীখুটৰা,মৰলিয়া,পননুৱা,সোৰোপাটেঙেচি,মহাভৃজ্ঞৰাজ পানীটেঙেচি,পানীখুতৰা,পানীকচু,মানকচু,মৰিতেঙা ইত্যাদি।

কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ…..

কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ…..

 

প্রাণীৰ শৰীৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষ থাকে। এই কোষবোৰ একোটা নির্দিষ্ট সময়ৰ পিছত মৃত্যু মুখত পৰে আৰু ইয়াৰ ঠাইত কোষ বিভাজন প্ৰক্ৰিয়াৰে নতুন কোষ নিয়ন্ত্রিত আৰু নিয়মিত ভাবে সৃষ্টি হৈ থাকে। যেতিয়া আমাৰ দেহৰ এই কোষবোৰ কোনো অজ্ঞাত কাৰণত অনিয়ন্ত্রিত ৰূপত কোষ বিভাজনৰ দ্বাৰা বাঢ়ি আহিব ধৰে তেতিয়াই ছালৰ তলত অতিৰিক্ত কোষবোৰে লদা বান্ধে। এনে কোষীয় লদাবোৰকেই টিউমাৰ বোলা হয়। এই টিউমাৰবোৰ বিনাইন বা ম্যালিগন্যান্ট জাতীয় হ’ব পাৰে। ম্যালিগন্যান্ট টিউমাৰকেই আমি কেন্সাৰ বুুলি কওঁ। অনিয়ন্ত্রিত ৰূপত বিভাজনক্ষম হৈ কোষবোৰে আমাৰ দেহত সৃষ্টি কৰা এনে কলাকে নিওপ্লাচিয়া (টিউমাৰ) বোলা হয়। এই নিওপ্লাস্টিক কোষবোৰে আশেপাশে থকা কলাসমূহক ভেদ কৰিব নোৱাৰিলে তেনে টিউমাৰক আমি নিৰীহ বা বিনাইন টিউমাৰ বুলি কওঁ। বিনাইন টিউমাৰে কেন্সাৰ সৃষ্টি নকৰে। আনহাতে নিওপ্লাচিয়া সমূহ কলা ভেদক ক্ষমতা সম্পন্ন হলে তেনে টিউমাৰক ম্যালিগন্যান্ট টিউমাৰ বা কেন্সাৰ বোলা হয়।

cancerবেছিভাগ কেন্সাৰেই প্রথমে বিনাইন টিউমাৰ হিচাবে আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিভিন্ন অজ্ঞাত কাৰণত তাৰ মাজৰেই কিছুমান কোষ পৰিবর্তিত হৈ ম্যালিগন্যান্ট অর্থাৎ কলাতন্ত্ৰ ভেদক ক্ষমতাযুক্ত হৈ যায় আৰু দেহত কেন্সাৰ সৃষ্টি কৰে। কেন্সাৰ ৰোগৰ ফলপ্ৰসু চিকিৎসা ব্যৱস্থা নোহোৱা হেতুকে বহু ৰোগীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। অৱশ্যে ৰোগৰ আৰম্ভণিতেই যদি কেন্সাৰ ধৰা পেলাব পৰা যায়, তেন্তে কেন্সাৰ ৰোগৰ প্ৰতিকাৰ সম্ভৱ। শেহতীয়াকৈ বিজ্ঞানীসকলে আমালৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ফ্ৰান্সৰ আন্তৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল কোম্পানী Servier আৰু UKৰ কোম্পানী Vernalisৰ বিজ্ঞানীসকলৰ যুটীয়াভাবে চলোৱা গৱেষণাত আৱিষ্কৃত হৈছে এবিধ বিশেষ ৰসায়নিক পদাৰ্থ Servier compound — S63845 যাৰ সহায়ত মৃত্যুদুতৰূপী কেন্সাৰ প্ৰতিৰোধ কৰাৰ লগতে কেন্সাৰৰ প্ৰতিকাৰো সম্ভৱ হৈ পৰিব। S63845 নামৰ ৰসায়নিক পদাৰ্থটোৱে আমাৰ দেহত MCL1 নামৰ এবিধ প্ৰটিনৰ সংশ্লেষণ প্ৰক্ৰিয়াত বাধক হিচাবে কাম কৰে। উল্লেখযোগ্য যে MCL1 নামৰ প্ৰটিনে আমাৰ দেহত কেন্সাৰ সৃষ্টিকাৰী কোষৰ জন্ম দিয়ে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে S63845 নামৰ ৰসায়নিক পদাৰ্থবিধ কেন্সাৰ ৰোগীৰ দেহত প্ৰয়োগ কৰিলে এই পদাৰ্থটোৱে দেহৰ সাধাৰণ কোষৰ কোনো হানি নকৰাকৈ যিহেতু MCL1 প্ৰটিনৰ সংশ্লেষণ বন্ধ কৰি দিয়ে, সেয়ে ৰোগীজনৰ দেহত নতুনকৈ কোনো কেন্সাৰ কোষ সৃষ্টি হ’ব নোৱাৰে। তদুপৰি MCL1ৰ অভাৱত ইতিমধ্যে দেহত সৃষ্টি হোৱা কেন্সাৰ কোষবোৰো যিহেতু মৃত্যু মুখত পতিত হয়, কেন্সাৰ ৰোগীসকল সহজেই ৰোগৰ পৰা মুক্ত হৈ পৰে।

প্ৰণ‌ৱজ্যোতি দাস, টংলা

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য…..

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য…..

ধ্ৰুৱতৰা উত্তৰ আকাশৰ এটি নক্ষত্ৰ। পৃথিৱীৰ পৰা প্ৰায় 430 আলোকবৰ্ষ আঁতৰত থকা এই তৰাটোক Polaris বা Pole Star বুলিও কোৱা হয়। পৃথিৱীৰ পৰা দূৰত্ব অনুসৰি যিহেতু ধ্ৰুৱতৰাৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 430 বছৰ সময়ৰ প্ৰয়োজন, সেয়েহে আজি আপুনি দেখা এই ধ্ৰুৱতৰাটো প্ৰকৃততে 430 বছৰ আগৰ ধ্ৰুৱতৰাহে। আজিৰ তাৰিখৰ ধ্ৰুৱতৰাটো পৃথিৱীত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবা বংশধৰে আজিৰ পৰা 430 বছৰ পিছতহে দেখা পাব। সময়ৰ আগবঢ়াৰ লগে-লগে ৰাতিৰ আকাশত প্ৰতিটো তৰাই আপাততঃ পূৱৰ পৰা পশ্চিমলৈ স্থান সলনি কৰে যদিও ধ্ৰুৱতৰাটো বৰ্তমান পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ থিক উত্তৰ দিশত অৱস্থান লাভ কৰা হেতুকে এই তৰাটো সদায় একে স্থানতেই থকা যেন লাগে। polaris

পৃথিৱীৰ পৰা দৃশ্যমান এই ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত দেখা পোৱা বাবে অতীতৰ পৰাই ধ্ৰুৱতৰাটো দিশ নিৰ্ণয় কৰাত ব্যৱহাৰ হৈ আহিছে। যদিওবা আমি ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত অৱস্থান কৰি অহা বুলি জানো, বিজ্ঞানী সকলে তথ্য দাঙি ধৰিছে যে আজিৰ পৰা 3000 বছৰ আগত Thuban নামৰ তৰাটোহে ধ্ৰুৱতৰাৰ স্থানত আছিল। নিজ অক্ষৰ ওপৰত ঘূৰ্ণনৰ সময়ত পৃথিৱীয়ে লাটুম এটাৰ দৰে দুলি দুলি আগবাঢ়ে আৰু ইয়াৰ বাবে পৃথিৱীৰ অক্ষডাল স্থিৰ হৈ নেথাকি বেলেগ বেলেগ দিশলৈ স্থানান্তৰিত হয়। ফলস্বৰূপে পৃথিৱীৰ অক্ষৰ উত্তৰ দিশত অৱস্থান লাভ কৰা তৰাবোৰো সময়ে সময়ে সলনি হৈ থাকে। আজিৰ পৰা প্ৰায় 3000 বছৰ পূৰ্বে Thubanক আঁতৰাই ধ্ৰুৱতৰাই এই স্থান দখল কৰিছে যদিও আজিৰ পৰা প্ৰায় 2100 বছৰ পিছত Gamma Cephei বা বাসুকী নক্ষত্ৰটো আৰু 13000 বছৰ পিছত ভেগা নামৰ উজ্জ্বল তৰাটোৱে ধ্ৰুৱতৰাৰ স্থান গ্ৰহণ কৰিব। অৰ্থাৎ ধ্ৰুৱতৰা সদায়েই আমাৰ উত্তৰ আকাশৰ তৰা হৈ নেথাকে। বয়সৰ দিশৰ পৰা ধ্ৰুৱতৰাটো এটা “শ্বেত-দানৱ” বা White Supergiant তৰা। প্ৰায় 35 মিলিয়ন কিলোমিটাৰ ব্যাসাৰ্ধৰ ধ্ৰুৱতৰাটো আমাৰ সূৰ্যতকৈ 50 গুণে ডাঙৰ আৰু ইয়াৰ ভৰো সূৰ্যতকৈ প্ৰায় 5 গুণ বেছি। এইখিনিতেই উল্লেখ কৰাটো ভাল যে যদিও খালী চকুৰে আমি ধ্ৰুৱতৰা হিচাপে এটা তৰাকেই দেখো, প্ৰকৃততে ইয়াত তিনিটা তৰাই একেলগে থাকি এখন ত্ৰিতাৰকাতন্ত্ৰ বা Tripple Star system গঢ়ি তুলিছে। এই তাৰকাতন্ত্ৰৰ তৰাকেইটা হ’ল – Polaris A, Polaris Ab আৰু Polaris B. ইয়াৰ ভিতৰত Polaris Aক আমি ধ্ৰুৱতৰা বুলি কওঁ। Polaris Ab আৰু Polaris B তৰা দুটা শ্বেত বামণ শ্ৰেণীৰ তৰা হোৱা হেতুকে এই তৰাদুটা ধুসৰ আৰু দূৰবীন যন্ত্ৰ অবিহনে দেখা পোৱা নেযায়। আন কিছুমান বিজ্ঞানীৰ মতে এই তাৰকাতন্ত্ৰখনত আৰু দুটা অনুজ্বল তৰা Polaris C আৰু Polaris D আছে। যদি সেইয়া সঁচা হয়, তেন্তে এই তাৰকাতন্ত্ৰত পাঁচটা তৰা থকাটো নিশ্চিত।

—-প্ৰণ‌ৱজ্যোতি দাস, টংলা


 

ফ’টন কণিকাৰ বিষয়ে যৎকিঞ্চিত……

photon

বচন কণিকাৰ শ্ৰেণীভুক্ত আৰু ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম কণিকাবোৰৰ ভিতৰৰ অন্যতম হিচাবে পৰিগণিত হোৱা এবিধ ক্ষুদ্ৰ কণাই হ’ল ফ’টন কণিকা। আকাৰত ক্ষুদ্ৰ হ’লেও বেগৰ ক্ষেত্ৰত অসাধাৰণ এই কণিকাবোৰে মহাবিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ড আলোকিত কৰি ৰখা ভৰহীন ফ’টন কণিকাবোৰৰ জীৱনকালো অনন্ত। ফ’টন কণিকাবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তিৰ যোগান ধৰি সম্ভৱ কৰি তুলিছে পৃথিৱীত জীৱনৰ অন্যতম প্ৰয়োজনীয় উপাদান খাদ্য। মহাবিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিভিন্ন বাৰ্তা সমূহ তড়িৎ গতিৰে কঢ়িয়াই লৈ ফুৰিছে এই ফ’টন কণিকাবোৰে। বিশ্বব্ৰহ্মাণ্ডত ফ’টন কণিকাবোৰৰ যাত্ৰাৰ কোনো নিৰ্দিষ্ট সময় অথবা সীমাৰেখা নাই। অনাদি অনন্ত কাললৈ বিশ্বব্ৰহ্মাণ্ডৰ কৌটি কৌটি আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিও ভাগৰি নপৰে এই ফ’টন কণাবোৰ। বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত বিভিন্ন পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত এই ফ’টন কণাবোৰৰ জন্ম হয়। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতৰ অধিকাংশ পোহৰ সূৰ্যৰ পৰাই পাওঁ। সূৰ্যৰ পোহৰত থকা ফ’টন কণিকাবোৰ সূৰ্যৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ সময়ত সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰভাগত প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হাইড্ৰজেন পৰমাণুবোৰৰ কক্ষপথত পৰিভ্ৰমণ কৰা ইলেকট্ৰণ উত্তেজিত হৈ পৰমাণুটোৰ পৰা আঁতৰি যায়। ফলত সূৰ্যৰ কেন্দ্ৰত হাইড্ৰজেনৰ অৱশিষ্ট হিচাপে কেৱল প্ৰ’টন কণাবোৰহে ৰৈ যায়। সমধৰ্মী আধানযুক্ত এই প্ৰ’টনবোৰ স্বাভাৱিকতে দূৰে দূৰে থাকিব লাগে যদিও সূৰ্যৰ কেন্দ্ৰভাগৰ প্ৰচণ্ড চাপে এনে প্ৰ’টনবোৰক পৰস্পৰৰ কাষ চপাই আনে আৰু একেলগে থাকিবলৈ বাধ্য কৰে। সূৰ্যৰ কেন্দ্ৰত থকা এনে দুটা প্ৰ’টন কণাৰ এটা নিউট্ৰন কণালৈ ৰূপান্তৰিত হয় আৰু এনে অৱস্থাত আনটো প্ৰ’টনৰ লগত নতুনকৈ সৃষ্টি হোৱা এই নিউট্ৰন কণাটো লগ হৈ পুনৰ এটা ডয়টেৰিয়াম পৰমাণু সৃষ্টি কৰে। পৰবৰ্তী সময়ত এই ডয়টেৰিয়াম পৰমাণুৰ লগত পুনৰ প্ৰ’টন কণিকাৰ নিউক্লিয় সংযোজন হয় আৰু প্ৰথমে এটি হিলিয়াম-3 আৰু পিছত এটি হিলিয়াম-4 পৰমাণু সৃষ্টি কৰে। এই প্ৰ’টন-প্ৰ’টন শৃংখল বিক্ৰিয়াৰ সময়ত সূৰ্যৰ কেন্দ্ৰত ফ’টন কণা সমূহৰ সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এই ফ’টন কণাবোৰ সূৰ্যৰ কেন্দ্ৰভাগৰ পৰা পৰিচলন আৰু বিকিৰণ পদ্ধতিৰে সূৰ্যৰ আলোকমণ্ডল ভেদ কৰি সূৰ্যৰ পৃষ্ঠ পাবলৈ প্ৰয়োজন হয় কেইবা হেজাৰ বছৰ। সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বিপৰীতে সংঘৰ্ষ কৰি সূৰ্যৰ পৃষ্ঠলৈ ওলাই অহা ফ’টন কণিকাবোৰৰ এই প্ৰথম ভূমুকি আমাৰ দৃষ্টিত সূৰুজৰ প্ৰথম কিৰণ হ’লেও এই ফ’টন কণাবোৰ কেইবা হেজাৰ বছৰ পুৰণি। এতিয়া সূৰুজৰ বুকুৰ পৰা তৰংগৰ মাধ্যমেৰে এই ফ’টন কণিকাবোৰে গতি কৰি সৌৰজগতৰ চৌদিশে সিঁচৰতি হৈ পৰে। তেনে কিছুমান ফ’টনকণা সূৰুজৰ পৰা প্ৰায় 14,95,00000 কিলোমিটাৰ বাট 8 মিনিট 20 ছেকেণ্ড সময়ত অতিক্ৰম কৰি আমাৰ পৃথিৱীলৈ আহি পৃথিৱীখনো আলোকিত কৰি তোলে।

প্ৰণ‌ৱজ্যোতি দাস, টংলা