তোমাৰ বন্ধুক আচৰিত কৰি তুমি বন্ধুৱে কল্পনা কৰা সংখ্যা এটা অংকৰ যাদুৰ জৰিয়তে কৈ দিব পাৰিবা ।যাদুটো শিকিবা নেকি ?
মই যিদৰে কৈ যাম, তুমি তেনেকৈ তোমাৰ বন্ধুক কৰি যাবলৈ ক’বা । লাগিলে কাগজ-কলম উলিয়াই ল’বা।
১) প্ৰথমে, তোমাৰ বন্ধুক তেওঁৰ নিজৰ ইচ্ছামতে এটা সংখ্যা কল্পনা কৰিবলৈ কোৱা । (ধৰা তোমাৰ বন্ধুৱে ভাৱিলে ৫ –বেলেগ সংখ্যাও ভাৱিব পাৰে ।)
২) এতিয়া, সংখ্যাটোৰ লগত ১ এটা যোগ কৰিবলৈ কোৱা। (৫+১= ৬)
৩) এই যোগফলটোক এতিয়া ২ ৰে পূৰণ কৰিবলৈ কোৱা (অৰ্থাৎ ৬x২=১২)
৪) পূৰণফলটোৰ(১২) লগত এতিয়া ৩ যোগ কৰিবলৈ কোৱা। (১২+৩=১৫)
৫) যোগফলটোক এতিয়া ৫ ৰে পূৰন কৰিবলৈ কোৱা । (১৫x৫=৭৫)
এই পূৰণফলটো কিমান পালে তোমাৰ বন্ধুক সোধা । তুমি এই পূৰণফলটো জানিলেই তোমাৰ বন্ধুৱে কি সংখ্যা প্ৰথমে ভাৱিছিল,সেইটো কৈ দিব পাৰিবা ।
কিটিপ: তোমাৰ বন্ধুৱে একেবাৰে শেষত যিটো সংখ্যা তোমাক ক’লে, সেই সংখ্যাটোৰপৰা তুমি শেষ অংকটো বাদ দিয়া । অৰ্থাৎ ইয়াত ৭৫ৰ শেষ অংক হৈছে ‘৫’ । এই পাঁচটো বাদ দিলে থাকিব ‘৭’ । এই সংখ্যাটোৰপৰা এতিয়া মাত্ৰ ২ বিয়োগ কৰি যি পাবা, সেইটোৱেই হ’ব তোমাৰ বন্ধুৱে সৰ্বপ্ৰথমে কল্পনা কৰা সংখ্যাটো ।
—নীলকমল মিশ্ৰ (ফোন-৯৭০৭৪৮৪২৯৬)
Very very interesting and fruitful for kids.
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..
Very Good..
Very Good..
অতি সুন্দৰ আৰু জ্ঞান লাভ কৰিব পৰা তথ্য।
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..
ভাল লাগিল। বেলেগ পালে বেছি ভাল হয়
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..আৰু নতুন লেখা অতি শীঘ্ৰে যোগ কৰা হ’ব ।
Very good..