এনিশাৰ ডায়েৰী

এনিশাৰ ডায়েৰী

মা-দেউতাই দিয়া মতে মোৰ নাম এনিশা । অৱশ্যে লগৰবোৰে মাতোতে বা মই নিজেও ‘শ’ টোৰ উচ্চাৰণ ‘চ’ বুলিহে কৰো । এনিশা বুলি উচ্চাৰণ কৰিলে নিজকে কিবা আউটডেটেদ যেন লাগে ! কিন্তু আমাৰ মায়ে মোক এনিশা বুলিয়েই মাতে । নামাতিবা বুলি ক’লে উদাহৰণ এটা দি কয়…অসমীয়াত উশাহ শব্দটো উচাহ বুলি ক’লে যেনেকৈ অৰ্থই সলনি হৈ যায় ; তেনেকৈ নিশা আৰু নিচাও দুটা সম্পূৰ্ণ বেলেগ অৰ্থ বুজোৱা শব্দ ।
বাৰু..যি নহওক…মই ক্লাছ নাইনত পঢ়ো । আজি মোৰ জন্মদিন আছিল । কিন্তু কালিৰে পৰা মন চন ভাল হৈ নথকাত জন্মদিন পাতিবলৈ মন নাছিল যদিও মা-দেউতাহঁতে একমাত্ৰ ছোৱালীৰ জন্মদিন বুলি নিজেই ওচৰ চুবুৰীয়া কেইজনমান আৰু লগৰ নন্দিনী, প্ৰিয়ংকা, নাটাশাহঁতক মতাত উপায় নাপায় সন্ধিয়া চেলিব্ৰেট কৰিব লগীয়া হ’ল । মনটো একেবাৰে ভাল লাগি থকা নাই । মাহঁতে যেন মোক বুজিবলৈ চেষ্টাই নকৰে । কালি ৰাতি ভাত খাই থাকোতে জন্মদিনত কি লাগিব বুলি পাপাই সোধাত মই স্মাৰ্ট ফোন এটা লাগিব বুলি কৈছিলো । কিনো এনে দামী বস্তুটো বিচাৰিছিলো বা নোহোৱা নোপজা কথা কৈছিলো ! আজিকালি দেখোন চবেই অনবৰত ফোনতেই ব্যস্ত থাকে । আনকি পাপাও । আৰু তেনেকুৱা ফোন এটা হ’লে ইণ্টাৰনেটত কিবা কিবি চাবলৈ বা নোট্চ, ফটো চটো লগৰ ইজনীয়ে সিজনীলৈ হোৱাট্চ এপত পঠিয়াবলৈ কিমান সুবিধা হয় ..তেওঁলোকে নাজানে নে’কি ! কিন্তু মায়ে মোক বহুত কিবা কিবি কথা শুনালে । মোবাইল ফোন, ইণ্টাৰনেট, ফেইচবুক, হোৱাট্চ এপৰ উপকাৰীতাতকৈ অপকাৰীতা বেছি বুলি কৈ বহুত ব’ৰিঙ লেকচাৰ দিলে, উপদেশ দিলে । মইও খঙতে মাক কিবা কিবি ক’লো…ঘৰতে সোমাই থাকি থাকি কিতাপ পঢ়ি পঢ়ি মান্ধাতা যুগৰ ভূত হৈ গৈছে বুলিও ক’লো । খঙতে মই ভাতো নাখালো কালি ৰাতি । মাক বেয়াকৈ কোৱা বাবে পিছত কিন্তু মোৰ বিৰাট দুখ লাগিছিল । মাক মই বিৰাট ভাল পাওঁ । মায়েও মোক খুব মৰম কৰে । কিন্তু কেতিয়াবা কিছুমান কথাত অলপ বেছি বেছি কৰে । ৰাতি শোৱাৰ সময়ত মা মোৰ ৰুমলৈ আহি মই ভাত নোখোৱা কাৰণে তেওঁও খোৱা নাই বুলি কথা পাতি মোৰ মনটো পাতলাবলৈ চেষ্টা কৰোতে অলপ বেয়া লাগিছিল যদিও বাহিৰত দেখুওৱা নাছিলো । কিন্তু বহুদেৰি পাছতো মই নমতা দেখি হুমুনিয়াহ এটা কাঢ়ি … “নালাগে দিয়া মাতিব মোৰ নিচিনা আউটডেটেদ মানুহক । মই ভালকৈ পি.জি. কৰিও বিয়াৰ পাছত তোমাৰ পাপাৰ দিগদাৰী হয় বুলি, তোমাৰ জন্মৰ পিছত তোমাক দিনটো কোনোবা আয়াৰ হাতত এৰি যাবলৈ বেয়া লাগি ঘৰতে সোমাই সোমাই কেতিয়া মান্ধাতা যুগৰ ভূত হৈ পৰিলো গমেই নাপালো” বুলি ৰুমটোৰ পৰা ওলাই গ’ল । সেই মুহূৰ্ত্তত মাক পিছফালৰ পৰা সাৱটি ‘ মা ..চৰী..প্লিজ মোক বেয়া নাপাবা..মই তোমাক খুব ভাল পাওঁ” বুলি ক’বলৈ বিৰাট মন গৈছিল । কিন্তু কিবা এটা সংকোচ নে জেদৰ কাৰণে জানো..একো ক’ব নোৱাৰিলো । ৰাতি ভালকৈ টোপনিও নাহিল মোৰ । শেহৰাতি অলপ ঠাণ্ডা পৰিছিল হবলা । ৰাতিপুৱা সাৰ পাই গাত থকা কাপোৰখন দেখি গম পাইছিলো..ৰাতি মায়েই সেইখন মোৰ গাত দি থৈ গৈছিল ছাগৈ । কাৰণ পাপাই এইবিলাক সৰু-সুৰা কথাত মন নিদিয়ে ।
স্কুল বন্ধ আছিল কাৰণে অলপ দেৰিকৈ উঠিছিলো । দিনত মা আৰু পাপা এবাৰ ওলাই গৈ মোলৈ কিবা কিবি অনাৰ লগতে বাৰ্থ ডে’ কে’ক আৰু কিবা কিবি খোৱা বস্তু আনিছিলগৈ । ৰাতিৰ ঘটনাটোৰ অনুতপ্ত হৈ আছিলো যদিও মাৰ লগত সহজ হ’ব পাৰ নাছিলো । তেওঁলোক দুয়ো বেলেগে বেলেগে গিফ্ট দিছিল.. । আলহীৰ সন্মুখত মাক অলপ বেছি ভাল পাওঁ বুলি কৈ মায়ে দিয়া গিফ্টটো আগতে লৈ কাণে কাণে মাক চৰী বুলি কওঁতে মায়ে মোৰ গালত চুমা এটা খাওঁতে মনটো পাতল পাতল লাগিছিল । এটা পেকেট দেখিয়েই সেইটোৰ ভিতৰত কিতাপ আছে বুলি গম পাইছিলো । আনটোত নিশ্চয় সিদিনা মই পচন্দ কৰি অহা ফ্ৰকটো । পাপা কিন্তু বিৰাট বুধিয়ক… ফোন কিনি দিলে মায়ে বেয়া পাব বুলি গম পাই এনভেলপ এটাত পইচা দি…তুমি যি লাগে কিনি ল’বা বুলি কৈছিল ।
অলপ সময় নন্দিনী, প্ৰিয়ংকা, নাটাশাহঁতৰ লগত ৰুমত আড্ডা দিছিলো । নন্দিনীয়ে বাৰে বাৰে তাই নতুনকৈ লোৱা স্মাৰ্ট ফোনটোৰ ফেচিলিটিবোৰ দেখাই জ্বলাবলৈ ট্ৰাই কৰি আছিল । সেইটো দেখি ৰাতিৰ কথাবোৰ মনত পৰি মনটো কিবা ভাল লগা নাছিল । প্ৰিয়ংকাৰ বাবেতো সেইবিলাক বস্তুৰ একো ভেলুৱেই নাই…পঢ়াক্কু জনী…কিমান যে কথা জানে নহয় তাই ।
নাটাশা আৰু মোৰ সমস্যা একেই । তাইৰো নামৰ পাছফালে ‘শ’ । আৰু পইচা থাকিলেও তাইকো স্মাৰ্ট ফোন কিনি নিদিয়ে…তাইতো নন্দিনীক কৈয়েই দিলে…তই এইদাল আমাক দেখাই জ্বলাই নাথাকিবি..ঘৰত স্মাৰ্ট শব্দটো ক’লেই থাপুচ-থুপুচ চৰিয়াব । ফোন শব্দটো মুখৰ পৰা বাহিৰ ওলাবলৈ নাপাবই । তাতে দাদাই এইবাৰ মেডিকেলত চিট পোৱাৰ পাছত মোৰ ওপৰত চবৰে তামাম দাদাগিৰী…ঘৰত চবৰে কমন ডায়লগ…এইজনী ইমান চঞ্চল.. লাইফত একো নহয় এইৰ…।
মাজতে মা আহি মোক মতাত ওলাই গৈ বাকী আলহীবোৰক মাত লগাই আহিছিলোগৈ । ক্লাছ নাইন পোৱাৰ পৰা সকলোৰে এটাই কথা..অহাবাৰ তোমাৰ ৰিজাল্টৰ পাৰ্টি খাবলৈহে আহিম দেই..ভালকৈ পঢ়িবা…।

1.0x0
নন্দিনীহঁতক খোৱাৰ টেবুললৈ মাতিবলৈ ৰুমত সোমাওঁতে সিহঁত গোটেইকেইজনীয়ে ফুচ ফুচকৈ কিবা এটা গোপন কথা পাতি জমাই আছিল । কি বুলি সোধাত ..হেঃ..বাদ দে একো নহয়.. পিছত ক’ম … বুলি কোৱাত খঙ উঠিছিলেই ..মোৰ কথা পাতি কিবা জমাই আছে বুলি । মোৰ মুড অফ হোৱা যেন দেখি নাটাশাই ক’লে…ঐ জান…নন্দিনী বোলে টিউচনলৈ যাওঁতে আজি ক্লাছ টেনৰ বিকীয়ে প্ৰপ’জ কৰিছিল…। নন্দিনীয়ে বোলে চেণ্ডেল এপাত খুলিবলৈ ধৰোতে সি দৌৰি পলাওঁতে পৰিল । OMG..সেইটো ‘চিন’ দেখা হয় কি মজা লাগিল হয় । হা…হা…..হা ।
ঐ তোমালোক কিজনী ৰুমত সোমাই কি জমাই আছা…খোৱাহি আহাঁ..দেৰি হ’ল বুলি মায়ে চিঞৰাত খুক খুকাই হাহিঁ গোটেই কেইজনী ৰুমৰ পৰা ওলাই গ’লো…।
ভাল লাগিল সময় খিনি । সিহঁত যোৱাৰ পাছত গিফ্ট বোৰ খুলিলো । মায়ে মোক এটা পেন, মাৰ প্ৰিয় লেখক হোমেন বৰগোহাঞিৰ এখন কিতাপ…আৰু জন্মদিনৰ শুভেচ্ছা জনাই একলম লিখি মোকো সদায় কিবা অলপ লিখিবলৈ এখন ডায়েৰী দিছে । আচৰিত কথা …তেওঁ দিয়া হোমেন বৰগোহাঞিৰ এখন কিতাপৰ নামো..এদিনৰ ডায়েৰী । মই কিতাপখনৰ নামটোৱে আকৰ্ষণ কৰাত ওপৰে ওপৰে মাজৰ পৃষ্ঠা কেইটামানত চকু ফুৰাই গম পালো…কিতাপখন দুজন বয়োজ্যেষ্ঠ মানুহৰ কথোপকথন যেন লাগিলেও হোমেন বৰগোহাঞি ডাঙৰীয়াৰ আত্মকথাৰ নিচিনা…। মায়েনো মোক কিয় পঢ়িবলৈ দিলে….এজনী চৌধ্য বছৰীয়া আধুনিক কিশোৰীয়ে পঢ়ি ভাল পাব লগীয়া কিতাপ যেন নালাগে দেখোন সেইখন । কিন্তু জন্মদিনৰ দিনা ডায়েৰী এখনৰ সৈতে হোমেন বৰগোহাঞিৰ নিচিনা এজন প্ৰখ্যাত লেখকৰ এদিনৰ ডায়েৰী কিতাপখন নো মায়ে মোক এনেই দিছেনে…..। কিতাপখন সেই মুহূৰ্ত্তত পঢ়িবলৈ ধৈৰ্য্যও নাছিল । যোৱা ৰাতি ভালকৈ নোশোৱাৰ বাবে টোপনিও ধৰিছিল চিলমিলকৈ । মেলা কিতাপখন টেবুলতে থৈ ডায়েৰীখনত কি নো লিখিম ভাবি থাকোতে কোঠাটোত চলি থকা চিলিং ফেনখনৰ বতাহত কিতাপখনৰ পাত বোৰ উৰি আছিল । হঠাৎ কিতাপখনৰ তৃতীয় পৃষ্ঠাৰ এটা পেৰেগ্ৰাফত চকু পৰিল….. ‘দিনটোত কি কি বেয়া চিন্তা মোৰ মনলৈ আহিছিল ? ’ গোগ্ৰাসে পঢ়িলো কথাখিনি..। একেটা কথা ভাবি মোৰো কাণ মুৰ গৰম হৈ আহিল …..হয়তো…মোৰো কথাবোৰ দেখোন তেনেকুৱাই.. আজি জন্মদিন আছিল কাৰণে বেলেগ কথা চিন্তা কৰিবলৈ আহৰি পোৱা নাছিলো যদিও আনদিন বোৰত দেখোন মইও আনে বেয়া বুলিব পৰা কিছুমান লাজ লগা কথা মাজে মাজে ভাবি থাকো । সেইবোৰ ডায়েৰীত লিখি থোৱাটো দূৰৈৰে কথা, দ্বিতীয়বাৰ ভাবিলৈকে লাজ লাগে কেতিয়াবা । আৰু সেইবোৰৰ বেছিভাগেই মন আৰু শৰীৰত এক ৰহস্যময় গোপনীয় অনুভূতিৰ সৃষ্টিকাৰী .. ।
চৰম উৎসুকতাৰে “এদিনৰ ডায়েৰী”ৰ পাছৰ কথাখিনি পঢ়ি কিয় জানো সামান্য হতাশ হ’লো । কাৰণ কিতাপখনৰ সেই চৰিত্ৰটোৱে নিজে ভবা বেয়া কথাখিনিৰ সন্মুখীন হ’বলৈ লাজ বা সংকোচ কৰি প্ৰথম দিনাই ডায়েৰী লিখাৰ চিন্তা বিসৰ্জন দিলে । কিয় ? তাতকৈ তেওঁ সেইবোৰ চিন্তা কৰাৰ পৰা বিৰত থাকিব লাগে তাৰ উপায় দিব পাৰিলেহেঁতেন । অৱশ্যে কথাখিনি পঢ়ি এটা কথা গম পালো যে কেৱল ময়েই তেনেকুৱা কথা চিন্তা নকৰো । হয় …কথাবোৰ লাজ লগা বা গোপনীয় । তৃপ্তিদায়ক যদিও একেসময়তে মনত এক অপৰাধবোধৰো সৃষ্টি কৰে । কিন্তু মইতো বেয়া ছোৱালী নহয় বা আজিলৈকে তেনেকুৱা বেয়া কাম কৰি পোৱা নাই ।
তেনেকুৱা কথাবোৰ চিন্তা কৰাতো পাপ যদি মনলৈ কিয় আহে ! সেইবোৰ কথা ভাবি মই বহুত বহুমূলীয়া সময় খৰচ কৰিছো । অথচ সেইবোৰৰ পৰা মোৰ একো লাভ হোৱা নাই বৰঞ্চ মোৰ সময় নষ্ট হোৱাৰ লগতে পঢ়াৰো ক্ষতি হয় । এনেবোৰ চিন্তা কৰা বেয়াই যদি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিব লাগিব । কিন্তু মইতো সেইবোৰ চিন্তা কৰো বুলি নকৰো । নিজে নিজেই দেখোন মনলৈ আহে । মনটোক কেনেকৈ বাধা দি ৰাখিম !
অলপ আগলৈকে সোনকালে শুম বুলি ভাবিছিলো যদিও ইতিমধ্যে টোপনি পলাই ফাট মাৰিছিল । হঠাৎ এটা কথা মনলৈ আহিল…আজিৰ দিনটোত তেনেকুৱা একো অলাগতীয়াল কথা কিয় মনটোৱে ভবা নাছিল ? …জন্মদিন বুলিতো মই বেয়া কথা নভবাকৈ থাকিম বুলি ৰাতিপুৱাতে শপত খাই লোৱা নাছিলো । দিনটো ইটো সিটো কামত লাগি থাকি সন্ধ্যাৰ পৰা আলহী আৰু বাৰ্থ ডে’ চেলিব্ৰেচনত ব্যস্ত থাকোতে মনটোৱে অদৰকাৰী চিন্তা কৰিবলৈ আহৰিয়েই নাপালে । পৰীক্ষাৰ সময়তো এনেকুৱা অদৰকাৰী চিন্তা কৰিবলৈ সময় নাপাওঁ । তাৰমানে ব্যস্ত হৈ থাকিলে মনটোৱে বেয়া কথা ভাবিবলৈ আসৈ বা সময় নাপায় । মনে মনে মোৰ ভিতৰৰ মইজনীক ক’লো… “মন ..তোক চেলেঞ্জ কৰিছো… আজিৰ পৰা মই তোৰ মতে নচলো..মই তোক চলাম ।শিলৰ খুটাৰে বান্ধি ল’ম তোক” । পঢ়িবলৈ মন নগ’লে মাহঁতক দেখুৱাবলৈ এনেই পঢ়া টেবুলতো বহি নাথাকো । তাতকৈ বাহিৰা কিতাপ পঢ়িম বা গান শুনিম । ছবি আঁকিম । খোজ কাঢ়িবলৈ যাম । লাগিলে চিনেমাই চাম । মুঠতে নিজকে ব্যস্ত ৰাখিম । তথাপিতো এনেই পঢ়া টেবুলত বহি বা অসময়ত বিচনাত শুই আজে বাজে কথাবোৰ ভাবি নাথাকো ।
ধন্যবাদ..হোমেন বৰগোহাঞি ডাঙৰীয়া..ধন্যবাদ মা..বুলি মনতে ভাবি ‘এদিনৰ ডায়েৰী’ খন পাছত পঢ়িম বুলি জপাই থ’লো যদিও মাই মৰমৰে উপহাৰ দিয়া ডায়েৰীখনত প্ৰথম দিনাই একো নিলিখাকৈ এৰিবলৈ বেয়া লাগিছিল । আজিতো অন্ততঃ মই একো বেয়া কথা ভবা নাই…তেন্তে কি সঁচা আৰু ভাল কথা লিখোনো ? অলপ সময় ভাবি লিখিলো… “মা..তোমাক মই বিৰাট ভাল পাওঁ” । কিবা এটা ভাবি তলৰ শাৰীত আকৌ লিখিলো…… “ মই দেউতাকো ভাল পাওঁ” ।

 

(বিনা অনুমতিত হোমেন বৰগোহাঞি চাৰৰ ‘এদিনৰ ডায়েৰী’ৰ কথা উল্লেখ কৰাৰ বাবে ক্ষমা বিচাৰিলো ) — দীপাঙ্ক বৰা (৯৪৩৫১৮০৫০৪)


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।