ণ-ত্ব বিধি

ণ-ত্ব বিধি (ক):ঋ,ৰ,ষ ৰ পিছত সদায় ‘ণ’ বহে । যেনে-ভূষণ,ব্যাকৰণ,তৰুণ,ঘৃণা,মৃণাল,ঋণ,আৱৰৰণ,আকৰ্ষণ আদি
(যিহেতু ক্ষ=ক+ষ,গতিকে ‘ক্ষ’ৰ পিছত হ’লেও ‘ণ’ হ’ব ;যেনে ক্ষণ,দক্ষিণা,ক্ষুণ্ণ,তীক্ষ্ণ আদি)
ব্যতিক্ৰম: কোনো শব্দত ঋ,ৰ,ষ ৰ পিছত যদি ণ/ন-ৰ সৈতে যুক্ত বৰ্ণ থাকে ,তেন্তে সেই যুক্ত বৰ্ণৰ ন/ণ টো সদায় ‘ন’ হে হ’ব । যেনে –নৰেন্দ্ৰ,ৰন্ধ্ৰ,গ্ৰন্থ,প্ৰান্তিক আদি ।

ণ-ত্ব বিধি(খ): কোনো শব্দত থকা ঋ,ৰ,ষ-ৰ পিছত যদি ক-বৰ্গ(ক/খ/গ/ঘ/ঙ),প-বৰ্গ(প/ফ/ব/ভ/ম) অথবা য/‌ৱ/য়/হ-এই বৰ্ণকেইটাৰ এটা নতুবা ততোধিক বৰ্ণ থাকে ,তেতিয়া শব্দটোত ‘ন’ৰ সলনি ‘ণ’হে হ’ব ।
উদাহৰণ:ৰঙীণ,অৰ্পণ,ৰমণী,আৰোহণ,নিৰূপণ(ৰ-ৰ পিছত প থকা সত্ত্বেও),উত্তৰায়ণ,অপৰাহ্ণ(ইয়াত হ+ন=হ্ন নহ’ব),ৰামায়ণ,গৃহিণী,ব্ৰাহ্মণ(ৰ-ৰ পিছত একাধিক বৰ্ণ হো‌ৱা সত্ত্বেও),আক্ৰমণ,পৰি‌ৱহণ,ভ্ৰাম্যমাণ,শ্ৰা‌ৱণ আদি ।
বি.দ্ৰ.: ওপৰৰ সূত্ৰত কো‌ৱা বৰ্ণকেইটাৰ বাহিৰে ঋ,ৰ,ষ-পিছত অন্য বৰ্ণ থাকিলে ‘ন’হে হ’ব ।যেনে-অৰ্জুন,প্ৰাৰ্থনা,কৰ্তন,ৰসনা,মূৰ্ধন্য,দৰ্শনাৰ্থী,মৰ্দন আদি ।

ণ-ত্ব বিধি(গ): ন-ৰে আৰম্ভ হো‌ৱা কোনো শব্দৰ আগত দু: (দুৰ্) উপসৰ্গ বা ৰ-যুক্ত আন কোনো শব্দ লাগিলে ন কিন্তু অপৰি‌ৱৰ্তিত হৈ থাকে ।যেনে- দুৰ্নাম,সৰ্বনাশ,অহৰ্নিশ,সৰ্বনাম,দুৰ্নীতি আদি।

কিন্তু প্ৰ,পৰা,পৰি,নিৰ্ উপসৰ্গ লগ লাগিলে ণ-ত্ব বিধি প্ৰযোজ্য হ’ব ,অৰ্থাৎ ‘ণ’হে হ’ব ।যেনে-প্ৰণাম,পৰিণতি,নিৰ্ণেয়,পৰিণাম,প্ৰণতি আদি ।

 

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

3 টা মন্তব্য আছে এই বিষয়ত- “ণ-ত্ব বিধি

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..অতি সোনকালে অন্য লেখা প্ৰকাশ কৰা হ’ব ।

  1. ভাল হৈছে। ব্যাকৰণৰ পৰিসৰ আৰু বৃদ্ধি পাব বুলি আশা কৰিলো।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।