দশম আৰু দ্বাদশ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হয় । এই দুয়োটা পৰীক্ষাই বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে । সেয়েহে এই দুটা পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অভিভাৱক, শুভাকাংক্ষী সকল যথেষ্ট উদ্বিগ্ন হৈ থাকে । ফলাফল ঘোষিত হোৱাৰ পিছত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰী সকলক লৈ সমাজৰ সকলোৱে গৌৰৱ কৰে । সেয়েহে, পৰীক্ষাত ভাল ফলাফলৰ বাবে সচেতন অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লিখা-পঢ়া কৰাৰ কেইটামান উপায় –
১) জীৱনৰ বাবে এটা সুন্দৰ লক্ষ্য স্হিৰ কৰা ।
২) ৰাতিপুৱা সোনকালে উঠি অলপ ব্যায়াম কৰা ।
৩) ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানী খোৱা ।
৪) পঢ়া আৰম্ভ কৰাৰ আগত অলপ প্ৰাৰ্থনা কৰা ।
৫) এটি নিৰ্জন কোঠালিত পঢ়া-শুনা কৰা ।
৬) পঢ়ি থাকোতে স্পষ্ট ভাবে পঢ়াৰ লগতে বুজিবলৈ চেষ্টা কৰা ।
৭) পঢ়াৰ শেষত, টান প্ৰশ্নৰ উত্তৰসমূহ মনত পেলায় লিখাৰ অভ্যাস কৰা ।
৮) একেৰাহে দুঘন্টা পঢ়াৰ অন্তত অলপ সময় জিৰণি লোৱা ।
৯) জিৰণিৰ সময়ত ভাল লগা দুই এটা গান শুনা আৰু কিবা এটা খোৱা ।
১০) সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা । ব্ৰাহ্মী, মানিমুনি শাক উপকাৰী ।
১১) নিৰ্দিষ্ট সময়ত পঢ়া-শুনা, খোৱা-লোৱা আদি কৰা ।
১২) কম পোহৰত আৰু বিচনাত কেতিয়াও লিখা-পঢ়া কৰিব নালাগে ।
১৩) পঢ়া-শুনা কৰাৰ সময়ত বাহিৰা চিন্তাৰ পৰা দূৰত থকা ।
১৪) পঢ়া-শুনাৰ সময়ত ঘৰত টিভি আৰু ম’বাইলফোন বন্ধ ৰখা ।
১৫) সদায় নিশা কমেও ছয় ঘন্টা টোপনি যাবা ।
Jayanta K kalita