You Can And You Will…….

You Can And You Will…….

win

বিদ্বান লোকসকল অথবা বিজ্ঞানীসকল আমাৰ দৰেই মানুহ। ছাত্ৰাৱস্থাৰ পৰাই তেওঁলোক বাৰু বিচক্ষণ আছিল নে ? অথবা তেওঁলোক শ্ৰেণীত সদায় প্ৰথম হৈছিল নে ? মহান বিজ্ঞানীসকলৰ বিষয়ে পঢ়িলে পোৱা যায় যে কথাটো তেনে নহয়। বৰং তেওঁলোকৰ বহুজনেই একোজন সাধাৰণ ছাত্ৰ বা ছাত্ৰীয়েই আছিল। কিন্তু তেখেতসকলৰ আছিল একোটাকৈ অনুসন্ধিৎসু মন আৰু একাগ্ৰতা। প্ৰকৃতাৰ্থত মানুহৰ অনুসন্ধিৎসুু মনোভাৱেই মানুহক আন প্ৰাণী সমূহৰ পৰা পৃথক কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে। উদাহৰণ স্বৰূপে জুই দেখিলে সকলো প্ৰাণীয়েই ভয় কৰি তাৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰে। কিন্তু দূৰ অতীতৰ কোনোবা মূহুৰ্তত এটি অনুসন্ধিৎসু মন লৈ মানুহে জুইৰ কাষলৈ গৈ জুইকুৰাক বুজিবলৈ চেষ্টা কৰিছিল। কেৱল সেয়াই নহয়, জুইকুৰাৰ উৎস, প্ৰকৃতি আৰু নিয়ন্ত্ৰণ সম্বন্ধে একাগ্ৰতাৰে বুজিবলৈ চেষ্টা কৰিছিল। অনুসন্ধিৎসু আদিম পূৰ্বপুৰুষ সকলৰ এনে প্ৰচেষ্টাই আমাক সভ্যতাৰ জখলাত বগাই আজিৰ অৱস্থাত উপনীত কৰোৱাইছে। বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক টমাচ আলভা এডিচনক “ঘোলা কণী” বিশেষণেৰে তিৰষ্কাৰ কৰি বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। বিদ্যুত চুম্বকীয় আৱেশৰ আৱিষ্কাৰক মাইকেল ফেৰাডৰ আনুষ্ঠানিক কোনো শিক্ষাই নাছিল। বংশগতি বিজ্ঞানৰ পিতৃ গ্ৰেগৰ জোহান্স মেণ্ডেলে আকৌ শিক্ষক হোৱাৰ বাবে যোগ্যতা নিৰূপক পৰীক্ষাতেই অনুত্তীৰ্ণ হৈ গীৰ্জাৰ যাজক হিচাবে সংসাৰ চলাব লগা হৈছিল। পিছে, এই সকলৰ প্ৰত্যেকজনেই পৰবৰ্তী সময়ত একোজন মহান বিজ্ঞানী হিচাবে সমগ্ৰ বিশ্বক এঢাপ আগুৱাই যোৱাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। সংগীতজ্ঞ হোৱাৰ বাসনাৰে প্ৰচেষ্টা অব্যাহত ৰখা গেলিলিও পৰবৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰহে হৈছিল। আধাতেই চিকিৎসা বিজ্ঞান এৰি অহা গলিলিও এজন মহান বিজ্ঞানী হ’ব বুলি তেতিয়া কোনেও ভবা নাছিল। কলেজৰ পাঠ্যক্ৰমৰ প্ৰায়বোৰ বিষয়তেই অকৃতকাৰ্য হৈ ছাত্ৰ জলপানী বা স্কলাৰশ্বিপ হেৰুওৱা ৰামানুজনৰ গণিতত বুৎপত্তিৰ কথা নক’লোৱেই বা !! আচলতে বিদ্বান বা মনীষী হ’বলৈ শ্ৰেণীত প্ৰথম হোৱাৰ প্ৰয়োজন নাই, প্ৰয়োজন আত্মবিশ্বাস, একাগ্ৰতা, আগ্ৰহ আৰু এটি অনুসন্ধিৎসু মনৰ। প্ৰসংগক্ৰমে মহান পুৰুষ আব্দুল কালাম চাৰে কোৱা এষাৰ কথা প্ৰণিধান যোগ্য : The best brains of the nation may be found on the last benches of the classroom.

–প্ৰণ‌ৱজ্যোতি দাস, টংলা

https://pranabjdas.blogspot.in


 

জী‌ৱনৰ অৰ্থ

জী‌ৱনৰ অৰ্থ

॥॥ বালি- শিলগুটিৰ সাধু ॥॥

কলেজৰ শ্ৰেণীকোঠাটোলে প্ৰফেচাৰ সোমাই আহিল, হাতত এটা ডাঙৰ মোনা। তেও ধীৰে সুস্থিৰে এটা এটাকৈ মোনাৰ পৰা অদ্ভূত বস্তু কিছুমান উলিয়াই টেবুলৰ ওপৰত ৰাখিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে উলিয়ালে এটা ডাঙৰ আইনাৰ বৈয়াম। তাৰ পাছত কিছুমান ডাঙৰ ডাঙৰ শিলগুটিত উলিয়াই তেও বৈয়ামটোত ভৰাবলৈ লাগিল। শিলগুটি আৰু নোজোৰা হোৱাত তেও ছাত্ৰসকলক সুধিলে

– বৈয়ামটো ভৰ্তি হ’লনে?
– হ’ল চাৰ।
এইবাৰ তেও আৰু কিছুমান সৰু সৰু শিলগুটি বৈয়ামটোত ভৰাবলৈ লাগিল। ডাঙৰ শিলগুটিবোৰৰ মাজে মাজে আৰু বহুত সৰু শিলগুটি সোমাল। তেও বৈয়ামটো জোকাৰি জোকাৰি যিমান পাৰে সৰু শিলগুটি সুমুৱালে।
-এইবাৰ হ’ল নে?
– ভৰ্তি হৈ গ’ল চাৰ।
ছাত্ৰ-ছাত্ৰীসকলক অলপ ৰবলৈ কৈ তেও এইবাৰ মোনাৰ পৰা বালি এগাল উলিয়ালে, আৰু বৈয়ামটোত অলপ অলপকৈ বালি দি তেও জোকাৰিবলৈ ধৰিলে। ডাঙৰ আৰু সৰু শিলগুটিৰ মাজে মাজে বহুখিনি বালি সোমাল।বৈয়ামৰ একেবাৰে মুখলৈকে বালি ভৰাই তেও হাতেৰে হেঁচি সমান কৰি দিলে। নিশ্চিত কৰিলে যাতে তাত আৰু একো নোসোমাই!
– এতিয়া একা।
– হয় চাৰ, এইবাৰহে পুৰা ভৰ্তি হ’ল আৰু একো সুমুৱাব নোৱাৰি।

এইবাৰ প্ৰফেচাৰে মোনাৰ পৰা কোল্ড ড্ৰিংকছৰ বটল এটা উলিয়ালে, আৰু লাহে লাহে বৈয়ামত বাকী দিলে। শুকান বালিয়ে গোটেই বটল কোল্ড ড্ৰিংকছ শুহি ল’লে।

ছাত্ৰ-ছাত্ৰীসকল প্ৰফেচাৰৰ ব্যাখ্যা শুনিবলৈ উৎসুক হৈ পৰিল, তেওলোকক অলপ সময় নিজে চিন্তা কৰিবলৈ এৰি দি প্ৰফেচাৰে এটা নাটকীয় বিৰতি ল’লে; আৰু তাৰ পাছত আৰম্ভ কৰিলেmeaning

– এই গোটেই প্ৰক্ৰিয়াটো মই ওলোটাকৈ কৰিব পাৰিম নে? কোল্ড ড্ৰিংকছ বাৰু বাদ দিয়া, বাকী খিনি, মানে বালি প্ৰথমতে আৰু ডাঙৰ শিলবোৰ শেষত।
নোৱাৰি চাৰ, প্ৰথমতেই বালি ভৰাই দিলে তাত আৰু একো নোসোমায়।
প্ৰফেচাৰৰ মুখত জান নেজান হাঁহিৰ ৰেখা, তেও ভৱামতেই কথাবোৰ আগবাঢ়িছে।

– মই এতিয়া তোমালোকক কম, এই বালি আৰু শিলবোৰ আচলতে কি? এইযে বালিবোৰ, সেইবোৰ হ’ল আমাৰ জীৱনৰ সৰু সুৰা প্ৰয়োজনবোৰ, যেনে ভাল মাছেৰে এসাজ ভাত, নতুন ডিজাইনৰ চোলা এটা, বন্ধুৱান্ধৱৰ সৈতে পিকনিক এটা, এটা আমোদ ভ্ৰমণ, ইত্যাদি। আৰু এই সৰু সৰু শিলগুটিবোৰ হ’ল তোমালোকৰ পঢ়া-শুনা কেৰিয়াৰ, অন্ন- বস্ত্ৰ-বাসস্থানৰ চিকিউৰিটি, কাৰো বোজা হৈ জীয়াই থাকিব নলগা অৱস্থা এটা, এইবোৰ কথা। প্ৰয়োজন দুইটাৰে আছে, বালিৰো, সৰু শিলগুটিৰো। সৰু সৰু আনন্দইহে জীৱন সুখৰ কৰি তোলে। কিন্তু তোমালোকে যদি জীৱনৰূপী বৈয়ামটো প্ৰথমতেই বালিৰে ভৰাই দিয়া, তেনে তাত সৰু শিলগুটিৰ বাবে ঠায়েই নাইকীয়া হব।

– বুজিলো চাৰ, প্ৰায়ৰিটি মতে কাম কৰিব লাগিব। কিন্তু চাৰ এই ডাঙৰ শিলগুটি বোৰে কি বুজায়?

– সেইটোৱেই সকলোতকৈ ডাঙৰ প্ৰশ্ন। সেইবোৰ হ’ল তুমি মানুহ হিচাপে জন্ম লোৱাৰ কাৰণ- your very reason of being. মনত ৰাখিবা আমি সকলোৱেই এক বিশেষ উদ্দেশ্য আৰু প্ৰতিভা লৈ জন্ম গ্ৰহণ কৰিছো, আৰু পৃথিৱীখনে আমাৰ পৰা কিবা আশা কৰে, সেইটো আমাৰ জীৱনৰ মূল দ্বায়িত্ব। বালি আৰু সৰু শিলৰ কথা আমি সকলোৱেই উপলব্ধি কৰো, আৰু সেইমতে আহোপুৰুষাৰ্থও কৰো, সফলো হও। কিন্তু সেই সফলতাই পৃথিৱীখনক একো দি যাব নোৱাৰে। মই জন্ম হ’লো, পঢ়ি শুনি কিবা কাম কৰিলো, উপাৰ্জন কৰিলো, ঘৰ এটা সাজিলো, গাড়ী কিনিলো, আনন্দ কৰিলো, আৰু এদিন মৰি থাকিলো। কিন্তু এইটো জীৱনৰ পৰা পৃথিৱীখনে কি পালে? মই জন্ম নোহোৱা হ’লে পৃথিৱীখনৰ কি লোকচান হ’ল হেতেন? মোৰ জীৱনৰ শেষ তহবিলত প্ৰকাণ্ড শূন্য এটাৰ বাদে কি বাকী থাকিল?

তোমালোকে নিশ্চয় মন কৰিলা, এই ডাঙৰ শিলগুটিৰেই আমি জীৱনটো প্ৰথমতে ভৰাব লাগে। সদায় কিবা এনে কাম কৰিব লাগে যাতে আমি এই পৃথিৱীখন এৰি থৈ যোৱাৰ পাছত কিবা হ’লেও অকণমান যোগাত্মক শক্তি থাকি যায়, যাৰ পৰা সকলোৰে উপকাৰ হয়, আৰু মানুহেও আমাক মনত ৰাখে। সেইটো কৰিব পৰা ক্ষমতা আমাৰ সকলোৰে আছে, কিন্তু আমি সদায় এই ডাঙৰ শিলগুটি বিলাকক উপেক্ষা কৰো।

এই ক্ৰমত সজাব পাৰিলেহে আমাৰ জীৱনটো সফল হব। বহু মানুহ দেখিবা তুমি, জীৱনটো কেৱল বালিৰেই ভৰা, কাৰোবাৰ লগতে দুই এটা সৰু শিলগুটি। কিন্তু ডাঙৰ শিলগুটিৰে জীৱনটো প্ৰথমতে পৰিপূৰ্ণ কৰা লোক কমেই দেখিবা, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওলোকে নিজৰ জীৱনৰ বালি আৰু সৰু শিলগুটি ভৰাবই নোৱাৰিব।

শ্ৰেণীকোঠাত কিছুসময় নীৰৱতা। হঠাতে এজনে প্ৰশ্ন কৰিলে-

-চাৰ, আপুনি যে কোল্ড ড্ৰিংকছ ঢালিলে, তাৰ তাৎপৰ্য কি?
প্ৰফেচাৰে এইবাৰ খোলাকৈয়ে হাঁহিলে

– মই বালি শিলেৰে বৈয়ামটো পুৰা ভৰ্তি কৰাৰ পাছতো কোল্ড ড্ৰিংকছখিনি তাত সোমাই গ’ল। কোল্ড ড্ৰিংকছখিনিয়ে ফুৰ্তি বুজাইছে। তোমাৰ জীৱনটো যিমানেই ব্যস্ততাৰে ভৰপুৰ নহওক কিয়, তাত সদায় অলপমান ফুৰ্তি আনন্দৰ কাৰণে ঠাই থাকেই।

========================

জীৱনৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিবলৈ এই কাহিনীটোৱে শিশুসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব।

(কাহিনীৰ সংস্থাপন :- অভিজিত কলিতাৰ )

সূৰ্য প্ৰকৃততে উদয় হয় নে?

সূৰ্য প্ৰকৃততে উদয় হয় নে?

sunrise.moinamel.com

দোকমোকালিৰ ক্ষন্তেক পিছতেই আমি সুৰুযে পূব আকাশত ভূমুকি মৰা দেখো । কিন্তু প্ৰকৃততে কথাটো সচাঁ নহয় । সৌৰজগতৰ কতোৱেই সূৰ্য উদয় নহয় । পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে সুৰুযক পূব আকাশত ভূমুকি মাৰি সন্ধিয়া পুনৰ পশ্চিম আকাশত অস্ত যোৱা দেখো । সূৰ্য উদয় হোৱা বা অস্ত যোৱা- এই দুয়োটা পৰিঘটনাই আমাৰ একো একোটা দৃষ্টিভ্ৰম । এই দুয়োটা পৰিঘটনাৰেই কোনো যুক্তিযুক্ততা নথকা স্বত্তেও আমি ইয়াক চিৰন্তন সত্য বুলি মানি আহিছোঁ ।

 

–প্ৰণ‌ৱজ্যোতি দাস