গ্ৰেগৰ যোহান্স মেণ্ডেল আৰু তেখেতৰ সেই আঠটা বছৰ…..

1847 চনত ধৰ্মীয় যাজক হিচাপে গীৰ্জাত নিযুক্তি পোৱাৰ পিছত মেণ্ডেলে শিক্ষাৰ প্ৰতি থকা অসীম ধাউতিৰ তাৰণাত পৰি ভিয়েনা বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈছিল। তেখেতৰ ইচ্ছা আছিল বিদ্যালয়ত শিক্ষকতা কৰাৰ। পৰিতাপৰ কথা যে শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভৰ পৰীক্ষাত অকৃতকাৰ্য হৈ বিফল মনোৰথে ঘুৰি আহি ব্ৰুণোত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়তেই শিক্ষকতা কৰিবলৈ লয়। এই বিদ্যালয়ত কাৰ্য নিৰ্বাহ কৰি থকা সময়তেই তেখেতে মটৰ মাহৰ ওপৰত আঠ বছৰ জুৰি এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু এই পৰীক্ষাৰ সিদ্ধান্ত সমূহ লিপিবদ্ধ কৰি এখন গৱেষণা পত্ৰ যুগুতাই উলিয়ালে। পিছে এই গৱেষণা পত্ৰখন পাঠ কৰাৰ বাবে তেখেতে যোগাযোগ কৰাৰ পিছতো বিভিন্ন বিশ্ববিদ্যালয়ে তেখেতক আমন্ত্ৰণ নকৰিলে। মেণ্ডেল প্ৰায় হতাশ হৈ পৰাৰ সময়তেই ব্ৰুণোৰ এখন বিজ্ঞান সন্মিলনলৈ তেখেতক গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ল।
1865 চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ সন্ধিয়াৰ কথা। ক’লা ৰঙৰ এটা হলৌচোলা, মুৰত ক’লা টুপী আৰু চকুত ঘুৰণীয়া ফ্ৰেমৰ এযোৰ চশমা পিন্ধি খোজকাঢ়ি মেণ্ডেল ওলাল সন্মিলনলৈ বুলি। কাষলতিৰ তলত চেপা মাৰি ললে গৱেষণা পত্ৰখন। মেণ্ডেলৰ চকুৱে মুখে আনন্দৰ চাপ। সময়ত সন্মিলন আৰম্ভ হ’ল। দুই এখন গৱেষণা পত্ৰ পাঠ হোৱাৰ পিছত মেণ্ডেলক তেখেতৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ল। মটৰ মাহৰ বংশগতি সম্পৰ্কে তেওঁ যুগুতাই অনা গৱেষণা পত্ৰখন লৈ মঞ্চলৈ আগবাঢ়োতে তেখেতে অনুভৱ কৰিলে এক মৃদু উত্তেজনা।


তেখেতে আৰম্ভ কৰিলে: Respected gentlemen, Since 1855, I was working on pea plants to find out the results of hybridization…..!
শ্ৰোতা সকলে যেন নিজৰ বিৰক্তিক দমাই ৰাখি শান্ত ভাবে শুনি গৈছিল মেণ্ডেলৰ গৱেষণা পত্ৰখন। গৱেষণা পত্ৰখন পাঠ কৰা শেষ হোৱাৰ পিছত মেণ্ডেলে বিশেষজ্ঞ সকলৰ পিনে চালে। তেখেতে মন কৰিলে দুজন বিশেষজ্ঞই পৰস্পৰে পৰস্পৰৰ পিনে হাউলি গৈ অস্ফুত মাতেৰে কিবা কথা পাতিছে। মেণ্ডেলে উৎকণ্ঠিত দৃষ্টিৰে তেখেতসকললৈ চাই ৰ’ল। সভাগৃহত গুণগুণনি।
বিশেষজ্ঞ এজনে তাৰ মাজতে মাত লগালে: ডাঙৰীয়া, আপুনি যি কাৰ্য সমাধা কৰিব বিচাৰিছে, সেই বিষয়ে বিশ্বক জনাব লগীয়া বিশেষ একো কথাই আমি বিচাৰি পোৱা নাই আপোনাৰ গৱেষণা পত্ৰখনত। ক্ষমা কৰিব ডাঙৰীয়া, আপোনাৰ গৱেষণাৰ বিষয়বস্তু সলনি কৰি আন বিষয় এটা বাচি লওক। হয়তো আমি পুনৰ মিলিত হ’ম।
দুখ আৰু হতাশাত ভাগি পৰা মেণ্ডেলৰ তেনেতে কাণত পৰিল সভাগৃহৰ কোনো এক স্থানৰ পৰা উৰি অহা এষাৰি বাক্য: সাধাৰণ মটৰ মাহৰ বৃদ্ধি পৰ্যবেক্ষন কৰিয়েই আঠ বছৰ সময় কটাইছে, সময়ৰ কি যে অপচয় !!!
উল্লেখযোগ্য যে মেণ্ডেলে তেখেতৰ জীৱন কালত এই গৱেষণাৰ কোনো স্বীকৃতিয়েই নেপালে। তেখেতৰ মৃত্যুৰ পিছত কৰ্ণেচ, দ্য ভ্ৰিচ আৰু টেচমাৰ্ক নামৰ তিনিজন বিজ্ঞানীয়ে মেণ্ডেলৰ সিদ্ধান্তবোৰৰ যথাৰ্থতা উপলব্ধি কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰে। বৰ্তমান মেণ্ডেলৰ সূত্ৰ সমূহ আৰু তেখেতৰ পৰীক্ষা সমূহ আনুবংশিক বিজ্ঞানৰ মূল ভেটি আৰু মেণ্ডেলক কোৱা হয় আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি।

—-প্ৰণ‌ৱজ্যোতি দাস, টংলা

https://pranabjdas.blogspot.in


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।