জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom

কেইটামান জতুৱা ঠাঁচ

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে।

  • অৱস্থা চাই ব্যৱস্থা
  • অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা ।
  • অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ ।
  • আঁঠু কাঢ় : আঁঠুৰে বুল
  • আঁঠু ল : মাটিত আঠু লগাই সেৱা কৰ
  • অাভুৱা ভৰা : মিচা কথা কৈ দায় সৰা ।
  • আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা ।
  • আলাশৰ লাড়ু : অতি মৰমৰ ।
  • এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান ।
  • ওপৰ চকুৱা
  • কপাল ফুটা : দু্ৰ্ভগীয়া ।
  • কপাল ফুলা : সৌভাগ্যই লগ দিয়া ।
  • কপাল ধো : আশা এৰ
  • কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
  • কঁকাল পৰ : বুঢ়া হ
  • কাণ কটা: নিলাজ
  • কাণ দি : মনোযোগ দি
  • কাণ চুই থ : আগলৈ মনত ৰাখ
  • কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
  • কাণত ধৰি ক : শপত খাই ক
  • কাণ সমনীয়া : ডেকা
  • কাণ বাগৰা : লোকৰ মুখে শুনা
  • কুকুৰে মৈ টনা
  • খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা ।
  • গাত সৰিয়হ ফুটা
  • গা এৰা দিয়া : সম্পৰ্ক এৰা
  • গাই বাই চোৱা : চেষ্টা কৰি চোৱা
  • গা ধৰা : শকত হোৱা
  • ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
  • ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।
  • চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
  • চকুত লগা : ধুনীয়া হোৱা
  • চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
  • চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু ।
  • চুক ভেকুলী
  • চুঙা চাই সোপা
  • চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন
  • ডলাৰ বগৰী :
  • তলে পুতল
  • দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
  • দেশ চাইহে ভেশ
  • ধোদৰ পছলা : এলেহুৱা
  • ধোঁৱাচাঙত তোল
  • নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ ।
  • নদন-বদন : উভৈনদী ।
  • নাদৰ/কুৱাৰ ভেকুলী
  • পৰ্বতত কাছ কণী বিচৰা
  • পাবত গজা : মূল নোহোৱা
  • পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু ।
  • পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
  • পানী মিঠৈ
  • পাভ লুটি মৰা
  • পেট চলা : বেছিকৈ শৌচ কৰা
  • পেট মচা : নুমলীয়া
  • পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা
  • পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা
  • পানীত পৰা : অথলে যোৱা
  • বাট চা : অপেক্ষা কৰা
  • বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
  • বুৰেপিত শেলুক
  • ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা
  • ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ
  • মন কৰ : ইচ্ছা কৰ,মনোযোগ দে
  • মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ
  • মূৰ খা : মৃত্যুৰ কাৰণ হ
  • মূৰ ঘমা : বৰকৈ চিন্তা কৰা
  • মূৰ পাতি লোৱা : দায়িত্ব লোৱা
  • মূৰ পোলোকা মাৰ/দে : গা এৰা দে
  • মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা
  • মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা
  • হাত উজান দিয়া : কামত সহায় কৰা
  • হাত লৰ : চোৰ স্বভাৱৰ
  • হাত দীঘল : ক্ষমতাশালী
  • হাত সাৱটি থকা : কাম নকৰাকৈ থকা
  • হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা
  • হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা
  • হাত টান : কৃপণ
  • শেনৰ এজাত
  • শেন চকুৱা
  • শূণ্যত গদা ঘূৰোৱা
  • সাত ঘাটৰ চেঙেলী : অতি টেঙৰ ।
  • সাত ঘাটৰ সৈয়াকণী
  • সাহেই সিদ্ধি

(-অসমীয়া ‌ৱিকিপেডিয়াৰ পৰা উদ্ধৃত)


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।