ডবা (দবা)

ডবা (দবা)

পৰিচিতি-

ডবা অসমৰ ভক্তি মাৰ্গৰ লগত সংযুক্ত হৈ থকা এক বাদ্য | অসমৰ প্ৰায় সকলো ধৰ্মীয় অনুষ্ঠান , যেনে সত্ৰসমূহ, পৌৰাণিক মন্দিৰ, নামঘৰ আদিত ডবা বজোৱা হয়| অসমৰ গাঁৱে-ভুঞেঁ থকা প্ৰতিটো নামঘৰতে ডবা থকা দেখা যায়| নিৰ্দিষ্ট সময়ত সদায় কৰা ডবা বাদনে এক গম্ভীৰ, পৱিত্ৰ পৰিবেশৰ সৃষ্টি কৰে, তাৰোপৰি চহা ৰাইজক সময়ৰ কথাও সকীয়াই দিয়ে| ডবাৰ ব্যৱহাৰ থিক কেনেকৈ বা কেতিয়া পৰা হ’ল কোৱা কঠিন , কিন্তু ইয়াকে কব পাৰি যে, ডবা এক অতি প্ৰাচীন লোকবাদ্য | ব্যৱহাৰৰ পাৰ্থক্য থাকিলেও, ডবা প্ৰাচীন কালত মানুহে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ঢোলজাতীয় বাদ্যসমূহৰে এক পৰিবৰ্তিত ৰূপ বুলি অনুমান কৰিব পাৰি | ডবাৰ মাত অতি গুৰুগম্ভীৰ আৰু এই শব্দই সকলোকে সহজে আকৰ্ষণ কৰে | অসমৰ গ্ৰাম্য সমাজত ডবাৰ এক বিশেষ গুৰুত্ব আছে| নামঘৰৰ ডবাৰ বজোৱা মানেই গধূলি হোৱা বুলি অসমৰ চহা ৰাইজে এতিয়াও বিশ্বাস কৰে আৰু কাম কাজ সামৰি ঘৰলৈ ঘুৰি আহিবলৈ সাজু হয়|

ব্যৱহাৰ-

ডবা সাধাৰণতে গীত মাতৰ সতে সংগত কৰা বাদ্য নহয় | অসমীয়া সমাজত ই এবিধ মাংগলিক বাদ্য হিচাপে পৰিচিত| সাধাৰণতে নামঘৰ, মন্দিৰ আৰু সত্ৰ সমূহত , নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট উপলক্ষ্যতহে ডবা বাদন কৰা হয়| নামঘৰত সাধৰণতে পুৱা গধূলি সদায় একে সময়তে ডবা বাদন কৰাৰ পৰম্পৰা আছে| নাম প্ৰসংগৰ সামৰণিত ডবা, কাঁহ, শঙ্খ, ঘন্টা আদি একেলগে বজাই এক ভক্তি পূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা হয়| আকৌ , ৰাইজক আৱশ্যকীয় জাননী দিবলৈ বা আহ্বান কৰিবলৈয়ো ডবা বজোৱা হয়| অসময়ত ডবা বজোৱা মানে কোনো জৰুৰী কাৰ্য্যৰ বাবে একগোট হবলৈ কৰা আহ্বান বুলি অসমৰ ৰাইজে বিশ্বাস কৰে| অসমৰ সত্ৰ সমূহত বিভিন্ন উৎসৱ আদিত মাংগলিক বাদ্য হিচাপে ডবা বজোৱাৰ পৰম্পৰা আছে| ভাঁওনা আৰু গায়ন বায়নত অতি গুৰুত্বপূৰ্ণ অংশত ডবা বাদন কৰা হয়| ডবাৰ শব্দই অপায় অমংগল, বিপদ বিঘিনি , ভুত –প্ৰেত আদি দূৰ কৰে বুলিও বিশ্বাস কৰা হয় | সত্ৰসমূহত ডবা বজাবৰ বাবেই দবাদাৰী নামৰ এক পদবীত লোক নিযুক্ত কৰা হয়| নামঘৰ বিলাকত সাধৰণতে নামঘৰীয়ায়েই ডবা বজোৱাৰ দ্বায়িত্ব লয় | দবাদাৰীয়ে ৰাতিপুৱা ডবাত চাৰিকোব মাৰি জাননী দিয়াক সত্ৰসমূহত ‘চাৰিদাঁৰ’ দিয়া কাৰ্য্য বুলি কোৱা হয়|

অসমৰ বৈষ্ণৱ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এক উল্লেখযোগ্য অনুস্থান বৰসবাহৰ থিয়নামত নেগেৰাৰ সহযোগী বাদ্য হিচাপে ডবাও সংগত কৰা হয় বুলি ‘বাদ্য অভিজ্ঞান’ গ্ৰন্থত ড: দেবজিৎ শইকীয়াই উল্লেখ কৰিছে| সংগত কৰা বাদ্য হিচাপে ডবাৰ ব্যৱহাৰৰ বোধহয় এইটোৱেই একমাত্ৰ উদাহৰণ|

hard

নিৰ্মাণ প্ৰণালী-

ডবা দেখিবলৈ নেগৰাৰ দৰেই এবিধ অৰ্ধ-ডিম্বাকৃতিৰ বাদ্য, কিন্তু আকাৰত নেগেৰাতকৈ যথেষ্ট ডাঙৰ | ডবাৰ গা বা খোলা অংশ পিতল আদি ধাতু বা কাঠেৰে নিৰ্মাণ কৰা হয়| কোনো কোনো ক্ষেত্ৰত মাটিৰে সজা ডবাও দেখা পোৱা যায়| খোলাটোত তলফালে এটা সৰু ফুটা থাকে | এই ফুটাটোৰ বাবেই ডবাৰ মাত স্পষ্ট, ডাঙৰ আৰু গুৰুগম্ভীৰ হয় বুলি ড: দেবজিৎ শইকীয়াই উপৰোক্ত গ্ৰন্থত উল্লেখ কৰিছে | খোলাৰ মূখখন পহুৰ ছালেৰে ছোৱা হয় | কোনো কোনোৱে ম’হৰ ছালো ব্যৱহাৰ কৰে| ডবাৰ সাধাৰণতে খোলাটোৰ তলফালে এটা বাও থাকে আৰু ছাল খন এই বাওটোৰ লগত ৰছীৰে টানি বন্ধা হয় | ৰছীবিলাকক বৰটি বোলে | ওপৰৰ ছাল বা কোবনি খনৰ কাষৰ ফালে চামৰাৰ সুতেৰে এটা সিয়নি দিয়া থাকে, এই সিয়নিটোতে বৰটিবিলাক বন্ধা হয় | ডবাত ঘুন নেথাকে | দুদাল দুফুট মান দীঘল ধেনুভিৰীয়া কাঠৰ মাৰিৰে কোবাই ডবা বাদন কৰা হয়|

ডবা বাদনৰ নিয়ম আৰু কৌশল-

ডবাৰ বাদন প্ৰণালী সৰল , মাৰি দুদালেৰে বিভিন্ন অন্তৰালত কোবনিত কোবাই ডবা বজোৱা হয়| ডবাবাদনত লয়ৰ আৰোহণ আৰু অৱৰোহণ কৰিব লাগে , অৰ্থাৎ বিলম্বিত লয়েৰে আৰম্ভ হৈ ক্ৰমাৎ দ্ৰুতলৈ যায় আৰু শেষত আকৌ নামি আহে| ডবা বজাবলৈ সুবিধা কৰি এটা বাঁহ বা কাঠৰ সজাৰ ওপৰত ইয়াক অলপ হেলনীয়াকৈ স্থাপন কৰা হয় | বাদকে থিয় হৈ বজাব পৰাকৈ ডবা ৰখা দেখা পোৱা যায়|

———————————————————————————–

গ্ৰন্থপঞ্জী-
বাদ্য অভিজ্ঞান – ডঃ দেৱজিৎ শইকীয়া – অসম নাম সমাৰোহ উদযাপন সমিতি – আউনিআটি সত্ৰ|

কৃতজ্ঞতা-
নামঘৰীয়া – নীপকো নামঘৰ ; দুলীয়াজান

তথ্য সংগ্ৰহ- চাও বিজু চাংমাই


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।