সানমিহলি কুইজ

সানমিহলি কুইজ

১) ভাৰতৰ কোন খন ধৰ্মীয় ঠাইত ‘ৰামজোলা’ আৰু ‘লক্ষ্মণজোলা’ পো‌ৱা যায় ?

২) দিল‌ৱেলে দুলহনীয়া লে জায়েংগে চিনেমাখনত কিৰণ খেৰে এক বিশেষ সন্মানৰ অধিকাৰী। কি এই বিশেষ সন্মান?

৩) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীজসকলে এই ঠাইখিনি আক্ৰমণ কৰি অধিকাৰ কৰিছিল আৰু ‘আৰ্জি হুকুমাতে আজাদ হিন্দ’ক শাসনভাৰ চমজাইছিল । সুভাষ চন্দ্ৰ বসু‌ৱে এই ঠাইখিনিৰ অন্য এক নতুন নাম দিছিল – ‘শ্বাহীদ আৰু স্বৰাজ’ বুলি । আমি কোনখন ঠাইৰ কথা কৈ আছো বাৰু ?

৪) আমেৰিকানসকলৰ যদি ‘এষ্ট্ৰনাট’ আছে , ৰাছিয়ানসকলৰ যদি ‘কচমোনাট’ আছে তেন্তে আমাৰ ভাৰতীয়সকলৰ কি আছে ?

৫) কোনজন ভাৰতীয় ৰজাৰ নামৰ অৰ্থ সংস্কৃত ভাষাত – ‘বিষহীন, কষ্ট অবিহনে ‘?

৬) পিৰিয়ডিক টেবুলত থকা মৌলসমূহৰ নাম ইংৰাজী একমাত্ৰ কোনটো বৰ্ণৰে আৰম্ভ হো‌ৱা নাই ?

৭) অনৈতিক মাইনিঙৰ পৰা গংগানদীক বচাবৰ বাবে কোনে ১১৫ দিন অনাহাৰে থাকি মৃত্যু বৰণ কৰিছিল ?

৮) ১৯৪৮ চনত মুক্তি দিয়া ‘চিৰাজ’ চিনেমাখনত অনিলৰ ভূমিকাত কোনে অভিনয় কৰিছিল ?

৯) প্ৰথমা পত্নীৰ বিয়োগৰ পাছত গুণাভিৰাম বৰু‌ৱাই বিষ্ণুপ্ৰিয়া দে‌ৱী নামৰ বিধ‌ৱাগৰাকীক ১৮৭২ চনত বিয়া কৰাইছিল । এই বিয়াখনৰ বিশেষত্ব কি ?

১০) “শুকননী” আৰু “ব্যাহ গীহ” – কোন ধৰণৰ গীতৰ দুটা ভাগ হয় ?

উত্তৰসমূহ:
১) হৃষীকেষ
২) তেওঁ চিনেমাখনৰ নামটো দিছিল ।
৩) আন্দামান নিকোবৰ দ্বীপপুঞ্জ ।
৪) ব্যুমনাট (Vyomnuts)
৫) সম্ৰাট অশোক
৬) J (জে’)
৭) স্বামী নিগমানন্দই
৮) ভূপেন হাজৰিকাই ।
৯) অসমৰ প্ৰথমখন ন্যায়িক বিবাহ (Court Marriage) বুলি জনা যায় ।
১০) ওজাপালিৰ ।

— সংগ্ৰাহক : জয়ন্ত কুমাৰ নাথ

কুইজ-১

কুইজ-১

বিষয়: অসমীয়া কথাছ‌ৱি

১) জয়মতী ছ‌ৱিৰ বহুদিনৰ পাছত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীয়ে আন এখন ছ‌ৱিত অভিনয় কৰিছিল। ছ‌ৱিখনৰ নাম কি আছিল বাৰু?
২) ‘ইটো-সিটো-বহুতো’ -ব্ৰজেন বৰু‌ৱা পৰিচালিত প্ৰথম ছ‌ৱি । এটা বিশেষ কাৰণত ছ‌ৱিখনে অসমীয়া কথাছ‌ৱি জগতত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে । কি কাৰণ বাৰু ?
৩) অসমৰ এগৰাকী জনপ্ৰিয় গায়ক খগেন মহন্ত । যৌ‌ৱন কালত খগেন মহন্তই এখন ছ‌ৱিত অভিনয় কৰিছিল । ছ‌ৱিখনৰ পৰিচালক আছিল ভূপেন হাজৰিকা । ছ‌ৱিখনৰ নাম কি আছিল বাৰু ?
৪) ‘এৰাবাগৰ সুৰ’ আছিল ভূপেন হাজৰিকা পৰিচালিত ছ‌ৱি । ছ‌ৱিখনত এজন বলিউদৰ বিখ্যাত অভিনেতাই অকণমান সময়ৰ বাবে অভিনয় কৰিছে । অভিনেতাগৰাকীৰ নাম কি ?
৫) ১৯৪৮ চনত মুক্তি লাভ কৰা এখন বিখ্যাত ছ‌ৱি হ’ল – ‘কল্পনা’ ।নৃত্যকেন্দ্ৰিক এই ছ‌ৱিখনৰ পৰিচালক আছিল এগৰাকী বিখ্যাত নৃত্যশিল্পী । তেওঁৰ নাম কি বাৰু ?

Movie_Reel_2

উত্তৰ:-
১) গঙা-চিলনীৰ পাখি
২) প্ৰথম অসমীয়া কমেডী ছ‌ৱি
৩) শকুন্তলা
৪) বলৰাজ চাহনী
৫) উদয়শংকৰ


–(নয়নজ্যতি শৰ্মা; ফোন : ৯৫৭৭৩-৯৪৪৮৭)