চি.আই.ডি ― পি.জে.চি (গল্প)

চি.আই.ডি ― পি.জে.চি (গল্প)

পি. জে. চিৰ মনতো ভাল নহয়৷ এনে কাম কোনে কৰিব পাৰে তাকে ভাবি সি দিনে ৰাতিয়ে ওৰ পেলাব পৰা নাই ৷ আনকি পঢ়া শুনাটো তাৰ মন বহা নাই ৷
পি. জে. চি মানে আমাৰ চি. আই. ডি জন আকৌ৷ তাৰ আচল নাম পল্লৱজ্যোতি চেতিয়া ৷ কিন্তু তাক এই নামেৰে নামাতি সকলোৱে পি. জে. চি বুলিয়ে মাতে ৷ সি পঢ়াশুনাটো ভাল ৷ প্ৰতিটো শ্ৰেণীত প্ৰথম হৈয়েই পাছ কৰি আহিছে ৷ এইবাৰ সি অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ তাৰ জীৱনৰ লক্ষ্য চি. আই. ডি অফিচাৰ হোৱা ৷ সেইবাবে সি এতিয়াৰ পৰা সৰু সৰু ঘটনাবোৰ উদঘাটন কৰিব বিচাৰে ৷ কিন্তু মাক-দেউতাকৰ বাধাৰ বাবে সি ঘটনাবোৰৰ নায়কক বিচাৰি উলিয়াবলৈ সক্ষম নহয় ৷ সি চি. আই. ডি হ’বলৈ ভালকৈ পঢ়া শুনাও কৰে ৷ সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীয়ে তাক ভাল পায় ৷ কিন্তু এইকেদিনহে তাৰ কোনো কামতেই মন নবহা হ’ল ৷
মানে কথাটো হ’ল কি,দুদিনমানৰ আগতে যোৱাবাৰ পূজাত মোমায়েকে তাক দিল্লীৰ পৰা এটা ধুনীয়া আৰু দামী হাতঘড়ী আনি দিছিল ৷ সি মোমায়েকে দিয়া ঘড়ীটো পাছদিনা স্কুলৰ লগৰীয়াসকলক দেখুৱাবলৈ লৈ গৈছিল ৷পিচত ঘৰলৈ আহি বেগটো চাই দেখে তাৰ মৰমৰ ঘড়ীটো নাই; কোনোবাই চুৰি কৰিলে ৷ ইমান ধুনীয়া আৰু দামী ঘড়ীটো হেৰুৱাই সি মনত বৰ বেজাৰ পালে ৷ গতিকে তাৰ মনটো ভাল নহয় ৷ “সি কাক চোৰ বুলি ধৰিূ তাৰ লগৰ ৰাজতিলক,জিন্টু,মন্টু,ৰাজীৱ হঁত ইমান ভাল ল’ৰা ৷ সিহঁতে কেতিয়াও চুৰি কৰিব নোৱাৰে ৷ কিন্তু ভাস্কৰ! অ’ সিয়ে চুৰি কৰিব পাৰে ৷ পৰীক্ষাৰ আগেয়ে সি এবাৰ ৰাজতিলকৰ ৱিনাচাঙ কলমটো লুকুৱাই মিছা মাতিছিল ৷ তেনেহ’লে সিয়েই,তাক মই সুধি চাব লাগিব ৷ কিন্তু সুধিলে সি মিছাও মাতিব পাৰে ৷ গতিকে মই তাৰ ওপৰত চকু ৰাখিব লাগিব ” কথাবোৰ সি ভাৱি যায় ৷
পিছদিনা স্কুলত ভাস্কৰৰ ওপৰতে পল্লৱে বেছিকৈ চকু ৰাখিছে ৷ ভাস্কৰৰ চকুৱে চকুৱে পৰিলেই সি ধুনীয়াকৈ হাঁহি মাৰি দিয়ে ৷ এতিয়া পল্লৱে বেছিকৈ ভাস্কৰক চোৰ বুলি বিশ্বাস কৰিবলৈ ধৰিলে ৷ এপাকত ভাস্কৰে পল্লৱক সুধিলে ―
: আজি হ’বলা ঘড়ীটো নাই অনা ৷
: কালি ঘড়ীটো বেগৰ পৰা হেৰাল কোনোবাই চুৰি কৰিলে ৷
: চুৰি কৰিলে! ইস্ ইমান ধুনীয়া ঘড়ীটো কোনে বাৰু চুৰি কৰিলে ৷
― এই বুলি কৈ সি মিছিকিয়াই দুষ্ট হাঁহি এটা মাৰি আঁতৰি গ’ল ৷
কেই পিৰিয়ডমানৰ পাচত পল্লৱে ভাস্কৰৰ হাতত এটা ঘড়ী দেখা পালে ৷ পল্লৱ চক খাই উঠিল ৷ আৰে এইটো দেখোন তাৰ হেৰাই যোৱা ঘড়ীটো ৷ পল্লৱে ভাস্কৰক সোধোঁতে ক’লে,
: এই ঘড়ীটো তোমাৰ নহয়; মোৰ হয় ৷ দেউতাই এইটো গুৱাহাটীৰপৰা আনি দিছে ৷
: তোমাৰ দেউতা গুৱাহাটীলৈ গৈছিল?
: অ’ ৷ কিবা অফিচৰ কামত গৈছিল কালি গধূলি ঘৰ পাইচেহি ৷
: অফিচৰ কামত? পল্লৱে ভাৱিবলৈ ধৰিলে ৷
এদিন বেদান্ত ছাৰক সি তাৰ দেউতাক ব্যৱসায়ী বুলিহে কৈছিল ৷ আৰু এতিয়া ই কৈছে অফিচৰ কামত…… ৷
লগে লগে সি চিঞৰি দিয়াৰ কথা ভাৱিলে― “চোৰ! তই মোৰ ঘড়ীটো চুৰি কৰি মিছা মাতিবলৈ আহিছ ৷” এই বুলি ভাস্কৰক এক চৰ মাৰিবলৈ গৈ সি ৰৈ গ’ল ৷ কিছুমান চিন্তাই তাক সেই কামৰ পৰা বিৰত ৰাখিলে ৷ সি আৰু একো কৰিব নোৱাৰিলে আৰু বেঞ্চত বহি পৰিল ৷
সি ঘৰলৈ গৈ স্কুলত ঘটি যোৱা ঘটনাবোৰৰ বিষয়ে ভাবিবলৈ ধৰিলে ৷ স্কুলত তাক কিছুমান কথাই আঘাত কৰিছিল ৷ তাৰ মনটোৱে কৈছিল ভাস্কৰে ঘড়ীটো চুৰি কৰা নাই ৷ যদি তাৰ ঘড়ীটো ভাস্কৰে চুৰি কৰিছে তেন্তে সি তাৰ আগত নিপিন্ধিলেহেঁতেন ৷ কিন্তু ঘড়ীটো দেখাত তাৰ ঘড়ীটোৰ দৰে হুবহু একে ৷ এবাৰ বেগটো ভালকৈ চোৱা যাওক ৷ কিজানিবা উলায়েই ৷ বেগতো তল ওপৰ কৰি দিওঁতে, Oh my God……!!
পিছদিনা স্কুলত পল্লৱে হাঁহি মুখে সকলোৰে লগত কথা পাতিলে আৰু ভাস্কৰক আগদিনা ঘটি যোৱা ঘটনাৰ বাবে ক্ষমা খুজিলে ৷ পল্লৱক হাঁহি মুখে থকা দেখি ভাস্কৰ অবাক ৷ আনকি জিন্টু,মন্টু,ৰাজীৱ,ৰাজতিলক সকলো অবাক ৷ ৰাজতিলকে পল্লৱক সুধিলে ―
: ঘড়ীটো পালা নেকি? ইমান হাঁহি মুখে আছা যে ৷
: ঠিক পোৱা নাই ৷ কিন্তু পালো বুলিয়েই ধৰা ৷ মাত্ৰ কিছু সময় ধৈৰ্য ধৰা ৷ লাহে লাহে সকলো কথা গম পাবা ৷
: মই জনামতে ভাস্কৰে মোৰ ঘড়ীটো………
: চুৰি কৰিছে নহয়? নহয় জানো? মোৰ মতেও সিয়েই চুৰি কৰিছে ৷ তোমাৰ মনত আছেনে এবাৰ সি যে মোৰ কলমটো চুৰি কৰি লুকুৱাই থৈছিল আৰু মিছা মাতিছিল ৷
: তুমি মোক বাক্যটো সম্পূৰ্ণ কৰিবলৈ নিদি তুমিয়েই কৈ দিলা ৷ আচলতে মই সেইটো ক’ব খোজা নাই ৷ মই ক’ব খুজিছিলো যে ভাস্কৰে মোৰ ঘড়ীটো চুৰি কৰা নাই ৷
: তেনেহ’লে কেনে চুৰি কৰিলে?
: সময়ে সময়ে মানুহ পৰিৱৰ্তন হয় ৷ যেনে – ভাস্কৰ তুমি……
: মই! তুমি কি কৈছা মই হ’লে একো বুজি পোৱা নাই ৷
: বুজি পাবলৈ কিটো আছে৷ তুমি সকলো বুজি পাইছাই যে ঘড়ীটো চুৰি কৰা কাম ভাস্কৰৰ দ্বাৰা নহয় ৷ তোমাৰ দ্বাৰাহে সংঘটিত হৈছে ৷
: তুমি এইবোৰ কি কৈছা ৷ মই তোমাৰ ঘড়ীটো……
: কিয় চুৰি কৰিলা, নহয়জানো ৷ কেৱল তুমিয়েই নহয় ৷
মন্টু,জিন্টু,ভাস্কৰ,ৰাজতিলক সকলোৱে চুৰি কৰিছা ৷আৰু এই চুৰি কাৰ্য যে এখন নাটক সেইয়াও মই বুজিলো ৷ কিন্তু ঘড়ীটো বেগৰ পৰা ৰাজতিলকে উলিয়াইছিল ৷ Am I correct ? লগে লগে ৰাজীৱে চিঞৰিলে: Yes, Yes You are correct আৰু জিন্টুৱে চিঞৰি চিঞৰি ক’লে : You are great P.J.C. You are great.
ৰাজতিলকে সুধিলে : পি. জে. চি তুমি কেনেকৈ গম পালা যে ঘড়ীটো মই তোমাৰ বেগৰ পৰা উলিয়াইছিলো আৰু এইখন এখন যে নাটক ৷
: অ’ সেইটো ৷ একেবাৰে সহজ ৷ কালি ঘটি যোৱা ঘটনাৰ পাচত মই যেতিয়া বেঞ্চত বহি পৰিছিলো, তেতিয়া তোমালোক সকলোলৈকে মই এটা চাৱনি মাৰিছিলো ৷ তেতিয়া দেখিলো তোমোলোক সকলোৱে চকুৱে চকুৱে চাই এটাকৈ দুষ্ট হাঁহি মাৰিছা ৷ তদুপৰি মই যেতিয়া ৰাজতিলকৰ লগত ঘড়ীটোৰ কথা পাতিছিলো সকলোৱে মোৰ আৰু ৰাজতিলকৰ কথা মন দিছিলা ৷ তেতিয়াই মই এইখন যে এখন নাটক বুজি পাইছিলো ৷ কাৰণ তোমালোক সকলোৱে যেতিয়া এটা কামৰ লগত জড়িত সকলোৱে এটা ঘড়ী লৈ কি কৰিবা? মই কালি স্কুলৰপৰা গৈ বেগটো ভালদৰে চাওঁতে ৰাজতিলকৰ আঙুঠিটো দেখা পালো ৷
ৰাজতিলকে তাৰ হাতৰ আঙুলিলৈ চাই ক’লে―
: আৰে হয়তো মোৰ আঙুঠি এটা নাই ৷ এই তিনিদিন একো গমেই পোৱা নাই ৷
: বিশ্বাস কৰিবলৈ টান পালোঁ ৷ মই ৰাজতিলকক গালি পাৰোঁ বুলি ফোনটো হাতত লৈ আকৌ থৈ দিলো ৷
ভাবিলো এতিয়াই কৈ নাটকখন শেষ নকৰো ৷ স্কুলত ক’ব লাগিব ৷
ৰাজতিলকে ক’বলৈ ধৰিলে : আচলতে তোমাৰ কথাটো সম্পূৰ্ণ সত্য ৷ আমি সকলোৱে নাটকহে কৰি আছিলো ৷ তোমাক চাব খুজিছিলো তুমি চোৰ ধৰা পেলোৱা অভিযানত কিমান সফল হোৱা ৷ তোমাক দহদিন সময় দিছিলো ৷ এই দহদিনত যদি তুমি চুৰি ধৰা পেলাব নোৱাৰা তেনেহ’লে আমি ঘড়ীটো ঘুৰাই দিম ৷ কিন্তু তুমি তিনিদিনতে কাম সমাধা কৰি দিলা ৷যি হওক তুমি কিন্তু আমাক বেয়া নাপাবা ৷
: বেয়া! বেয়াতো পাইছিলো কিন্তু এতিয়া আৰু নাইপোৱা ৷ বাৰু কোৱাচোন ভাস্কৰে যে এটা ঘড়ী আনিছিল সেইটো কাৰ?
ভাস্কৰে চমুকৈ উত্তৰ দিলে : অ’ সেইটো; তোমাৰেই আছিল ৷
: বন্ধু,তোমোলোকো কম নোহোৱা দেই ৷
: বাৰু আমি বাৰু কম নহয় ৷ কিন্তু তুমি যে তিনিদিনতে চোৰ বিচাৰি উলিয়াই দিলা তুমিও কম নহয় ৷
P.J.C You are great. ― সকলোৱে সমস্বৰে চিঞৰি উঠিল ৷

― মৌচুমী দাস ৷

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।