ক্ষুধাৰ্তৰ চকুলো

******
আজি বৰ দীঘলীয়া লঘোন বোপাই
পেটত খুদকন এটিও পৰা নাই
দিনৰ দিনটো ইকাতি-সিকাটি কৰি
সন্ধিয়া পৰত মোৰ উকা চৰুত হাত ভৰাই চাওঁ
পেটৰ জ্বালা কমাবলৈ
যদি খুদকন অকণমান পাওঁ ।
হাড় আৰু ছাল এক হৈ গল বোপাই
অনাহৰ -অনিদ্ৰাত তিনিটা দিন গ’ল
পুৰণি বিষটো আকৌ আৰম্ভ হৈছে
ভাত এমুঠি মোৰ কপালত আজিও নহ’ল।
সময় সমাগত ! মোক এমুঠি ভাত দিবিনে বোপাই
নহ’লে কেইটামান চাউল আৰু এগিলাচ পানী দিয়া
কিজানিবা তাৰেই মোৰ ভোক পলুৱায়……..
বোপাই …মই বৰ অৱসন্ন হৈ পৰিছোঁ অ’
ভৰি দুখনেও থক্ থক্ কৈ কঁপিছে
কঢ়িয়াব পৰা নাই মোৰ দেহা
কোনফালে যাওঁ, কেনি যাওঁ
কোনদিনা পৰে তল মোৰ জীৱন চাকিৰ বেহা ।
উহঃ বোপাই….. তোক মই মানুহ বনাব বিচাৰিছিলোঁ অ’
তই হ’লি উচ্চ-পদস্থ বিষয়া…….
আজি তোৰ সপোন পূৰণ হ’ল তই সফল
আৰু মই মই সঁচাকে বিফল অ’ সঁচাকে বিফল….।
তই মোক চিনি নোপোৱা বোপাই
ময়ো তোক চিনি নাপাওঁ
তইতো এনে নাছিলি …..
মোৰ বুকুৰ ধন, অকালৰ লাখুটি তই তো
নহয়
তই যে বহু দূৰত আঁতৰি গ’লি বোপাই
মোক নালাগে কোনো ডাঙৰ অট্টালিকা
নালাগে তোৰ মিছা মান-সন্মান বোপাই
মোক সেই গাঁওৰ ঘৰ আৰু সেই মুকলি আকাশ
পাৰা যদি মোক দেনা উভতাই…..।

শস্য-শ্যামলা গাৱঁৰ পথাৰ খনে আজিও কয় ৰিঙিয়াই
সুখৰ সংজ্ঞাৰ কোনো ভাগ- বতৰা নাই
তই ধনী- তই দুখীয়া ,তই বুঢ়া -তই বুঢ়ী
বুলি কোনো পাৰ্থক্য নাই
মৰম – চেনেহ আৰু সহজ – সৰল গাঁও খনি
তই মোক দিবিনে উভতাই…।
আজি তিনিদিন হল বোপাই পেটত খুদকণ পৰা নাই
ভোকত কাতৰ মৃত্যুৰ সাঁথৰ
আজিও ভাঙিব পৰা নাই
আধুনিকতাৰ অভেদ্য শৃংখলে
মোৰ জীৱন ৰশ্মি অকালেতে নুমাই পেলায়….।

মোক নেলাগে বোপাই চহৰীয়া খাদ্য
নেলাগে তোৰ ৰাজপ্ৰসাদ
আৰু নেলাগে মিছা আশ্বাস
শান্তি মোৰ খেৰৰ পঁজাটিতে আছে
ইয়াতে এৰিম শেষ নিশ্বাস…।।


বিশ্বজিৎ ৰয়
কামৰূপ, পানীখাইতী

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে