গণিত বিষয়ত পাৰদৰ্শিতা

‘অসম গণিত শিক্ষায়তন’ এ আয়োজন কৰা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ সাফল্য:
*************************
যোৱা ২০.০৫.২১৮ ত অনুষ্ঠিত হোৱা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ পৰা আঠ টা দলে সাফল্য অৰ্জন কৰিছে। প্ৰতি বছৰে অনুস্থিত এই পৰীক্ষাত ৫ টা দলক rank দিয়াৰ লগতে কিছু সংখ্যক দলক Certificate of Merit আৰু Certificate of Appreciation প্ৰদান কৰে। এইবাৰ মুঠ ৩১ টা দলক এই বঁটা প্ৰদান কৰিব। বোকাখাত বাসী হিচাবে আমি গৌৰাম্বিত যে এই ৩১ টা দলৰ আঠোটাই বোকাখাত মহকুমাৰ ৰ বিভিন্ন শিক্ষানুষ্ঠানৰ।
সকলো দললৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে অভিভাৱক, শিক্ষক সকলকো কৃতজ্ঞতা জনাইছোঁ।
উল্লেখ্য যে যোৱা ২০১৪ চনৰে পৰা বোকাখাত কেন্দ্ৰ ত এই পৰীক্ষা অনুষ্ঠিত কৰি অহা হৈছে আৰু প্ৰতি বছৰেই ছাত্ৰ ছাত্ৰী সকলে সাফল্য অৰ্জন কৰি আহিছে।
বিগত দিনত এই পৰীক্ষাত সাফল্য অৰ্জন কৰা দুজন ছাত্ৰই এইবাৰ ‘ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠান’ (IIT) লৈ নিৰ্বাচিত হৈছে আৰু এগৰাকী ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান ত (Assam Medical College) নাম ভৰ্তি কৰিছে। তাৰোপৰি বোকাখাতৰ পৰা দুজন ছাত্ৰই ইতিমধ্যে IIT Guwahati আৰু Delhi University ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে।
আমি আশাবাদী, এই সৰু পিছপৰা অঞ্চলৰ পৰাই আৰু বহুতো ছাত্র-ছাত্ৰী য়ে গণিতৰ দৰে বিষয় এটাত সৰ্ব ভাৰতীয় পৰ্যায়ত সফলতা অৰ্জন কৰিব।

আহকচোন, আমি সকলোয়ে ছাত্ৰ-ছাত্ৰী সকলক অলপ প্ৰেৰণা দিওঁ, উৎসাহিত কৰোঁ।

যুগুতালে- ড০ বিদ্যুত বৰু‌ৱাই । যোগাযোগৰ বাবে ইয়াত টিপক

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে