মইনামেল-বাৰ্তা: চিট’ৰিঅ’ কাৰাটে স্কুল অব ইণ্ডিয়াৰ উদ্যোগত যোৱা ২৬-৩০ ডিচেম্বৰলৈকে দিল্লীত অনুষ্ঠিত হৈ যোৱা ৭ম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি ডিব্ৰুগড়ৰ তনভী তনয়া বৰুৱাই ৩টি কৈ সোণৰ পদক জিনিবলৈ সক্ষম হয়। ।প্ৰতিযোগিতাৰ তিনিওটা শাখা ক্ৰমে – কাটা, কুমিটে আৰু দলীয় প্ৰদৰ্শনত যোগদান কৰি ৮ বছৰ অনুৰ্ধৰ তনভী তনয়া বৰুৱাই এই খিতাপ অৰ্জন কৰে ।উল্লেখনীয় যে, তনভী এগৰাকী সু সত্ৰীয়া নৃত্যশিল্পীও । নয়ন জ্যোতি পাঙগিং আৰু আন্মনা হাজৰীকা হ’ল ক্ৰমে তনভীৰ কাৰাটে আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক ।