বতৰৰৰ ফল-মূল (মানসী বৰা)

বতৰৰৰ ফল-মূল (মানসী বৰা)

কণল’ৰাৰ বৰ স্ফূর্তি

পকিব বতৰৰ ফল,

দিনৰ দিনটো টিঘিল-ঘিলাই

খোৱাতহে লাগিব বল ।

মনৰ আনন্দতে কথাটো সি

বাপুকণকো ক’লে,

নলে-গলে লগা দুয়ো বন্ধু

কৃষ্ণার্জুন সবাই বোলে।

বাপুকণে বোলে গেৰেলা হাবিত

আছে যে দুজোপা আম,

ধলপুৱাতে তালৈ লৰ দিম

উদৰ পূৰাই খাম ।

কণল’ৰাই বোলে পাহৰিলি নেকি

সাৱিত্রী পেহীৰ ঘৰ ?

তেওঁৰ পদুলিৰ টিলিকি আমযে

সোৱাদে ভৰা বৰ ।

পেহীয়ে পিছে নকয় একো

আছে মৰম-বেথা,

পেহাই দেখিলেহে সর্বনাশ

দিব যে হুদু খেদা ।

বাপুকণে বোলে মহাকৃপণ সোণদাইটি

হাটলৈ পঠাব জামু,

টাঙোনলৈ বাৰীত পৰদি ৰখে

মাটিকঁঠাল,গোলনেমু ।

আগফালৰ পুখুৰী পাৰতে

লিচু এজুপিও আছে,

খুজিলে ক’ব বেপাৰীয়ে নিব

গছতে বিকা আছে ।

ৰহিম খুড়াই পনিয়লবোৰ

মাতিনি বিলাই দিব ,

অকণ ককাইও লেতেকু-কঁঠাল

আমালৈ বুলি থ’ব ।

বগী আইতাৰ বাৰীতে আছে

দুজুপি মধুৰিআম

দহেচিয়াতে খালেহে তাৰ,

আচল মজাটো পাম ।

কণল’ৰাই বোলে

আতলাচ দেখিলে

বৰ লোভ জাগে,

কিচিক কিচিক বালিয়া বালিয়া

গোন্ধতে ভোক লাগে ।

কল,কুঁহিয়াৰ,সুমথিৰা

আমাৰ বাৰীতে পাবি ,

বাধা দিওঁতা নাই কোনো

যিমান মন যায় খাবি।

আমলখি, ভোমোৰা, অমৰা,শিলিখা

গছত আছে গালে গালে,

নিমখতো দি ৰাখে আইতাই

পেটলৈ ভাল বোলে ।

আইতাই কৈছে থলুৱা ফলমূল

বৰ উপকাৰী,

দেখাত ধুনীয়া নহ’লেও পিছে

অতি গুণকাৰী ।

ভাৱিছো সেয়ে ফলমূল খাম

ৰুম ফলৰ পুলি;

সেউজী ধৰণী শুৱনি হ’ব

নাচিব হালি-জালি।
==================================================

মানসী বৰা।(উইলমিংগটন, ডেলা‌ৱেৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ )

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।