তেওঁৰ নাম আছিল ফ্লেমিং । এজন দুখীয়া স্কটিছ কৃষক আছিল । এদিনাখন পথাৰত কাম কৰি থাকোতে কাষৰে এখন পিটনিৰপৰা কোনোবাই সহায় বিচাৰি চিঞঁৰা শুনিবলৈ পালে । তেওঁ খেতিৰ সঁজুলীবোৰ তাতে পেলাই থৈ শব্দটো অহা ফালে দৌৰ মাৰিলে । তাতে ক’লা থেপথেপীয়া বোকাত কঁকাললৈকে পোত খাই আছিল এটা ল’ৰা । সি নিজকে মুক্ত কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল , কিন্তু যিমানেই সি বোকাৰ মাজৰপৰা ওলাবলৈ চেষ্টা কৰে, সিমানেই তললৈ সোমাইহে গৈছিল । এনেকুৱাতে ফ্লেমিঙে গৈ ল’ৰাটোক সহায়ৰ হাত আগবঢ়ালে আৰু এক নিশ্চিত ভয়ংকৰ মৃত্যুৰ গৰাহলৈ ধীৰে ধীৰে আগবাঢ়ি যোৱা ল’ৰাটোক নিজৰ জীৱন বিপন্ন কৰিও বচাব পাৰিলে ।
পিছদিনা এখন সুদৃশ্য বাগী আহি এই স্কটিছ ল’ৰাজনৰ খেতিৰ পথাৰৰ কাষত ৰ’লেহি আৰু সুন্দৰ পোছাক পিন্ধা এজন সম্ভ্ৰান্ত লোক তাৰ পৰা নাইমল । তেওঁ নিজকে খেতিয়ক ফ্লেমিঙে বচোৱা সেই ল’ৰাজনৰ দেউতাক বুলি চিনাকী দিলে আৰু ফ্লেমিঙৰ দেউতাকক ক’লে –‘আপোনাৰ ল’ৰাই মোৰ ল’ৰাৰ জীৱন দান দিলে । গতিকে মই আপোনাৰ ঋণ পৰিশোধ কৰিব বিচাৰো ।’
কিন্তু ফ্লেমিঙৰ দেউতাকে ক’লে- “নাই, নাই, আমাক কোনো পইচা –পাতিৰ প্ৰয়োজন নাই । কিবা সহায়ৰ কামৰ বাবে আমি টকা ল’ব নোৱাৰোঁ।” । তেনেকুৱাতে ফ্লেমিং আহি সেইখিনিত উপস্থিত হ’ল । তেতিয়া সেই অফিচাৰজনে ফ্লেমিঙৰ ফালে চাই দেউতাকক ক’লে- “মই তোমাক এটা প্ৰস্তাৱ দিব খোজো। তোমাৰ ল’ৰাক মোৰ ঘৰত ৰাখিবলৈ দিয়া । তাক মই উৎকৃষ্ট মানৰ শিক্ষাৰ ব্যৱস্তা কৰিম । ই যদি দেউতাকৰ অকণমানো গুণ পাইছে, তেন্তে ই এনে এজন লোক হ’বগৈ যাৰ বাবে তুমি গৌৰৱ কৰিব পাৰিবা ।”
আৰু তেনেকুৱাই হ’ল । টকা-পইচাৰ অভাৱ থকা বাবে ফ্লেমিঙৰ দেউতাকে ফ্লেমিঙক সেই মানুহজনৰ ঘৰত ৰাখি পঢ়ুৱাবলৈ ঠিক কৰিলে আৰু এটা সময়ত খেতিয়াকৰ ল’ৰা ফ্লেমিঙে লণ্ডনৰ ছেইন্ট মেৰী চিকিৎসালয়ৰ চিকিৎসা বিজ্ঞানৰ বিদ্যালয়ৰ পৰা স্নাতক হ’ল আৰু পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে ‘পেনিছিলিন’ নামৰ ঔষধ বিধৰ আৱিষ্কাৰক মহান ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং হিচাপে জনাজাত হ’ল । কেইবছৰমান পিছত সেই সম্ভ্ৰান্ত লোকজনৰ পুতেকজন নিউমোনিয়াত আক্ৰান্ত হৈছিল । তেতিয়া কিহে তেওঁৰ ৰক্ষা কৰিছিল?- সেয়া হ’ল ফ্লেমিঙৰ দ্বাৰা আৱিষ্কৃত পেনিচিলিন নামৰ ঔষধবিধেই ।
সেই উচ্চ পদস্থ লোকজন আছিল লৰ্ড ৰেনডল্ফ চাৰ্চিল আৰু তেওঁৰ পুতেকৰ নাম আছিল ছাৰ উইনষ্টন চাৰ্চিল । (উইনষ্টন চাৰ্চিল ২য় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰাধান মন্ত্ৰী আছিল । তেওঁ বাগ্নিতাৰ বাবে বিশ্ববিখ্যাত । তেওঁক পৃথিৱীৰ সকলো দেশৰে ভিতৰত এজন শ্ৰেষ্ঠ প্ৰধান মন্ত্ৰী বুলি গণ্য কৰা হয় । )
সংগ্ৰাহক – বিবেকানন্দ চৌধুৰী ।