পেৰালিম্পিকৰ কাহিনী (লেখক- দিগন্ত চহৰীয়া)

পেৰালিম্পিকৰ কাহিনী (লেখক- দিগন্ত চহৰীয়া)

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা । para শব্দটো আহিছে গ্ৰীকৰ পৰা । ইয়াৰ অৰ্থ besides বা alongside. প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱাৰ বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক । এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ ।

1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰূপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেইসময়ত প্ৰতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল । 1988 ৰ ছিউল ( Seoul ছৌল? ) অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাবে প্ৰতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে । সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মূলসুঁতিৰ ক্ৰীড়াবিদৰ সমানেই সা সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে ।

2012 লণ্ডন অলিম্পিকৰ এমাহ পাছতেই আয়োজিত পেৰালিম্পিক গেমছৰ পৰাহে প্ৰতিযোগিতাখনৰ বিষয়ে সম্যক ধাৰণা এটা ক্ৰীড়াপ্ৰেমীৰ মাজত গঢ়ি উঠিছিল ।
দক্ষিণ আফ্ৰিকাৰ ব্লেড ৰাণাৰ খ্যাত অস্কাৰ পিষ্টুৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ । কৃটিম ভৰিৰে দৌৰি পিষ্টুৰিয়াছে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও প্ৰেয়সী ৰিভাক হত্যা কৰাৰ অভিযোগত তেওঁ সম্প্ৰতি জেলত। যিয়েই নহওঁক পেৰালিম্পিক গেমছৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত পিষ্টুৰিয়াছৰ অৰিহণাক কোনোৱে উলাই কৰিব নোৱাৰিব ।

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্ৰীড়া প্ৰতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জাৰ্মান চিকিৎসকে । লুডৱিগ গুটমেন ( Ludwig guttmann ) নামৰ চিকিৎসকজনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত 1948 চনত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ৰাজহাড়ত আঘাত পোৱা সৈনিকৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। international wheelchair games নামেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাখনেই পাছলৈ শাৰীৰিকভাবে অক্ষম ব্যক্তিসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ পৰিছে ।
1952 চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্ৰিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্ৰহণ কৰিছিল।

1960 ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্ৰস্ত সকলৰ গেমছত 23 খন দেশৰ প্ৰায় 400 খেলুৱৈয়ে যোগদান কৰিছিল। 1972 লৈকে এই প্ৰতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্ৰহণ কৰিছিল । কিন্তু 1976 চনৰ পৰা বিভিন্ন ক্ষেত্ৰত বাধাগ্ৰস্ত খেলুৱৈসকলেও অংশগ্ৰহণৰ সুযোগ পায় । অৰ্থাৎ দৃষ্টিহীন , মূক বধিৰ, হাত ভৰি নথকা আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
1976 চনৰ প্ৰতিযোগিতাত 40 খন দেশৰ 1600 খেলুৱৈয়ে যোগদান কৰিছিল ।

উল্লেখযোগ্য যে 2001 চনত আন্তৰ্জাতিক অলিম্পিক সমিতি আৰু আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে । এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত হোৱা দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ানসকলক ভালদৰে আতিথ্য প্ৰদানৰ নিশ্চয়তা দিব লাগিব ।প্ৰথমতে এই চুক্তি 2012 লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চুক্তিৰ ম্যাদ 2020 টকিঅ’ অলিম্পিকলৈ বৃদ্ধি কৰা হয় ।

শাৰিৰীকভাৱে বাধাগ্ৰস্ত খেলুৱৈৰ বাবে গঠিত প্ৰথমটো সংস্হা হৈছে international sports organization for disabled. 1964 চনত গঠিত এই সংস্থাটোৱে আছিল পেৰালিম্পিকৰ গৱাৰ্ণিং বডী ।সেইদৰে 1982 চনত world sports organization for the disabled নামৰ আন এটা সংগঠন জন্ম হয় । দুয়োটা সংগঠনে আন্তৰ্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তৰ্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল। অৱশ্যে 1988 ৰ ছিউল অলিম্পিকৰ পাছত এটা স্বতন্ত্ৰ সংস্হা গঠনৰ প্ৰয়োজনীয়তা আহি পৰাত 1989 চনত গঠন কৰা হয় আন্তৰ্জাতিক পেৰালিম্পিক সমিতি। জাৰ্মানীৰ ব’নত অৱস্হিত আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ 174. ভাৰতো ইয়াৰ অন্যতম সদস্য । পেৰালিম্পিক আন্দোলনৰ মূলমন্ত্ৰ spirit of motion.

শাৰীৰিকভাবে বাধাগ্ৰস্ত সকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হলেও মূল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্ৰস্ত খেলুৱৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ উদাহৰণ আছে । অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন বিশেষভাৱে সক্ষম খেলুৱৈ হল জৰ্জ এইছাৰ ( George eyser ) । 1904 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃটিম আছিল।

পেৰালিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন বৰ বেয়া নহয় । ভাৰতে প্ৰথম 1968 চনৰ গেমছত অংশ লৈছিল । তেতিয়াৰ পৰা 2012 লণ্ডনলৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে আঠটা পদক ,ইয়াৰে দুটা সোণ । বাকী তিনিটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জ আছে মুঠ পদকৰ জোলোঙাত ।

পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা ভাৰতৰ প্ৰথম খেলুৱৈজন হল মূৰলীকান্ত পেটকাৰ ( murlikant petkar )। 1972 চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল । সাতোঁৰৰ 50 মিটাৰ ফ্ৰিষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল ।পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হল দেবেন্দ্ৰ ঝাঝাৰিয়া । 2004 চনৰ গেমছত দেবেন্দ্ৰ ঝাঝাৰিয়াই জেভলিন থ্ৰ’ ত সোণৰ পদক জয় কৰিছিল । চাৰি বছৰ পূৰ্বে লণ্ডনত অনুষ্ঠিত পেৰালিম্পিক গেমছত এন গিৰিশাই ৰূপৰ পদক জয় কৰিছিল ।
peraolympic
অলপতে ৰিঅ’ত শেষ হল পেৰালিম্পিক গেমছ । সাত ছেপ্টেম্বৰত আৰম্ভ হোৱা প্ৰতিযোগিতাখন 18 ছেপ্টেম্বৰত শেষ হৈছে । এইবাৰ পেৰালিম্পিক গেমছত চাৰি সহস্ৰাধিক এথলীটে 23 বিধ খেলৰ 528 টা ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিব । এইবাৰ পেৰালিম্পিক গেমছত ভাৰতৰ মেৰিয়াপ্পান থাংগাভেলু আৰু দেবেন্দ্ৰ ঝাঝাৰিয়াই সোণৰ পদক জয় কৰিছে । মেৰিয়াপ্পানে হাইজাম্পত আৰু দেবেন্দ্ৰই জেভলিন থ্ৰত সোণৰ পদক দখল কৰিছে । দেবেন্দ্ৰ ঝাঝাৰিয়াৰ এইটো পেৰালিম্পিকৰ দ্বিতীয় সোণৰ পদক ।

শ্বটপুটত দীপা মালিকে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । বিগত সোতৰ বছৰ ধৰি দীপা শৰীৰৰ নিম্নাংশৰ পক্ষাঘাতত আক্ৰান্ত । ৰাজহাড়ত টিউমাৰ হোৱা দীপাৰ 31 বাৰ অস্ত্ৰোপচাৰ হৈছিল । ইয়াৰ পৰিণতিত বিগত 17 বছৰ ধৰি খোজ কাঢ়িব নোৱাৰা দীপাই সাতোঁৰত পাৰদৰ্শিতাৰ পৰিচয় দিয়াৰ পাছত এইবাৰ পেৰালিম্পিকৰ শ্বটপুটত ৰূপৰ পদক জয়েৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । পেৰালিম্পিক গেমছত পদক জয় কৰা দীপা হল ভাৰতৰ প্ৰথম মহিলা ক্ৰীড়াবিদ।

— দিগন্ত চহৰীয়া ।


 

পেৰাঅলিম্পিকত ভাৰতৰ সাফল্য

ৰিঅ’ত অনুষ্ঠিত হৈ থকা পেৰাঅলিম্পিক(শাৰিৰীকভা‌ৱে বিকলাংগসকল) খেলত জেভেলিন দলিও‌ৱা খেলত ভাৰতৰ দে‌ৱেন্দ্ৰ জাজৰিয়াই দুটাকৈ সোণৰ মেডেল লাভ কৰি অভিলেখ স্থাপন কৰিছে । তেখেতে ২০০৪ বৰ্ষত অনুষ্ঠিত হো‌ৱা এথেন্স পেৰাঅলিম্পিক গেমছত সৃষ্টি কৰা নিজৰেই অভিলেখ এইবেলি ৰিঅ’ত নিজেই ভংগ কৰি নতুন অভিলেখ স্থাপন কৰিছে ।

জ‌ী‌ৱনত দৃঢ় মনোবলৰ প্ৰভা‌ৱ

জ‌ী‌ৱনত দৃঢ় মনোবলৰ প্ৰভা‌ৱ

তামিলনাডুৰ ছালেম জিলাৰ pariavadagampatti গাঁৱৰ নাম কোনেনো জানিছিল ? গাৱঁৰ কথা বাদ দিলো মেৰিয়াপ্পান থাংগাভেলুৰ নামো চিনাকি নাছিল । কিন্তু পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰাৰ পাছতে এতিয়া সকলোৰে চিনাকী নাম হৈ পৰিছে মেৰিয়াপ্পান । লগতে বিশ্ব মানচিত্ৰত সোমাই পৰিছে ভিতৰুৱা গাঁৱখন।

মেৰিয়াপ্পান দুখীয়া পৰিয়ালৰ লৰা । সি সৰু থাকোঁতেই দেউতাকে সিহঁতৰ সংগ ত্যাগ কৰি বেলেগে থাকিবলৈ লৈছিল । গতিকে মাক সৰোজাই পাঁচটা সন্তানক তুলি তালি ডাঙৰ কৰোতে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল । ইটা কঢ়িওৱা শ্ৰমিক হিচাপে কাম কৰা সৰোজাই পিছলৈ পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে ।

চব থিকে থাকে চলি আছিল । কিন্তু এদিন ৰাস্তাৰ কাষত খেলি থাকোঁতে মেৰিয়াপ্পানৰ সোভৰিৰ ওপৰেৰে বাছৰ চকা পাৰ হৈ যায় । এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতিত ভৰিখন আঠুৰ তলতে কাটি দিবলগীয়া হয় ।মেৰিয়াপ্পানৰ চিকিৎসাৰ কাৰণে লোৱা ধাৰ এতিয়াও মাৰিব পৰা নাই দুৰ্ভগীয়া মাতৃগৰাকীয়ে । সেয়া 2000 চনৰ ঘটনা । তেতিয়া মেৰিয়াপ্পানৰ বয়স আছিল পাঁচবছৰ ।paraolimpic2_moinamel-com

এতিয়া মেৰিয়াপ্পান দেশৰ গৌৰৱ । ৰিঅ’ত চলি থকা গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছৰ হাইজাম্পত সোণৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মেৰিয়াপ্পানে । পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা মেৰিয়াপ্পান হল ভাৰতৰ তৃতীয় ক্ৰীড়াবিদ ।

paraolimpic_moinamel-com

পিছে মেৰিয়াপ্পানৰ এই যাত্ৰা মসৃণ নাছিল। দুখীয়া পৰিয়ালৰ লৰা । তাতে এখন ভৰি হেৰুৱাইছে । কি হব মেৰিয়াপ্পানৰ ভবিষ্যত । এই কথাই মাতৃ সৰোজাক খুলি খুলি খাইছিল । কিন্তু মেৰিয়াপ্পান বয়সতকৈ যথেষ্ট আগবঢ়া । জীৱনটো কিমান জটিল কম বয়সতে বুজি উঠিছিল । সেয়ে দুৰ্ভাগ্যজনক ভাৱে প্ৰতিবন্ধী হলেও পঢ়াৰ সমান্তৰালভাৱে খেলতো মনোনিবেশ কৰে হাৰ নমনা মানসিকতাৰ অধিকাৰী মেৰিয়াপ্পানে । ছাত্ৰাৱস্থাত ভলীবল খেলা মেৰিয়াপ্পানে পৰৱৰ্তী সময়ত হাই জাম্প খেলিবলৈ লয় । মেৰিয়াপ্পান হাইজাম্পত সফল হব বুলি সহপাঠী আৰু স্কুলৰ খেল প্ৰশিক্ষক জনে অনুমান কৰিছিল । সেয়ে হাইজাম্পত মনোনিৱেশ কৰা মেৰিয়াপ্পানে প্ৰশিক্ষকৰ আস্হা ৰাখিবলৈ সক্ষম হয় । জয় কৰে কেইবাখনো প্ৰতিযোগিতা । এনেদেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো মেৰিয়াপ্পানে সফলতা অৰ্জন কৰিলে । আৰু এইবাৰ পেৰালিম্পিক গেমছত সোণৰ পদক জয়েৰে পৰিয়ালৰ বাবে সপোন কঢ়িয়াই আনিলে । এতিয়া মেৰিয়াপ্পান দুখীয়া নহয় । পদক জয়ৰ পাছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাই মেৰিয়াপ্পানলৈ দুই কোটি টকা পুৰষ্কাৰ ঘোষণা কৰিছে ।ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰিছে আন 75 লাখ টকা আৰ্থিক পুৰষ্কাৰ ।

মেৰিয়াপ্পান বিজনেছ মেনেজমেন্টৰ স্নাতক । দৃঢ় মনোবল থাকিলে যে জীৱনত সফলতা অৰ্জন কৰিব পাৰি, সেয়া দেখুৱাই দিলে মেৰিয়াপ্পানে ।