ফকৰা-যোজনা আৰু ডাকৰ বচন

ফকৰা-যোজনা আৰু ডাকৰ বচন

১ অমাতৰ মাত, আকালৰ ভাত ।

২ অতিৰ লগত যতি মৰে,
উলুৰ লগত বগৰি পোৰে।

৩ অচিন কাঠৰ থোৰাকো নলগাবা,
অচিন লোকক থাকিবলৈ নিদিবা ।

৪ অতিপাত শলাগণী ফুচুলনিৰ চিন,
আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।

৫ আছে দান দিয়া, নাই সমিধান দিয়া ।

৬ আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে যাম ।

৭ আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

৮ আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

৯ আপুনি নঙঠা হৈ জগতক বৰ দিয়া,
নিজে ভিক্ষা কৰি জগতক বিলোৱা ।

১০ আপোন ভালেই জগত ভাল ।

১১ আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ।

১২ আপোন ভালেই জগত ভাল ।

১৩ আঁহ লুকাব, বাঁহ লুকাব, গালৰ সোতোৰা কত লুকাব

১৪ আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

১৫ আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

১৬ আই আছে যদি খাই যা, আই নাই যদি চাই যা ।

১৭ আই সমান হব কোন , নৈ সমান বব কোন ?

১৮ আইলৈ যিহাত বাইলৈকো সেয়ে হাত ।

১৯ আঁকালৰ ভাত , নিদানৰ মাত ।

২০ আঁকালো নাই , ভড়ালো নাই ।

২১ আগফালে মাৰো ডাং , পাচ ফালে ধোবাং বাং ।

২২ আঞ্জাত নেখায় লোণ,
পিটিকাত যায় তিনি গুণ ।

২৩ আছে কাপোৰ আছে জাৰ,
নাই কাপোৰ নাই জাৰ ।

২৪ আঁকালৰ ভাত , নিদানৰ মাত ।

২৫ ইকালত দুখ যাৰ, পৰকালত সুখ তাৰ

২৬ ইয়াত মাৰিলে টিপা , গড়গাওঁ পালেগৈ শিপা ।

২৭ এলেকৰ পেলেক, কুকুৰ চোৱাৰ ভাগিনীয়েক ।

২৮ এঘৰৰ পাট নাদ, এঘৰৰ জৰী এঘৰে পানী তোলে ঘটংমটং কৰি।

২৯ এখন তাল নেবাজে ।

৩০ এশ গৰু মাৰিলে বাঘৰো মৰণ ।

৩১ এনেয়ে বুঢ়ী নাচনী , তাতে নাতিনিয়েকৰ বিয়া ।

৩২ উদে ধৰে , কুৰুৱাই খায় ।
অমুকাৰ ডিঙিৰ কাঁইট এৰাই যায় ।।

৩৩ উলুৰ লগত বগৰী পোৰা ।

৩৪ উদক ভেঁটা ৰখীয়া পতা ।

৩৫ উদক ভেঁটা , চোৰক ঘৰ , যি ৰখীয়া পাতে সি মৰ ।

৩৬ উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰে ।

৩৭ উৰহে কামোৰে ৰাতি , খঙত মাৰ খায় পাটি ।

৩৮ উপকাৰীক অজগৰে খায় ।

৩৯ কথা বুলিলেই বতাহ ।

৪০ কলিয়াবৰত পৈয়েক মৰিল, ঢেঁকী দিওতে মনত পৰিল ।

৪১ কোন কপালত সাধিম, পোৰ বিয়া পাতিম ?

৪২ কথাতকথাবাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰঘৰতজীয়াৰীবাঢ়ে, পথাৰতবাঢ়েধান।।

৪৩ কথাতেই কটা যায়, কথাতেই বঁটা পায় ।।

৪৪ কাকনো বুলিম ককা, আটাইৰে ডাঢ়ি চুলি পকা ।

৪৫ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।

৪৬ কুকুৰৰ নেজ দীঘল হয় , নিজে পাৰি বহিব ।

৪৭ খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

৪৮ খাবলৈ পালে মোৰ ডোম, খাবলৈ নেপালে চোৰ ডোম ।

৪৯ খালত পৰা হাতীক শিয়ালে নেজ দেখুৱায় ।

৫০ খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়ে পীৰা।

৫১ খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।

৫২ খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।

৫৩ খাবলৈ নেপালো জহা ধানৰ ভাত , শুনিবলৈ নেপালো অমাতৰ মাত ।

৫৪ খেতি কৰিবা বাওৱে , বণিজ কৰিবা নাৱে ।

৫৫ গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া ।

৫৬ গৰু আনিবা ৰিংটোৰ , ছোৱালী আনিবা দিনটোৰ ।

৫৭ গৰু কিনিবা দীঘল নেজা , মৈত উঠিলে নহয় কুঁজা ।

৫৮ গৰু চাবা গধূলী , ৰোৱা চাবা পুৱা । জকাই বাওঁতে ছোৱালী চাবা , কোন কেনেকুৱা ।।

৫৯ গাঁও পালে মাগিবা , নৈ পালে হাগিবা ।

৬০ গো চিনিবা নেজে, পো চিনিবা বিবাহৰ পৰে ।

৬১ গোৰ মাৰি গঙ্গাত পেলোৱা ।

৬২ গাত নাই চাল-বাকলি ,
মদ খাই তিনি টেকেলি ।

৬৩ গেলা ঘাত চেঙ্গা তেল ঢলা ।

৬৪ ঘৰৰ কথা নকবি পৰক, ক’লে হয় লৰক-ফৰক ।

৬৫ ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নুসুধি সুধিম কাক ?

৬৬ ঘৰত মিল নাই ইটিৰ সিটিৰ, সি কি পাতিব আনত মিতিৰ ।

৬৭ ঘনকৈ খুটিয়ালে শিঙৰাও মাছ ।

৬৮ ঘঁহি থাকিলে শিলো ক্ষয় যায় ।

৬৯ ঘোঁৰা চাই ঘোঁৰী, বিধাতাই থৈছে জুৰি ।

৭০ ঘৈণীয়ে ঘৰ, ঘৈণী নহলে ঘৰ লৰফৰ ।

৭১ চৰণেহে জানে মৰণৰ ঠাই ।

৭২ চল চাই চাপৰি বজোৱা ।

৭৩ চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা ।

৭৪ চকা বহিল পাটত , গিৰিহঁতনী উঠিল খাটত ।

৭৫ চাপি আহ চুমা খাঁও , পেট ডাঙৰ ঢুকি নেপাঁও ।

৭৬ চোৰে নেৰে চোৰ পৰকতি , কুকুৰে নেৰে ছাই ।

৭৭ যাৰ যি পৰকতি আছে মৰিলেও লগতে যায় ।।

৭৮ চুকতে থাকি বুকতে কামোৰা ।

৭৯ ছয় পো ছয় নাতি , তেহে কৰিবা কুঁহিয়াৰ খেতি ।

৮০ ছাগৰ যিমান ভয় , বাঘৰো সিমান ভয়।

৮১ ছাগলীয়ে নেখায় কি, পাগলে নকয় কি ?

৮২ ছোৱালী আনিবা মাক ভাল,
মাটি কিনিবা মাজ খাল ।

৮৩ জলা জুইত ঘিউ ঢলা ।

৮৪ জনাৰ ভাত-মাছ , নজনাৰ গলগ্রহ ।

৮৫ জীৱন মৰণ গমন বাণী ,
ই চাৰি কথা ডাকেও নেজানি ।

৮৬ জীৰ নাতি জপনা কটি,
পোৰ নাতি ধৰে আঁতি ।

৮৭ জী ভালেই জোৱাই ভাল , আপোন ভালেই জগত ভাল ।

৮৮ জীক দিলো জোৱাইৰ বুকুত , পোক দিলো বোৱাৰী বুকুত ।

৮৯ টান পালে কৰে কাতৰ , ঢিলা পালে হয় আঁতৰ ।

৯০ টোপনি চিকুণ পুৱা, মাছৰ চিকুণ মোৱা, কটাৰিৰ চিকুণ গোৱা ।

৯১ টেঙা আম এবাৰহে বেচিবা ।

৯২ টেঙাৰ সোৱাদ ঔ , মাতৰ সোৱাদ বৌ ।

৯৩ ঠেক মন যাৰ ,
সমাজত ঠাই নাই তাৰ ।

৯৪ ঢিলা পালেহে ঠিলা মাৰে ।

৯৫ তেজ ধুলে উটে , মঙহ ধুলে নুটে ।

৯৬ তালুত নাই চুলি তাকে বোলে তপা ।
কথাৰ ঠিক নাই তাকে বোলে লপা ।।

৯৭ তিতা ও তিতা নেমু টেঙাৰ পাত,
তাতকৈ তিতা মাহী আই মাত ।

৯৮ দহ দেশ ফুৰে যি , দহ কথা শিকে সি ।

৯৯ দহে মিলি কৰা কাজ , হাৰা জিকা নাই লাজ ।

১০০ দহো আঙুলিয়ে খায়, বুঢ়াই হেচুকিলেহে যায় ।

১০১ দিন ভিক্ষা প্রাণ ৰক্ষা ।

১০২ দেহা থাকিলে বেহা , দেহা নহলে কিহৰ বেহা ।

১০৩ দায় নাই দেৱলীয়া , তিৰী নাই কেৱলীয়া ।

১০৪ দিন পৰিছে খালত , লাউ কোমোৰা নুঠে চালত ,

১০৫ যিবা তুলি দিলো চালত , গুটি নধৰে ডালত ।

১০৬ দেখাক দেখি কুকুৰেও কৰে একাদশী ।

১০৭ দিব থব পাৰিলে ভাই ভনী , দিব নোৱাৰিলে কেৰোকাণি ।

১০৮ ধন দিলে ধোবা , মেখেলাকো কোবা ।

১০৯ ধন লবা লেখি , ধান লবা জুখি ।

১১০ ধাৰে কাটিলেও কটা , গদিৰে কাটিলেও কটা ।

১১১ ধান কাটিবা মুঠি মুঠি , খেৰ কাটিবা তিনি মুঠি ।

১১২ ধান পকে মানে টুনিৰ মৰণ ।

১১৩ ধান পুৰীয়া কঁঠাল পাতৰ তলতে লুকায় ।

১১৪ ন চহকীৰ ধন , ধাৰে নিলেই মৰণ ।

১১৫ নকলে বোপায়ে চুৱাতে খায়, কলে আয়ে কিল খায় ।

১১৬ নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ৰাইজৰ দোষ ।

১১৭ নল মৰে গজালি উঠে ।

১১৮ নাৰীৰ ষোল কলা পুৰুষে কি পাব তলা নলা ।

১১৯ নাৰিকল ৰুবা পাতে পাতে , লাগে নেলাগে নেলাগে লাগে ।

১২০ নাকটো কাটিলে লাজ নেলাগে, নখটো কাটিলে মৰে ।।

১২১ নাই বুলিয়েও নেৰে , কুঁহিয়াৰ পেৰাদি পেৰে ।

১২২ নাখাওঁ শালি ধানৰ ভাত , বোকাতো নিদিওঁ হাত ।

১২৩ নাই পো-মুখে,নাই পো গোফে ।
নাই পো লনি , নাই পো ধনী ।।

১২৪ নাই ৰঙামাটি , নাই গুৱাহাটী ।

১২৫ নাও বুৰিলেও টিঙৰ পৰা ননমা ।

১২৬ নানা দেশ ফুৰে যি, নানা কথা শিকে সি ।

১২৭ নাহাঁহিবা মোক , সোঁচৰিব তোক ।

১২৮ নাগিনীয়ে ল’ৰা পালে, নগাই জাল খালে ।

১২৯ নিলাজৰ লাজ নাই , কেকোঁৰাৰ মূৰ নাই ।

১৩০ নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।

১৩১ নেৰিবা আদি মূল , নেৰিবা জাতি কুল , নেৰিবা বোলা বচন ।

১৩২ পৰত আশ , বনত বাস ।

১৩৩ পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা ।

১৩৪ পতিৰ চৰণত থাকে মতি , তেনে নাৰীক হে বোলে সতী ।

১৩৫ পাপৰ ধন পৰাচিতত যায় ।

১৩৬ পিতৃ অবিহনে সংসাৰৰ পৰে ভাৰ ,
মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ ।

১৩৭ পেহীয়ে মাহীয়ে ভৰি আছে গাঁও ,
আই নাইকিয়া , লঘোনে যাওঁ ।

১৩৮ পোলৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।

১৩৯ পৈয়েকে বুলিলে কাজী ,
ভাল লাগিছে আজি ।

১৪০ ফটা বাঁহ জোৰা নেলাগে ।

১৪১ বনৰ বাঘে নেখালেও মনৰ বাঘে খায় ।

১৪২ বৰৰ দায় পিছলি যায় , সৰুৰ দায় খুচৰি খায় ।

১৪৩ বলদ কিনা বাই, গাই কিনা খীৰাই ।

১৪৪ বগা ভাত দেখিলে কলা কাউৰীৰ অভাৱ নাই ।

১৪৫ বাঘে-ঘোঙে লগে চৰে, কাকো পালে কেৱে নেৰে ।

১৪৬ বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ ।

১৪৭ বাজিব লাজে টেমি-কটাৰী, বাজিছে হাঁচটি ।

১৪৮ বামুণ,গণক,কোৱা,এই তিনি পৰৰ খোৱা ।

১৪৯ বেজীৰ জলাকে মনে,কুঠাৰ জলাকো নমনে ।

১৫০ বাচি খাবা , জাগি শুবা ।

১৫১ বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায় ।

১৫২ বহিব জানিলে মাটিয়েই পিৰা , খাব জানিলে চাউলেই চিৰা ।

১৫৩ বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী ।

১৫৪ বাছি খাবা , জাগি শুবা ।

১৫৫ বুঢ়াৰ কথা নুশুন একা , টানত পৰি কিয় কেঁকা ।

১৫৬ বেঙেনা গছত হাকুটি লগোৱা ।

১৫৭ বুঢ়া শালিকাই কি মাত লব ?

১৫৮ বুঢ়ীৰ কি বন আছে , চাউলত ধান পেলাই বাচে।

১৫৯ ভকত পৰিল খালত, কুকুৰে কামোৰে গালত

১৬০ ভাত খাই উঠি খাই তিনি শিলিখা
তাৰ নাই ৰোগ টিলিকা ।

১৬১ ভুকা কুকুৰে কামুৰিব নোৱাৰে ।

১৬২ ভিতৰে ৰং চং বাহিৰে কোৱা ভাতুৰী ।

১৬৩ ভিতৰে গৰল, বাহিৰে সৰল ।

১৬৪ ভাজনৰ ভোজন,অভাজনৰ গলগ্রহ ।

১৬৫ ভীমক মানিলে গদাকো মানিব লাগে ।

১৬৬ ভুকুতে কল নপকে ।

১৬৭ ভোকৰ সমান ব্যাধি নাই,ভাতৰ সমান ঔষধ নাই ।

১৬৮ ভোকত ভাত , পিয়াহত পানী,তাকে নেখালে বল হয় হানি ।

১৬৯ ভোজৰ আগমেলৰ পাছ ।

১৭০ মন কৰিলেই চন, বাকৰি মাটিতে ধন।

১৭১ মাছ বুলি নেখায়,জি-জি বুলি খায় ।

১৭২ মাকে শলাগে জী বাপেকে শলাগে জী ।
আনে শলাগিব যাক,সেয়ে মাকৰ জী ।।

১৭৩ মাকে নেজানে তাঁতৰ বিহা,জীয়েকৰ গাত ফুলাম ৰিহা ।

১৭৪ যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া ।

১৭৫ যাৰ নাই ধান , তাৰ নাই মান।

১৭৬ যাৰ নাই ধন , তাৰ কি মন।

১৭৭ যাৰ খাবা লোণ , তাৰ গাবা গুণ ।

১৭৮ ৰজা হয় ভিক্ষাৰী, হাতে লয় টোকাৰী ।

১৭৯ ৰজা নাই পাটত, লোকে কিলায় বাটত ।

১৮০ ৰজা হলে এখন কাণ কলা, এটা চকু কণা ।

১৮১ ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল ।

১৮২ ৰাইজে নখ জোকাৰিলে নৈ বয় ।

১৮৩ ৰৌ-বৰালী সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল ।

১৮৪ ল‘ৰাই পানী পেলায় বৰে পিছলি পৰে ।

১৮৫ লাজত নবয় ভাৰ, জোলোঙাই ভাঙে কামিহাড় ।

১৮৬ লাই পালে কুকুৰে গললৈকে জপিয়ায় ।

১৮৭ লোভেই পাপ , পাপেই মৃত্যৃ ।

১৮৮ লুইতেহে জানে বঠা কিমানলৈ বহে ।

১৮৯ শাহুৱে গৰকা বোৱাৰী বাবা,মাছে গৰকা পাচলি খাবা ।

১৯০ শাহু থাকে মানে জোৱাই, আই থাকে মানে মোমাই ।

১৯১ শুই থকা শিয়ালে হাহঁ ধৰিব নোৱাৰে ।

১৯২ সময়ৰ এক শৰ , অসময়ৰ দহ ।

১৯৩ সত্যৰ সদায় জয় ।

১৯৪ সতিনী মৰিল ভালেই হ’ল,
দুয়োখন মেখেলা মোৰেই হ’ল ।

১৯৫ সমানে সমানে কৰিবা কাজ ,হাৰিলে জিকিলে নাই লাজ ।

১৯৬ সাত পুৰুষত নাই গাই , কঁৰীয়া লৈ খীৰাবলৈ যায় ।

১৯৭ সাৱধানৰ মৰণ নাই, সজাগৰ বিপদ নাই ।

১৯৮ সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু ।
১৯৯ কথা চহকীয়ে কথা চিনে , হাহেঁ চিনে কেচুঁ ।

২০০ হলা-গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে ।

২০১ হবৰ দিনত কুকুৰেও মৈ টানে ।

২০২ হাতত নাই ধন, বৰ সবাহলৈ মন ।

২০৩ হৰিণাৰ মাংসই বৈৰী ।

২০৪ হাবিৰ জুই দেখি , মনৰ জুই নেদেখি ।

২০৫ হাহঁ চোৰৰ মূৰত পাখি , কঁঠাল চোৰৰ এঠাই সাক্ষী ।

২০৬ হাল বায় ৰাতিৰে পৰা , ভাতে নাটে কাতিৰে পৰা ।

২০৭ হাতীৰ গা হাতীয়ে নেদেখে ।

২০৮ হাতীয়ে মাউতে যায় তল, শহাই সুধিছে কিমান জল ।

২০৯ হাতী চুৰ কৰি নিয়ে, বেঙেনা চোৰক ধৰে ।

২১০ হাতী ঘোঁৰাই নাপায় থাউনি, ভেৰাই সোধে কিমাননো পানী ।

২১১ হাতী শুৱনি দাঁতে, তিৰোতা শুৱনি মাতে ।

২১২ হাতীৰ খাৱনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা ।

২১৩ হেজাৰ লাউ ডাঙৰ হওক, পাতৰ হে তলত ।

২১৪ হাতে নেমাৰি, ভাতে মৰা ।

২১৫ হওক নহওক ৰোৱনী, পথাৰ খন শুৱনী ।

২১৬ হলা-গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে ।

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।