সোণটিৰ মৰম (মানসী বৰা )

সোণটিৰ মৰম (মানসী বৰা )

সোণটিৰ মাকে সোণটিক ভাত খাবলৈ মাতি আছিল ।ইতিমধ্যে সোণটিৰ দেউতাক আহি ভাতৰ পাতত বহিছিলহি ।অঙ্ক কৰি ভাল পোৱা সোণটি পঢ়া টেবুলৰ পৰা উঠি অহা নাছিল। ভাত বাঢ়ি মাতি থাকি সোণটিৰ মাকৰ আমনি লাগিছিল ।ইফালে মাছ ভজাৰ গোন্ধটো বগীয়ে সহিব পৰা নাই ।আজি কিমান দিন হ’ল তাই জিভাত মাছৰ জুতি লবলৈ পোৱা নাই।লোভৰ পানী তপ তপকে সৰিছিল তাইৰ ।পিছে বেচেৰীয়ে কি কৰিবনো ,তাইক দেখিলেই সোণটিৰ মাকে হেতাখন লৈ খেদে ।

 

গৰম হেতাখনলৈ বগীৰ ভয় লাগে ।অৱশ্যে দোষ তাইৰেই ।দেখাত বগী হ’লেও তাইৰ স্বভাৱটো বৰ লেতেৰা ।লোভত পগলা হ’লেই তাই ভাতৰ টেবুলত উঠি খোৱা বস্তুত মুখ দিয়ে । সেইদিনা সোণটিলৈ থোৱা খোৱা বস্তু মনে মনে চুৰ কৰি খাওঁতেই তাই ধৰা পৰিছিল ।সোণটিৰ মাকে দেখি তাইক চেণ্ডেলেৰে কোবালে ।তাৰ পিছৰে পৰা লাজতে তাই সোণটিৰ ঘৰলৈ অহা নাই । তাইৰ সেই চুৰুণি স্বভাৱটোৰ কাৰণে সোণটিৰ মাকে তাইক দেখিব নোৱাৰে ।কেইবাদিনৰ মূৰত তাই সোণটিৰ ঘৰলৈ আহিছে ।

সোণটি ল’ৰাটো মৰমিয়াল ।তাইক মৰম কৰে ।তাইৰ বগী নামটো সিয়েই দিয়া ।পাকঘৰৰ দুৱাৰমুখৰ পৰা ৰঙা জিভাখন তপালি তপালি তাই তৰতৰকৈ চকু দুটা মেলি খোৱা টেবুলৰ ফালে চাই আছিল ।মাজে মাজে বগা হাতোৰা খনেৰে তাইৰ অকণমানি চুটি নাকটো মোহাৰি থাকিল ।তেনেতে সোণটি আহি ভাতৰ টেবুলত বহিলহি ।বগীৰ মনটো অশান্ত হ’ল ।তাইকবা সোণটিয়ে দেখিছে নে নাই ।ক’তা ,তাই থকা দোৱাৰ মুখলৈচোন সি এবাৰো চোৱাই নাই ।অলপ সময় তলকা মাৰি বগীয়ে কিবা ভাবি ৰৈ থাকিল ।সোণটিৰ দেউতাকে মাছৰ কা্ঁইট বাছি বাছি কাহিৰ দাঁতিত থৈছিল।

এইবাৰ বগীয়ে সোণটিয়ে শুনাকৈ লাহেকৈ মুখ মেলিলে : মিউ
নাই সোণটিয়ে কাণেই দিয়া নাই ।
সেইবাৰ তাই দুবাৰ মাতিলে :মিউ ..মিউ ।
:আহিল আৰু এই চুৰুণিজনী ।শান্তি নাই এইজনীৰ পৰা ।সোণটিৰ মাকে ভোৰভোৰালে ।
চুৰুণি বোলোতে বগীৰ অলপ লাজ লাগিল ।নাকটো চুটি হ’লেও তাইৰ লাজ আছে।বুকুৰ ভিতৰত অকণ বেজাৰো লাগিল । তথাপি আশাৰে বাট চাই থাকিল তাই।
:দেউতা, বগীৰ চাগৈ ভোক লাগিছে ।জীৱ-জন্তুবিলাকক আমি মানুহবোৰে মৰম কৰিব লাগে ।মই তাইক বাহিৰলৈ মাতি নি মাছ-ভাত অকণ দি থৈ আহো দেই।
সোণটিৰ কথা শুনি বগীৰ মনটো ভাল লাগি গ’ল । সোণটিলৈ তাইৰ মৰম লাগিল ।মনতে তাক আশীৰ্বাদ দিলে। হাতত মাছ-ভাত লৈ যোৱা সোণটিয়ে “আহ, আহ”কৈ মতাত বগীও ৰৈ নেথাকিল ।মিওঁ মিওঁ বুলি নেজডাল জোকাৰি জোকাৰি সোণটিৰ পিছে পিছে তাই বাহিৰলৈ ওলাই গ’ল ।।


মানসী বৰা