ককা আৰু ধনটি

ককা আৰু ধনটি

(১)
মূৰত এটা হালধীয়া টুপি
চকুত এখন চশমা,
চাইকেলত উঠি ধনটি ওলাল
বজাৰত খাম বুলি খুৰ্‌মা ৷
(২)
পিছে, চাৰিআলি পায়েই তাৰ
প্ৰচণ্ড ভোক লাগিল,
কৃষ্ণৰ হোটেলত ঘুগুনি খাবলৈ
চাইকেলৰ পৰা ধনটি নামিল৷
(৩)
দুবাটি ঘুগুনি খাই লৈ ধনটিয়ে
মাৰি ল’লে এটা উগাৰ,
খৰধৰকৈ আহি পুনৰ চাইকেলত বহিল
পাবগৈ লাগে যে বজাৰ !
(৪)
অলপদূৰ গৈয়েই ধনটি
আকৌ সংকটত পৰিল,
ৰাস্তাৰ শ্ৰীচেহেৰা দেখি
মুখৰ মাত হৰিল।
ভগা-ছিগা ৰাস্তাৰ মাজত
প্ৰকাণ্ড প্ৰকাণ্ড গাঁত,
কাৱৈ-দৰিকণা মাছে আহি
উমলি ফুৰিছে তাত।
(৫)
পেডেল মাৰি মাৰি আমাৰ ধনটি
লবেজান হৈ গ’ল,
বোকাত সোমাই থকা চাইকেলৰ চকা
ঠাইতে ঘূৰি ঘূৰি ৰ’ল৷

(৬)
দুখে-ভাগৰে আধামৰা ধনটিয়ে
বুলিলে ‘ৰাম ৰাম ৰাম’,
‘এইটো ৰাস্তাৰে কেনেকৈনো মই
বজাৰলৈ বুলি যাম!’
(৭)
কাষেৰে গৈ আছিল এজন ককা
দাড়ি-চুলি গোটেই পকা,
ধনটিক দেখি লগালে মাত
‘সোমাইনো আছা তুমি কিয় বোকাত?’
(৮)
চকুলো টুকি টুকি ধনটিয়ে ক’লে
সমস্ত দুখৰ কথা,
‘খুৰ্মা খোৱাৰ সপোন ককা
পৰিল মোৰ আধ্যা৷’
(৯)
ককা গ’ল
ধনটিৰ ওচৰ চাপি;
ক’লে-“চকুপানীখিনি মচা৷
সৌখিনিতেই মোৰ ঘৰটি
লৈ যাওঁ ব’লা৷”

(১০)
“বজাৰৰ পৰা আনিছোঁ আজি
শিলঘৰীয়া নামৰ মাছ,
জিকাৰ লগত ৰান্ধি খোৱাম
দুপৰীয়াৰ এটি সাঁজ৷
ভাত-পানী খাই তুমি
অলপ জিৰাই ল’বা,
আবেলি উঠি গাখীৰৰ লগত
ঘিলা-পিঠা দুটি খাবা৷
তাৰপিছত আমি দুয়ো
খোজকাঢ়ি বজাৰলৈ যাম,
খুৰ্মা এক কেজি কিনি লৈ
দুয়ো টপালি টপালি খাম৷”
(১১)
ককাৰ বুজনিয়ে
ধনটিৰ মনলৈ ঘূৰাই আনিলে ৰং,
শিলঘৰীয়া মাছৰ কথা ভাবি
উৰি গ’ল সব খং ৷
(১২)
বোকাত পোত খাই থকা
চাইকেলখন উলিয়াবলৈ
ধনটি সেয়ে সাজু হ’ল,
বজাৰৰ মোনাটো
বাটৰ দাঁতিতে থৈ
ককাও তাৰ পিছে পিছে গ’ল ৷

—————————-০০০০০০০০০০০০——————–

ঈশান জ্যোতি বৰা
নগাঁও
ফোন-৯৪০১৪৪১০৪৪

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

4 টা মন্তব্য আছে এই বিষয়ত- “ককা আৰু ধনটি

  1. বৰ সুন্দৰ পদ্য পঢ়িলো… ল’ৰালিৰ সাহিত্যৰ পাঠ্যপুথিৰ পদ্যবোৰ সজীৱ হৈ পৰিছে মনৰ বাকৰিত! ধন্যবাদ ঈশান…

Leave a Reply to ঈশান Cancel reply

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।