শৈশৱৰ ষ্টিফেন হকিং…..(প্ৰণ‌ৱজ্যোতি দাস )

৮ জানুৱাৰী ১৯৪২ চনত ষ্টিফেন উইলিয়াম হকিং নামৰ এটি সুস্থ শিশুৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃ আছিল ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং। দিনবোৰ থিকেই পাৰ হৈছিল। স্কুলীয়া আনুষ্ঠানিক শিক্ষাও ভালদৰেই আগবাঢ়িছিল। ষ্টিফেন হকিঙৰ বয়স তেতিয়া একৈছ বছৰ৷ চিকিৎসকে ঘোষণা কৰিলে ল’ৰাজন ‘মটৰ নিউৰণ’ নামৰ ৰোগটোত এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত৷ আৰু মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই তেওঁৰ মৃ্ত্যু নিশ্চিত৷ আসন্ন মৃত্যুৰ ভয়ে সকলোকে বিচলিত কৰে। কিন্তু সেই ল’ৰাজন সাধাৰণ নাছিল৷ তেওঁৰ অসাধাৰণ জীৱন-সংগ্ৰামে পৃথিৱীৰ লক্ষ-লক্ষ মানুহৰ বিলাইছে অনুপ্ৰেৰণাৰ বাণী, শিকাইছে জীৱনক ভাল পাবলৈ৷ ক্ৰমাৎ ল’ৰাজনৰ শৰীৰৰ প্ৰায়বোৰ অংগই অকামিলা হৈ পৰিবলৈ ধৰিলে। বাক শক্তি হেৰুৱাই পেলালে, দেহটো লৰচৰ কৰিব নোৱাৰা এটা অৱস্থা হ’লগৈ৷ এতিয়া মুখলৈ আহাৰ নিবলৈও অশেষ কষ্ট কৰিব লাগে৷ মাৰাত্মক ৰোগটোৱে লাহে লাহে তেওঁৰ শৰীৰটো গ্ৰাস কৰি নিবলৈ ধৰিলে। ক্ৰমান্বয়ে দেহৰ প্ৰতিটো অংগই অকামিলা হৈ কেৱল দুটা আঙুলিহে কাৰ্যক্ষম অৱস্থাত ৰ’ল৷ তথাপিও জীয়াই থকাৰ এক দুৰ্বাবাৰ হেপাঁহ৷ পৃথিৱীখনক কিবা এটা দি যোৱাৰ এক অদম্য হাবিয়াস৷ চলা-ফুৰাৰ সুবিধাৰ বাবে তেওঁক বৈদ্যুতিক হুইল চেয়াৰ এখনৰ যোগান ধৰা হ’ল ৷ মানুহৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ সাজি উলিওৱা হ’ল এক বিশেষ যন্ত্ৰৰ৷ কাৰ্যক্ষম অৱস্থা থকা দুটা আঙুলিৰ সহায়েৰে তেওঁ সেই যন্ত্ৰটো পৰিচালনা কৰে৷ আনৰ লগত ভাৱ বিনিময় কৰে৷ পৃথিৱীৰ বিখ্যাত বিশ্ববিদ্যালৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকলৰ প্ৰশ্নৰো উত্তৰ দিয়ে৷ সেই যন্ত্ৰটোৰ সহায় লৈয়েই তেওঁ লিখি উলিয়ালে এখন কিতাপ “A brief history of time” যিখন কিতাপৰ এতিয়ালৈকে কেইবা লাখ কপি বিক্ৰী হৈছে৷ একেৰাহে ২৩৭ টা সপ্তাহৰ বাবে সেইখন কিতাপ ব্ৰিটিছ চানডে’ টাইমছত বেষ্ট চেলাৰ হৈ থাকিল যি এটা অভিলেখ৷ বিজ্ঞানৰ জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ কেইবাবাৰো সন্মানীত হৈছে,লাভ কৰিছে অসংখ্য আন্তৰাষ্ট্ৰীয় বঁটা। ১৯৬৩ চনত চিকিৎসকে যিজন ল’ৰাক আৰু মাত্ৰ দুটা বছৰ জীয়াই থাকিব বুলি ভৱিষ্যৎবাণী কৰিছিল, সেইজন ল’ৰাৰ এতিয়া বয়স 75 বছৰ৷ তেওঁ এতিয়াও কৰ্মৰত ৷ কৰ্মৰ পৰা অৱসৰ লোৱাৰ তেওঁ কোনোধৰণৰ পৰিকল্পনা নাই৷ শেহতীয়াকৈ তেওঁৰ জীৱন-কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবিয়ে সৰ্বত্ৰ প্ৰশংসা বুটলিছে৷ 21 বছৰ বয়সতে মটৰ নিউৰণ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা হকিঙে মানুহৰ শক্তিশালী জীৱন-দৰ্শন আৰু অসাধাৰণ, অবিশ্বাস্য মানসিক শক্তিৰে আধুনিক পৃথিৱীৰ সভ্য সমাজক মোহাৱিষ্ট কৰি ৰাখিছে৷ জীৱন সম্পৰ্কে হকিঙৰ মত “মানুহৰ জীৱন যিমান কঠিন নহওক কিয়, জীৱনত আমি কৰিব পৰা এটা কাম সদায় থাকেই যিটো কামত আমি কৃতকাৰ্যতা লভিব পাৰোঁ৷” যিজন মানুহে জীৱন অধিকাংশ সময় যন্ত্ৰৰ সহায়েৰে কথা কৈছে, চলাচল কৰিছে হুইল চেয়াৰত বহি সেইজন মানুহৰ মুখত জীৱন সম্পৰ্কে এনে ইতিবাচক ধাৰণা ! সেইকাৰণেই চাগে তেওঁ অসাধাৰণ৷ সৰু-সৰু কথাতে অভিযোগ,অসন্তুষ্টি জাহিৰ কৰি থকা আমিবোৰহে সাধাৰণ মানুহ৷ ছাত্ৰাৱস্থাত ছেন্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৬২ চনত অক্সফ’ৰ্ড ৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তেওঁ তাতেই মহাকাশ বিজ্ঞান অধ্যয়ন কৰে৷ পিছলৈ তেওঁ ক্ৰমে ট্ৰিনিটি আৰু কেম্ব্ৰিজত সিদ্ধান্তগত (Theoritical) মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে। ষ্টিফেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ ৰ’জাৰ পেনৰ’জৰ সৈতে তেওঁ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ আঁত ধৰি গৱেষণা কৰি প্ৰমাণ কৰি দেখুৱাইছিল মহাকাশ আৰু সময়ৰ আৰম্ভণি হৈছিল বিগ বেঙৰ জৰিয়তে আৰু ইয়াৰ সমাপ্তি হয় কৃষ্ণগহ্বৰত ৷ তেওঁ বৰ্তমানে কেম্ব্ৰিজৰ চেন্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জিত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ ষ্টিফেন উইলিয়াম হকিঙৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱন্ত কালতেই এক অনন্য কিম্বদন্তীত পৰিণত কৰিছে ৷ তেওঁ ‘ৰয়েল ছ’ছাইটি অব আৰ্টছ’ৰ সন্মানীয় ফেল’ আৰু ‘পন্টিফিকেল একাডেমী’ৰ আজীৱন সদস্য। তদুপৰি তেওঁক ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম’ সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ মটৰ নিউৰনৰ ৰোগৰ দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্বা হিচাপে নিজকে উপস্থাপন কৰি হকিঙে পৃথিৱীৰ সকলো শ্ৰেণীৰ মানুহকেই তবধ মানিবলৈ বাধ্য কৰাইছে। আজি তেওঁৰ 75তম ওপজা দিনত আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।

লেখাটি ৮ জানু‌ৱাৰী, ২০১৭ ত ৰচিত । 

( সংযোজন- যো‌ৱা ১৪ মাৰ্চ, ২০১৮ তাৰিখে তেখেতে ৭৬ বছৰ বয়সত মৃত্যুৰ ওচৰত হাৰ মানে )

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।