অকণিৰ পৃথিৱীলৈ স্বাগতম!
তুমি সপোন দেখিবলৈ শিকা..সপোনে তোমাক জীৱনটো ৰঙীন আৰু উপভোগ্য কৰি তুলিব। মনত ৰাখিবা, সপোন কিন্তু সেইটো নহয়, যি তুমি ৰাতি শুই থাকোতে দেখা; সপোন হৈছে সেইটো- যিয়ে তোমাক শুবলৈ নিদিয়ে ..
সোণৰ শৈশৱকাল গ’লে আৰু নাহে পখিলাই কাণে কাণে কয়..
আজিৰ পৰা বিশ বছৰৰ পাছত,
জীৱনত তুমি যিবোৰ কৰিলা, সেইখিনিতকৈ যিবোৰ নকৰিলা তাকলৈহে বহুত বেছি হতাশ হ’বা ।গতিকে তোমাৰ পৰিধিৰ সীমনা ভাঙি পেলোৱা । মন-ডিঙাৰ পাল মেলি দিয়া । অন্বেষণ কৰা, সপোন দেখা আৰু আৱিষ্কাৰ কৰা..
–এইচ.জেকচন ব্ৰাউন
পঢ়নৰ পৰা আমি কি পাম?
“সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।”
প্ৰকৃতি আৰু তুমি
যেতিয়ালৈকে এজন মানুহে এটা জীৱক ভাল পাবলৈ নিশিকে, তেতিয়ালৈকে তেওঁৰ অন্তৰাত্মা কাহানিও মুক্ত আৰু জাগৃত হ’ব নোৱাৰে
-আনাটলি ফ্ৰাঁ