সন্তানৰ জীৱন গঢ়াত পিতৃ-মাতৃৰ ভূমিকা

সন্তানৰ জীৱন গঢ়াত পিতৃ-মাতৃৰ ভূমিকা

 

মই পেশাত এজন চিকিৎসক ৷ লিখা-মেলা কৰো মোৰ মানসিক তৃপ্তিৰ বাবে ৷ মোৰ লিখনিত জীৱনৰ নানান অভিজ্ঞতাৰ ওপৰিও বৃতিগত কথা সামন্তৰালভাবে প্ৰকাশ পায় ৷ চিকিৎসা সম্পৰ্কীয় কথাবোৰে এক শ্ৰেণী লোকৰ মাজত জনসজাগতা বৃদ্ধি কৰিব বুলি মোৰ আশা ৷ মই কোনো বিশেষ ব্যক্তি নহয় – অনেক সমাজ -সচেতন অসমীয়াৰ মাজৰ ময়ো এজন বুলি নিজকে ভাবোঁ ৷
আত্মপৰিচয় দিয়াৰ পিছত শিৰোনামাৰ বিষয়টোৰ ওপৰত দুআষাৰ স্বঅভিজ্ঞতা বৰ্ণনা কৰিব খুজিছোঁ – ইয়াৰ দ্বাৰা হয়তো কোনোবা অভিভাৱক উপকৃত হব পাৰে ৷ এক গ্ৰাম্য পৰিবেশত শিক্ষয়ত্ৰী মাতৃৰ তত্বাবধানত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচলিত আলোচনী ‘জনশিক্ষা’ৰ মাধ্যমেৰে মাতৃভাষাৰ সৈতে পৰিচিত হৈছিলোঁ ৷ তাৰ পিছত শিশু মনত ৰাপ বহিল মাতৃয়ে কৈ শুনোৱা ৰামায়ণ,মহাভাৰত, উপনিষদ, বিক্ৰম-বেতালৰ সাধু, বুঢ়ী আইৰ সাধু আদিৰ অসংখ্য ৰসাল কাহিনীৰ ৷এটা সময়ত দেউতাই আনি দিয়া মহৎলোকৰ জীৱনী ‘খোজত মিলাওঁ খোজ’ পঢ়িব পৰা হলোঁ ৷
শিৱসাগৰৰ কালুগাওঁৰ পৰা দেউতাই মোক পঢ়াশুনাৰ সুবিধাৰ্থে নিজৰ কৰ্মস্থলী ডিবৰু চহৰলৈ আনি আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম লগাই দিলে ৷ তাৰ পিছত চতুৰ্থ শ্ৰেণীত ল’ৰাৰ চৰকাৰী হাইস্কুলত ভৰি দিলোঁ ৷ সেই সময়তে দেউতাই মোক চৌকিডিঙিৰ জিলা পুথিভঁৰালত নাম লগাই দিলে ৷ নাম ভৰ্তিকৰণত লাগিছিল ৫টকা ৷ সদস্য হোৱাৰ পিছত এটা সময়ত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিছিল ৷ লাইব্ৰেৰী সোমবাৰৰ বাহিৰে সপ্তাহটোৰ ৬দিনেই খোলা থাকে ৷ কিতাপৰ বিশাল আৰু বিস্ময়কৰ জগতখনত সোমাই প্ৰায় তিনিটা বছৰ কিমানযে বিভিন্ন বিষয়ৰ কিতাপ পঢ়িলোঁ তাৰ সীমা-সংখ্যা নাই ৷


library_moinamel-com

দেউতাৰ দিশ -নিৰ্দেশনাত ভাৰত চৰকাৰৰ মেধাবৃতি বাচনি পৰীক্ষাত অৱতীৰ্ণহওঁ আৰু ষষ্ঠ শ্ৰেণীত থাকোতেই ডিবৰু এৰি বেনাৰচৰ ৰাজঘাট বেচেন্ট স্কুলত এক নতুন পৰিবেশত ছাত্ৰ জীৱন আৰম্ভ কৰোঁ ৷ তাতগৈ অনুভৱ কৰিলোঁ আমাৰ মগজুটো যেন এখন ফলিহে ৷ ফলিখনত লিখোটা আজিলৈ কতজনযে আহিল ৷ মোৰ দুজন চিৰস্মৰণীয় গুৰু হিন্দী বিষয় শিক্ষক সুধাকৰ তিৱাৰীজী আৰু সমাজ বিজ্ঞানৰ শিক্ষক টি পি টেলংগ (গুল্লুজী) চাৰে যি অমিত ছাপ সেই ফলিত ৰেখাংকণ কৰি থৈ গ’ল, তাৰ বাবে মই আজীৱন ঋণী হৈ থাকিম ৷গুল্লুজী চাৰে স্কুলৰ লাইব্ৰেৰিয়ান ইংৰাজী শিক্ষক মদনমোহন পাণ্ডেজী চাৰক মোৰ চিনাকী এইদৰে দিছিল – এই ল’ৰাটোৱে সময়ত কিতাপৰ লিখক হব ৷ তাক লাইব্ৰেৰীৰ যেতিয়াই যি কিতাপ লাগে দি সহায় কৰিব !
মোৰ জন্মদাতা পিতৃ-মাতৃ, উল্লেখিত শিক্ষাগুৰুসকল আটাইয়ে আজি নেদেখা জগতৰ বাসিন্দা ৷ মোৰ মাজত যদি কিবা আনক বিলাব পৰা যৎসামান্য সুবাস সঞ্চিত হৈছে, সেয়া এই মনীষীসকলৰ অপৰিসীম অৱদানৰ ফলত !
এই কথাখিনি লিখি শেষ হোৱাৰ পিছত ফেচবুকত এজন বন্ধুৰ প’ষ্ট এটাত চকু পৰিল ৷ তেওঁ জনাইছে ইংৰাজী মাধ্যমত পঢ়া তেওঁৰ কন্যা হাইস্কুলীয়া ছাত্ৰী এগৰাকীয়ে কেনেকৈ শতাধিকঅসমীয়া কিতাপ পঢ়ি জ্ঞান আৰ্জিবলৈ সমৰ্থ হৈছে ৷ তেওঁৰ প’ষ্টত আন এজন বন্ধুৱে মন্তব্য কৰিছে – ‘এগৰাকী লিখিকা গঢ় লোৱাৰ পথত ‘!
ধন্য সেইসকল পিতৃ-মাতৃ যাৰ দিক নিৰ্দেশনাৰ ফলত সন্তানৰ মনোজগত সুন্দৰভাবে বিকশিত হবলৈ সক্ষম হয় ৷

লেখক: ডা০ ভূপেন শইকীয়া
১২চেপ্তেম্বৰ ২০১৬ ডোহা,কাটাৰৰ পৰা


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।