শিশুৰ বিকাশত ঘৰখন আৰু পিতৃ-মাতৃ

শিশুৰ বিকাশত ঘৰখন আৰু পিতৃ-মাতৃ

 

ঘৰখন হৈছে শিশুৰ প্ৰধান বিচৰণ ক্ষেত্ৰ য’ত পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ ব্যৱহাৰিক দিশৰ জৰিয়তে শিশুৱে বিভিন্ন জ্ঞান আহৰণ কৰে। যিহেতু প্ৰত্যেক শিশুৱে অনুকৰণৰ জৰিয়তে প্ৰথমে জ্ঞান আহৰণ কৰে, সেয়েহে ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ মাৰ্জিত আচাৰ-ব্যৱহাৰে শিশুৰ সুস্থ মানসিক তথা বৌদ্ধিক বিকাশত অৰিহণা যোগায়। শিশুৰ মানসিক চৰিত্ৰৰ সুস্থ বিকাশৰ বাবে ঘৰখনৰ পৰিবেশ যাতে সুস্থ হয়, তাৰবাবে প্ৰত্যেক পিতৃ-মাতৃ সজাগ হোৱা উচিত। সকলো শিশুৰ আচৰণ একে নহয়। কাৰোবাৰ যদি স্মৃতি শক্তি কম, কাৰোবাৰ প্ৰখৰ, কোনোবাটো যদি খিংখিঙীয়া স্বভাৱৰ, কোনোবাটো শান্ত প্ৰকৃতিৰ ; কোনোবাই সহজে আনক অনুকৰণ কৰিব পাৰে, কোনোবাই নোৱাৰে আদি। সময়ৰ লগে লগে প্ৰত্যেক শিশুৰ নিজৰ যোগ্যতা অনুসৰি বিকাশ হয়। সেয়েহে পিতৃ-মাতৃয়ে নিজৰ সন্তানক ভালদৰে নিৰীক্ষণ কৰি সিহঁতৰ সুস্থ বিকাশত অৰিহণা যোগাব লাগে। সামূহিকভাৱে প্ৰত্যেক পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ক্ষেত্ৰত ল’বলগীয়া যত্নসমূহৰ কেইটিমান দিশ হৈছে-

পিতৃ-মাতৃয়ে সন্তানৰ লগত যিমান পাৰে সিমান সময় কটাবলৈ চেষ্টা কৰিব লাগে, যাতে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে। বন্ধুত্বপূৰ্ন সম্পৰ্কত সন্তানে মনৰ কথা খুলি ক’ব সুবিধা পায়, যাৰ ফলত পিতৃ-মাতৃয়ে প্ৰতিটো কথাৰ গুৰুত্ব বুজি বেয়াখিনি ত্যাগ কৰি ভালখিনিৰ অৰ্জনেৰে শিশুটিক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে।প্ৰত্যেক শিশুৱে শিশুসুলভ চঞ্চলতাৰে কিছুমান দুষ্টামি কৰিব খোজে। তেনে ক্ষেত্ৰত খ্ং বা ডাবি-ধমকি নিদি কোনো অনুচিত কামত মৰমেৰে (ধৰি লওক – ‘ এনে কাম কৰিলে তুমি দুখ পাবা’, ‘তোমাৰ শিক্ষকে বেয়া পাব’ আদি) তেনে কাম নকৰিবলৈ বুজাব লাগে। খং বা ডাবি ধমকি দিলে শিশুৰ জেদ ভাব বাঢ়ি যায়।ডাঙৰ হোৱাৰ লগে লগে শিশুক নিজৰ কামবোৰ নিজে কৰিবলৈ দিব লাগে, যেনে – খেলাৰ পিছত খেলা সামগ্ৰীখিনি আগৰ জেগাত থোৱা, নিজে কাপোৰ পিন্ধা, নিজে আহাৰ খোৱা আদি। ইয়াৰ জৰিয়তে শিশুৱে আত্মনিৰ্ভৰশীল হ’বলৈ শিকে।লাজকুৰীয়া স্বভাৱৰ শিশুক বন্ধু-বান্ধৱৰ লগত বাহিৰত খেলিবলৈ উদ্‌গনি যোগাব লাগে। এনে শিশুক তেওঁলোকে কৰা কামৰ বাবে আনৰ আগত কেতিয়াও লাজ দিব নালাগে। শিশু অনুষ্ঠানত ভাগ ল’বলৈ দিয়া, ঘৰলৈ অহা আলহীৰ লগত কথা পাতিবলৈ দিয়া, মাজে মাজে ফুৰিবলৈ নিয়া আদিবোৰে শিশুৰ লাজকুৰীয়া স্বভাব নোহোৱা হোৱাত সহায় কৰে।পিতৃ-মাতৃয়ে কেতিয়াও সন্তানক আনৰ লগত তুলনা কৰি হেয়জ্ঞান কৰিব নালাগে।শিশুক সদায় ভাল কথা বা কামৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুৱাব লাগে। যেনে – অনুশাসন মানি চলা, ভদ্ৰ আচৰণ, ডাঙৰক সন্মান, নিয়মানুৱৰ্তিতা আদি।কেতিয়াবা শিশুৱে যিকোনো প্ৰতিযোগিতাত পিতৃ-মাতৃয়ে ভবা ধৰণে ফল দেখুৱাব নোৱাৰিব পাৰে, তেনে ক্ষেত্ৰত নিজে হতাশ হৈ অথবা শিশুটিক নিৰুত্‌সাহ নকৰি পিছলৈ আৰু ভাল কৰিব লাগিব ধৰণে উত্‌সাহ যোগাবহে লাগে।শিশুৰ কামৰ সময়সূচী থকা দৰকাৰ যদিও দিনটোৰ অলপ সময় শিশুটিয়ে ভাল পোৱা ধৰণে কটাবলৈ দিব লাগে। এনে কৰিলে শিশুৰ বাকী কামবোৰ সময়সূচী মতে কৰাৰ আগ্ৰহ থাকে।সকলোতকৈ ডাঙৰ কথা, প্ৰত্যেক শিশুৰ কোনোবা নহয় কোনোবা বিষয়ত প্ৰতিভা থাকে, পিতৃ-মাতৃয়ে সেই প্ৰতিভা চিনি উলিয়াই শিশুৰ সৃষ্টিশীল মনক উত্‌সাহিত কৰি উদ্‌গনি যোগাবহে লাগে।এটা বয়সত শিশুৱে স্বাধীন মনোভাৱ পোষণ কৰে আৰু তেতিয়া নিজৰ আধিপত্য দেখুৱাবলৈ যায়, তেনেক্ষেত্ৰত শিশুটিক জেদী বুলি খং বা ডাবি ধমকি নিদি মৰমেৰে শুদ্ধ পথৰ সন্ধান দিব লাগে।

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সত্‌ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে, পিতৃ-মাতৃৰ অপ্ৰীতিকৰ আচৰণে শিশুৰ চাৰিত্ৰিক দিশত নেতিবাচক প্ৰভাৱ পেলায়। ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰমৰ হোৱা উচিত। বেয়া কামৰ পৰিণতি শিশুক সাধুকথাৰ মাধ্যমেৰে বুজালে শিশুৱে সাধাৰণতে তেনে কামৰ পৰা আঁতৰি থকা দেখা যায়। বৰ্তমানৰ শিশু ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ গঠনমূলক মনোভাৱ, সুদূৰ দৃষ্টিভংগী আৰু সহযোগিতা অত্যন্ত আৱশ্যক।

লেখিকা: ববিতা শৰ্মা, প্ৰিয় সখী
(সংগ্ৰাহক-প্ৰণব নাথ।)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।