এজোপা অতি লাগতিয়াল ঔষধি গছ – নৰসিংহ

আমাৰ অসমৰ ৰাইজ মহানিমৰ ঔষধি গুণৰ সৈতে বাৰুকৈয়ে পৰিচিত ৷ মহানিম গছৰ সৈতে পৰিচয় হোৱাৰ পিছত এইবাৰ দেখিবলৈ পাতৰ মিল থকা আন এজোপা গছৰ বিষয়ে জানিবলৈ পালে পাঠকসকল সুখী হব বুলি মোৰ বিশ্বাস ৷ এইবিধ গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰত আৰু শ্ৰীলংকা যদিও আজিকালি বিশ্বৰ চুকে কোনে ইয়াৰ ৰোপণ হব ধৰিছে ৷ ইয়াৰ কাৰণ মাথোন ই ভোজনৰ স্বাদিষ্ট অংশ বিশেষ হোৱাই নহয় বৰঞ্চ ইয়াৰ ঔষধি গুণৰ মহিমা ক্ৰমে সকলোৰে অৱগত হব ধৰিছে ৷ হয়,নৰসিংহ গছৰ ওপৰত কৰা গবেষণাৰ ফলাফল নিতৌ ন ন মেডিকেল জাৰ্নেলত প্ৰকাশিত হব ধৰিছে ৷ নৰসিংহৰ ব’টানিকেল নাম হ’ল Murraya koenigii আৰু Bergera koenigii ৷ তিতা স্বাদৰ মহানিমৰ বিপৰীতে কিছুমান লোকে ইয়াক ‘মিঠা নিম’ বুলিও মাতে ৷ আমাৰ চুবুৰীয়া মণিপুৰীসকলে কয় কৰি পাতা, নেপালীসকলে কয় দেচী নিম, বাংলাত কাৰি পাতা আৰু ওৰিয়াসকলে কয় মেৰিচিংগা পত্ৰ ৷ আন ভাৰতীয় ভাষাত নৰসিংহ গছৰ নাম হ’ল এনেকুৱা- বড়ো (নৰচিন), গুজৰাটী (মিঠো লিমাডো), মলয়ালম (কাৰি ভেপিল্লা), পঞ্জাবী (কৰিপত্তা), মাৰাঠী (কঢ়িলিংব), সংস্কৃতত (সুৰভি, কৃষ্ণনিম্ব, গিৰিনিম্ব) ৷ পাঠকসকলৰ জ্ঞাতাৰ্থে আন কেইটিমান ভাষাত ইয়াক কি বোলে জনাব খুজিছোঁ- আৰবীক (ৱাৰাক অল-কাৰি), বাৰ্মিজ (পিণ্ডোচিন), চীনা (গা লেই য়াপ), মালদ্বীপৰ ভাষা দিভেহীত (হিকনেধি গেছ), সিংহলী (কাৰাপিংচা), ৰাচিয়ান (লিষ্টিয়া কাৰি), ভিয়েটনামী (লা কাৰি), ফৰাচী (ফেউলিচ ডি কাৰি), জাৰ্মান (কাৰি ব্লাটাৰ), হিব্ৰূ (আলেই কৰি), হাংগেৰী (কাৰি লেভেলক),কোৰিয়া (কৰি ৰিপু), জাপান (কাৰি ৰিফু) আৰু ইংৰাজীত কয় কাৰি লিভচ্ ৷

নৰসিংহৰ গছত জিলিকিছে সৰু সৰু ফলৰ থোপা

নৰসিংহৰ গছত জিলিকিছে সৰু সৰু ফলৰ থোপা

গছৰ বৰ্ণনা- উচ্চতা দহফুটৰ পৰা ত্ৰিছ ফুট পৰ্য্যন্ত ৷ গা গছৰ ঘেৰা ত্ৰিছ ইঞ্চি পৰ্য্যন্ত ৷ সেউজ বৰণীয়া দেখাত মহানিমৰ নিচিনা মিহি মিহি পাত ৷ পাতৰ বিন্যাস চৰাইৰ পাখিৰ নিচিনা ৷ গছত সৰু সৰু বগা বৰণৰ ফুল ফুলে ৷ এটা গুটিৰ বেঙুনীয়া জিলিকি থকা সৰু সৰু ফল গছত লাগে, যাৰ স্বাদ মিঠা, কিন্তু গোন্ধ দৰবৰ নিচিনা তীব্ৰ ৷ তলসৰা গুটিৰ পৰা গছ গজে ৷ আকৌ কলম ধৰিও গছ ৰোপণ কৰিব পাৰি ৷ সৰু পুলি টাবটো লগাব পাৰি ৷
সাধাৰণতে গছৰ পাত বিভিন্ন কামত ব্যৱহৃত হয় ৷ পাতৰ এটা বিশিষ্ট সুগন্ধ থাকে ৷ গছৰ বাকলি আৰু শিপা গাৰ বিষ আৰু সৰ্পদংশণত ব্যৱহাৰ হয় বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে কয় ৷

টাবতো ৰুব পাৰি
টাবতো ৰুব পাৰি
নেমু,নহৰু আৰু নৰসিংহ পাতৰ চাটনি
নেমু,নহৰু আৰু নৰসিংহ পাতৰ চাটনি
থোপাথুপি শুকুলা ফুল
থোপাথুপি শুকুলা ফুল

নৰসিংহৰ পাত বহুতে শুকোৱায়ো সংৰক্ষণ কৰে ৷ ফ্ৰিজত থোৱা কেঁচাপাত কেইদিন মানত ক’লা পৰি যায় ৷ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ দৈনিক খাদ্যত নৰসিংহৰ পাত থকাটো অনিবাৰ্য্য ৷ এই পাত বিভিন্ন ৰন্ধন প্ৰকৰণত দিয়া হয় ৷ উদাহৰণ হ’ল- ৰচম,সাম্ভৰ,কড়ী, বড়া, দাইলৰ-মাছৰ-মাংসৰ আঞ্জা, পোলাৱ -বিৰিয়ানী, চাটনি,চুপ আদি ৷ কম্বোডিয়াৰ ‘মাজু কেৰুংগ’ নামৰ চুপ সেই দেশৰ এক বিখ্যাত খাদ্য ৷ নৰসিংহৰ পাত দৈ, বিলাহী, পিয়াঁজ,নহৰু, ধনীয়া,মেথি শাক আদিৰ লগত বৰ ভালকৈ মিলি যায় ৷
আমাৰ অসমীয়া সমাজত নৰসিংহ পাতৰ পকৰি, নাৰিকলৰ লগত পিচা চাটনি বহুঘৰৰ জনপ্ৰিয় খাদ্য ৷ ৰোগীয়া মানুহক মাগুৰ,শিঙি বা কাৱৈ জাতীয় জীয়া মাছৰ নৰসিংহ-জালুকৰ জুতিলগা আঞ্জা শক্তিবৰ্ধক আৰু ৰুচি বঢ়োৱা খাদ্য হিচাবে দিয়া হয় ৷

সুগন্ধি গছ নৰসিংহৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ তালিকা এইধৰণৰ : – চাবন,তেল,বডিলোচন,মালিশ তেল, নানাবিধ পাৰফিউম আৰু স্প্ৰে ৷
আমাৰ দেশৰ কিছুমান ঠাইত তুলসীৰ পাত নাপালে নৰসিংহৰ পাত পূজাত ব্যৱহাৰ কৰে ৷

নৰসিংহৰ গছত থাকে কি ?
ইয়াত থাকে ফাইবাৰ, এন্টিঅক্সিডেন্ট, কেইবাবিধ ভিটামিন (বি,চি,ই,ফলিক এচিড), আইৰণ,কেলচিয়াম,মেগনেচিয়াম,ক’পাৰ, ফচফৰাচ,এমাইনো এচিড, গ্লাইক’চাইড, ফ্লেভনইড,এল্কোলইড, কাৰ্বোহাইড্ৰেট আদি ৷ ফেটৰ পৰিমাণ হ’ল শূণ্য ৷

নৰসিংহৰ পৰা পোৱা উপকাৰিতাসমূহ হ’ল :-
এনিমিয়া প্ৰতিৰোধক – নৰসিংহত থকা ফলিক এচিডে পাকস্থলীৰ পৰা আইৰণ শৰীৰে আহৰণ কৰাত সহায় কৰে ফলত নৰসিংহই ৰক্তহীনতা আতৰ কৰে ৷ এটা বা দুটা খেজুৰৰ সৈতে ৩৷ ৪খিলা কেঁচা নৰসিংহৰ পাত দৈনিক পুৱা খালে তেজৰ বৃদ্ধি পৰিলক্ষিত হয় ৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ : নৰসিংহৰ ৰাসায়নিক গুণ হ’ল ই মানৱ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷ নৰসিংহত থকা ফাইবাৰে শৰীৰত কাৰ্বোহাইড্ৰেটৰ প্ৰবেশ নিয়ন্ত্ৰিত কৰে ৷ ইয়াৰ বাবে ৰোগীয়ে নিয়মীয়াকৈ খালি পেটত দৈনিক কেইখিলামান নৰসিংহৰ পাত খোৱা উচিত ৷

লিভাৰৰ সুৰক্ষা : নৰসিংহত থকা ‘কেম্পফেৰল’ নামৰ এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা প্ৰদান কৰে ৷ নৰসিংহত ভিটামিন-এ আৰু ভিটামিন-চি থকা বাবে লিভাৰে কাৰ্য্যক্ষমহৈ থাকিবলৈ শক্তি পায় ৷ চিৰ’চিচ আৰু জণ্ডিচ ৰোধ কৰে ৷

হৃদযন্ত্ৰৰ সুৰক্ষা : ‘জাৰ্ণেল অৱ চাইনিজ মেডিচিন’ৰ এটা সংখ্যাত প্ৰকাশ পোৱা মতে নৰসিংহত থকা এন্টিঅক্সিডেন্টে তেজৰ হানিকাৰক কলেষ্টৰলক কম কৰে আৰু উপকাৰী এইচ ডি এল কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত হৃদৰোগী উপকৃত হয় ৷ তেজৰ নলীত চৰ্বি জমা হোৱা Atherosclerosis ৰোগ বাধাপ্ৰাপ্ত হয় ৷

চুলিৰ সুৰক্ষা : নিয়মীয়াকৈ নাৰিকল তেলৰ সৈতে নৰসিংহ পাত পিচা মূৰত ঘঁহিলে চুলিৰ স্বাস্থ্য ভাল হয় ৷ অকালতে চুলি পকা-সৰা, উফি হোৱা আদি ৰোধ হয় ৷

হজম হোৱাত সহায়ক: নৰসিংহত থকা ‘কাৰ্বাজল’ নামৰ এলকেলইডৰ কাৰণে পেটৰ নানাবিধ ৰোগযন্ত্ৰণাৰ উপশম ঘটে ৷ খাদ্য ভালদৰে হজম হয় ৷ ডায়েৰীয়া আৰু পেটৰ বিষ ভাল হয় ৷

চকুৰ উপকাৰিতা : নৰসিংহত ভিটামিন-এ থকা বাবে চকুৰ দূষ্টি শক্তি বৃদ্ধি পায়, কুকুৰীকণা ভাল কৰে, কেটেৰেক্ট ৰোধ হয় ৷ কেৰটিনইড থকা বাবে কৰ্ণিয়াক সুৰক্ষা প্ৰদান কৰে ৷

চৰ্মৰোগত প্ৰযোগ : কটা-চিঙা,আঁচোৰ,জুইয়ে পোৰা, পোকে কামোৰা আৰু কিছুমান খজুৱতিত নৰসিংহৰ পাতে বৰ কাম দিয়ে ৷

কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক : জাপানৰ মেজো বিশ্ববিদ্যালয়ে পাইছে যে নৰসিংহত থকা ‘কাৰ্বাজল’ এলকেলইডৰ কাৰণে লিউকেমিয়া, প্ৰষ্টেটৰ কেঞ্চাৰ আৰু ক’লনৰ কেঞ্চাৰ চিকিৎসাত এদিন হয়তো উপযোগী বুলি প্ৰমাণিত হব ৷ তদুপৰি দেখা গৈছে যে নৰসিংহৰ পাত নিয়মীয়াকৈ সেৱন কৰা সকলে কেম’থেৰাপি আৰু ৰেডিয়চন থিৰাপি সহজে সহ্য কৰিব পাৰে ৷

শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগৰ চিকিৎসা : চাইনোচাইটিচ,ব্ৰংকাইটিচ আদিৰ চিকিৎসাত উপযোগী কাৰণ নৰসিংহত ভিটামিন-এ, ভিটামিন-চি আৰু কেম্পফেৰলৰ উপস্থিতি ৷
মেদবহুলতা কমাবলৈ : নিয়মীয়া নৰসিংহৰ পাত সেৱন কৰিলে মেদবহুলতা হ্ৰাস পায় ৷

মোখনিত ইমানেই কম যাৰ বাৰীত নৰসিংহ গছ নাই- তেওঁ যেন অনতি পলমে নিজৰ ঘৰত,আনকি টাবত হলেও এই পৰম উপকাৰী ঔষধি গছৰ এটি পুলি লগায় যেন ৷ ইয়াৰএন্টিবেক্টেৰিয়েল,এন্টিফাংগেল,এন্টিপ্ৰটোজোৱাল, এন্টিঅক্সিডেন্ট গুণসমূহ আজি আৰু চিনাক্ত কৰিবলৈ ৰৈ যোৱা নাই ৷ প্ৰকৃতিৰ এই অমূল্য বৰদানক আমি উপযুক্ত আদৰ দিলে নিজেই লাভবান হম ৷

=====================

ডা০ ভূপেন শইকীয়া
ই-মেইল- drbksaikia@gmail.com

২৬ চেপ্তেম্বৰ ২০১৬
ডোহা, কাটাৰৰ পৰা,

ৱাটচএপ আৰু ম’বাইল +৯৭৪ ৩৩৭৩৮৭২২
(ৱেবচাইট – www.drbhupensaikia.com)


 

ছিটাৰ উদ্ভাৱন আৰু প্ৰয়োজনীয়তা

ছিটাৰ উদ্ভাৱন আৰু প্ৰয়োজনীয়তা

মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰত প্ৰস্ফুটিতহৈ উঠে৷ সেই লক্ষণসমূহে কেতিয়াবা অতি ভয়াবহ ৰূপধাৰণ কৰিব পাৰে৷ প্ৰাণলৈয়ো সংশয় আনিব পাৰে৷ ৰোগৰ অৱসান ঘটাৰ পিছতো শৰীৰৰ অংগত ক্ষয়-ক্ষতিৰ ছাপ থৈ যাব পাৰে৷ এনে বিপদজনক অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হয় ভেকচিন বা ছিটাৰ৷ যাৰ অসমীয়াত আন এটা নাম হ’ল টিকা৷অভিধানমতে ছিটা হ’ল দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰৱ্য৷

vaccine
চীন দেশত ১৫শতিকাৰ পৰা আৰম্ভ হোৱা বৰ আই বা বসন্ত ৰোগৰ (Small pox) বিৰুদ্ধে যুঁজাৰ এটি প্ৰথাৰ প্ৰচলন আছিল আৰু সেই প্ৰথা ১৭শতিকাত এই ৰোগৰ ছিটা আবিস্কৃত নোহোৱালৈ চলিল৷ পদ্ধতিটো হ’ল-এজন কম গুৰুতৰ ভাবে আক্ৰান্ত বসন্ত ৰোগীৰ ছালৰ নিকৰি গুড়ি কৰি এডাল ৰূপৰ পাইপত ভৰাই এজন নিৰোগী পুৰুষৰ নাকৰ সোঁ-ছিদ্ৰই দি শৰীৰত সিঁচি দিয়ে (মহিলাৰ ক্ষেত্ৰত নাকৰ বাওঁ-ছিদ্ৰ ব্যৱহাৰ কৰা হয়) – কিছুদিনৰ মূৰত সেই সুস্থ লোকজনৰ দেহত বসন্তৰ লক্ষণে দেখা দিয়ে৷তেতিয়া তেওঁক সুস্থহৈ নুঠালৈকে পৰিয়ালৰ লোকৰ পৰা পৃথকে ৰখা হয়৷পৰৱৰ্তী সময়ত সেইলোকজনে বসন্ত ৰোগৰ পৰা সুৰক্ষা লাভ কৰে৷
সামন্তৰালভাবে আন এটি পদ্ধতিৰো প্ৰয়োগ চলি আছিল৷সেইটো হ’ল এজন বসন্ত ৰোগীৰ ছালৰ নিকৰি নাইবা পানীজ্বলাৰ পৰা ওলোৱা জুলীয়া দ্ৰব্য আন এজন সুস্থলোকৰ দেহত আঁচোৰ বহাই সেই অংশত ঘঁহি দিয়ে, যাৰ ফলত সেই লোকজন কম গুৰুতৰ বসন্ত ৰোগত আক্ৰান্ত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ শৰীৰত বসন্ত ৰোগৰ প্ৰতিৰোধ ক্ষমতা গঢ়লৈ উঠে ৷চীন দেশৰ এই পদ্ধতি টাৰ্কি(তুৰস্ক),চুডান,আফ্ৰিকাৰ অন্যান্য দেশৰ পৰা আমেৰিকা আৰু ইংলেণ্ডলৈয়ো লাহে লাহে প্ৰসাৰিত হ’ল৷
১৭৬৮চনত ব্ৰিটিছ চিকিৎসক জন ফিউষ্টাৰে প্ৰকাশ কৰিলে যে যি ব্যক্তিয়ে গৰুৰ বসন্তত (Cowpox) আক্ৰান্ত হয়, তেওঁ মানুহৰ বসন্ত ৰোগত (Small pox) আৰু নোভোগে৷ ইয়াৰ দুবছৰ পিছত ইংলেণ্ড আৰু জাৰ্মেনীৰ ৫জন চিকিৎসকে গৰুৰ বসন্তৰ ছিটা মানৱ দেহত সফলতাৰে প্ৰয়োগ কৰিলে৷১৭৯৬চনৰ ১৪মে তাৰিখে ব্ৰিটিছ চিকিৎসক আৰু বিজ্ঞানী এডৱাৰ্ড জেনাৰে নিজৰ মালিৰ ৮বছৰীয়া পুত্ৰ জেমচ ফিপৰ শৰীৰৰ দুবাহুত গৰুৰ বসন্তৰ বীজাণু প্ৰতাৰোপন কৰে৷ ফিপৰ শৰীৰত জ্বৰ আৰু বসন্তৰ কিছু পাতলীয়া লক্ষণ দেখা দিয়ে৷ কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যে বালকজনে বসন্ত ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষা লাভ কৰিছে৷ এইদৰেই ১৭৯৮চনত এডৱাৰ্ড জেনাৰে বিশ্বৰ প্ৰথম ছিটা (বসন্তৰোগৰ ছিটা) উদ্ভাৱন কৰে৷আজি সেয়ে এডৱাৰ্ড জেনাৰক ‘ইমিউনিটিৰ পিতামহ′ বুলি বিশ্বই সন্মান যাচে৷ইয়াৰ সফল প্ৰয়োগৰ দ্বাৰা বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা বসন্ত ৰোগ ১৯৭৯ চনত নিৰ্মূল হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে৷
কেইবিধমান অতি লাগতিয়াল ছিটাৰ আবিস্কাৰৰ চমু ক্ৰমিক তালিকা এনেধৰণৰ: –
১৮৯০- বিচিজি ভেকচিন
১৮৯৭- কলেৰা ভেকচিন (লুই পেষ্টুৰ)
১৯০৪- এনথ্ৰেক্স ভেকচিন (লুই পেষ্টুৰ)
১৯২৩- টিটেনাচ টক্সইড (এলেকজেণ্ডাৰ গ্লেনি)
১৯২৬- ডিপথেৰিয়া ভেকচিন
১৯৪৮- হুপিংকফ পাৰটুচিচ ভেকচিন
১৯৫০- প’লিঅ’ ভেকচিন
ছিটাই কি দৰে কাম কৰে জানিবলৈ হলে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) এটি থুলমুল আভাসৰ প্ৰয়োজন৷আমাৰ দেহত বেক্টেৰিয়া,ভাইৰাচ বা আন ৰোগৰ বীজাণুৱে প্ৰবেশ কৰিলে সেই সংক্ৰমণৰ ফলত আমি অসুস্থহৈ পৰোঁ৷আমাৰ তেজত থকা ৰক্তকণিকা আৰু শ্বেতকণিকাই সেই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে৷ৰক্তকণিকাই শৰীৰৰ প্ৰতিটো কোষক আৱশ্যক হোৱা অক্সিজেনৰ যোগান ধৰে৷শ্বেতকণিকাত থকা বি-লিম্ফচাইটৰ পৰা এন্টিবডি উৎপন্ন হয় আৰু শ্বেতকণিকাত থকা টি-লিম্ফচাইটৰ পৰা স্মৃতি বা মেমৰি কোষে পৰৱৰ্তী সংক্ৰমণত ৰোগৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা লয়৷ইয়াৰ ওপৰিও শ্বেতকণিকাত থকা মেক্ৰফেজ নামৰ উপাদানে বীজাণুক গ্ৰাহ কৰে নতুবা আবদ্ধ কৰে আৰু এইদৰে তেজ শোধিতকৰণ কৰে৷গতিকে যি কোনো বীজাণুয়ে শৰীৰত সংক্ৰমণ কৰাৰ কেই সপ্তাহমানৰ পিছত শ্বেতকণিকাৰ বি-লিম্ফচাইটৰ পৰা এন্টিবডি নামৰ যুঁজাৰ সৈনিক নিৰ্গত হয় আৰু আমাৰ শৰীৰক সুৰক্ষা দিব আৰম্ভ কৰে৷ছিটা প্ৰদানৰ দ্বাৰা শৰীৰত কম শক্তিৱন্ত বীজাণুৰ প্ৰবেশ ঘটোৱা হয় আৰু ইয়াৰ বিৰুদ্ধেও ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে একেই আচৰণ কৰে৷
আকৌ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ব্যৱস্থাৱলীক দুটা ভাগত বিভক্ত কৰিব পাৰি৷

Vaccines
(১) সক্ৰিয়/এক্টিভ ইমিউনিটি: এক্টিভ ইমিউনিটি ছিটাৰ দ্বাৰা পোৱা যায় – অৰ্থাৎ ইয়াৰ দ্বাৰা শৰীৰত নিৰ্দিষ্ট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পৰ্য্যাপ্ত পৰিমাণৰ এন্টিবডি শৰীৰত মজুত থাকে৷
(২) পৰোক্ষ / পেচিভ ইমিউনিটি: পেচিভ ইমিউনিটিত শৰীৰত বাহিৰৰ পৰা এন্টিবডিৰ যোগান ধৰি নিৰ্দিষ্ট ৰোগৰ পৰা এজন ব্যক্তিক সুৰক্ষা দিব পাৰি৷উদাহৰণ ১-হেপাটাইটিচ-বি ইমিউনগ্ল’বুলিন ২-হিউমেন ৰেবিজ ইমিউনগ্ল’বুলিন ৩-টিটেনাচ ইমিউনগ্ল’বুলিন ৪-ভেৰিচলা-জষ্টাৰ ইমিউনগ্ল’বুলিন ৫- গেছগেংগ্ৰিণ ইমিউনগ্ল’বুলিন
আকৌ প্ৰাকৃতিকভাবে এজন শিশুৱে মাতৃৰ দেহৰ পৰা জন্মৰ আগতে প্লেচেন্তাৰ মাধ্যমেৰে আৰু জন্মৰ পিছত মাতৃদুগ্ধৰ মাধ্যমেৰে নানাবিধ এন্টিবডি ৬মাহ পৰ্য্যন্ত আহৰণ কৰে- সেয়াও পেচিভ ইমিউনিটিৰ উদাহৰণ৷
ছিটাৰ প্ৰকাৰ:
(১) লাইভ এটেনিৱেটেড ভেকচিন- দুৰ্বল কৰা জীৱিত ভাইৰাচেৰ প্ৰস্তুত৷উদাহৰণ – এম এম আৰ (মামম-মিলচ-ৰুবেলা) ভেকচিন, ভেৰিচেলা (চিকন পক্স) ভেকচিন৷
(২) ইনএক্টিভেটেড ভেকচিন -ভাইৰাচক নিস্ক্ৰিয় কৰি বনোৱা ছিটা৷ উদাহৰণ – পলিঅ’ ভেকচিন৷ ভাল সুৰক্ষা (ইমিউনিটি) পাবৰ বাবে সাধাৰণতে এনে ছিটা কেইবাবাৰো দিবলগীয়া হয়৷
(৩) টক্সইড ভেকচিন- কিছুমান বেক্টেৰিয়াই টক্সিন বা বিষাক্ত দ্ৰব্য উৎপন্ন কৰে৷ তেনে টক্সিনক দুৰ্বল কৰি এনে ছিটা বনোৱা হয়৷উদাহৰণ- টিটেনাচ টক্সইড, ডিটিপি ভেকচিন৷
(৪) চাব-ইউনিট ভেকচিন- এনে ছিটাত বেক্টেৰিয়া বা ভাইৰাচৰ এটা অংশহে (এন্টিজেন) ছিটা নিৰ্মাণ কৰোতে ব্যৱহৃত হয়৷উদাহৰণ ডিটিপি ভেকচিন৷
(৫) কনজুগেট ভেকচিন- এনে ছিটাত এন্টিজেনৰ ওপৰত পলিচেকেৰাইড চুগাৰৰ প্ৰলেপ দিয়া থাকে৷উদাহৰণ- হিমফিলাচ ইনফ্লুৱে্ঞ্জা টাইপ-বি ভেকচিন৷

এতিয়া চিকিৎসকে অনুমোদন কৰা তলৰ ছিটাৰ তালিকাখনত চকু ফুৰাওক: –
শিশুৰ জন্মৰ লগে লগে- বিচিজি (টিবি আৰু মুত্ৰাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা)
-অ’ৰেল পলিঅ’
– হেপাটাইটিচ-বি ১ম ড’জ
৬সপ্তাহত
-ডিপিটি ১ম ড’জ
– হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ১ম ড’জ
– ৰ’টা ভাইৰাচ ১ম ড’জ (ডায়েৰিয়া প্ৰতিৰোধক)
– পলিঅ’ বেজী ১ম ড’জ
-হেপাটাইটিচ-বি ২য় ড’জ
প্ৰয়োজন বা ইচ্ছানুসৰি- পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন
১০পৰা ১৬সপ্তাহত-ডিপিটি ২য় ড’জ
– হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ২য় ড’জ
– ৰ’টা ভাইৰাচ ২য় ড’জ
– পলিঅ’ বেজী ২য় ড’জ
প্ৰয়োজন বা ইচ্ছানুসৰি- পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন ২য় ড’জ
১৪ৰ পৰা ২৪ সপ্তাহত
-ডিপিটি ৩য় ড’জ
– হিমফিলাচ ইনফ্লুৱেঞ্জা-বি ৩য় ড’জ
– ৰ’টা ভাইৰাচ ৩য় ড’জ
– পলিঅ’ বেজী ৩য় ড’জ
প্ৰয়োজন বা ইচ্ছানুসৰি–পিচিভি( নিউমোনিয়া আৰু মেনিনজাইটিচ) ভেকচিন ৩য় ড’জ
৬মাহত
– অ’ৰেল প’লিঅ’ ১ম ড’জ
– হেপাটাইটিচ-বি ৩য় ড’জ
প্ৰয়োজন বা ইচ্ছানুসৰি– ইনফ্লৱেঞ্জা ১ম ড’জ
৯মাহত
-এম এম আৰ ১ম ড’জ
৯ৰ পৰা ১২মাহত
-টাইফয়েড ১ম ড’জ
– জাপানিজ এনকেফেলাইটিচ
– হেপাটাইটিচ-এ
১৫মাহত
– পিচিভি বুষ্টাৰ
–এম এম আৰ ২য় ড’জ
প্ৰয়োজন বা ইচ্ছানুযায়ী
– চিকেনপক্স ভেকচিন ১ম ড’জ
১৮মাহত
– হেপাটাইটিচ-এ ২য় ড’জ
– জাপানিজ এনকেফেলাইটিচ ২য় ড’জ
২বছৰ বয়সত
– টাইফয়েড বুষ্টাৰ
প্ৰয়োজন বা ইচ্ছানুসৰি- মেনিংগকক্কেল মেনিনজাইটিচ
৪ বছৰ বয়সত
-অ’ৰেল প’লিঅ’ ৩য় ড’জ
– টাইফয়েড বুষ্টাৰ
– ডিপিটি বুষ্টাৰ
প্ৰয়োজন বা ইচ্ছানুযায়ী
– চিকেনপক্স ভেকচিন ২য় ড’জ
অতি বিপদসংকুল (High-risk child) শিশু- সেইসকল যাৰ জন্মগত বিকৃতি আছে, ৰোগ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল,হৃদৰোগ,যকৃত আৰু কিডনিৰ ৰোগী, হাওফাওৰ ৰোগী,হাঁপানী আছে বা এইচ আই আক্ৰান্ত৷পোহনীয়া কুকুৰ-মেকুৰীয়ে ঘৰত যাক কামুৰি আঁচুৰি থাকে৷ভাৰতীয় শিশু চিকিৎসা পৰিষদে তেনে শিশুক তলৰ ছিটাকেইটা লবলৈ জৰুৰী পৰামৰ্শ আগবঢ়াইছে- ইনফ্লুৱেঞ্জা ভেকচিন, মেনিগ’ক্কেল ভেকচিন, জাপানিজ এনকেফেলাইটিচভেকচিন, কলেৰা ভেকচিন, ৰেবিজ ভেকচিন, ইয়েল্লো ফিভাৰ ভেকচিন, নিউমোকক্কেল পলিচেকৰাইড ভেকচিন৷
কেইটিমান খুটিনাটি কথা :
*নৱজাতকৰ বাহিৰে আনক বিচিজি ছিটা দিয়াৰ আগতে টিউবাৰকুলিন টেষ্ট কৰি লব লাগে৷যদি টিউবাৰকুলিন টেষ্ট পজিটিভ হয় বিচিজি ছিটা দিয়া নহয়৷ গৰ্ভৱতী মহিলাকো বিচিজি ছিটা দিয়া নহয়৷
*সকলো ভেকচিনৰে কিছু পৰিমাণে পাৰ্শ্বক্ৰিয়া হব পাৰে- বিপদজনক নহলেও ছিটা সদায় চিকিৎসকৰ তত্বাবধানত লব লাগে৷
*হিউমেন পেপিলমা ভাইৰাচ ভেকচিনে মহিলাক জৰায়ুমুখৰ কেঞ্চাৰ আৰু জননেন্দ্ৰিয়ৰ আচিনাইৰ পৰা নিশ্চিত সুৰক্ষা প্ৰদান কৰে৷সেয়ে ১১বছৰৰ ওপৰৰ সকলো ছোৱালীয়ে এই ছিটা লোৱাটো মংগলদায়ক৷
মোখনিত ইমানেই কম যে ভেকচিনৰ ওপৰত বিশ্বৰ চুকেকোণে অহৰ্নিশ নানান গবেষণা চলি আছে৷কেঞ্চাৰ,এইডচৰ ওপৰিও শেহতীয়া জিকা ভাইৰাচৰ ভেকছিনৰ ওপৰত এতিয়া সকলো বিজ্ঞানীৰ দৃষ্টি ভাল খবৰৰ প্ৰতীক্ষাৰত৷

—————–

ডা০ ভূপেন শইকীয়া
১জুলাই ২০১৬
ডোহা, কাটাৰৰ পৰা