ভূত-পোৱালি
মা, মই সপোনত
দেখিলো দুটা
ভূতৰ পোৱালী
আৰু দুজনী
নাক জিকিলা
চকু টেলেকা
টিলিকা টিলিকা
পিলিকা পিলিকা
যখিনী ছোৱালী ।
এটা ক’লা এটা বগা
নাঙঠ পিঙঠ ভূত
কথা পাতে
টাকুট, টাকুট কুট ,
এটাই ক’লে, পুট্ পুট্ পুট্
ইটোৱে মা নাক জোকাৰি
ক’লে, ধুৎ ধুৎ ।
মা, দেখিবলৈ এনে ভাল
ভূত পোৱালীৰ নাচ,
কিবা কিবি গান গায় ফুচ্ ফুচ্ ফাচ্
মনে মনে কাম কৰে খুচ্ খাচ্ খাচ্
এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি,
যখিনীহঁতক নচুৱাই
চুলিত ধৰি ধৰি
যখিনীহঁতে নেপেলালে একেলগে ভৰি ।
চৰখোৱা যখিনীয়ে
নাচে কঁকাল ভাঙি,
কোটোক , কোটোক ঘোটোক্ কৰি
ভূত পোৱালি জাঁপ মাৰি
ভেঙুৰা ভেঙুৰিকৈ নাচে
ঠেংটো ভাঙি ভাঙি ।
মা, তই যে কৱ,
ভূতে বোলে ল’ৰা ধৰি খায়,
পুখুৰীলৈ নি
ভৰি কিটা ওপৰ কৰি
গুজি গুজি মূৰটো হেনো
এহাত বোকাত সুমায় ;
ক’তা মা মোক দেখোন
সিঁহত দুটাই একোকে কৰা নাই?
ক’তা মোৰ ওচৰ চাপিবলৈ
সিঁহতে দেখোন অলপকেই
সাহেই কৰা নাই ?
ভয় কৰা ল’ৰাকহে মা, ভূতে ধৰি কিলায়
মা, মোৰ হ’লে ভূতলৈ ভয় নাই ।
যখিনীৰে হাতত ধৰি
সিহঁত আছিল ঘূৰি ,
দুয়োটাৰে কাণ দুখন দিলো মুচৰি,
দীঘল কাণত মুচৰি মা,
লাগে বৰ ভাল;
সিহঁত দুটাই চিঞঁৰ সোধাই
লগায় তাল-ফাল ।
বিচাৰি ফুৰা ভূত-পোৱালী
মা, যেতিয়া পালো ;
এৰা-এৰি নাই ;
পুতলা থকা আলমাৰিটোত
আনি থ’লো সুমায় ।
তাৰ পাছত তই মাতোঁতে
উঠিলো সাৰ পাই ,
মা, মোৰ হ’লে অকণমানো
ভূতলৈ ভয় নাই !
—- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।
ভাল লাগিছে। মাত্ৰ গান, কবিতা শুনিব পৰা নাই।
মন্তব্যৰ বাবে ধন্যবাদ! শুনিব পৰা গান শাখাত চাব চোন, দুই চাৰিটা গান তাত দিয়া আছে । আমি এনে সম্পদসমূহ গোটাবলৈ চেষ্টা কৰি আছো। আপোনাৰ ওচৰত তেনে কোনো সম্পদ থাকিলে আপুনি আমাক প্ৰকাশৰ বাবে দিব পাৰে ।