অসমৰ বনৌষধি

অসমৰ বনৌষধি

এই পৃষ্ঠাত কিছুমান অমিমাংসিত বিষয় আছে
পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।[1]

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত হৈ আছে। বৰ্তমান বিজ্ঞানৰ প্ৰগতিৰ যুগটো প্ৰাথমিক চিকিৎ্সা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহে, বিশেষকৈ যি সকলে এল’পেথিক চিকিৎসকৰ সহায় তৎকালে বা ধনৰ অভাৱত সহজতে পাব নোৱাৰে, তেওঁলোক এইবিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। তাৰোপৰি এই ঔষধবোৰৰ পাৰ্শক্ৰিয়া কম হোৱা হেতুকে বহুতো লোক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।

অসমৰ ঔষধি গছবোৰ আৰু তাৰ গুণাগুণ সম্পাদনা কৰক

তেজমুই সম্পাদনা কৰক
তেজমুই গছ
তেজমুই (Zanthoxylum nitidum)

তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।

ঔষধি গুণঃ

(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ’লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল

টেঙেচি সম্পাদনা কৰক
টেঙেচি গছ
টেঙেচি (Oxalis corniculata)

টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।

ঔষধি গুণঃ

(১)টেঙেচি বটি বেচু(Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।

ছালকুঁৱৰী সম্পাদনা কৰক
ছাল কুঁৱৰী
ছালকুঁৱৰী (Aloe barbadensis)

ছালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।

ঔষধি গুণঃ

(১)ছালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মুত্ৰদোষ, শুক্ৰ দোষ, ক্ৰিমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। (২) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়। (৩) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো ছালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। (৪)উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।

শেৱালি সম্পাদনা কৰক
শেৱালি
শেৱালি (Nyctanthes arbor-tristis )

শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল।

ঔষধি গুণঃ

(১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।

তুলসী সম্পাদনা কৰক
তুলসী
তুলসী (Ocimum sanctum)

তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক’লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়।

ঔষধি গুণঃ

(১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ’লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে।

মছন্দৰী সম্পাদনা কৰক
মছন্দৰী

মছন্দৰী (Houttuynia cordata Thunb)

মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ।

ঔষধি গুণঃ

(১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

মানিমুনি সম্পাদনা কৰক
সৰু মানিমুনি
মানিমুনি (Hydrocotyle sibthorpioides Lamk)

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।
ঔষধি গুণঃ

(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত’ উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

(সংগৃহীত)}}

অসমত উপলব্ধ বিভিন্ন শাকৰ নাম

অসমত উপলব্ধ বিভিন্ন শাকৰ নাম

CULINARY LEAVES OF ASSAM: Out of numerous edible leaves found in Assam, here is a information of 48 different types of leaves commonly used by Assamese People for preparing appetizing hot and sour curries, fries and chutneys. Most of these leave have various medicinal uses.

অসমৰ শাক-
জলাআঞ্জা:ভেদাইলতা,নৰসিংহ,বৰমানিমুনি,সৰুমানিমুনি,কলাকচু,বগাকচু,মাখনকচু,টেলীয়াকচু,কুন্দুলীপাত,বগামদাৰৰকোঁহ,চজিনাপাত,পচতিয়া, বনজালুক,কেহাঁৰাজ, ইত্যাদি।

টেঙাআঞ্জা:ঢেকীয়া,মধুসালেং,সৰুটেঙেচি,বৰটেঙেচি,লফাশাক,টেঙামৰা,মাটিকান্দুৰী, পিৰালিপালেং, চুকাশাক,অমৰাকোঁহ, বনআমলখি,নলটেঙা,বাবৰি ইত্যাদি।

শাকভজা:দ্ৰোণ,শুকলতি,জিলমিল,খুটুৰা,মালভোগখুটৰা,মৰিচা,ৰঙালাওআগ,ৰঙাআলুআগ, আলুআগ,নিমপাত,পানীকান্দুৰী, ব্ৰাহ্মিশাক পচলা,লাই,ঢেৰু্ৱা,সৰিয়হসশাক,মিঠিশাক ইত্যাদি।

পাতত দিয়া: শুকলতি, মচুন্দৰী,কচুশাক, মাটিকান্দুৰী, দ্ৰোণ, খুটুৰা ইত্যাদি।

চাটনি:পদুনা,মচুন্দৰী,দুপৰটেঙা,মানধনীয়া ইত্যাদি।

ব্যঞ্জনসুগন্ধি: ধনীয়া,মানধনীয়া,পদুনা,তেজপাত,গন্ধনা ইত্যাদি।

অন্যান্যব্যঞ্জন:মিঠামৰা,চালকুৱঁৰী,চেংমৰা,তিতামৰা(শোকোটা),বাহেঁকপাত,পুৰৈশাক,হাটীখুটৰা,মৰলিয়া,পননুৱা,সোৰোপাটেঙেচি,মহাভৃজ্ঞৰাজ পানীটেঙেচি,পানীখুতৰা,পানীকচু,মানকচু,মৰিতেঙা ইত্যাদি।

এজোপা অতি লাগতিয়াল ঔষধি গছ – নৰসিংহ

আমাৰ অসমৰ ৰাইজ মহানিমৰ ঔষধি গুণৰ সৈতে বাৰুকৈয়ে পৰিচিত ৷ মহানিম গছৰ সৈতে পৰিচয় হোৱাৰ পিছত এইবাৰ দেখিবলৈ পাতৰ মিল থকা আন এজোপা গছৰ বিষয়ে জানিবলৈ পালে পাঠকসকল সুখী হব বুলি মোৰ বিশ্বাস ৷ এইবিধ গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰত আৰু শ্ৰীলংকা যদিও আজিকালি বিশ্বৰ চুকে কোনে ইয়াৰ ৰোপণ হব ধৰিছে ৷ ইয়াৰ কাৰণ মাথোন ই ভোজনৰ স্বাদিষ্ট অংশ বিশেষ হোৱাই নহয় বৰঞ্চ ইয়াৰ ঔষধি গুণৰ মহিমা ক্ৰমে সকলোৰে অৱগত হব ধৰিছে ৷ হয়,নৰসিংহ গছৰ ওপৰত কৰা গবেষণাৰ ফলাফল নিতৌ ন ন মেডিকেল জাৰ্নেলত প্ৰকাশিত হব ধৰিছে ৷ নৰসিংহৰ ব’টানিকেল নাম হ’ল Murraya koenigii আৰু Bergera koenigii ৷ তিতা স্বাদৰ মহানিমৰ বিপৰীতে কিছুমান লোকে ইয়াক ‘মিঠা নিম’ বুলিও মাতে ৷ আমাৰ চুবুৰীয়া মণিপুৰীসকলে কয় কৰি পাতা, নেপালীসকলে কয় দেচী নিম, বাংলাত কাৰি পাতা আৰু ওৰিয়াসকলে কয় মেৰিচিংগা পত্ৰ ৷ আন ভাৰতীয় ভাষাত নৰসিংহ গছৰ নাম হ’ল এনেকুৱা- বড়ো (নৰচিন), গুজৰাটী (মিঠো লিমাডো), মলয়ালম (কাৰি ভেপিল্লা), পঞ্জাবী (কৰিপত্তা), মাৰাঠী (কঢ়িলিংব), সংস্কৃতত (সুৰভি, কৃষ্ণনিম্ব, গিৰিনিম্ব) ৷ পাঠকসকলৰ জ্ঞাতাৰ্থে আন কেইটিমান ভাষাত ইয়াক কি বোলে জনাব খুজিছোঁ- আৰবীক (ৱাৰাক অল-কাৰি), বাৰ্মিজ (পিণ্ডোচিন), চীনা (গা লেই য়াপ), মালদ্বীপৰ ভাষা দিভেহীত (হিকনেধি গেছ), সিংহলী (কাৰাপিংচা), ৰাচিয়ান (লিষ্টিয়া কাৰি), ভিয়েটনামী (লা কাৰি), ফৰাচী (ফেউলিচ ডি কাৰি), জাৰ্মান (কাৰি ব্লাটাৰ), হিব্ৰূ (আলেই কৰি), হাংগেৰী (কাৰি লেভেলক),কোৰিয়া (কৰি ৰিপু), জাপান (কাৰি ৰিফু) আৰু ইংৰাজীত কয় কাৰি লিভচ্ ৷

নৰসিংহৰ গছত জিলিকিছে সৰু সৰু ফলৰ থোপা

নৰসিংহৰ গছত জিলিকিছে সৰু সৰু ফলৰ থোপা

গছৰ বৰ্ণনা- উচ্চতা দহফুটৰ পৰা ত্ৰিছ ফুট পৰ্য্যন্ত ৷ গা গছৰ ঘেৰা ত্ৰিছ ইঞ্চি পৰ্য্যন্ত ৷ সেউজ বৰণীয়া দেখাত মহানিমৰ নিচিনা মিহি মিহি পাত ৷ পাতৰ বিন্যাস চৰাইৰ পাখিৰ নিচিনা ৷ গছত সৰু সৰু বগা বৰণৰ ফুল ফুলে ৷ এটা গুটিৰ বেঙুনীয়া জিলিকি থকা সৰু সৰু ফল গছত লাগে, যাৰ স্বাদ মিঠা, কিন্তু গোন্ধ দৰবৰ নিচিনা তীব্ৰ ৷ তলসৰা গুটিৰ পৰা গছ গজে ৷ আকৌ কলম ধৰিও গছ ৰোপণ কৰিব পাৰি ৷ সৰু পুলি টাবটো লগাব পাৰি ৷
সাধাৰণতে গছৰ পাত বিভিন্ন কামত ব্যৱহৃত হয় ৷ পাতৰ এটা বিশিষ্ট সুগন্ধ থাকে ৷ গছৰ বাকলি আৰু শিপা গাৰ বিষ আৰু সৰ্পদংশণত ব্যৱহাৰ হয় বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে কয় ৷

টাবতো ৰুব পাৰি
টাবতো ৰুব পাৰি
নেমু,নহৰু আৰু নৰসিংহ পাতৰ চাটনি
নেমু,নহৰু আৰু নৰসিংহ পাতৰ চাটনি
থোপাথুপি শুকুলা ফুল
থোপাথুপি শুকুলা ফুল

নৰসিংহৰ পাত বহুতে শুকোৱায়ো সংৰক্ষণ কৰে ৷ ফ্ৰিজত থোৱা কেঁচাপাত কেইদিন মানত ক’লা পৰি যায় ৷ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ দৈনিক খাদ্যত নৰসিংহৰ পাত থকাটো অনিবাৰ্য্য ৷ এই পাত বিভিন্ন ৰন্ধন প্ৰকৰণত দিয়া হয় ৷ উদাহৰণ হ’ল- ৰচম,সাম্ভৰ,কড়ী, বড়া, দাইলৰ-মাছৰ-মাংসৰ আঞ্জা, পোলাৱ -বিৰিয়ানী, চাটনি,চুপ আদি ৷ কম্বোডিয়াৰ ‘মাজু কেৰুংগ’ নামৰ চুপ সেই দেশৰ এক বিখ্যাত খাদ্য ৷ নৰসিংহৰ পাত দৈ, বিলাহী, পিয়াঁজ,নহৰু, ধনীয়া,মেথি শাক আদিৰ লগত বৰ ভালকৈ মিলি যায় ৷
আমাৰ অসমীয়া সমাজত নৰসিংহ পাতৰ পকৰি, নাৰিকলৰ লগত পিচা চাটনি বহুঘৰৰ জনপ্ৰিয় খাদ্য ৷ ৰোগীয়া মানুহক মাগুৰ,শিঙি বা কাৱৈ জাতীয় জীয়া মাছৰ নৰসিংহ-জালুকৰ জুতিলগা আঞ্জা শক্তিবৰ্ধক আৰু ৰুচি বঢ়োৱা খাদ্য হিচাবে দিয়া হয় ৷

সুগন্ধি গছ নৰসিংহৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ তালিকা এইধৰণৰ : – চাবন,তেল,বডিলোচন,মালিশ তেল, নানাবিধ পাৰফিউম আৰু স্প্ৰে ৷
আমাৰ দেশৰ কিছুমান ঠাইত তুলসীৰ পাত নাপালে নৰসিংহৰ পাত পূজাত ব্যৱহাৰ কৰে ৷

নৰসিংহৰ গছত থাকে কি ?
ইয়াত থাকে ফাইবাৰ, এন্টিঅক্সিডেন্ট, কেইবাবিধ ভিটামিন (বি,চি,ই,ফলিক এচিড), আইৰণ,কেলচিয়াম,মেগনেচিয়াম,ক’পাৰ, ফচফৰাচ,এমাইনো এচিড, গ্লাইক’চাইড, ফ্লেভনইড,এল্কোলইড, কাৰ্বোহাইড্ৰেট আদি ৷ ফেটৰ পৰিমাণ হ’ল শূণ্য ৷

নৰসিংহৰ পৰা পোৱা উপকাৰিতাসমূহ হ’ল :-
এনিমিয়া প্ৰতিৰোধক – নৰসিংহত থকা ফলিক এচিডে পাকস্থলীৰ পৰা আইৰণ শৰীৰে আহৰণ কৰাত সহায় কৰে ফলত নৰসিংহই ৰক্তহীনতা আতৰ কৰে ৷ এটা বা দুটা খেজুৰৰ সৈতে ৩৷ ৪খিলা কেঁচা নৰসিংহৰ পাত দৈনিক পুৱা খালে তেজৰ বৃদ্ধি পৰিলক্ষিত হয় ৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ : নৰসিংহৰ ৰাসায়নিক গুণ হ’ল ই মানৱ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷ নৰসিংহত থকা ফাইবাৰে শৰীৰত কাৰ্বোহাইড্ৰেটৰ প্ৰবেশ নিয়ন্ত্ৰিত কৰে ৷ ইয়াৰ বাবে ৰোগীয়ে নিয়মীয়াকৈ খালি পেটত দৈনিক কেইখিলামান নৰসিংহৰ পাত খোৱা উচিত ৷

লিভাৰৰ সুৰক্ষা : নৰসিংহত থকা ‘কেম্পফেৰল’ নামৰ এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা প্ৰদান কৰে ৷ নৰসিংহত ভিটামিন-এ আৰু ভিটামিন-চি থকা বাবে লিভাৰে কাৰ্য্যক্ষমহৈ থাকিবলৈ শক্তি পায় ৷ চিৰ’চিচ আৰু জণ্ডিচ ৰোধ কৰে ৷

হৃদযন্ত্ৰৰ সুৰক্ষা : ‘জাৰ্ণেল অৱ চাইনিজ মেডিচিন’ৰ এটা সংখ্যাত প্ৰকাশ পোৱা মতে নৰসিংহত থকা এন্টিঅক্সিডেন্টে তেজৰ হানিকাৰক কলেষ্টৰলক কম কৰে আৰু উপকাৰী এইচ ডি এল কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত হৃদৰোগী উপকৃত হয় ৷ তেজৰ নলীত চৰ্বি জমা হোৱা Atherosclerosis ৰোগ বাধাপ্ৰাপ্ত হয় ৷

চুলিৰ সুৰক্ষা : নিয়মীয়াকৈ নাৰিকল তেলৰ সৈতে নৰসিংহ পাত পিচা মূৰত ঘঁহিলে চুলিৰ স্বাস্থ্য ভাল হয় ৷ অকালতে চুলি পকা-সৰা, উফি হোৱা আদি ৰোধ হয় ৷

হজম হোৱাত সহায়ক: নৰসিংহত থকা ‘কাৰ্বাজল’ নামৰ এলকেলইডৰ কাৰণে পেটৰ নানাবিধ ৰোগযন্ত্ৰণাৰ উপশম ঘটে ৷ খাদ্য ভালদৰে হজম হয় ৷ ডায়েৰীয়া আৰু পেটৰ বিষ ভাল হয় ৷

চকুৰ উপকাৰিতা : নৰসিংহত ভিটামিন-এ থকা বাবে চকুৰ দূষ্টি শক্তি বৃদ্ধি পায়, কুকুৰীকণা ভাল কৰে, কেটেৰেক্ট ৰোধ হয় ৷ কেৰটিনইড থকা বাবে কৰ্ণিয়াক সুৰক্ষা প্ৰদান কৰে ৷

চৰ্মৰোগত প্ৰযোগ : কটা-চিঙা,আঁচোৰ,জুইয়ে পোৰা, পোকে কামোৰা আৰু কিছুমান খজুৱতিত নৰসিংহৰ পাতে বৰ কাম দিয়ে ৷

কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক : জাপানৰ মেজো বিশ্ববিদ্যালয়ে পাইছে যে নৰসিংহত থকা ‘কাৰ্বাজল’ এলকেলইডৰ কাৰণে লিউকেমিয়া, প্ৰষ্টেটৰ কেঞ্চাৰ আৰু ক’লনৰ কেঞ্চাৰ চিকিৎসাত এদিন হয়তো উপযোগী বুলি প্ৰমাণিত হব ৷ তদুপৰি দেখা গৈছে যে নৰসিংহৰ পাত নিয়মীয়াকৈ সেৱন কৰা সকলে কেম’থেৰাপি আৰু ৰেডিয়চন থিৰাপি সহজে সহ্য কৰিব পাৰে ৷

শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগৰ চিকিৎসা : চাইনোচাইটিচ,ব্ৰংকাইটিচ আদিৰ চিকিৎসাত উপযোগী কাৰণ নৰসিংহত ভিটামিন-এ, ভিটামিন-চি আৰু কেম্পফেৰলৰ উপস্থিতি ৷
মেদবহুলতা কমাবলৈ : নিয়মীয়া নৰসিংহৰ পাত সেৱন কৰিলে মেদবহুলতা হ্ৰাস পায় ৷

মোখনিত ইমানেই কম যাৰ বাৰীত নৰসিংহ গছ নাই- তেওঁ যেন অনতি পলমে নিজৰ ঘৰত,আনকি টাবত হলেও এই পৰম উপকাৰী ঔষধি গছৰ এটি পুলি লগায় যেন ৷ ইয়াৰএন্টিবেক্টেৰিয়েল,এন্টিফাংগেল,এন্টিপ্ৰটোজোৱাল, এন্টিঅক্সিডেন্ট গুণসমূহ আজি আৰু চিনাক্ত কৰিবলৈ ৰৈ যোৱা নাই ৷ প্ৰকৃতিৰ এই অমূল্য বৰদানক আমি উপযুক্ত আদৰ দিলে নিজেই লাভবান হম ৷

=====================

ডা০ ভূপেন শইকীয়া
ই-মেইল- drbksaikia@gmail.com

২৬ চেপ্তেম্বৰ ২০১৬
ডোহা, কাটাৰৰ পৰা,

ৱাটচএপ আৰু ম’বাইল +৯৭৪ ৩৩৭৩৮৭২২
(ৱেবচাইট – www.drbhupensaikia.com)


 

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো

আমাৰ চৌপাষে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু ? মোৰ বিশ্বাস আজিৰ এই চমু লিখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেচি আপোন যেন লাগিব ৷

মহানিমৰ আন আন নাম হ’ল – ইংৰাজীত Indian Lilac আৰু margosa ৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম ৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু,গুজৰাটীত ধনুজহাদা, মলয়ালমত আৰ্য়াভে

মহানিম গছৰ পাতৰ ৰঙ উজ্বল সেউজীয়া ৷ পাতবিলাক চুবলৈ মিহি ৷
মহানিম গছৰ পাতৰ ৰঙ উজ্বল সেউজীয়া ৷ পাতবিলাক চুবলৈ মিহি ৷

পু ,পঞ্জাবীত নিমহ্,তেলেগুত ভেপা বোলে ৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l’Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে ৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে ৷ সংস্কৃত নামাকৰণৰ ভাৱাৰ্থ হ’ল -অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক ৷
নিম বা মহানিমৰ ব’টানিকেল নাম হ’ল Azadirachta indica ৷

মহানিমৰ বৰ্ণনা পৌৰাণিক ‘শ্ৰুসুতসংহিতা’ আৰু ‘চৰকসংহিতা’ গ্ৰন্থত পোৱা যায় ৷ মহানিমৰ প্ৰধান ওপজা স্থান হ’ল ভাৰতভূমি – সেয়ে হেজাৰ বছৰ আগৰ পৰা এই মহানিম গছক ভাৰতীয় সকলে জনজীৱনত নানাধৰণে প্ৰয়োগ কৰি আহিছে ৷ আয়ুৰ্বেদৰ উৎপত্তিস্থলো হ’ল ভাৰতবৰ্ষ ৷ আয়ুৰ্বেদত মহানিমৰ নানান প্ৰয়োগৰ বিতং বিৱৰণ উপলব্ধ ৷ আমাৰ দেশৰ পিছতে মহানিমৰ গছ সৰহকৈ পোৱা দেশসমূহ হ’ল – ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড,কম্বোডিয়া, লাউচ,নেপাল,বাংলাদেশ,পাকিস্তান,ইৰাণ আৰু শ্ৰীলংকা ৷

অস্ট্ৰেলিয়া মহাদেশলৈ ১৯৪০চনত পোন প্ৰথমবাৰৰ বাবে মহানিম গছৰ ৰপ্তানি হয় ৷ ১৯৬০চনৰ পৰা ১৯৮০চনলৈ অস্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত মহানিম গছৰ বৃক্ষৰোপন চলি থাকে ৷ বৰ্তমান বিশ্বৰ প্ৰায় সকলো অঞ্চলতেই কম বেচি পৰিমাণে মহানিমৰ উপস্থিতি দেখা যায় ৷ এই চিৰসেউজ গছৰ বিশেষত্ব হ’ল যে ই কম পানীতো জীয়াই থাকিব পাৰে ৷ সেয়ে ইয়াক মৰুভূমি ৰোধকৰণৰ বাবে ব্যৱহাৰ কৰা হয় ৷ মধ্যপ্ৰাচ্যৰ মৰুময় দেশ সংযুক্ত আৰব আমীৰাট আৰু কাটাৰ দেশলৈ ভাৰতবৰ্ষৰ পৰা হেজাৰ হেজাৰ মহানিমৰ পুলি প্ৰতিবছৰে ৰপ্তানিহৈ আহিছে ৷

মহানিম গছৰ উচ্চতা ৬০ফুটৰ পৰা ১২০ফুট বা ততোধিক হব পাৰে ৷ ই এবিধ ক্ষিপ্ৰভাবে ঠাল -ঠেঙুলি মেলি বহল ডাঙৰ হোৱা স্বভাবৰ গছ ৷ ফলত গছে ভাল ছাঁ দিয়ে ৷ এই গছৰ বা স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি অতীজৰ পৰা ভাৰত বাসীসকলে ভাবি আহিছে ৷ ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু ইয়াত মাৰ্বলতকৈ সৰু আকৃতিৰ দেখিবলৈ জলফাই আকৃতিৰ ফল লাগে ৷ ইয়াৰ মিহি মিহি পাতবোৰৰ স্বাদ খাবলৈ তিতা ৷ মহানিম গছৰ কিছু সাদৃশ্য ঘোঁৰা নিম গছৰ সৈতে দেখা যায় ৷

মহানিম আৰু ঘোঁৰা নিম দুবিধ বেলেগ গছ ৷ দুয়োবিধ গছক পাঠকে সুকীয়াকৈ চিনাক্ত কৰাটো লাগতিয়াল কথা ৷ কিয়নো ঘোঁৰা নিম এবিধ বিষাক্ত গছ ৷ ইয়াৰ পাত বা গুটি মানুহে ভক্ষণ কৰিলে শৰীৰৰ অনেক ক্ষতিসাধন হব পাৰে ৷ বমি,ডায়েৰিয়া,তেজ হাগনি,মূৰৰ বিষ, অৱশতা, পেৰলাইচিচ, স্নায়বিক দূৰ্বলতা আদি হব পাৰে ৷ কিয়নো ইয়াৰ ৰস হ’ল – Neurotoxic ৷

এজোপা মহানিম গছ ৷
এজোপা মহানিম গছ ৷

কেনেকৈ গছ দুবিধ চিনিব ?

মহানিমৰ পাতৰ ৰঙ উজ্বল সেউজীয়া ৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ পাতল সেউজীয়া ৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ মহানিমৰ পাতৰ ৰঙতকৈ যথেষ্ট পাতল ৷ মহানিমৰ পাত চুবলৈ মিহি ৷ ঘোঁৰা নিমৰ পাত মিহি নহয় ৷ আনহাতে ডাল বিন্যাস দুয়োবিধ গছৰ বেলেগ বেলেগ ৷

এতিয়া ঘোঁৰা নিমৰ বিষয়ে দুআষাৰ কৈ লওঁ ৷

এইজোপা ঘোঁৰা নিম গছ ৷ পাত আৰু ডালৰ বিন্যাসলৈ মন কৰক ৷
এইজোপা ঘোঁৰা নিম গছ ৷ পাত আৰু ডালৰ বিন্যাসলৈ মন কৰক ৷

বঙালীসকলেও এই গছক ঘোঁড়া নিম নামেৰেই মাতে ৷ ঘোঁৰা নিমৰ আন পৰিচিত নামসমূহ হ’ল – Persian lilac, Chinaberry, Ceylon cedar, White cedar আদি ৷
মূলত: এই গছৰ প্ৰধান বসতিস্থল হ’ল – ভাৰত, চীন আৰু অস্ট্ৰেলিয়া ৷ চৰাইয়ে ঘোঁৰা নিমৰ গুটি খাই সিঁচৰিত কৰি দিয়াৰ ফলত এই গছ হাবিয়ে-বননীয়ে নিজে নিজে হয় ৷ চৰাইৰ বাবে ই বিষাক্ত নহয় ৷
উপযোগিতা- পাইন কাঠৰ দৰেই এই গছৰ কাঠৰ ভাল ফাৰ্নিচাৰ বনাব পাৰি ৷ কাঠৰ ৰঙ হ’ল মুগা বা ৰঙচুৱা ৷ ইয়াৰ ওপৰিও কীটনাশক হিচাবেও ঘোঁৰা নিম ব্যৱহৃত হয় ৷
=================================

খাদ্য হিচাবে মহানিম :

চৰাইয়ে ঘোঁৰা নিম গছৰ পকা গুটি ভক্ষণ কৰে ৷
চৰাইয়ে ঘোঁৰা নিম গছৰ পকা গুটি ভক্ষণ কৰে ৷

মহানিমৰ পাত নিমখ আৰু তেল দি শুকানকৈ পাপৰৰ নিচিনাকৈ ভাজক ৷ ভাতৰ লগত খাই জুতি পাব ৷ সপ্তাহত দুদিন বা তিনিদিন এইদৰে খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী ৷
বঙালীসকলে নিমপাত বেঙেনাৰ সৈতে ভাজি খায় ৷ ই হ’ল ৰুচিবৰ্ধক খাদ্য ৷
আগৰ বাৰ্মা বা এতিয়াৰ ম্যানমাৰত মহানিমৰ ফুল আৰু কুমলীয়া গুটি তেতেলিৰ সৈতে সিদ্ধ কৰি খায় ৷ বিলাহী আৰু মাছৰ সৈতেও নিমৰ কুমলীয়া পাতৰ আঞ্জা খায় ৷
অন্ধ্ৰ,তামিলনাডু,কৰ্ণাটকত মহানিমৰ ফুল আৰু ৰঙচুৱা চেনিৰে এবিধ জলপান নৱবৰ্ষৰ প্ৰাকক্ষণত বনোৱাৰ পৰম্পৰা এটা সময়ত আছিল যাক ‘উগাডি’ বোলা হয় ৷ উগাডি খোৱাৰ দ্বাৰা পৰিয়ালটো আগন্তুক বৰ্ষত জীৱনৰ তিতা-মিঠাৰ সন্মুখীন হবলৈ মানসিকভাবে প্ৰস্তুত হয় ৷

মহানিমত ৰাসায়নিকভাবে কি কি তত্ব থাকে ?
মূল তত্ববিধৰ নাম হ’ল- এযোডায়ৰাচিটিন (Azadirachtin) ৷ অন্যান্য পদাৰ্থবিলাকৰ নাম হ’ল -নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম,চেলাননিন,ক্ৱেৰচেটিন, কেইবিধমান ফেটি এচিড আদি ৷

এই তত্বসমূহ থকাৰ ফলত মহানিমৰ গুণসমূহ হ’ল : মানৱ দেহত প্ৰয়োগ- ভেঁকুৰ,ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক ৷
কীট-পতংগ বিনাশক, সাৰ হিচাবে উপযোগী, খৰি হিচাবে জুয়ে মহ-ডাঁহ খেদাত সহায়ক ৷

কি কি ধৰণে মহানিম আমাৰ জীৱনত ব্যৱহৃত হয় ?
সৰুৰে পৰা দেখি আহিছোঁ কাৰোবাৰ ঘৰত বসন্তজাতীয় অসুখ (Chicken pox, Measles ) হলে নিমপাত উতলোৱা পানীৰে গা ধুবলৈ দিয়ে ৷ স্কেবিজ- খজুৱতি,খৰ,চ’ৰিয়াচিচ আদিতো নিমপাত সিজোৱা পানীৰে গা-ধোৱা উপযোগী ৷ বায়ু শুদ্ধ কৰিবলৈ বুলি প্ৰতি কোঠালিত মহানিমৰ ডাল-পাত ওলমাই দিয়ে ৷ গাওঁৰ ঘৰত শুকান নিমপাত কাপোৰ,কিতাপ আৰু ভৰালৰ শস্য পোকে নাখাবলৈ ব্যৱহাৰ কৰা হয় ৷ বহু ঠাইত আজিকালিও মহানিম গছৰ ডালৰ দাতুনৰ ব্যৱহাৰ প্ৰচলিত ৷

মহানিম পাতৰ পিচা বিভিন্ন চৰ্মৰোগত ব্যৱহৃত হয় ৷
মহানিম পাতৰ পিচা বিভিন্ন চৰ্মৰোগত ব্যৱহৃত হয় ৷
মহানিম গছৰ গুটি - নিমৰ তেলৰ মূল স্ৰোত ৷
মহানিম গছৰ গুটি – নিমৰ তেলৰ মূল স্ৰোত ৷

 

মহানিমৰ কীটনাশক (অৰ্গেনিক পেষ্টিচাইদ)
মহানিমৰ কীটনাশক (অৰ্গেনিক পেষ্টিচাইদ)
মহানিমৰ তেল
মহানিমৰ তেল

আধুনিক যুগত মহানিমৰ প্ৰয়োগ-

গছজোপাৰ ডাল-পাত-ফুল-গুটি-গছ- বাকলি -শিপা প্ৰতিটো অংশই মানুহে নানাধৰণে ব্যৱহাৰ কৰে ৷ নিমতেল ঘাইকৈ গুটিৰ পৰা ওলোৱা হয় ৷ মহানিমৰ টুথপেষ্ট, চাবন, শ্বেম্পু, চুলিৰ তেল, ছালত -ঘঁহা ক্ৰিম, এন্টিডায়েবেটিক কেপচুল, বডিলোচন আদি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ সংগী ৷ গ্ৰামীন লোকসকলে নিমৰ তেল কাঠৰ গাড়ীৰ চকাত ঢালে ৷ নিমৰ পৰা অৰ্গেনিক কীটনাশক প্ৰস্তুত কৰা হয় ৷

মোখনিত ইমানেই কম যে এখন চমু ৰচনাৰে মহানিমৰ উপকাৰিতা লিখি বা কৈ শেষ কৰিব নোৱাৰি ৷ পাঠকসকলৰ যাৰ ঘৰৰ চৌহদত অলপ হলেও মুকলি ঠাই আছে তাত আন নহলেও এজোপা মহানিমৰ বৃক্ষৰোপন কৰক ৷

ডা০ ভূপেন শইকীয়া

১৪ চেপ্তেম্বৰ, ২০১৬
ডোহা, কাটাৰৰ পৰা
ই মেইল : drbksaikia@gmail.com
ৱাটচএপ আৰু ম’বাইল +974 33738722

(এই লেখকৰে ইংৰাজীত বিভিন্ন মেডিকেল বিষয়ক লেখাৰ লিংক হ’ল – www.drbhupensaikia.com)


 

ধৰিত্ৰী দি‌ৱস (২২ এপ্ৰিল)

ধৰিত্ৰী দি‌ৱস (২২ এপ্ৰিল)

সৌৰজগতৰ প্ৰাণ সূৰ্যকে ধৰি আঠটা গ্ৰহ, সমস্ত উপগ্ৰহ, ধুমকেতু আদি সকলোবোৰ মহাজাগতিক পদাৰ্থৰ ভিতৰত সম্ভৱত পৃথিৱীয়েই আটাইতকৈ সুন্দৰ, কিয়নো এই পৃথিৱীতেই সৃষ্টি হৈছে জীৱন নামৰ আপুৰুগীয়া সম্পদ বিধ। একমাত্ৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ বুকুতেই পোৱা যায় সেউজীয়া পৰিস্থিতি তন্ত্ৰ। প্ৰকৃতিয়ে পৃথিৱীখন নিপুণ হাতেৰে গঢ় দিয়াearthday.moinamelত অকণমানো কৃপণালি কৰা নাই।

শিল্পীৰ ভাষাত ক’বলৈ – “সেউজী সেউজী সেউজী অ, সেউজী ধৰণী ধুনীয়া….” পিছে সভ্যতাৰ জখলা বগাই আধুনিক মানবে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী ক্ৰমান্বয়ে কংক্ৰিটৰ পৃথিৱীলৈ সলনি হ’ল। হেৰাই যাবলৈ ধৰিলে প্ৰাকৃতিক সৌন্দৰ্য, গছ-লতা, বিভিন্ন জীৱ আৰু বহুতো। বাঢ়ি আহিল প্ৰদূষণ, গোলকীয় উষ্ণতাৰ লগতে মেৰু অঞ্চলৰ অজ’ন গহ্বৰ কেইটাও। পৰ্বতে পাহাৰে থকা বৰফবোৰ গলি ধৰাৰ বুকুত বৰ্ধিত পানীৰ স্তৰে কেতবোৰ বিশেষ ভৌগোলিক অঞ্চললৈ কঢ়িয়াই আনিলে ভয়াবহ সমস্যা। বতৰৰ পৰিবৰ্তন, অতিবৃষ্টি, অনাবৃষ্টি, ভূমি স্খলন আদিবোৰ নৈমিত্তিক একোটা পৰিঘটনালৈ পৰিবৰ্তিত হ’ল। যি হাৰত এই পৰিবৰ্তন সমূহে পৃথিৱীক জোকাৰি গৈছে, এয়া যদি ধাৰাবাহিক ভাবে চলি থাকে তেন্তে পৃথিৱীখন আমাৰ বাবে কেতিয়াও বাসোপযোগী হৈ থাকিব নোৱাৰিব। এনেবোৰ কথা অনুধাৱন কৰিয়েই 1970 চনত পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গেইলৰ্ড নেলচন নামৰ এজন চিনেটৰে ধৰিত্ৰী দিৱসৰ ধাৰণাটো দাঙি ধৰে। এই ধাৰণাটোৰ েআৰতহজৰিয়তে বৰ্তমান সময়ত পৃথিৱীখনে মুখামুখি হোৱাৰ এনে সমস্যাৰাজিৰ বিষয়ে সৰ্বসাধাৰণৰ মাজত জাগৰণ সৃষ্টিৰ কৰাৰ লগতে আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মানুহৰ কৰণীয় বা দায়বদ্ধতা সম্বন্ধে জ্ঞাত কৰোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু মহৎ।

প্ৰণ‌ৱজ্যোতি দাস, টংলা।