আচৰিত! আচৰিত !
হঠাতেই কিযে হ’ল,
মাহঁতৰ মুখবোৰ
দাঢ়ি-গোঁফে ভৰি গ’ল !
দেউতাৰ তপা-তালু;
দেখি হ’ল চকু-ঘোপা;
মূৰত তেওঁৰো চোন
মাৰ দৰে মস্ত খোপা!
ভন্টিৰ বোকোচাত
উঠি আক’ আইতাই
কান্দি আছে ঠেহ-পাতি ;
ভাইটিয়ে নিচুকায় !
দেখি হ’লো আচৰিত ,
কিয় এনেকুৱা হ’ল !
মাখিৰ পাখিত লাগি
প্লেন এখন ভাগি গ’ল!
মেকুৰী চেকুৰী গ’ল
ৰান্ধনী শালৰপৰা;
জুহালত বহি ৰ’ল
ঘোঁৰাবোৰ হৈ খোৰা!
হাতী এটা কাতি হ’ল
পৰুৱাৰ লাথি খাই।
ভতুৱা কুকুৰে ক’লে,
শুঁড়ডাল শুঙি চাই,
“হাতীক চাবলে মাতি
ডাক্তৰ অমুকক
বেগেতে আনিব লাগে।”
পঠিয়ালে শামুকক।
আহি গ’ল ডাক্তৰ
হাতত বেজীটো লৈ;
নৰীয়াৰ ফটা-কঁথা
আছে যদি সীবলৈ ।
টোকোনা হাতীয়ে বোলে,
“ফীজ নাই দিবলৈ ।”
সেয়ে দিলে ডাক্তৰক
জোক এডাল পিবলৈ।
গুচি গ’ল ডাক্তৰ,
ক’লে- “হ’ল বহু বেলি!”
আকাশলে’ চাই দেখো
বেলিটো উঠিছে গেলি!
গেলি গেলি ৰঙা বেলি
হ’ল এটা ফুটবল;
আবেলি খেলিম বুলি
গোটাওঁতে নিজ দল;
মায়ে আহি চিঞঁৰিলে,
“উঠ, উঠ, বেলি হ’ল। ”
(লগে লগে মোৰো জানা
সপোনটো ভাগি গ’ল!)
কবিতাটো লিখিছে – শ্ৰী গগণচন্দ্ৰ অধিকাৰীয়ে
বাহ… বৰ সুন্দৰ পদ্য..ভাল লাগি গ’ল