জীৱনৰ বাটটো কন্টকীয়া । কিন্তু এই কাঁইটীয়া জীৱনৰ মাজতো ফুল ফুলাব পৰা, মৰমৰ সুবাস বিলাবপৰা আদৰ্শ বহু মনিষীয়ে ইতিমধ্যে দেখুৱাই গৈছে । জীৱনৰ প্ৰতিটো মূহুৰ্তৰপৰাই সুখ আহৰণ কৰিব পৰাৰ কিটিপ যিয়ে শিকিছে, সি জীৱনত সফল হ’ব পাৰিছে । সেই কিটিপ শিকাও সিমান সহজ নহয় । যুগ-যুগান্তৰৰ অভিজ্ঞতালব্ধ জ্ঞান আৰু সাধনাই জীৱনৰ আচল অৰ্থক কেতিয়াবা হয়তো কোনোবাজনে হয়তো উপলব্ধি কৰিব পাৰিছে, কোনো জনে হয়তো নাই পৰা । আমি তেনে অৰ্থৰ সন্ধানতে ব্যস্ত আজি …