বুঢ়ী আই আৰু সাধু মামা

বুঢ়ী আই আৰু সাধু মামা

এদিন আবেলি বেলি লহিওৱাৰ পৰত

বুঢ়ী আইৰ পৰিল সাধু মামালৈ মনত৷

হাচঁতিত বান্ধি ল’লে গুড় আৰু চিৰা -দৈ

লগতে নাৰিকলৰ লাৰু দুটা,

বাটত যদি পেটে কলেমলাই

দিব সোপাকে পেটলৈ গতা৷

এনেকৈয়ে সাজু হৈ,

বুঢ়ী আই ওলাল সাধু মামাৰ ঘৰলৈ৷

গৈ গৈ বুঢ়ী আই পালেগৈ কলঙৰ পাৰ,

বেলিটিও পালেগৈ পাহাৰৰ সিপাৰ৷

আকাশত জোনজনীৰ মিচিকি হাঁহিটি,

তাকে দেখি বুঢ়ী আইৰ ভাগৰ গ’লগৈ উৰি৷

আৰু কিছুবেলিৰ বাট আছে,

বাটৰ কাষে কাষে জোন পৰুৱাই নাচে৷

এনে মন মোহা দৃশ্যবোৰ দেখি,

ভোক-পিয়াহ পাহৰি বুঢ়ী আয়ে কৰে কোবা-কুবি৷

সাধু মামাও আছে ৰৈ,

নঙলামুখতে থিয় হৈ৷

বুঢ়ী আই তেওঁৰ যে তেনেই চেনেহৰ,

তুলি তালি সাধু মামাক কৰিছে ডাঙৰ৷

কথাবোৰ মনতে থাকোঁতে পাগুলি,

বুঢ়ী আইক অহা দেখি দুচকু উঠিল উজলি৷

আথে-বেথে মাতি নি চ’ৰাঘৰ পালেগৈ,

দুয়োৰে মন থৌকি-বাথৌ যেন বোৱতি উলাহৰ নৈ৷

বাটত খাবলৈ লোৱা চিৰা-দৈ-লাৰুৰ টোপোলা,

সাধুমামাক গতাই দি মাৰিলে হাঁহিটি সোলা৷

তাৰপিছত বুঢ়ী আয়ে বোলে-“নকৰোঁ পলম,

যি য’ত সাধু আছে মোক দিবলৈ কৰগৈ যতন৷”

তড়িৎ গতিৰে ভিতৰলৈ গৈ সাধুমামাই,

হাতনিপেৰাটো খুলিলে য’ত সাধুবোৰ থৈছিল উপচাই

বুঢ়ী আইৰ জোলোঙাত সোপাকে দিলে সুমুৱাই৷

জোন বেলি তৰা নৈ আৰু আছে ৰজা ৰাণী

সাধুমামাই বোলে-“আৰু কিবা দিম নেকি?”

বুঢ়ী আয়ে থেৰোগেঁৰোকৈ ক’লে-

“আছে যদি বাৰ্বী ডোৰেমন চিনছেন

সিবোৰকো লগতে পাৰিলে দিবিচোন৷”

পোনাহঁতে আজিকালি নুশুনেচোন

জোন-বেলি-তৰা  আৰু ৰজা-ৰাণীৰ কাহিনী তাহানিৰ

টি.ভি. আৰু মোবাইলতে সাধুবোৰ চাই চাই

সিহঁতে হেনো পাহৰে পঢ়াৰ ভিৰ৷

হুমুনিয়াহ কাঢ়িলে দুয়ো কথাবোৰ চিন্তি

ক’তনো হেৰালে তাহানিৰ ল’ৰালিৰ সৰল মনটি !


-মঞ্জুলী ৰাহাঙ (দূৰভাষ – ৯৭০৬০২৮৫৬৪) 

 

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “বুঢ়ী আই আৰু সাধু মামা

  1. সুন্দৰ শব্দ-চয়ন আৰু মনোগ্ৰাহী বৰ্ণনাৰে সমৃদ্ধ ৰসাল কবিতাটিত পৰিৱৰ্তিত সময়ৰ এখন চিত্ৰও অংকিত কৰা হৈছে । কবিতাটি পঢ়ি আনন্দিত হোৱাৰ লগতে চিন্তাৰ খোৰাকো পালোঁ । ধন্যবাদ ।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।