পাখি

পাখি

সিদিনা মোৰ এনে লাগিল যেন চৰাইৰ দৰে মোৰো দুখন পাখি আছে৷ উৰি গৈ মই এঠাইত চকলেটেৰে ভৰা এখন পাহাৰ দেখিলোঁ৷ তাত আইচক্ৰিমৰ গছ আছে আৰু চাৰিওফালে ফুলেৰে আল্পনা আঁকি থোৱা আছে৷ উৰি উৰি গৈ থাকোঁতে এঠাইত দেখিলোঁ দুটা ল’ৰাৰ চুলিবোৰ ছোৱালীৰ নিচিনাকৈ দীঘল হৈ গৈছে৷ সিহঁত দুয়োটা শুই আছিল আৰু মই মনে মনে গৈ সিহঁতৰ চুলিত বেণী গাঁঠি দুয়োৰে বেণী দুডাল একেলগে গাঁঠি মাৰি উৰি আহিলোঁ৷ সিহঁত দুয়ো সাৰ পাই চুলিবোৰ গাঁঠি লাগি থকা দেখি নিজে খুলিব নোৱাৰি এটা ল’ৰাৰ ঘৰলৈ গ’ল৷ মোৰ এনে লাগিল যেন ভূমিকম্পহে আহিছে! কিন্তু অলপ পাছত উমান পালোঁ যে সেয়া ভূমিকম্প নাছিল, মোৰ মায়েহে মোক টোপনিৰ পৰা জগাই আছিল৷

ইছ্! মোৰ সপোনটো সঁচা হোৱাহেঁতেন!

=======-=

বৰ্ণিত বৰতামুলী
ক্লাচ III B
ছালৱান পাব্লিক স্কুল, দিল্লী

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “পাখি

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।