ই হৈছে বাক্য অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে ৷ তলত কিছু খণ্ডবাক্য আৰু সিঁহতৰ অৰ্থ দিয়া হ’ল ।
১) অঁকৰা গাহৰি – বনৰীয়া গাহৰও অঁকৰা অৰ্থাৎ সি যিফালে যাব খোজে, সেইফালেই গুমগুমাই যায়, একো বাধা-বিঘিনিলৈ কাণসাৰ নকৰে । এতেক,- আঁকোৰগোজা মানুহ (নিন্দা প্ৰয়োগ হৈছে), an obstinate fellow.
২) অঁকৰা মৈত উঠা — চহোৱা মাটি মৈৰে সমান কৰা হয় । মৈৰ ওপৰত এজন মানুহ উঠে আৰু গৰুৱে তাক টানি লৈ যায় । অঁকৰা মানুহে মৈত উঠিবলৈ পালে তাৰপৰা নামিব নোখোজে । এতেকে,- কোনো কাৰ্যত হাত দিলে তাক এৰিব নোখোজা, কোনো কাৰ্য আঁকোৰগোজালিকৈ কৰিবলৈ ধৰা । to persist in doing a thing obstinately.
৩) অকলশৰীয়া পহু – পহু লগেৰে চৰে । এতেকে,- লগৰীয়া নোহোৱা মানুহ । A lonely helpless person.
৪) অকলৈ শকত – সকাম-নিকামত দহ-চাৰি ভকত লাগে। এতেকে,- পৰৰ সাহাৰ্য নোহোৱাকৈ আপোনা-আপুনি সক্ষম, selfsufficient.
৫) অকাল-কুষ্মাণ্ড – অকালত প্ৰসৱ হোৱা কুষ্মাণ্ডৰ দৰে লোপথোপ ভ্ৰূণ, অমংগলীয়া মানুহ, an abominable person.
৬) অগৰুৱা– গুৰুত শৰণ নোলোৱা অশৰণীয়া, অনাচাৰী , uninitiated, impure.
৭) অচলা-ভক্তি – লৰচৰ নোহোৱা ভক্তি, স্থিৰ ভক্তি , unshakeable faith, deep piety.
৮) অচলা লক্ষ্মী—লক্ষ্মী= ঐশ্বৰ্য্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী । অচলা= স্থানান্তৰ নোহোৱা । এতেকে, – চিৰস্থায়ী ঐশ্বৰ্য্য বিভূতি, Abiding fortune.
৯) অচিন কাঠৰ থোৰাকো (থোৰা) নলগোৱা – যি কাঠ চিনি পোৱা নাযায়, তাৰ থোৰাকো ঢেঁকীত লগাব নালাগে । এতেকে,- যাৰ আঁতি-গুৰি চিনি পোৱা নাযায়, তেনে মানুহেৰে সৈতে সামান্য কাৰ্যতো সম্পৰ্ক নৰখা, to keep absolutely no concern in any matter, however trivial it may be , with one whose antecedents are not known.
১০) অজগৰ সাপ—লৰিব-চৰিব নোৱাৰা গাৱাল মানুহ, উঠিব-লৰিবলৈ মন নোযোৱা ধোদ মানুহ , a corpulent person, a sluggard.
(বেণুধৰ ৰাজখোৱাদেৱৰদ্বাৰা সংকলিত আৰু মহেশ্বৰ নেওগৰদ্বাৰা সম্পাদিত “অসমীয়া খণ্ডবাক্য-কোষ” গ্ৰন্থৰপৰা সংগৃহীত )