চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী…..

চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী…..

যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ আগৰ কথা। গ্ৰীচৰ এজন সাধাৰণ ভেড়াৰখীয়া। তেওঁৰ নাম মেগনাচ। মেগনাচে সদায় ৰাতিপুৱা ভেড়াৰ জাক এটা লৈ পাহাৰৰ দাঁতিৰ এঢলীয়া ঠাই টুকুৰালৈ যায়। পাহাৰৰ এঢলীয়া ঠাইত খোজকঢ়াৰ বাবে অসুবিধা নহ’বলৈ মেগনাচে তেওঁৰ জোতাৰ তলিত কেইটামান গঁজাল মাৰি লৈছিল। এদিনাখনৰ কথা। আবেলি পৰত মেগনাচে ঘৰলৈ ঘুৰি অহাৰ সময়ত মন কৰিলে যে তেওঁৰ এটা ভেড়া কমি আছে। ইফালে-সিফালে বিচাৰি মেগনাচ ক্ৰমে আগবাঢ়ি গ’ল পাহাৰৰ আওঁহতীয়া শিলাময় অঞ্চলটোৰ দিশে। কিছুদূৰ আগবঢ়াৰ পিছত মেগনাচে অনুভৱ কৰিলে যে তেওঁৰ ভৰি দুখন ক্ৰমে গধুৰ হৈ আহিছে। বেছি গুৰুত্ব নিদি মেগনাচ হেৰোৱা ভেড়াটোৰ সন্ধানত আগবাঢ়িল। পিছে সময় আগবঢ়াৰ লগে লগে মেগনাচৰ ভৰি দুখনো বেছিকৈ গধুৰ অনুভৱ হোৱাত মেগনাচে শিল এটুকুৰাৰ ওপৰত বহি ভৰি দুখন লক্ষ্য কৰিলে। থিকেই তো আছে ! কোনো আঘাত নাই, বিষ নাই, একোৱেই তো হোৱা নাই ! তেন্তে ভৰি দুখন গধুৰ কিয় হ’ল ? এইবাৰ মেগনাচে ভৰিত পিন্ধি থকা জোতাযোৰলৈ চালে। হয়, জোতাযোৰতেই সমস্যাটো। তেওঁ শিলাময় অঞ্চলটোৰ ওপৰেৰে খোজকাঢ়ি যাওঁতে জোতাৰ তলিখনত শিলবোৰ লাগি ধৰা বাবে জোতাযোৰ গধুৰ হৈছে। ভেড়া খেদিবলৈ ব্যৱহাৰ কৰা লাঠিডালেৰে মেগনাচে শিলবোৰ এৰুৱাবলৈ যত্ন কৰিলে। মেগনাচ এইবাৰ আচৰিত হ’ল কাৰণ তেনেই সাধাৰণ এই সৰু শিলবোৰ যে জোতাযোৰত দৃঢ় ভাবে লাগি ধৰিছে !! কিছু সময় যুঁজি তেওঁ শিলবোৰ এৰুৱালে যদিও শিলবোৰ জোতাযোৰত কেনেকৈ লাগি ধৰিছিল সেই কথাটোৱে তেওঁক ভবাই তুলিলে। কৌতুহলবশতঃ তেওঁ তেনে কেইটিমান শিল লগত লৈ ঘৰলৈ উভতি আহিল আৰু বন্ধু বান্ধৱ তথা ওচৰ চুবুৰীয়াক দেখুৱালে। সকলো আচৰিত হ’ল এই যাদুকৰী শিলবোৰ দেখি।

তেওঁলোকে জোতাৰ ওজন বঢ়োৱা এই শিলবোৰৰ নাম ৰাখিলে “Loadstone”. গ্ৰীচৰ ভেড়া ৰখীয়া মেগনাচে আৱিষ্কাৰ কৰা বাবেই এই শিলবোৰক Magnetite বুলিও কোৱা হয়। পিছলৈ ইয়াৰ পৰাই Magnet বা চুম্বক শব্দৰ উৎপত্তি হয়। চুম্বক আৱিষ্কাৰৰ এই কাহিনীটো পিছে আন এচামে মানি ল’ব বিচৰা নাই। তেওঁলোকৰ মতে মেগনেচিয়া নামৰ ঠাই এখনৰ পৰা প্ৰথমে এই শিলবোৰ আহৰণ কৰা হৈছিল বাবেই এইবোৰক “মেগনেট” বোলা হয়। প্ৰাচীন গ্ৰীক সকলে এই শিলবোৰক যাদুকৰী বা Magical stone বুলি ভাবিবলৈ লৈছিল আৰু তেওঁলোকে এই শিলবোৰ অপদেৱতা বা অশুভ শক্তিৰ পৰা হাত সাৰি থকাৰ বাবে ব্যৱহাৰ কৰিছিল। খ্ৰীঃঃ পূঃ 1800 চন মানত চীন দেশত পোন প্ৰথমে এই চুম্বকীয় গুণ সম্পন্ন শিলবোৰৰ বিজ্ঞান সন্মত ব্যৱহাৰ আৰম্ভ হয়। তেওঁলোকে মন কৰিছিল যে এই শিলবোৰ মুক্ত ভাবে ওলোমাই ৰাখিলে সদায় উত্তৰ দক্ষিণমূৱা হৈ থাকে। তেওঁলোকে চুম্বকৰ এই গুণটো ব্যৱহাৰ কৰি প্ৰথম কম্পাছ আৱিষ্কাৰ কৰে। পিছলৈ ভাইকিং নামৰ এজন লোকে এটি অধিক কাৰ্যক্ষম কম্পাছ সাজি উলিয়ায়। 1600 চনত বৃটিছ বিজ্ঞানী উইলিয়াম গিলবাৰ্টে পৃথিৱীৰ প্ৰথম কৃত্ৰিম চুম্বকডাল সাজি উলিয়ায়। তেখেতে পৃথিৱীখনো এডাল বৃহৎ চুম্বক বুলি প্ৰমাণ কৰিছিল। পিছলৈ হান্স ক্ৰিষ্টিয়ান অৰষ্টেড, মেক্সুৱেল, ফ্লেমিং, মাইকেল ফেৰাডে আদি বিশ্ববিশ্ৰুত বিজ্ঞানী সকলৰ প্ৰচেষ্টাত বিদ্যুত আৰু চুম্বকত্বৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ লগে লগে বিজ্ঞানৰ ক্ষেত্রখনলৈ আগমন ঘটে এটি নতুন বিষয় – “বিদ্যুত-চুম্বকত্ব” আৰু এই আৱিষ্কাৰৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সমগ্র মানৱজাতিৰ কল্যাণ সাধন কৰি আহিছে।

প্ৰণ‌ৱজ্যোতি দাস,টংলা

https://pranabjdas.blogspot.in


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।