শিক্ষক দিৱসৰ তাৎপৰ্য

শিক্ষক দিৱসৰ তাৎপৰ্য

মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ চেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ ৰাধাকৃষ্ণন ১৯৬২ চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল ৷ কিন্তু তেওঁ জীৱনত শিক্ষকৰ বৃত্তিটোকহে অগ্ৰাধিকাৰ দিছিল আৰু সেয়ে তেওঁৰ জন্মদিনটোক তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই “শিক্ষক দিৱস” হিচাপে পালন কৰা হয় ৷

শিক্ষকসকল হৈছে সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ ৷ শিশু এজনৰ জন্মৰ ৬ বছৰৰ পৰা ২৫ বছৰ বয়সলৈকে জীৱনৰ অতি মূল্যবান সময় এই শিক্ষকসকলৰ লগতে পাৰ কৰে৷ গতিকে সমাজ এখনৰ বাবে প্ৰকৃত মানৱ সম্পদ সৃষ্টিৰো মূল দায়িত্ব শিক্ষকসকলৰ৷
কেৱল পুথিগত শিক্ষা প্ৰদানেই শিক্ষক এজনৰ মূল উদ্দেশ্য নহয়৷ ডঃ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে যদি উচিত পদ্ধতিৰে শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেক অপশক্তিক বিনাশ কৰিব পাৰি৷ সেয়ে তেওঁৰ বক্তব্যত যি শিক্ষা প্ৰদানৰ কথা কৈছিল সেই শিক্ষাৰ অন্তৰালত কেৱল পুথিগত শিক্ষা নাছিল | তেওঁ ছাত্ৰ-ছাত্ৰীৰ মানৱীয় উত্কৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিকভাৱে সুস্থ-সৱল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল৷ শিক্ষা, শিক্ষক আৰু শিক্ষাদান মানে কেৱল পাঠ্যপুথি আৰু বিদ্যালয়েই নহয়৷ বিদ্যালয়ৰ পুথিগত শিক্ষাই সম্ভৱ এজন ছাত্ৰক প্ৰথম শ্ৰেণীৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে কিন্তু মানৱীয় উত্কৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷ গতিকে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ বিষয়ে কোৱা প্ৰতিটো কথাকে ছাত্ৰ-শিক্ষক নিৰ্বিশেষে অনুভৱ কৰা উচিত৷
ব্যক্তিগত জীৱনত এজন ছাত্ৰই প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে অনেক শিক্ষকৰ পৰা শিক্ষা লাভ কৰে৷ কিন্তু সকলো শিক্ষকেই ছাত্ৰজনৰ মনত সাঁচ বহুৱাব নোৱাৰিবও পাৰে বা ভাল-বেয়া দুয়োধৰণেৰেই সাঁচ বহুৱাব পাৰে৷ তথাপি ভাৰতীয় সংস্কৃতিত সর্বদা শিক্ষকসকল গুৰু হিচাপেই পূজা কৰি অহা হৈছে৷
কিন্তু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ পুথিগত শিক্ষাৰ বাহিৰেই এজন ব্যক্তিৰ বাবে সমাজ এখনত অনেক শিক্ষক থাকিব পাৰে৷ জীৱনৰ প্ৰতিপল সৎ, সাহসী হৈ আগবাঢ়ি যাবলৈ নৈতিকতাৰ শিক্ষা প্ৰদান কৰি অহা ব্যক্তিজন নিশ্চয় বিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষকতকৈ কোনো গুণে কম হ’ব নোৱাৰে৷ সেয়ে এই পৱিত্ৰ দিনটোত সেইসকল ব্যক্তিকো স্মৰণ কৰা উচিত, যিসকল ব্যক্তিৰ চিন্তা আৰু কৰ্মই নিজৰ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷
শিক্ষক দিৱসৰ মূল তাৎপৰ্য তেতিয়াহে সাৰ্থক হ’ব যেতিয়া প্ৰতিজন শিক্ষকেও নিজকে ব্যক্তিগত আৰু সামাজিক স্বাৰ্থ, ভেদাভেদ আৰু প্ৰতিবন্ধকতাৰ উৰ্দ্ধত থাকি সমাজ এখন সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক যোগ্য কৰি তুলিব৷ পাঠ্যপুথিৰ শিক্ষাৰ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে মানুহ হোৱাৰ শিক্ষা প্ৰদান কৰি নিজেও শিক্ষক হোৱাৰ গৌৰৱ অনুভৱ কৰিব৷ কাৰণ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল “শিক্ষক কেৱল সেইসকলেই নহয় যি ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্কত তথ্যৰ এটা ভাণ্ডৰ সৃষ্টি কৰে, বাস্তৱিকতে শিক্ষক সেইসকলহে যি তেওঁক আহিব লগা সময়ৰ বাবে প্ৰস্তুত কৰে৷”

শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনত পুথিগত শিক্ষাৰ লগতে মোক মানুহ হিচাপে নৈতিকতাৰে জীয়াই থকাৰ সাহস প্ৰদান কৰা প্ৰতিজন গুৰুলৈকে শ্ৰদ্ধা যাঁচিছো …..

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
5Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “শিক্ষক দিৱসৰ তাৎপৰ্য

  1. এনেধৰণৰ টোকা বিলাকে বহুটো লোক ক উপকার সাধন কৰিব। গতিকে পিছলৈ এনেধৰণৰ মূল্যবান টোকা পাম বুলি আশা কৰিলে।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।