ফচঙৰ শনিৰ দশা

ফচঙৰ শনিৰ দশা

কিচিম কিচিম ভাৱনাই অ’
ধৰেনো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰোঁ…
এঙামুৰি এটা দি ফচঙে ইফালে সিফালে চালে । হয় সি ভবাৰ দৰেই সৰুপোনাৰ কোঠাতেই গানটো বাজিছে । ফচঙে আকৌ এবাৰ কানপাতিলে
কিচিম কিচিম ভাৱনাই অ’
ধৰেনো হেঁচা মাৰি…
আয়ৈ দেহী গায়কজনৰো চাগৈ তাৰ দৰেই দুখে কুলাই পাচিয়ে নধৰা হৈছে ! এইহেন ধুনীয়া বতৰতো কিচিম কিচিম গোন্ধ আৰু চিন্তা কিছুমানে ফচঙৰ টোপনি কাঢ়ি নিছিল । সেইবাবেই এইসময়ত এই গানটো তাৰ নিজৰ লগত মিলি যোৱা যেন লাগিল । সি গোন্ধ আৰু চিন্তাবোৰ আঁতৰাই গানটোত মন দিবলৈ চেষ্টা কৰিলে । নাই নোৱাৰিলে । খোৱা টেবুলৰ পৰা উৰি অহা মলমলীয়া মাছৰ গোন্ধটোৱে তাক একোতে মন বহাবলৈ নিদিলে । আনকালে হোৱা হ’লে সি ইমানপৰে গৈ নেজ ডাল পোন কৰি টেবুলৰ তলত সকলোৰে ভৰিত গা ঘঁহাই মেও মেও কৰি থাকিলহেঁতেন । কিন্তু আজিৰ কথা বেলেগ । আজি যদি টেবুলৰ তলত মেও মেও কৰিবলৈ যায় গচকত পেটু ওলাবলৈও আছে । সেই ভয়তে ফচং সেইমুৱা হোৱা নাই ।

18726390-Funny-cat-and-fish-Vector-illustration--Stock-Vector-cat
আচলতে ফচঙৰ শনিৰদশা চলিছে । বগীবুঢ়ীয়েও অলপতে ফচঙক সঁকিয়াই দিছে –বোলো বোপা ভালে ভালে থাকিবি দেই । তোৰ বাবে আমি ডেউকা ভাঙিব নোৱাৰোঁ ।
বুঢ়ীয়ে অৱশ্যে ঠিকেই কৈছে । অলপতে ফচঙৰ গালৈ বুলি শনিয়ে নিক্ষেপ কৰা টাঙোন এডালে বুঢ়ীৰ সৰু বোৱাৰীয়েকক আঘাত কৰি লেঙেৰা কৰি থৈছে । সেই তেতিয়াৰে পৰা শনিৰ দশাতকৈ ফচঙৰ সংগহে সকলোৰে বাবে বিপদজনক বুলি গণ্য কৰা হৈছে । কোনে জানে কেতিয়া ফচঙৰ গাত শনি লম্ভে !!
এই শনিৰদশা আৰম্ভ হৈছিল এমাহ মানৰ আগত । সেইদিনা যিদিনা ফচঙৰ সকলোতকৈ প্ৰিয় সৰু আইদেউ ঘৰলৈ আহিছিল । আৰু লগত লৈ আহিছিল আইদেউৰ থুনুক-থানাককৈ মাত ফুটা কনমানীটো । এইগৰাকী সৰু আইদেৱেই বিয়াৰ আগলৈকে ফচঙক আতোলতোলকৈ ৰাখিছিল । আৰু ফচঙেও অনবৰতে সৰু আইদেউক পাছে পাছে ঘুৰি ফুৰিছিল । গতিকে সৰু আইদেউ ঘৰলৈ অহা দেখি ফচঙৰ বিৰাট আনন্দ লাগিছিল । কিন্তু ফচঙৰ সেই আনন্দ চেঁচা পৰিবলৈ বেছি সময় নালাগিল । সৰু আইদেউৰ কোলাৰ নামি আহি কনমানীটোৱে যেতিয়া তাৰ নেজডালত গচকি দিলেহি তেতিয়াই সি অনুমান কৰিলে আগন্তুক দিনকেইটা যে তাৰ ভালে কুশলে নাযাব । হওঁতে কনমানীটোৰ ভাল নাম এটা আছে কিন্তু তাৰ কৰ্ম কাণ্ডই ফচংহঁতৰ সমাজত শনি নামেৰেহে কুখ্যাত কৰি তুলিলে ।
-জেতুকী তোৰ কলাফুলত সেই চাট কোনে মাৰিলে ?
-শনি !
-বগী বুঢ়ী ,পুৱাই কিয় ইমান টেঁটু ফালিছিলি ?
-এহ কিনো কবি আৰু, শনিয়ে সৰু বোৱাৰীজনীয়ে পাৰি থোৱা কণীকেইটা গচকি পেলালেহি । তাকে গালি দি আছিলোঁ ।
মুঠতে শনিয়ে সকলোৰে জীৱন খেলিমেলি কৰি পেলাইছিল । আৰু এই ক্ষেত্ৰত সকলোতকৈ বেছি দুৰ্গতি হৈছিল ফচঙৰ । ফচঙে ভাত খাবলৈ ল’ব শনিয়ে আহি তাক নেজত ধৰি চোঁচৰাই লৈ ফুৰিব । ফচং শুবলৈ ল’ব ক’ৰবাৰ পৰা ওফাৰ-উফৰিকৈ আহি শনি গাতে পৰি দিবহি । সৰু আইদেউৰ ল’ৰাৰ বাবে ওলোটাই আঁচোৰ এটাও মাৰিব নোৱাৰি আৰু সেই সুবিধাতে শনিয়ে ফচঙৰ জীৱন তচ-নচ কৰি পেলালে ।
-আস নোৱাৰি বুজিছ পাখৰু এনেকৈ আৰু নোৱাৰি । ইয়াৰ কিবা এটা গতি লগাবই লাগিব ।
ফচঙে কাষতে শুই থকা পখৰালৈ চাই ক’লে ।
-কিহৰ গতি লগোৱাৰ কথা কৈছে অ’ । অকনমানী ল’ৰা । তাতে আলহী । দুদিনমান থাকি গুচি যাব । অলপ সহি থাকচোন ।
পখৰাৰ কথা শুনি ফচঙৰ খং উঠি গ’ল ।
-কি সহ্য কৰা কথা কৈছে ! যোৱা এমাহ ধৰি মই তাৰ অতপালি সহি আছোঁ । সৰু আইদেউ পুতেক বুলি কামোৰা এটাও মৰা নাই । আনকি কেনেবাকৈ ভুলতে নখ লাগে বুলি মাজে মাজে নখৰ ধাৰবোৰ শিলত ঘঁহি নাইকিয়া কৰিছোঁ । আৰু কিমান কৰিম ক ? আজি সিহঁতি মাছে ভাত খাই আছে আৰু মই সেই শনিটোৰ ভয়ত বাহিৰত বহি আছোঁ । এটা বোন্দাৰ বাবে ইয়াতকৈ আৰু দুখৰ কথা কিবা হ’ব পাৰেনে ?
শেষৰ ফালে ফচঙৰ মাতষাৰ থোকা-থুকিকৈ ওলাল ।
-তই যি কৰিব খুজিছ কৰি থাক । কিন্তু কনমানীটোৰ যাতে একো অনিষ্ট নহয় সেইটো মন কৰিবি ।
এইবাৰ ফচঙে একো নকলে মাথো ডাঢ়িকেইডাল পকাই পকাই হাঁহি এটা মাৰি ভোৰভোৰালে-মইটো ভাবিয়েই থৈছোঁ ,মাত্ৰ শনিয়ে জালত ভৰি থলেই হ’ল !
এইফালে গৃহস্থ ভাত খাই উঠিল সেইফালে ফচং নিজৰ পৰিকল্পনাত লাগি গ’ল । সি প্ৰথমেই সৰুপোনাৰ কোঠাৰ বিচনাখনৰ ওচৰলৈ গ’ল । বিচনাখনৰ উচ্চতা চাই তাৰ মন ভাল লাগি গ’ল । ঠিক ইমানখিনি উচ্চতাই তাক দৰকাৰ । যাতে সাপো মৰে লাঠিও নাভাগে । ফচঙৰ পৰিকল্পনাৰ মতে সি শনিৰ আগত অলপ সময় ইফাল-সিফাল কৰি দেখুৱাব আৰু তাক দেখি শনিয়ে খেদি আহিব । শনিয়ে খেদাৰ লগে লগে ফচং আহি সৰুপোনাৰ বিচনাত উঠিবহি । পাছে পাছে শনিটো আহিবই । সি যেতিয়া বিচনাত উঠিব তেতিয়াই ফচঙে আচল অস্ত্ৰ পাত ব্যৱহাৰ কৰিব । ফচং আহি বিচনাৰ একেবাৰে কাষত ৰৈ দিব । আৰু শনিয়ে তাক ভুকু মাৰিবলৈ ল’লেই সি মাটিলৈ জাঁপ মাৰি দিব । লগে লগে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনিও বিচনাৰ পৰা লুটি খাই পৰিব । সৰু পোনাৰ বিচনাখন ইমান বেছি ওখ নহয় যে লুটি খাই পৰি শনিয়ে বেছিকৈ দুখ পাব । কিন্তু ইমান চাপৰো নহয় যে শনিয়ে ভয় নাখাব । বচ,ফচঙৰ প্ৰতিশোধ লোৱাও হৈ যাব লগতে শনিয়েও ফচঙক অত্যাচাৰ কৰাটো যে ভাল কাম নহয় সেইটো গম পাই যাব ।
ভবা মতেই কাম । ফচং গৈ কটাৰীৰে দুৱাৰডলি কাটি থকা শনিৰ আগত অহা-যোৱা কৰিলেগৈ । শনিয়ে হাতত কটাৰীখন লৈয়ে খেদা মাৰি আহিল । কটাৰীখন দেখি একমুহূৰ্তৰ বাবে ফচঙে পৰিকল্পনাটো বাদ দিওঁ বুলি ভাবিছিল যদিও পাছত যি হয় দেখা যাব বুলি বিচনাত উঠিলগৈ । শনিয়ে কেইবাৰো চেষ্টা কৰি বিচনাত উঠিল । ফচং বিচনাৰ কাষলৈ গ’ল । শনিও । শনিয়ে কটাৰীখন জোকাৰি ফচঙৰ গাত মাৰো বুলি লওঁতেই ফচঙে জাপ মাৰি দিলে । ফচঙে ভবাৰ দৰেই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনি লুটি খাই পৰিল । লগে লগে এটা টেঁটুফলা চিঞৰে শুই থকা বগীবুঢ়ীকো জগাই দিলে ।
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওও
চিঞৰটোৰ লগে লগে ঘৰ সদস্যসকলৰ দুপদুপকৈ লৰাৰ শব্দ শুনা গ’ল । পখৰাই কি হৈছেনোঁ বুলি জুমি চাওঁতেই তাৰ চকুৰ আগদি বায়ু বেগেৰে ফচং ওলাই গ’ল । আৰু সেই একে বেগেৰে অহা ফৰ্মুঠি এটাই পখৰাক লুটি খোৱাই পেলাই দিলে । তাৰপাছত বহু সময়লৈকে ঘৰখনত হুলস্থুল হৈ থাকিল যদিও ফচঙক হ’লে কোনেও বিচাৰি নাপালে ।
পিছদিনাখন ফচঙক দেখা গ’ল । ঘৰ মূধচত বহি সি মাথো ভাবি আছিল তাৰ লগতে কিয় এনেবোৰ হয় । গোটেই ঘৰখনেই আজি তাৰ শত্ৰু হৈ পৰিছে । সকলোৱে মাথো তাক গালি পাৰিছে । সৰু আইদেৱেটো কৈ দিছে হয় ফচং এইখন ঘৰত থাকিব নহয় তেওঁ । আস ! সৰু আইদেৱে এনেকৈ ক’ব পাৰেনে ? আৰু তাৰ লগ-বন্ধুবোৰে…সৌটো পখৰা তলত ৰৈ আছে । ফচং নামি গলেই কামুৰিম বুলি । ফচঙৰ গালৈ কোনোবাই মৰা ফৰ্মুঠি এডালে পখৰাৰ আঁঠুৰ জোৰা লৰাই দিলে । সেইবাবে পখৰাই এই ৰূপ ধাৰণ কৰিছে । কিন্তু সি জানো কৰোঁ বুলি কৰিছিল । তাৰ অংকৰ মতেতো সকলো ঠিকেই আছিল । সকলোবোৰ সি ভবামতেই হৈ গৈ আছিল । মাত্ৰ লুটি খাই পৰোতে গণ্ডগোলটো লাগিল । ফচঙে জাঁপ মাৰি লৰ দিবলৈ নাপালেই শনি গৈ তাৰ ওপৰতে পৰিল । গাহৰি হেন শনিটো গাত পৰোঁতে তাৰ কঁকালটোৱে বিহু দেখি গ’ল । লগতে কটাৰীখন কাণৰ কাষেদি পাৰহৈ যোৱা যেন অনুভৱ কৰি সি চিঞৰ মাৰি উঠিছিল । তাৰ চিঞৰ শুনি শনিয়েও ভয় খাই চিঞৰি দিলে । ফলত ঘৰৰ মানুহবোৰে সি শনিক কামোৰা বুলি ভাবি যিটোহে খেদা দিলে এমাইল মান বাট দৌৰিহে সি নিজলৈ উভতি চাইছিল । নিজলৈ চায়েই ফচং কান্দোনত ঢলি পৰিছিল । বিষ আৰু শোকে তাক খুন্দা মাৰি ধৰিছিল । তেতিয়াৰে পৰা সি কান্দিয়েই আছে । লগৰ বোন্দাবোৰে বাৰু তাক কি বুলি ক’ব ! ফচঙে হাতোৰাখনে তাৰ কাণখন চুই চালে । শনিৰ কটাৰীৰ আঘাতত আধা কাট খোৱা কাণখনত তেতিয়াও অলপ অলপ তেজ বিৰিঙি আছিল । উহ উহ উহ ! লগৰবোৰে তাক কাণকটা ফচং বুলি ক’ব । ইয়াতকৈ আৰু লাজৰ কথা কিবা হ’ব পাৰে নে !!!
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

===========================================

মাধুৰিমা ঘৰফলীয়া

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “ফচঙৰ শনিৰ দশা

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।