গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

 

তোমাৰ বন্ধুক আচৰিত কৰি তুমি বন্ধু‌ৱে কল্পনা কৰা সংখ্যা এটা অংকৰ যাদুৰ জৰিয়তে কৈ দিব পাৰিবা ।যাদুটো শিকিবা নেকি ?

মই যিদৰে কৈ যাম, তুমি তেনেকৈ তোমাৰ বন্ধুক কৰি যাবলৈ ক’বা । লাগিলে কাগজ-কলম উলিয়াই ল’বা।

math

১) প্ৰথমে, তোমাৰ বন্ধুক তেওঁৰ নিজৰ ইচ্ছামতে এটা সংখ্যা কল্পনা কৰিবলৈ কো‌ৱা । (ধৰা তোমাৰ বন্ধু‌ৱে ভা‌ৱিলে ৫ –বেলেগ সংখ্যাও ভা‌ৱিব পাৰে ।)

২) এতিয়া, সংখ্যাটোৰ লগত ১ এটা যোগ কৰিবলৈ কো‌ৱা। (৫+১= ৬)

৩) এই যোগফলটোক এতিয়া ২ ৰে পূৰণ কৰিবলৈ কো‌ৱা (অৰ্থাৎ ৬x২=১২)

৪) পূৰণফলটোৰ(১২) লগত এতিয়া ৩ যোগ কৰিবলৈ কো‌ৱা। (১২+৩=১৫)

৫) যোগফলটোক এতিয়া ৫ ৰে পূৰন কৰিবলৈ কো‌ৱা । (১৫x৫=৭৫)

এই পূৰণফলটো কিমান পালে তোমাৰ বন্ধুক সোধা । তুমি এই পূৰণফলটো জানিলেই তোমাৰ বন্ধু‌ৱে কি সংখ্যা প্ৰথমে ভা‌ৱিছিল,সেইটো কৈ দিব পাৰিবা ।

কিটিপ: তোমাৰ বন্ধু‌ৱে একেবাৰে শেষত যিটো সংখ্যা তোমাক ক’লে, সেই সংখ্যাটোৰপৰা তুমি শেষ অংকটো বাদ দিয়া । অৰ্থাৎ ইয়াত ৭৫ৰ শেষ অংক হৈছে ‘৫’ এই পাঁচটো বাদ দিলে থাকিব ‘৭’ এই সংখ্যাটোৰপৰা এতিয়া মাত্ৰ ২ বিয়োগ কৰি যি পাবা, সেইটো‌ৱেই হ’ব তোমাৰ বন্ধু‌ৱে সৰ্বপ্ৰথমে কল্পনা কৰা সংখ্যাটো ।

নীলকমল মিশ্ৰ (ফোন-৯৭০৭৪৮৪২৯৬)