লিজ্জী ভিলাছকীজ:: “বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা” বুলি ঘৃণিত হৈয়ো আজি যি হৈ উঠিল অনুপ্ৰেৰণাৰ অক্ষয় উৎস

লিজ্জী ভিলাছকীজ:: “বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা” বুলি ঘৃণিত হৈয়ো আজি যি হৈ উঠিল অনুপ্ৰেৰণাৰ অক্ষয় উৎস

আপোনাক কুৎচিত বুলি কৈ কোনোবাই যদি মুকলিকৈ আহ্বান জনাই যে “অনুগ্ৰহ কৰি তুমি আমাক সকলোকে অকণমান দয়া কৰা— তুমি নিজকে নিজেই হত্যা কৰি দিয়া”, তেন্তে আপোনাৰ কেনে অনুভৱ হ’ব বাৰু? এক বৃহৎ সংখ্যক মানুহে যদি আপোনাৰ মা-দেউতাক উদ্দেশ্যি মুকলিকৈ বক্তব্য আগবঢ়োৱা আপুনি দেখা পায়— “এইক/ইয়াক মাক-দেউতাকে কিয় গৰ্ভপাত কৰাই নেপেলালে?!”, তেন্তে আপুনি কি ভাবিবলৈ শকতি পাব বাৰু? প্ৰৌঢ় জীৱনত এয়া সহ্যকৰ বুলি আমি ধৰি ল’লেও; যদি ১৫-১৭ বছৰ বয়সত কোনোবাই এনে কথা শুনিবলৈ পায়, যিটো বয়সত নিজৰ বাহ্যিক সৌন্দৰ্যৰ বাবে সকলোৱেই খুৱ আৱেগিকভাৱে উদ্বিগ্ন হৈ থাকে, তেতিয়া মনত কেনে ভাৱৰ সৃষ্টি হ’ব পাৰে? এয়া আমাৰ কল্পনাৰ অগোচৰ যদিও লিজ্জী ভিলাছকীজৰ জীৱনত কিন্তু সেয়াই ঘটিছিল। এদিন আবেলি, গান শুনিবলৈ বুলি ইউটিউৱত ভিডিঅ’ বিচাৰি থাকোঁতে তেওঁ দেখিলে— কেইবছৰমান পূৰ্বে তেওঁ দূৰদৰ্শন চেনেল এটাত দিয়া সাক্ষাৎকাৰ এটাৰ আঠ ছেকেণ্ডমানৰ দৃশ্য কোনোবাই ইউটিউৱত আপল’ড কৰিছে আৰু তাৰ শিৰোনাম দিয়া আছে— “দ্যা ৱৰ্ল্ডছ আগ্লিয়েষ্ট ৱুমেন”। তেওঁ দেখিলে, ভিডিঅ’টোৱে নিযুত সংখ্যক দৰ্শন লাভ কৰিছে আৰু ওপৰত কোৱা দৰে আহিছে হাজাৰ সংখ্যক বিৰূপ প্ৰতিক্ৰিয়া। কোনোবাই কৈছে— “এইজনী কেনে পিশাচী!!!!”, আন কোনোবাই কৈছে— “এইটো জুইত পুৰি পেলোৱাহে!!!!”, কোনোবাই আকৌ পৰামৰ্শ দিছে— “তোমাৰ মূৰত এটা বন্ধুক ৰাখা আৰু নিজকে নিজে হত্যা কৰা”, আন কোনোবাই দিছে— “বাহিৰলৈ ওলাই গ’লে মূৰটো মোনা এটাত সুমাই নিবা” . . .।

moinamel_com_lizziফটো দেখিলেই প্ৰায়ভাগ পাঠকে চিনি পাব পৰা বিশ্ববিখ্যাত, চুপাৰ-মডেল কেমেৰুণ ৰাছেলে এটা বক্তৃতাত এক তথ্য প্ৰকাশ কৰিছিল— আমেৰিকাৰ ১৩ বছৰীয়া কিশোৰ-কিশোৰীৰ ৫৩ শতাংশয়েই তেওঁলোকৰ শাৰীৰিক অৱয়বক লৈ সন্তুষ্ট নহয়, আৰু ১৭ বছৰীয়া যুৱক-যুৱতীৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হয়গৈ ৭৮ শতাংশ। মনস্তত্ববিদৰ মতে, প্ৰতি দহগৰাকী ছোৱালীৰ ছয়গৰাকীয়ে নিজকে দেখিবলৈ পৰ্যাপ্ত শুৱনি নহয় বুলি বিবেচনা কৰি বহুতো কামত আগ নবঢ়াকৈ থাকে। নিজৰ অৱয়ব তথা চেহেৰাক লৈ কৰা অসন্তুষ্টিয়ে একোজন মানুহৰ বিদ্যায়তনিক সফলতা-বিফলতাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, আচৰণ, সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ দক্ষতা, বিভৎস অনুৰাগেৰে কৰা আত্ম-আঘাত আদিলৈকে প্ৰভাৱ বিস্তাৰ কৰে। আজিৰ সমাজখন বহু পৰিমাণে হৈছেগৈ সুন্দৰ মুখাৱয়ব আৰু সুগঢ়ী শৰীৰৰ গৰাকীৰ মুখেৰে নিৰ্গত চলাহী কথাত ভোল যোৱা বা অধিক বিশ্বাস কৰা সমাজ। এনে পৰিস্থিতিত লিজ্জীয়ে যি সিদ্ধান্ত লৈছিল সি বাহ্যিক কুৰূপতা জনিত দুঃচিন্তা অতিক্ৰমী নিজৰ কৰ্মশক্তিৰ কৰ্ষণ কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰিছে। কেৱল সিমানেই নহয়; বৰ্তমান ২৭ বছৰীয়া লিজ্জীয়ে নিজৰ জীৱন-কাহিনী কৰি তুলিছে আৰু অধিক বৰ্ণাঢ্য।

লিজ্জীৰ জন্ম হৈছিল জোখৰ সময়তকৈ এমাহ পূৰ্বে। জন্মৰ সময়ত তেওঁৰ ভৰ আছিল ১ কেজি ২০০ গ্ৰামৰো কম। আৰু উচ্চতা আছিল ১৬ ইঞ্চি। চিকিৎসকে ধাৰণা কৰিব পৰা নাছিল তেওঁ বাছি থাকিব পাৰিবনে নাই। বাছি থাকিলেও তেওঁ কথা ক’ব আৰু খোজ কাঢ়িব নোৱাৰিব বুলি সন্দেহ কৰিছিল। দুবছৰ বয়সত তেওঁৰ ভৰ হৈছিলগৈ মাথোঁ চাৰিমহীয়া সাধাৰণ কেঁচুৱা এটাৰ সমান। চাৰি বছৰ বয়সত তেওঁ সোঁ-চকুটোৰ দৃষ্টিশক্তিও হেৰুৱাই পেলাইছিল, যিটোৰ কাৰণ চিকিৎসকে বুজিবলৈ সক্ষম হোৱা নাছিল। আচলতে লিজ্জীৰ গাত আছে সততে নেদেখা এটা জটিল ৰোগ, যিটো সম্পূৰ্ণৰূপে এতিয়াও চিকিৎসকে আয়ত্ব কৰিব পৰা নাই। এতিয়ালৈকে বিশ্বৰ কেৱল তিনিজন মানুহহে এই ৰোগত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। তেওঁৰ শৰীৰত মেদকলা নাই; যি কলাত চৰ্বি-কোষবিলাক গোট খায় থাকে। সেয়েহে তেওঁৰ শৰীৰত চৰ্বিৰ পৰিমাণ প্ৰায় সম্পূৰ্ণ শূন্য। যিমান খালেও তেওঁ ভৰ বঢ়াবলৈ সক্ষম নহয়। প্ৰতি ১৫-২০ মিনিটৰ অন্তৰে অন্তৰে কৰি দিনটোত ৬০বাৰ পৰ্যন্ত তেওঁ উচ্চ কেলৰী-যুক্ত খাদ্য গ্ৰহণ কৰি থাকিব লাগে। বৰ্তমান ৫ ফুট ২ ইঞ্চি উচ্চতাৰ লিজ্জীৰ ভৰ আজিলৈকে কোনোদিন ২৯ কেজিৰ অধিক হোৱা নাই। নিশকতীয়া শৰীৰ আৰু ভৰিৰ তলুৱাত মঙহ নথকা বাবে বেছি সময় খোজ কঢ়া বা ঠিয় হৈ থকাতো তেওঁৰ সমস্যা হয়। হাড় আৰু খাদ্যনলীৰ সমস্যাইয়ো তেওঁক দেখা দিয়ে। তেওঁৰ ছাল বয়সীয়াল মানুহৰ দৰে সোতোৰা পৰা।

লিজ্জীৰ জন্মৰ পাছত চিকিৎসকে মাকৰ হাতত প্ৰথমে এখনি ফটো তুলি দিছিল। মাকে অসহায় হৈ উচুপি উঠিছিল যদিও লগে লগেই কিন্তু সন্তানটি হাতত তুলি লৈ মৰমেৰে ওপচাই পেলাবলৈ বিচাৰিছিল। শৈষৱত পথে-ঘাটে, বিদ্যালয়ে-উদ্যানে লিজ্জীক যেতিয়া মানুহে দেখিছিল বহুতে কোঁচ খাই আঁতৰিবলৈ চেষ্টা কৰিছিল, আৰু বহুতে কৰিছিল ঠাট্টা-ভৰ্ৎসনা। তেনে সময়ত লিজ্জীৰ মাক-দেউতাকে তেওঁক বুজাইছিল যে— তেওঁ আনতকৈ একো পৃথক নহয়, তেওঁৰ একো দোষ নাই, মাথোঁ তেওঁৰ এটা ডাঙৰ বেমাৰ আছে, যিটোৱে তেওঁক দেখাত আনতকৈ সৰু কৰিছে, কিন্তু তেওঁৰ আচল যি ভিতৰৰ পৰিচয় সেয়া আনৰ সৈতে সম্পূৰ্ণ একে, তেওঁৰ সকলো সপোন বাস্তৱায়িত কৰিবলৈ তেওঁলোক সদায় পূৰ্ণ সহযোগ আগবঢ়াব . . .। বহু ক্ষেত্ৰত, ভুক্তভোগী মাক-দেউতাকে ভবাৰ দৰে লিজ্জীৰ মাক-দেউতাকে কোনোদিন ভবা নাছিল— “এয়া আমাৰ ক্ষেত্ৰতেনো কিয় ঘটিল!”; বৰং তেওঁলোকে লিজ্জীক উচ্চশিৰে জীৱনৰ জয়গান গাবলৈ শিকাইছিল। আৰু শিকাইছিল বিৰূপ প্ৰতিক্ৰিয়া কৰাসকলক বা নিপীড়কবিলাকক হাস্যবদনে ক্ষমা কৰি দিবলৈ। মানুহে যেনে আচৰণ কৰিলেও তেওঁক ওলোটাই কৰ্কশ ব্যৱহাৰ নকৰিবলৈ শিকাইছিল। তেওঁলোকৰ পাছৰ আন দুটি সন্তানৰ দৰেই লিজ্জীকো কোনোদিন পৃথক বুলি ব্যৱহাৰ নকৰিছিল।

বিৰূপ প্ৰতিক্ৰিয়াৰ সৈতে লিজ্জী শৈষৱৰ পৰাই পৰিচিত যদিও সেই ভিডিঅ’টোৰ তলৰ মন্তব্যবোৰে সকলো সীমা অতিক্ৰম কৰি গৈছিল। লিজ্জী হৈ পৰিছিল হতভম্ব, স্তব্ধ। তেওঁ কাকো একো ক’ব পৰা নাছিল। তেওঁ ভয় খাইছিল— সেইসমূহ দেখিলে মাক-দেউতাকে তেওঁতকৈয়ো বেছি আঘাত পাব বুলি। বহুদিন নিৰৱে চকুলো টুকিছিল তেওঁ। নিজকে নিঃশেষ কৰি দিবলৈ দিয়া সেই “পৰামৰ্শ”বোৰেই তেওঁ গ্ৰহণ কৰা উচিত নেকি বুলি বাৰে বাৰে মনলৈ প্ৰশ্ন আহিছিল যদিও মনে তেওঁক অহৰহ কৈ আছিল সেয়া গ্ৰহণ কৰাটো শুদ্ধ নহয়। সেইসমূহৰ দ্বাৰা ভুক্তভোগী হিচাপে তেওঁ নিজক সংজ্ঞাবদ্ধ কৰিব নিবিচাৰে, বৰং তেওঁ হৈ উঠিব বিচাৰে নিজস্ব অন্তৰ্নিহিত শক্তিৰে পৰিচিত। তেওঁ সিদ্ধান্ত ল’লে, তেওঁ চাইবাৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে যুঁজিব, সেইধৰণৰ কাণ্ডবোৰৰ বিৰুদ্ধে সজাগতা আনিব, আৰু তেনে ভুক্তভোগী আন আন মানুহক জীৱন যাপনৰ প্ৰেৰণা যোগোৱা কামত জড়িত হ’ব।

সেই ঘটনাৰ পাছতে লিজ্জীৰ হাইস্কুলৰ সহযোগী অধ্যক্ষগৰাকীয়ে এদিন যেতিয়া তেওঁক বক্তৃতা দিবলৈ আগবঢ়াই দিছিল তেওঁৰ ভাষণ সকলোৱে নিতাল মাৰি একেথিৰে শুনি আছিল। কোনোবাই তেওঁলৈ কাণ দিব বুলি তেওঁ কিন্তু প্ৰথমে ভাবিব পৰা নাছিল, আগবাঢ়ি যাবলৈ প্ৰথমে তেওঁ ভয় খাইছিল। সেইদিনা লিজ্জীয়ে বুজি পালে— তেওঁৰ কাহিনীয়ে আনকো উদ্বুদ্ধ কৰিব। তেওঁ বিশ্বাস লাভ কৰিছিল যে লক্ষ্যৰ প্ৰতি দৃষ্টি নিক্ষেপিত তেওঁৰ কাহিনী মানুহে শুনিব। তেওঁ এগৰাকী ম’টিভেছনেল স্পীকাৰ আৰু লেখক হ’বলৈ মন মেলিলে। তাৰ বাবে তেওঁ অধ্যয়ন কৰাত লাগিল। টেক্সাছ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লৈ ওলাই লিজ্জীয়ে তেওঁৰ লক্ষ্যৰ পিনে আগুৱাই গ’ল। আৰু আজি সেয়াই তেওঁৰ জীৱিকা আৰু বিশ্বখ্যাত পৰিচয়।

২০১৩ চনত “How do you define yourself” শীৰ্ষক ১৩ মিনিটৰ এটি টেডএক্সৰ বক্তৃতাই লিজ্জীক প্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে অধিক বিখ্যাত কৰি তুলিলে। সেই বক্তৃতাৰ ভিডিঅ’টোৰ মুঠ দৰ্শন ইতিমধ্যে ১.৫ কোটি অতিক্ৰম হৈছে। সৰল আচৰণ, সাৱলীল আৰু মাজে-মধ্যে ৰগৰ মিহলি কঠনভংগী, নিৰাশামুক্ত স্বাচ্ছন্দ্য মন, প্ৰবল আত্মবিশ্বাসী চাল-চলনেৰে সৈতে স্বচ্ছ আত্মিক সৌন্দৰ্য পৰিস্ফুট লিজ্জীৰ ভিডিঅ’সমূহে আজি সৃষ্টি কৰিছে তেওঁৰ অলেখ অনুৰাগীৰ। তেওঁৰ ইউটিউৱ প্ৰফাইলৰ চাবস্ক্ৰাইবাৰ সংখ্যা বৰ্তমান প্ৰায় সাত লাখ, আৰু তেওঁ আপল’ড কৰা প্ৰতিটো ভিডিঅ’ই লাখ-নিযুত হিচাপত দৰ্শন লাভ কৰে। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ ফল’ৱাৰৰ সংখ্যা ছয় লাখ পাৰ হৈছে। ইতিমধ্যে তেওঁ তিনিখন গ্ৰন্থ লিখি উলিয়াইছে। এইসমূহত সন্নিৱিষ্ট তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে বহু মানুহক আত্মপ্ৰত্যয় আহৰণ কৰি উদ্দেশ্যপূৰ্ণ জীৱন যাপন, আত্মোৎকৰ্ষ সাধনৰ প্ৰেৰণা যোগাইছে। যোৱা বছৰ তেওঁৰ বিষয়ক “A Brave Heart: The Lizzie Velasquez Story” শীৰ্ষক এখনি তথ্যচিত্ৰও নিৰ্মাণ হৈছে, যিখনে বহু সমাদৰ লাভ কৰিছে।

লিজ্জীয়ে অহৰহ স্বাস্থ্যৰ যত্ন লৈ থাকিব লগা হয়। নিয়মিত জিৰণি আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতিও খুৱ সচেতন হৈ থাকিব লাগে। সেয়েহে বিভিন্ন স্থানত বক্তৃতাৰ বাবে তেওঁলৈ অহা বহু নিমন্ত্ৰণো তেওঁ গ্ৰহণ কৰিব নোৱাৰে। বহু বছৰ ধৰি লিজ্জীৰ চিকিৎসাৰ লগত জড়িত থকা আৰু তেওঁৰ ৰোগটোৰ বিষয়ে অধ্যয়ন কৰি থকা চিকিৎসকসকলে কয়— ইমানবোৰ বাধাৰ মুখামুখি হৈয়ো পূৰ্ণজীৱন যাপনৰ বাবে লিজ্জীৰ আছে অসীম সাহস। তেওঁলোকে আশা কৰে, এদিন তেওঁক আৰোগ্য কৰাৰ উপায় তেওঁলোকে বিচাৰি পাবগৈ।

—পংকজ জ্যোতি মহন্ত

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।