গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, সমাজসেৱী, বিশিষ্ট লেখক, “ভাৰত-ৰত্ন” সন্মানেৰে সন্মানিত – “লোকপ্ৰিয় গোপীনাথ বৰদলৈ”ৰ ৫ আগষ্ট তাৰিখে মৃত্যু দি‌ৱস ।  ১৮৯০ চনৰ ৬ জুনত জন্ম হৈছিল তেখেতৰ নগাঁও জিলাৰ ‘ৰহা’ত।তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে – “বুদ্ধেশ্বৰ বৰদলৈ” আৰু “প্ৰাণেশ্বৰী বৰদলৈ” । “গোপীনাথ বৰদলৈ”ৰ সাত বছৰ বয়সলৈকে পিতৃয়ে ৰহাতে বাস কৰিছিল আৰু ‘ৰহা’তেই পুত্ৰৰ প্ৰাথমিক বিদ্যাৰম্ভ কৰিছিল ।

তাৰ পিছত চাকৰি সূত্ৰে মঙ্গলদৈলৈ বদলি হৈছিল । মঙ্গলদৈত দুবছৰ থকাৰ পিছত তেওঁলোক বৰপেটালৈ বদলি সূত্ৰে গৈছিল আৰু তাৰ এবছৰৰ পিছতে, বৰদলৈৰ ১২ বছৰ বয়সত মাতৃ-বিয়োগ হৈছিল ।

মাত্ৰ ১২ বছৰ বয়সতে মাতৃ স্নেহৰ পৰা বঞ্চিত হৈ তেখেতৰ কোমল হৃদয় ভাগি পৰিছিল । তেখেত লালিত পালিত হ’ব লগা হৈছিল – বিধৱা বায়েক “শশীকলা দেৱী”ৰ হাতত।

মাতৃৰ বিয়োগৰ পিছত গুৱাহাটীলৈ আহি ‘কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়’ত নাম ভৰ্তি কৰোৱা হৈছিল । বিদ্যালয়ৰ কালছোৱাত অসুখৰ কাৰণে প্ৰায়ভাগ সময়ে বিদ্যালয়ত নিয়মীয়া হ’ব পৰা নাছিল। সেই সময়ত প্ৰায়ে জ্বৰ আৰু গ্ৰহণী হৈছিল। তথাপিও তেখেতে পঢ়াৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল।

তাহানিৰ দিনত ছাত্ৰ-ছাত্ৰী সকলক ডবল প্ৰমোচন দিয়াৰ ব্যৱস্থা আছিল। সেইবাবে অনেক মেধা ছাত্ৰক সপ্তম মানৰ পৰা নৱম মান শ্ৰেণীলৈ পদোন্নতি দিয়া হৈছিল। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে কম বয়সতেই তেখেতে হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে ১৬ বছৰ পূৰ নৌহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হ’লেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। সেয়েহে, ১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু উক্ত পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল ।

তাৰ পিছত তেখেতে কটন মহাবিদ্যালয়ত ভৰ্ত্তি হৈছিল । তাৰ পৰাই ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগেৰে উত্তীৰ্ণ হৈছিল – বিগত এণ্ট্ৰেন্স পৰীক্ষাৰ দৰেই এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰিছিল ।

সেই সময়ত উক্ত মহাবিদ্যালয়ত “লেডী জেন ডাণ্ডাছ” নামেৰে এখনহে ছাত্ৰাবাস আছিল আৰু ছাত্ৰাবাসত ভৰ্তি হোৱাটো সহজ নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্ৰই ছাত্ৰাবাসত থাকি পঢ়িবলৈ সুবিধা লাভ কৰিছিল । তেখেতে স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। তাৰ পৰাই ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

তাৰ পিছত কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ “১৭/১ অ’ল্ড বৈঠকখানা লেন”ৰ মেছত তেখেতৰ বন্ধু ‘চন্দ্ৰনাথ শৰ্মা’ৰ লগত একেলগে অধ্যয়নত ব্ৰতী হৈছিল । তেখেতে “ৰিপণ মহাবিদ্যালয়”ত আইন আৰু “কলিকতা বিশ্ববিদ্যালয়”ত স্নাতকোত্তৰ পঢ়িছিল।

১৯১৪ চনত “কলিকতা বিশ্ববিদ্যালয়”ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তিনি বছৰ আইন পঢ়ে যদিও মাজতে “ৰিপণ আইন মহাবিদ্যালয়” এৰি বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভৰ্তি হৈছিল ।
এই আইন মহাবিদ্যালয়তে তেখেতে অধ্যক্ষৰূপে পাইছিল “মিঃ বাগচী”ক।
সেইদৰে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে পাইছিল “চাৰ আশুতোষ মুখোপাধ্যায়”ক । শেষত আইন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ গুৱাহাটীলৈ ঘূৰি আহিছিল ।

গোপীনাথ বৰদলৈয়ে কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বাৰ্ষিক শ্ৰেণীত পঢ়ি থাকোতেই পিতাকৰ মৃত্যু হৈছিল । পিতৃৰ মৃত্যুত সংসাৰৰ মহাভাৰ তেখেতৰ ওপৰত পৰিছিল। তেখেতৰ পিতৃ পেছাত এজন চিকিৎসক আছিল যদিও, সাঁচতীয়া ধন একেবাৰেই নাছিল । পৰিয়ালটো কোনোমতেহে চলিছিল। তাৰোপৰি ককায়েক “ইন্দ্ৰেশ্বৰ বৰদলৈ”ৰ মৃত্যুৱেও পৰিয়ালটোক বৰকৈ চুই গৈছিল। ঘৰখনৰ বোজা পৰিছিল আইদেউয়েক “শশীকলা”ৰ ওপৰত। সেয়ে বৰদলৈয়ে কলিকতাত অধ্যাপনাৰ চাকৰি বিচাৰিছিল যদিও পোৱা নাছিল। শেষত বৰদলৈয়ে পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত “তৰুণ ৰাম ফুকন”ৰ অনুৰোধক্ৰমে তেখেতে ” সোণাৰাম হাইস্কুল″ৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিছিল ।

সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহিছিল আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, “সত্যনাথ বৰা” উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিছিল ।

১৯১৭ চনত গুৱাহাটীত নিজাকৈ ওকালতি আৰম্ভ কৰিছিল ।

সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল “অসম এছ’চিয়েচন” । ১৯২২ চনতহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিছাপে অসম কংগ্ৰেছৰ কাম-কাজ আৰম্ভ হয় । উক্ত বছৰতে “গোপীনাথ বৰদলৈ”য়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিছাপে যোগ দিছিল আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । ১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হৈছিল । চৌৰিচৌৰাৰ ঘটনাৰ পিছত অসহযোগ আন্দোলন বাতিল কৰা হৈছিল বাবে বৰদলৈয়ে পুনৰ ওকালতি আৰম্ভ কৰিছিল ।

১৯৩০ৰ পৰা ১৯৩৩ চন পৰ্য্যন্ত তেখেতে ৰাজনৈতিক কাৰ্য্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজসেৱাত মনোনিবেশ কৰিছিল । তেখেত গুৱাহাটী পৌৰসভাৰ সদস্যও নিৰ্বাচিত হৈছিল ।
তাৰোপৰি তেখেতে অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তুলিছিল ।

১৯৩৫ চনত ব্ৰিটিছ ভাৰত গঠন কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ আইন ৰচনা কৰা হৈছিল । সেয়েহে অসম কংগ্ৰেছে ১৯৩৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল । তেওঁলোকে ৩৮ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শক্তি কৰ্তন কৰাৰ এক হঠকাৰী নিয়মৰ বিৰোধিতা কৰি তেওঁলোকে বিৰোধী দল হিচাপেই থকাৰ মন মেলিছিল আৰু “গোপীনাথ বৰদলৈ” এই বিৰোধী দলৰ দলপতি নিৰ্বাচিত হৈছিল । কংগ্ৰেছৰ বাহিৰে আন আন দলৰ সমৰ্থনত ‘মহম্মদ ছাদুল্লা’ই মন্ত্ৰীসভা গঠন কৰিছিল । কিন্তু ৰাইজৰ মৌলিক সমস্যাবোৰৰ সমাধানত চৰকাৰৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ শক্তি লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছিল । ১৯৩৮ চনত মঃ ছাদুলা মন্ত্ৰীসভাই পদত্যাগ কৰে আৰু তেতিয়াৰ ৰাজ্যপালে গোপীনাথ বৰদলৈক মন্ত্ৰীসভাৰ গঠন কৰিবলৈ আহ্বান জনাইছিল আৰু সেই বছৰৰে ২১ ছেপ্তেম্বৰত তেখেতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ।

গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মূল কাৰণসমূহ আছিল তেখেতৰ ৰাজনৈতিক বিচক্ষণতা, মনোমোহা ব্যক্তিত্ব, সত্যবাদিতা আৰু আচৰণ – যাৰ বাবে তেখেতৰ প্ৰতি সহকৰ্মীসকলৰ উপৰিও বিভিন্ন সম্প্ৰদায়ৰ লোক আকৃষ্ট হৈ পৰিছিল । তেখেতৰ কৰ্মপন্থা আৰু বিচক্ষণতাৰ ফলতে অসমত কংগ্ৰেছ এক শক্তিশালী ৰাজনৈতিক দল হৈ পৰিছিল ।

মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ উল্লেখযোগ্য সফলতাসমূহ আছিল – মাটিৰ খাজানা বন্ধ কৰা, কানি নিবাৰণী আইন গঠন, থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ পমুৱা মুছলমানক মাটিৰ পত্তা দিয়া বন্ধ কৰা আদি ।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে চৰকাৰ বেছিদিন বৰ্তি নাথাকিল ।

১৯৪০ চনত মহাত্মা গান্ধীৰ আহ্বানত বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰিছিল । ১৯৪০ চনত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ হেতুকে এবছৰ হোৱাৰ আগতেই জেলৰপৰা মুক্তি দিয়া হৈছিল ।

১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল । তেতিয়া কংগ্ৰেছ দলক বেআইনী ঘোষণা কৰা হৈছিল আৰু সকলো নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ।

একে সময়তে ব্ৰিটিছক দ্বিতীয় বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দি “মঃ ছাদুলা”ই পুনৰবাৰ চৰকাৰ গঠন কৰিছিল আৰু সোনকালেই সাম্প্ৰদায়িক কাৰ্য্য-কলাপত লিপ্ত হৈ পৰিছিল ।

১৯৪৪ চনত জেলৰ পৰা ওলায়েই গোপীনাথ বৰদলৈয়ে আন আন নেতাৰ সহায়ত চৰকাৰৰ এনে কামৰ বিৰোধিতা কৰিবলৈ ধৰে আৰু উপায়হীন হৈ মঃ ছাদুলাই বৰদলৈদেৱক আলোচনাৰ বাবে মাতি পঠিয়াইছিল । তেওঁলোকৰ মাজত এখন চুক্তি হৈছিল – যিখন চুক্তিৰ আধাৰত চৰকাৰে সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, সভা-সমিতি বা শোভযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা, পমুৱা মুছলমানৰ পুনৰ্সংস্থাপন প্ৰক্ৰিয়া শুদ্ধ কৰা আদিৰ বিষয়ে প্ৰস্তাৱ দিয়া হৈছিল ।

১৯৪৫ চনৰ জুলাই মাহত ব্ৰিটিছে আঞ্চলিক আৰু কেন্দ্ৰীয় নিৰ্বাচনৰ পিছত ভাৰতৰ বাবে এক নতুন সংবিধান ৰচনা কৰাৰ কথা ঘোষণা কৰিছিল । অসম কংগ্ৰেছেও ১৯৪৬ চনৰ নিৰ্বাচনত অংশ লৈ ১০৮ খন আসনৰ ভিতৰত ৬১ খন জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা পাইছিল । তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰিছিল আৰু গোপীনাথ বৰদলৈ সৰ্বসন্মতভাৱে আকৌ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিছিল ।

১৯৪৬ চনত ভাৰতৰ স্বাধীনতাৰ দাবী আলোচনা কৰিবলৈ, ব্ৰিটিছ চৰকাৰে এখন কেবিনেট কমিছন গঠন কৰিছিল । ইয়াৰ সদস্যসকলে ছিমলা আৰু দিল্লীত কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সুকীয়া সুকীয়া আলোচনাত বহিছিল । তেওঁলোকৰ আঁচনি অনুসৰি ৰাজ্যবোৰক তিনিটা গোটত ভগোৱা হৈছিল আৰু সেইমতে তৃতীয় গোটত থাকিবলগীয়া অসম আৰু বংগৰ সংবিধান ৰচনা কৰিবলৈ প্ৰতিনিধি নিৰ্বাচন কৰা হৈছিল ।
গোপীনাথ বৰদলৈয়ে ইয়াৰ সৰ্বনশীয়া পৰিণতি অনুমান কৰিব পাৰিছিল কাৰণে, গ্ৰুপত সোমোৱা মাত্ৰকে অসমীয়া মানুহ বংগৰ তুলনাত সংখ্যালঘূ হৈ পৰিব আৰু তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব বুলি অনুমান কৰিছিল ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গোপীনাথ বৰদলৈয়ে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটি, কেবিনেট কমিটি আৰু ভাইচৰয়ক জনাই দিছিল যে – অসমৰ প্ৰতিনিধিয়ে তেওঁলোকৰ সংবিধান নিজেই ৰচনা কৰিব আৰু গ্ৰুপত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজৰ মাজতহে ল’ব ।
ইয়াৰ পিছত কেবিনেট কমিটিয়ে ঘোষণা কৰিছিল যে – গ্ৰুপত সোমোৱাটো প্ৰতিখন ৰাজ্যৰ বাবে বাধ্যতামূলক আৰু পিছত তেওঁলোকে ইচ্ছা কৰিলে তাৰ পৰা ওলাই আহিব পাৰিব । এই ঘোষণাই পৰিস্থিতি আৰু জটিল কৰি তুলিছিল । তাৰ পিছত বৰদলৈয়ে জাতীয় কংগ্ৰেছৰ নেতাসকলক লগ ধৰি বুজাইছিল যদিও কোনো ফল ধৰা নাছিল । তেখেতে অসম কংগ্ৰেছৰ লগ লাগি গণ বিক্ষোভ আৰম্ভ কৰাৰ আঁচনি লৈছিল আৰু তাৰ ফলতহে ভাৰতীয় কংগ্ৰেছৰ কাৰ্য্যকৰী কমিটিৰ গা লৰিছিল আৰু তেওঁলোকক এই বিষয়ে বিধানসভাত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উপদেশ দিছিল । পিছত বিধানসভাৰ সদস্যসকল একমত হৈছিল যে – অসমৰ দহজন প্ৰতিনিধিয়ে কোনো গ্ৰুপত অন্তৰ্ভুক্ত নোহোৱাকৈ নিজৰ সংবিধান ৰচনা কৰিব আৰু পিছলৈ ভাৰতীয় সংবিধান ৰচনাৰ বাবে ৰাষ্ট্ৰীয় কমিটিৰ লগত মিলিত হ’ব ।

জৱাহৰলাল নেহৰু আৰু মুছলিম লীগে এই সকলোবোৰ আওকাণ কৰি গ্ৰুপিং আঁচনি ৰূপায়নৰ বাবে হাত মিলাইছিল । উপায়ন্তৰ হৈ গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰ চাপিছিল আৰু মহাত্মা গান্ধীয়ে বৰদলৈক গ্ৰুপিঙৰ বিৰোধিতা কৰি যাবলৈ উপদেশ দিছিল ।

১৯৪৭ চনত লৰ্ড মাউণ্টবেটেনে নতুন ভাইচৰয় হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল । তেওঁ মুছলিম লীগ, কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ লগত সুকীয়া সুকীয়া আলোচনাত মিলিত হৈছিল আৰু তেওঁলোকে গ্ৰুপিঙৰ পৰিৱৰ্তে বিভাজনক স্বাধীনতাৰ স্থায়ী সমাধান বুলি মত পোষণ কৰিছিল ।

ভাৰত আৰু পাকিস্তান দুখন বেলেগ দেশলৈ পৰিৱৰ্তিত হৈছিল ।এইদৰেই গোপীনাথ বৰদলৈয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তেখেতৰ বাহিৰে আন কোনো নেতাই যে সেই দুৰ্যোগৰ কালছোৱাত সাহসেৰে বাট দেখুৱাব পাৰিলেহেঁতেন তাত সন্দেহৰ থল আজিও আছে ।

১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নিৰ্বাচন কৰি লবলৈ আযোজন কৰা সভাই গোপীনাথ বৰদলৈকে সৰ্বসন্মতিক্ৰমে দলৰ দলপতি নিৰ্বাচন কৰিছিল । চাৰ ছাদুল্লা চৰকাৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্তেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধান মন্ত্ৰী) গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

তেখেতে মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনাইছিল । মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই লবলৈ আহ্বান জনাইছিল । মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত জমা টকাখিনি বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত লৈছিল ।
১৯৩৯-৪০ চনৰ সময়ছোৱাত তেখেতে জনসাধাৰণৰ বাবে আন এটা ডাঙৰ কাম হাতত লৈছিল। সেইকামটোৱেই আছিল মাটিৰ খাজানা হ্ৰাস কৰা। ১৯৩৯-৪০ চনত বৰদলৈৰ চৰকাৰে যিখন বাজেট দাঙি ধৰিছিল, সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দুখীয়া লোকক সকাহ দিব পাৰিছিল আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা হৈছিল। বৰদলৈৰ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পিছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।
কানি নিবাৰন কৰিবলৈ গৈ চৰকাৰৰ আয়কৰ বন্ধ হৈছিল যদিও সেই কথা নগণ্য বুলিহে জ্ঞান কৰা হৈছিল । কানি নিবাৰণী প্ৰচাৰ কাৰ্য চলাবলৈ বৰঞ্চ চৰকাৰৰহে ধনৰ প্ৰয়োজন হৈছিল । সেই সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হাজৰ টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল। তেনে সময়তে ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত বৰদলৈ নিজে সোমাই পৰি, বনুৱা আৰু কোম্পানীৰ মালিকপক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল।

দ্বিতীয় মহাযুদ্ধৰ পিছত, প্ৰাদেশিক ব্যৱস্থাপক সভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু কংগ্ৰেছ দলে সংখ্যগৰিষ্ঠতা লাভ কৰিছিল । এই নিৰ্বাচনত ১০৮ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৬১ খন আসন লাভ কৰি ১৯৪৬ চনত মন্ত্ৰীসভা গঠন কৰে। দলৰ নেতা গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীসভা গঠিত কৰে। বৰদলৈয়ে শাসনভাৰ লৈয়ে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা মতে পোনতেই যিসকল লোক কাৰাগাৰত ৰাজনৈতিক বন্দী হৈ আছিল তেওঁলোকক খালাচ দিছিল আৰু পাইকাৰী জৰিমনাৰ টকা আৰু জব্দ কৰা সকলো সা-সম্পত্তি ঘূৰাই দিছিল ।

মুখ্যমন্ত্ৰী বৰদলৈৰ হাতত শিক্ষা দপ্তৰৰো দায়িত্ব আছিল। পিছপৰা অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈয়ে বৰদলৈয়ে মহাত্মা গান্ধীৰ প্ৰৱৰ্তিত “নঈ তালীমী” শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰিছিল। ইয়াৰ বাবে প্ৰশিক্ষণ ল’বলৈ ২৪ জন ছাত্ৰক দিল্লী আৰু ৱাৰ্দ্ধালৈ পঠিয়াই দিছিল। লগতে এই শিক্ষা বিস্তাৰৰ কাৰণে তেখেতে ৯টা কেন্দ্ৰ স্থাপন কৰিছিল আৰু তাৰে ৩টা কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষণ কৰিছিল। তদুপৰি সমগ্ৰ ৰাজ্যতে প্ৰাইমাৰী শিক্ষাক বাধ্যতামূলক কৰি দিছিল। সেয়েহে প্ৰাইমাৰী শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে তেখেতে ৬ টা প্ৰশিক্ষণ কেন্দ্ৰও প্ৰতিষ্ঠা কৰিছিল। লোকেল বোৰ্ড আৰু মিউনিচিপালিটী এলেকাৰ পিছপৰা অঞ্চলত ৪১৯ খন প্ৰাইমাৰী বিদ্যালয় স্থাপন কৰিছিল আৰু ৫৮ খন বিদ্যালয়লৈ ৰাজসাহায্য আগবঢ়াইছিল। টোলত সংস্কৃত শিক্ষা, মুছলমান সকলৰ বাবে মাদ্ৰাছা শিক্ষা আৰু হাইস্কুলত হিন্দী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰোতাও আছিল গোপীনাথ বৰদলৈ।

ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগত লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হৈছিল । তেখেতে বিভাজনৰ পিছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰণাৰ্থীৰ পুনৰ সংস্থাপনতো সহায় কৰিছিল । তেখেতৰ কাৰ্যাৱলীৰ কাৰণেই বাংলাদেশৰ মুক্তিৰ যুঁজত অসমৰ সাম্প্ৰদায়িক শান্তি অটুট আছিল । গোপীনাথ বৰদলৈৰ আশাশুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা মহাবিদ্যালয়, অসম আয়ুৰ্বেদিক কলেজ, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, বি. বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি মহাবিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হৈছিল ।

আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল ।
গোপীনাথ বৰদলৈ এগৰাকী সু-লেখকো আছিল। তেখেতে বিশেষকৈ শিশুহঁতৰ বাবে বহুকেইখন কিতাপ লিখি থৈ গৈছে।

শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, গান্ধীজী, তৰুণৰাম ফুকন, অনাসক্তি যোগ …. ইত্যাদি তেখেতৰ ৰচনা সম্ভাৰ।

১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান “ভাৰত-ৰত্ন” উপাধিৰে সন্মানিত কৰিছিল ।
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম আৰু একমাত্ৰ ব্যক্তিগৰাকীয়ে হৈছে – “গোপীনাথ বৰদলৈ” ।
ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৰোহত ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়ণনে প্ৰয়াত বৰদলৈৰ পত্নী “সুৰবালা বৰদলৈ”ৰ হাতত এই সন্মান অৰ্পণ কৰিছিল ।
ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি প্ৰচ্ছদ খাম মুকলি কৰিছিল । তদুপৰি তেখেতৰ জন্মস্থান ‘ৰহা’ত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি, তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰি – তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছিল ।

তেখেতৰ সন্মানাৰ্থে আৰু নাম যুগমীয়া কৰি ৰাখিবলৈ – গুৱাহাটী বৰঝাৰ বিমান বন্দৰটো “গোপীনাথ বৰদলৈ”ৰ নামেৰে নামাকৰণ কৰা হৈছিল ।

অসম আৰু অসমীয়াৰ প্ৰতি থকা তেখেতৰ অৱদানৰ বাবে সেইসময়ৰ অসমৰ ৰাজ্যপাল “জয়ৰাম দাস দৌলতৰাম”য়ে তেখেতক “লোকপ্ৰিয়” উপাধিৰে বিভূষিত কৰিছিল।

১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰিছিল । সেইদিনা আছিল শনিবাৰ। গুৱাহাটীৰ “কুমাৰ ভাস্কৰ নাট্য মন্দিৰ”ত “প্ৰতিবাদ” নামৰ এখন নাটকৰ আয়োজন কৰা হৈছিল। নাটকখনৰ বিশেষত্ব আছিল যে, তাত সহ-অভিনয়ৰ আৰম্ভ কৰা হৈছিল আৰু নাটখনি উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী বৰদলৈক আমন্ত্ৰণ জনোৱা হৈছিল।
বৰদলৈদেৱে উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈকে সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সন্ধিয়াৰ আগে আগে গুৱাহাটী আহি পাইছিল। সন্ধ্যা ঠিক ৭ বজাত নাটক উদ্বোধন কৰিছিল আৰু ৮ বজাৰ লগে লগে তেখেতে ৰাইজৰ পৰা বিদায় মাগিব বিচাৰিছিল যদিও সৰু সৰু লৰা-ছোৱালী কেইটিৰ কাৰণে সেই অনুষ্ঠানত ৯ বজালৈকে থাকিবলৈ বাধ্য হৈছিল। তাৰ পিছত তেখেতে উলুবাৰী নিজা ঘৰলৈ ৰাওনা হৈছিল। নিশা ১০ বজাত তেখেতে ভাত-পানী খাই বিচনাত শুই পৰিছিল। কিন্তু ঠিক ১১ মান বজাৰ লগে লগে অকস্মাৎ হৃদযন্ত্ৰত এটা বেদনা অনুভৱ কৰিছিল আৰু সেই বেদনা ক্ৰমশঃ গুৰুতৰ হৈ আহিছিল। তেখেতৰ এই অসুখৰ খবৰ পাই ডাঃ ভুৱনেশ্বৰ বৰুৱাকে ধৰি আন কেইজনমান মুখীয়াল ডাক্তৰ আহিছিল যদিও সেই বেমাৰ উপশম কৰিব পৰা নাছিল। বৰদলৈয়ে মাথোঁ এবাৰ ভঙা ভঙা মাতেৰে কৈছিল — “এইবাৰ মই ৰক্ষা পাম এনে আশা নাই” ।

সেইদিনা ৰাতিয়ে ২.৪০ মিনিটত ৬০ বছৰ বয়সত তেখেতৰ পাৰ্থিৱ জীৱন নাটৰ সামৰণি পৰিছিল।
শৱ যাত্ৰাৰ সময়ত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰ এখনত তেখেতৰ শৱদেহ তুলি লোৱা হৈছিল। আগে আগে উৰুলি আৰু হৰিধ্বনি কৰা হৈছিল। প্ৰায় আধা মাইল জোৰা শোভাযাত্ৰাত হাজাৰ হাজৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে, মৌনভাবে শেষ সন্মান প্ৰদৰ্শন কৰিছিল। ঠায়ে ঠায়ে সমবেত জনতাই আখৈ, চন্দন, দুৱৰি, অক্ষত পুষ্প আদি বৰ্ষণ কৰিছিল। চহৰ প্ৰদক্ষিণৰ পিছত মৃতদেহ কংগ্ৰেছ অফিচলৈ নিয়া হৈছিল আৰু তাতে জাতীয় পতাকাৰে শৱ আবৃত কৰা হৈছিল। তাৰ পিছত “নৱগ্ৰহ শ্মশান”লৈ নি নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান অসমীয়াজনাক মৃত্যু দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিলোঁ।


কিশোৰ কুমাৰ চৌধুৰী দেৱৰ লেখনিৰ পৰা সংগ্ৰহ কৰি দিলে : লক্ষ্মীপ্ৰসাদ কটকীয়ে(ৰজাবাৰী, বোকাখাট)।

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
13Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।