শাৰদী উছৱ আকৌ আহিল
ধৰালৈ নামি
কৰিব স্থাপন এই ধৰাত
শান্তিৰ অমৃত বাণী।
শৰতৰ প্ৰতিটো কোমল পুৱা
জিপাল কৰিব শেৱালী ফুলে
নিয়ৰ সনা সন্ধিয়াই আকৌ
মাতিব শীতক এই ধৰালে।
দূৰ্গতি নাশিনী আহিব নাশিবলৈ
দুখ দূৰ্গতি অত্যাচাৰ
মাৰি মৰক আতৰাই
আনিব শান্তিৰ সমাহাৰ।
দীপাৱলীয়ে পোহৰাব
প্ৰতিঘৰৰ চৌপাশ
মনৰ কলুষতা আতৰি
পোহৰ হ’ব মনৰ আকাশ।
শাৰদী উছৱত আমি অকণিয়ে
কৰিছো এই আশা
স্থাপন হওক এই মৰতত
সুখ শান্তিৰ দীপ্ত শিখা।