ধুনতী কাউৰী

বহু পুৰণি দিনৰ কথা। এসময়ত এখন হাবিত এজনী কাউৰী আছিল । কাউৰীজনী তাইৰ লগৰ জাকৰ আনবোৰকৈ কিছু বেলেগ আছিল । সেয়ে তাই নিজৰ গাৰ ক’লা ৰংটো লৈ বৰ বেজাৰ কৰিছিল আৰু আন চৰাইৰ ধুনীয়া ধুনীয়া ৰংবোৰ দেখি ঈৰ্ষাতে জ্বলি পুৰি মৰিছিল । তাই ভা‌ৱিছিল- ‘এই ক’লা ৰংটো‌ৱে মোক ইমান আপচু লাগে! মই যদি আন চৰাইৰ দৰে শু‌ৱনী আৰু ৰংচঙীয়া হ’লোহেঁতেন !’  এনেবোৰ কথাকে মনত পাগুলি পাগুলি ঘুৰি ফুৰোতে হাবিত এঠাইত তাই এদিন এগালমান ম’ৰা চৰাইৰ পাখি পৰি থকা দেখিলে । নিজকে শু‌ৱনি কৰি সজাই তুলিবৰ বাবে তাই সেয়ে সেইখিনি পাখি বুটলি ল’লে আৰু তাতে থকা তাইৰ বন্ধু এটা মলু‌ৱা বান্দৰক সেই পাখিবোৰ তাইৰ গাত গুজি দিবলৈ অনুৰোধ কৰিলে  । মলু‌ৱাই ম’ৰা চৰাইৰ পাখিবোৰ কাউৰিৰ গাত ধুনীযাকৈ লগাই দিলে । ম’ৰা পাখিৰে সুশোভিত হৈ তাই এতিয়া ম’ৰা চৰাইৰ জাকটোলৈ গ’ল আৰু গৈ ক’লে- “মই এতিযা তোমালোকৰ দৰেই দেখিবলৈ ৰংচঙীয়া আৰু ধুনীয়া হৈছো, নহয়নে ? মোক বাৰু তোমালোকৰ লগত থাকিবলৈ দিবা নে ?”

The-Crow-The-Peacock

কিন্তু ম’ৰা চৰাইবিলাকে কাইৰীজনীক দেখিয়েই চিনি পালে আৰু তাইৰ এনে ওফোণ্ডা ভেম দেখি খঙত টিঙিৰি-তুলা হ’ল । সেয়ে গোটেইমখা ম’ৰাই মিলি কাউৰীজনীক খুটিয়াই খুটিয়াই তাইৰ গাৰ পৰা ম’ৰা চৰাইৰ পাখিবোৰ আজুৰি এৰু‌ৱাই পেলালে । ধুনতী কাউৰীজনী ম’ৰাৰ সলনি পুণৰ আগৰ সেই কাউৰী জনী হৈ পৰিল । তেতিয়া বেচেৰীয়ে নিৰূপায় হৈ কাউৰীৰ জাকলৈ উভতি গ’ল আৰু ক’লে-

“বন্ধুসকল, মই আকৌ তোমালোকৰ মাজলে উভতি আহিলো দেই ! মই জানো তোমালোকৰে মাজৰ এজনী নহয়!”

কাউৰীজনীৰ ধুন মৰা স্বভা‌ৱটোৰ বাবেই তাই ইতিমধ্যে নিজৰ সমাজত অপ্ৰিয় হৈ পৰিছিল । সেয়ে সকলো‌ৱে একেমুখে মাত লগালে-

“দূৰ হৈ যো‌ৱা । আমি আৰু তোমাক আমাৰ মাজত ৰাখিব নিবিচাৰো । কাৰণ তুমি নিজকে আমাৰ মাজৰ এজন বুলি ক’বলৈ লজ্জাবোধ কৰা । আত্মপৰিচয় দিবলৈ সংকোচ কৰাজন আমাৰ সংগী হো‌ৱাৰ যোগ্য নহয় ।”

বেচেৰী কাউৰীজনী দুয়োকুল হেৰু‌ৱাই বিপাঙত পৰিল আৰু অকলে অকলে তাকিব লগীযাত পৰিল ।

সাৰাংশ – ১) স্থান হেৰু‌ৱালে মান হেৰায় । ২) নিজৰ ৰূপৰ বাবে দুখো নকৰিবা, অহংকাৰো নকৰিবা, কাৰণ- ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে । ৩) আত্মপৰিচয় গঢ়িবৰ বাবে অন্য কাৰোবাৰ পৰা নকল কৰিব নালাগে ।

  • সংগ্ৰাহক : যতীন্দ্ৰ কুমাৰ পাৰৈ

2 thoughts on “ধুনতী কাউৰী

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে