অসমৰ বনৌষধি

অসমৰ বনৌষধি

এই পৃষ্ঠাত কিছুমান অমিমাংসিত বিষয় আছে
পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।[1]

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ দৰকাৰী বনৌষধি সিঁচৰিত হৈ আছে। বৰ্তমান বিজ্ঞানৰ প্ৰগতিৰ যুগটো প্ৰাথমিক চিকিৎ্সা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহে, বিশেষকৈ যি সকলে এল’পেথিক চিকিৎসকৰ সহায় তৎকালে বা ধনৰ অভাৱত সহজতে পাব নোৱাৰে, তেওঁলোক এইবিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। তাৰোপৰি এই ঔষধবোৰৰ পাৰ্শক্ৰিয়া কম হোৱা হেতুকে বহুতো লোক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।

অসমৰ ঔষধি গছবোৰ আৰু তাৰ গুণাগুণ সম্পাদনা কৰক

তেজমুই সম্পাদনা কৰক
তেজমুই গছ
তেজমুই (Zanthoxylum nitidum)

তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।

ঔষধি গুণঃ

(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ’লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল

টেঙেচি সম্পাদনা কৰক
টেঙেচি গছ
টেঙেচি (Oxalis corniculata)

টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।

ঔষধি গুণঃ

(১)টেঙেচি বটি বেচু(Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।

ছালকুঁৱৰী সম্পাদনা কৰক
ছাল কুঁৱৰী
ছালকুঁৱৰী (Aloe barbadensis)

ছালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।

ঔষধি গুণঃ

(১)ছালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মুত্ৰদোষ, শুক্ৰ দোষ, ক্ৰিমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়। (২) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ ছালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়। (৩) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো ছালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়। (৪)উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো ছালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।

শেৱালি সম্পাদনা কৰক
শেৱালি
শেৱালি (Nyctanthes arbor-tristis )

শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল।

ঔষধি গুণঃ

(১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।

তুলসী সম্পাদনা কৰক
তুলসী
তুলসী (Ocimum sanctum)

তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক’লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়।

ঔষধি গুণঃ

(১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ’লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে।

মছন্দৰী সম্পাদনা কৰক
মছন্দৰী

মছন্দৰী (Houttuynia cordata Thunb)

মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ।

ঔষধি গুণঃ

(১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

মানিমুনি সম্পাদনা কৰক
সৰু মানিমুনি
মানিমুনি (Hydrocotyle sibthorpioides Lamk)

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।
ঔষধি গুণঃ

(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত’ উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

(সংগৃহীত)}}