“দুই ভাই” মণিপুৰী লোকসাধু

“দুই ভাই” মণিপুৰী লোকসাধু

সংগ্ৰহ আৰু অনুবাদ: মিতালী বৰ্মন

বহুদিনৰ আগৰ কথা, এটা মেকুৰী আৰু এটা বাঘ একেখন ঘৰতে দুই ভাই হৈ জন্ম লৈছিল। মেকুৰীটো অলপ দুৰ্বল আছিল বাবে সি সদায় ঘৰতে থাকিছিল আৰু প্ৰায়ে ঘৰুৱা কাম-বনবোৰ কৰিছিল। আনফালে আকৌ বাঘটোৱে সদায় বাহিৰলৈ গৈ পৰিয়ালটোৰ বাবে চিকাৰ কৰি খাদ্য যোগাৰ কৰি আনিছিল।

মেকুৰীটোৱে সদায় ঘৰটো চাফ-চিকুণ কৰি থয়; কিন্তু তাৰ ককায়েকে চিকাৰৰtiger_moinamel-com পৰা আহি সদায় চাফা ঘৰটো লেতেৰা কৰি পেলায়। এই কথাটোত মেকুৰীটোৱে মনত দুখ পাই ককায়েকক জনাইছিল যদিও বাঘটোৱে তাৰ কথাত অকণো গুৰুত্ব নিদিছিল।

সিহঁতে এটা বৰ আৰামদায়ক গুহাত বাস কৰিছিল। বতাহেই আহক বা ধুমুহা, সেই গুহাটোক কিন্তু কোনেও লৰচৰ কৰিব নোৱাৰিছিল। তাত মাত্ৰ জুইহে নাছিল। জুই কেৱল মানুহৰ ঘৰতহে পোৱা যায়। কিন্তু কোনোবা মানুহৰ ঘৰলৈ গৈ জুই একুৰা খুজি অনাটো নিশ্চয় কোনো বুদ্ধিমানৰ কাম নাছিল। তথাপি শেষত বাঘটোৱে মানুহৰ ঘৰলৈ গৈ জুই একুৰা খুজি আনিবলৈ মন বান্ধিলে।

মেকুৰীটোৱে ককায়েকক ক’লে, “ককাইদেউ, তোমাৰ শৰিৰীক অৱয়বটো ডাঙৰ বাবে মানুহে তোমাক তৎক্ষণাত দেখা পাব আৰু সিহঁতে যদি তোমাক আক্ৰমণ কৰে বুলি ভাবে তেন্তে তুমি সিহঁতৰ বাবে সহজ লক্ষ্য হৈ পৰিবা। মই দেখাত সৰু, গতিকে অনুগ্ৰহ কৰি মোক যাবলৈ অনুমতি দিয়া।” এই কথাটোৱে বাঘটোৰ আত্মাভিমানত আঘাত কৰিলে যদিও সি মান্তি হ’ল।

এইদৰে কোনোবা এদিন মেকুৰীটো হাবিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু কোনোবা এঘৰত জুই একুৰা চুৰ কৰিবলৈ সোমাল। ঘৰটোত সোমোৱাৰ লগে লগে সি পাগঘৰত থৈ দিয়া তৃপ্তিদায়ক আঞ্জাৰ সুগন্ধ পালে। সি জুইত ৰন্ধা খাদ্যৰ জুতি লৈ চাবলৈ বিচাৰিলে আৰু খাওঁতে খাওঁতে মানুহঘৰে থৈ দিয়া আধা খাদ্য সি খাই পেলালে। তাৰপাছত মুখত একুৰা জুই লৈ সি সেই ঠাই পৰিত্যাগ কৰিলে।

ঘৰলৈ ‌উভতি গৈয়ো তাৰ সেই ৰন্ধা খাদ্যৰ সোৱাদলৈ মনত পৰি থাকিল। হঠাৎ জুইকুৰা নুমাই থাকিল।

সেইবাবে সি আকৌ সেই মানুহ ঘৰলৈ ঘূৰি আহিল আৰু তেতিয়া আধা খাই এৰা খাদ্যখিনিও খাই শেষ কৰিলে। তাৰপাছত সি ভাবিবলৈ ধৰিলে, “মোৰ ওপৰত চাগৈ ককাইদেউৰ ভীষণ খং উঠিছে! গতিকে মই হাবিলৈ আৰু ঘূৰি নাযাওঁ, বৰং ইয়াতে থাকিম আৰু আজিৰ পৰা সদায় জুতিলগা খাদ্য খাম।”

যেতিয়া মানুহবোৰ ঘৰলৈ উভতি আহিল তেতিয়া মেকুৰীটোৱে মানুহবোৰক ক’বলৈ ধৰিলে, “হে মানৱ, তোমালোক সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ, বুদ্ধিমান। কিন্তু নিগনিবোৰে তোমালোকে সংৰক্ষণ কৰি থোৱা খাদ্যবোৰ খায় আৰু খেতি পথাৰ আৰু পথাৰত ৰোৱা বীজবোৰ ধ্বংস কৰি পেলায়। মোক তোমালোকৰ ঘৰত থাকিবলৈ দিয়া। মই নিগনিবোৰ মাৰি খাই পেলাম আৰু মই ওচৰে-পাজৰে থাকিলে সিহঁতে আকৌ কেতিয়াও তোমালোকৰ ঘৰত সোমাবলৈ সাহ নকৰিব।”

মানুহবোৰ মেকুৰীটোৰ প্ৰস্তাৱত সন্মত হ’ল। মেকুৰীটোৱেও নিজৰ খোৱা-বোৱাৰ অভ্যাস আৰু বনৰীয়া প্ৰকৃতি এৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে। যদিও প্ৰথমতে এয়া কঠিন আছিল সময়ৰ লগে লগে সি তাৰ বনৰীয়া প্ৰকৃতি এৰিবলৈ সক্ষম হ’ল আৰু সম্পূৰ্ণৰূপে ঘৰচীয়া জীৱলৈ পৰিণত হ’ল।

বাঘটোৱে হাবিতে তাৰ ভায়েকলৈ বহুসময় অপেক্ষা কৰি ৰ’ল। কিন্তু সি বহুপৰ ধৰি উভতি নহা দেখি নিজৰ খাদ্যৰ যোগাৰ কৰিবলৈ চিকাৰলৈ গুচি গ’ল।
******************

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

3 টা মন্তব্য আছে এই বিষয়ত- ““দুই ভাই” মণিপুৰী লোকসাধু

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।