গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

 

তোমাৰ বন্ধুক আচৰিত কৰি তুমি বন্ধু‌ৱে কল্পনা কৰা সংখ্যা এটা অংকৰ যাদুৰ জৰিয়তে কৈ দিব পাৰিবা ।যাদুটো শিকিবা নেকি ?

মই যিদৰে কৈ যাম, তুমি তেনেকৈ তোমাৰ বন্ধুক কৰি যাবলৈ ক’বা । লাগিলে কাগজ-কলম উলিয়াই ল’বা।

math

১) প্ৰথমে, তোমাৰ বন্ধুক তেওঁৰ নিজৰ ইচ্ছামতে এটা সংখ্যা কল্পনা কৰিবলৈ কো‌ৱা । (ধৰা তোমাৰ বন্ধু‌ৱে ভা‌ৱিলে ৫ –বেলেগ সংখ্যাও ভা‌ৱিব পাৰে ।)

২) এতিয়া, সংখ্যাটোৰ লগত ১ এটা যোগ কৰিবলৈ কো‌ৱা। (৫+১= ৬)

৩) এই যোগফলটোক এতিয়া ২ ৰে পূৰণ কৰিবলৈ কো‌ৱা (অৰ্থাৎ ৬x২=১২)

৪) পূৰণফলটোৰ(১২) লগত এতিয়া ৩ যোগ কৰিবলৈ কো‌ৱা। (১২+৩=১৫)

৫) যোগফলটোক এতিয়া ৫ ৰে পূৰন কৰিবলৈ কো‌ৱা । (১৫x৫=৭৫)

এই পূৰণফলটো কিমান পালে তোমাৰ বন্ধুক সোধা । তুমি এই পূৰণফলটো জানিলেই তোমাৰ বন্ধু‌ৱে কি সংখ্যা প্ৰথমে ভা‌ৱিছিল,সেইটো কৈ দিব পাৰিবা ।

কিটিপ: তোমাৰ বন্ধু‌ৱে একেবাৰে শেষত যিটো সংখ্যা তোমাক ক’লে, সেই সংখ্যাটোৰপৰা তুমি শেষ অংকটো বাদ দিয়া । অৰ্থাৎ ইয়াত ৭৫ৰ শেষ অংক হৈছে ‘৫’ এই পাঁচটো বাদ দিলে থাকিব ‘৭’ এই সংখ্যাটোৰপৰা এতিয়া মাত্ৰ ২ বিয়োগ কৰি যি পাবা, সেইটো‌ৱেই হ′ব তোমাৰ বন্ধু‌ৱে সৰ্বপ্ৰথমে কল্পনা কৰা সংখ্যাটো ।

নীলকমল মিশ্ৰ (ফোন-৯৭০৭৪৮৪২৯৬)

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

9 টা মন্তব্য আছে এই বিষয়ত- “গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..

  1. অতি সুন্দৰ আৰু জ্ঞান লাভ কৰিব পৰা তথ্য।

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..

    1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..আৰু নতুন লেখা অতি শীঘ্ৰে যোগ কৰা হ’ব ।

Leave a Reply to Rita Cancel reply

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।