চন্দ্ৰ বিন্দুৰ ব্য‌ৱহাৰ

চন্দ্ৰ বিন্দুৰ ব্য‌ৱহাৰ

মহেশ্বৰ নেওগৰ ‘নিকা অসমীয়া ভাষা’ আৰু গোলোকচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া ব্যাকৰণ-প্ৰৱেশ’ৰ আধাৰত)

(১) প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ ওঁ বিভক্তিত চন্দ্ৰবিন্দু যোগ হয়৷ যেনে মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ৷ একেদৰে ধৰোঁ, বহোঁ, উঠোঁ, পঢ়িছোঁ, মাতিলোঁ ইত্যাদি৷ ভূত কালৰ কাৰ্যৰো প্ৰথম পুৰুষৰ ক্ৰিয়া পদত চন্দ্ৰবিন্দু লাগে। যেনে- কৰিছিলোঁ, গৈছিলোঁ আদি।

(২) ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়৷ এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে৷ যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো আদি।

(৩) আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে, মাৰোঁতে, সাঁতোৰোঁতে আদিত ‘ওঁতে’ প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ “সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত -ওঁতে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়৷” এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে৷

(৪) কোনো ক্ৰিয়াৰ কাম কৰোঁতা বুজোৱা ওঁতা (পুংলিঙ্গ বাচক) আৰু -অঁতী (স্ত্ৰীলিঙ্গ বাচক) প্ৰত্যয়ত চন্দ্ৰবিন্দু লাগে। যেনে কৰোঁতা, কৰঁতী, কওঁতা, কৱঁতী, মৰোঁতা, মৰঁতী আদি।

(৫) খাওক, যাওক, হওক, লিখক, পঢ়ক আদি অনুজ্ঞাবাচক শব্দৰ ‘ও’ৰ ওপৰত চন্দ্ৰবিন্দু নালাগে।

(৬)সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ যেনে-গ্ৰাম>গাঁও, কণ্টক>কাঁইট, অঙ্ক>আঁক, সঞ্চ>সাঁচ, ৱংশ>বাঁহ, পঞ্চ>পাঁচ ইত্যাদি৷

(৭) কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়৷ যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি৷ এইবোৰত অনুনাসিকতাই মূল কাৰণ৷

(৮) ‘ও’ থাকিলেই সকলোতে চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই৷ যেনে- নেওগ, নেওতা, যদিও, তুমিও ইত্যাদি৷

(৯) বহুবচন বুজোৱা হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে৷ যেনে সিহঁত, তহঁত, ল’ৰাহঁত, কৰহঁত আদি।

(১০) ক্ৰিয়াপদৰ লগত যোগ হোৱা বহুবচন হঁক প্ৰত্যয়ত চন্দ্ৰবিন্দু যোগ হয়। যেনে আহহঁক, আহিবাহঁক আদি।

(১১) মন কৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে৷ যেনে-কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ); কাঁচ (দাপোন), কাচ্ (সাজ পাৰ কৰা); আঁহ (ফল-মূল, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰণ কৰা); বাঁহ (এবিধ গছ), বাহ (চৰাইৰ ঘৰ); আঁহত (এবিধ গছ), আহত (আঘাত পোৱা); ভাঁজ (কোণ, পাক), ভাজ (তেলত সিদ্ধ কৰা ); পাঁচ (সংখ্যা), পাচ (পাচত); ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।

যুগুতালে — দিব্য প্ৰাঞ্জলে ।

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।